জাতিগত ৰাজনীতি...

অৱশেষত ঘোষণা হ'ল ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম। বিজেপিৰ সিদ্ধন্তই চকু কপালত তুলিছে বিৰোধীৰ লগতে একাংশৰ। কিয়নো চৰ্চাত নথকা ৩ জন নেতাক দিয়া হ'ল মুখ্যমন্ত্ৰীৰ দায়িত্ব। ইয়াৰে এগৰাকী অবিচি,এগৰাকী আদিবাসী আৰু আনএগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ নেতা।
জাতিগত ৰাজনীতি...

ৰাজনীতিত ৰণনীতিৰ দৰকাৰ। উচিত ৰণনীতি থাকিলেহে এটা দলে ৰাজনীতিৰ ক্ষেত্ৰখনত তিষ্টি থাকিব পাৰে। বৰ্তমান বিজেপিৰ দিন। কাম দিছে বিজেপিৰ ৰণনীতিয়ে। সেয়ে হয়তো ৰাজইৰ অসন্তুষ্টিৰ পাছতো নিৰ্বাচনত বিপুল ভোটত ৰাইজৰ সমৰ্থন লৈ জয়ী হৈছ বিজেপি।

শেহতীয়াকৈ ঘোষণা হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল বিজেপিৰ বাবে ডাঙৰ লাভ। চত্তিশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিপুল সংখ্যক ভোটত জয়লাভ কৰিছিল বিজেপিয়ে।

এইবাৰ বিজেপিয়ে মুখ্যমন্ত্ৰীৰ নাম আগত নাৰাখিয়ে অৱতীৰ্ণ হৈছিল নিৰ্বাচনত। সমস্যা আহিল নিৰ্বাচনত জয়লাভ কৰাৰ পাছত। যাৰ বাবে জয়ৰ ৯ দিন পাছতো কোনো এখন ৰাজ্যতে বিজেপিয়ে নতুন চৰকাৰ গঠন কৰিব পৰা নাই।

কাক পাতিব মুখ্যমন্ত্ৰী তাক লৈ গৰম হৈ পৰিছিল বিজেপিৰ ভিতৰভাগ। লগে লগে বিজেপিৰ সংকট নিৰাময়ৰ বাবে থিয় দিলে জেপি নাড্ডা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই ঘোষণা কৰিলে ৯ গৰাকী পৰ্যবেক্ষকৰ নাম। তেওঁলোকক দিলে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব।

সেই অনুসৰি ৰাজস্থানৰ পৰ্যবেক্ষক হিচাবে বাছনি হৈছিল- কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱৰে আৰু ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডে।

মধ্যপ্ৰদেশৰ পৰ্যবেক্ষক হিচাবে বাছনি হৈছিল- হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু দলটোৰ জ্যেষ্ঠ সদস্য তথা ৰাষ্ট্ৰীয় সভাপতি কে লক্ষ্মণ আৰু ৰাষ