অভিনেতা-গায়কৰ 'ৰাজনীতি' চিনেমা উদ্যোগৰ বিপদঘণ্টা !

অভিনেতা-গায়কৰ 'ৰাজনীতি' চিনেমা উদ্যোগৰ বিপদঘণ্টা !
অভিনেতা-গায়কৰ 'ৰাজনীতি' চিনেমা উদ্যোগৰ বিপদঘণ্টা !

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিতৰ্ক এটা আনটোৰ পৰিপূৰক বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। প্ৰায় প্ৰতিদিনেই মুখ্যমন্ত্ৰীৰ বক্তব্যক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হয়। যদি কেতিয়াবা বিৰোধীক সমালোচনা কৰিবলৈ গৈ অসাংবিধানিক অথবা ন'কবলগীয়া কিবা এটা কৈ বিতৰ্কৰ সূচনা কৰিছে কেতিয়াবা আকৌ ৰাজ্যৰ কোনো বৰেণ্য ব্যক্তিয়ে চৰকাৰক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ন'কবলগীয়া কিবা এটা কৈ বিতৰ্কৰ সূচনা কৰিছে।

শেহতীয়াকৈ প্ৰখ্যাত বুদ্ধিজীৱি ড০ হীৰেন গোঁহাই সম্পৰ্কে তেনে কেতবোৰ মন্তব্যৰে বিতৰ্কৰ সূচনা কৰাই নহয় ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই হীৰেন গোঁহাই সম্পৰ্কে কৰা মন্তব্য কোনো কাৰণতে যে গ্ৰহণযোগ্য নহয় সেয়া তেওঁ নিজেও জানে।

তাৰ পাছতো তেনে মন্তব্য কৰাটো মুখ্যমন্ত্ৰীগৰাকীৰ এক কৌশল। এনে কৌশল তেওঁ পূৰ্বেও ব্যৱহাৰ কৰিছে। ৰাহুল গান্ধী, ছোনিয়া গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা সেই বিতৰ্কিত মন্তব্যই দেশত জোকাৰণি সৃষ্টি কৰাৰ কথা কোনে পাহৰিছে !

কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এনে কেতবোৰ বিতৰ্কিত মন্তব্যৰ মাজতে ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই হওক কিছুমান এনে মন্তব্য আহে যিয়ে বহুতকে কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰে। নীতি বচন সদৃশ এনে মন্তব্যই কেইমুহূৰ্তমানৰ চিন্তাৰ খোৰাক দিয়ে।

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অৰ্থ সাহায্যত পাঞ্জাবাৰীৰ জোনাকী কমপ্লেক্সত নিৰ্মাণ কৰা 'আইদেউ' ছবিগৃহ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত অসমীয়া চিনেমাক লৈ কৰা মন্তব্যয়ো কিছুমান কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। অভিনেতা যতীন বৰাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি 'ৰাঘৱ' সন্দৰ্ভত ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে চিনেমাক লৈ ৰাজনীতি কৰিব নালাগে।

তেওঁ কৈছে, চিনেমাত বিজেপি, কংগ্ৰেছ নাথাকে। এনে কাৰ্য উদ্যোগটোৰ বাবে বিপদঘণ্টা। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথাৰ পৰা হয়তো ইয়াকে বুজাব বিচাৰিছে কলা-সংস্কৃতিক ৰাজনীতিৰ সৈতে একাকাৰ কৰিব নালাগে। মুখ্যমন্ত্ৰীৰ এই কথাত সকলোৱেই হয়তো হয়ভৰ দিব।

সাধাৰণ ৰাইজেও বিচাৰে শিল্পীসকল সদায় ৰাজনীতিৰ পৰা আঁতৰি ৰাইজৰ লগত থাকক। কিন্তু পূৰ্বৰে পৰা মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় এটা, কৰে এটাৰ দৰেই চলচ্চিত্ৰ উদ্যোগৰ ক্ষেত্ৰত কৰা এই মন্তব্যও ঠিকেই একে ধৰণৰ।

সহজ ভাষাত ক'বলৈ গ'লে শাসকীয় বিজেপিয়েই ৰাজ্যৰ অধিকাংশ শিল্পীক দলত আনুষ্ঠানিকভাৱে যোগদান কৰোৱালে। 'কা' আন্দোলনত শিল্পী সমাজ জপিয়াই পৰাৰ পিছত আন্দোলনটো দুৰ্বল হৈ অহাৰ সময়ত গণ্ডাই গণ্ডাই আন্দোলনকাৰী শিল্পীক দলত চামিল কৰাৰ সেই দৃশ্যবোৰ ৰাইজে পাহৰি যোৱা নাই।

অৱশ্যে সুঁতত উটি-ভাহি ফুৰা সেই শিল্পীসকলৰ সিংহভাগৰে এতিয়া কোনো অস্তিত্ব নাই। যতীন বৰা, সীমান্ত শেখৰ, বিদ্যাসাগৰকে ধৰি হাতৰ আঙুলিত লেখিব পৰাকৈ কেইজনমান অভিনেতা, কণ্ঠশিল্পীৰ বাদে বাকীসকলৰ খবৰ নাই।

'ৰাঘৱ' চিনেমাখন হেনো মুখ্যমন্ত্ৰীয়েও নাচালে। অৱশ্যে তেওঁ সতীৰ্থ মন্ত্ৰীৰ সৈতে এই চিনেমাখন চোৱাৰ কথা আছিল। পূৰ্বেও মুখ্যমন্ত্ৰীয়ে কাশ্মীৰ ফাইলছৰ দৰে নিৰ্বাচিত দুই-এখন চিনেমা সতীৰ্থ মন্ত্ৰীৰ সৈতে একেলগে চোৱাৰ উদাহৰণ আছে।

কিন্তু যতীন বৰাৰ ৰাঘৱ চিনেমাখন চাবলৈ তেওঁ আহিম বুলিও নাহিল বা ৰাইজক চাবলৈ আহ্বানো নকৰিলে। অৱশ্যে তাৰ পূৰ্বে শ্বাহৰুখ খানক চিনি নাপাও বুলি কৈ তেওঁৰ 'পাঠান' ছবি নাচায় 'ড০ বেজবৰুৱা-২' চাবলৈ সকলোকে আহ্বান জনাইছিল।

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিজেপি, কংগ্ৰেছ বিচাৰ কৰি অসমৰ ৰাইজে চিনেমা চোৱা নাই। যতীন বৰাৰ পূৰ্বৰ চিনেমা 'ৰত্নাকৰ' এইখন অসমৰ একেখিনি ৰাইজেই আদৰি লৈছিল। অভিলেখ সৃষ্টি কৰিছিল ৰত্নাকৰে।

অভিনেতা হিচাপে যতীন বৰা সদায়েই অসমৰ ৰাইজৰ প্ৰিয়। সেই কথা যতীন বৰায়ো ভালকৈয়ে জানে। কিন্তু অভিনয়, চিনেমা আৰু ৰাজনীতিক একাকাৰ কৰাৰ বাবেই যতীন বৰাক হয়তো অসমৰ ৰাইজে এইবাৰ পূৰ্বৰ দৰে মৰম নিদিলে।

এই কথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ বুজি পাইছে। সেয়ে তেওঁ শিল্পীসমাজক একপ্ৰকাৰৰ সতৰ্কবাণীয়েই শুনালে। কিন্তু তেওঁৰ এই সতৰ্কবাণী কিমানে গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয়।

মুখ্যমন্ত্ৰীয়ে যিসময়ত এই সতৰ্কবাণী শুনালে সেই সময়ত তেওঁৰ পিছফালে থিয় হৈ আছিল অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ তথা কণ্ঠশিল্পী সীমান্ত শেখৰ। যিগৰাকী যতীন বৰা সন্দৰ্ভত তেওঁ এই মন্তব্য কৰিলে সেই যতীন বৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধ্যক্ষ।

অসম চৰকাৰে এইসকলক যি দায়িত্ব প্ৰদান কৰিছে সেই দায়িত্ব প্ৰাপ্তিৰ প্ৰধান যোগ্যতাই হৈছে তেওঁলোক শাসকীয় বিজেপিৰ সদস্য। সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা ক'লে সেই কথা কিমান দিনলৈ মনত ৰাখে সেয়াহে লক্ষ্যণীয় কথা।

কিয়নো পূৰ্বেও তেওঁ মানুহৰ মন জয় কৰিব পৰাকৈ বহু নীতি বচন আওঁৰাইছে। কিন্তু পৰৱৰ্তী সময়ত নিজেই তাৰ বিপৰীতটো কৰি দেখাইছে। শিল্পী, চিনেমা আদিৰ ক্ষেত্ৰত তেওঁ যি কথা ক'লে সেয়া সকলো ৰাইজৰে মনৰ কথা।

মানুহে তেওঁৰ এই কথা ভাল পাইছে। কিন্তু এই কথা কেৱল উল্লেখ কৰিলেই তেওঁৰ দায়িত্ব শেষ নহয়। ব্যক্তিগত ক্ষুদ্ৰ স্বাৰ্থৰ বাবে ৰাজনীতিলৈ আহিবলৈ ভৰি দাঙি থকাসকলক তেওঁ স্বাৰ্থ সিদ্ধিৰ বাট মুকলি কৰি নিদিয়াকৈ থাকিব পাৰিবনে? সেয়াহে গুৰুত্বপূৰ্ণ।

শিল্পীসকলেও মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পৰা কিছু শিক্ষা লোৱা উচিত। ইমানৰ পিছতো শিল্পী সত্বাক বিক্ৰী কৰি ৰাজনীতিৰ পোচাক পৰিধান কৰিবলৈ উদবাউল হৈ থকাসকলেও বুজি পোৱা উচিত মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ গূঢ়াৰ্থ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in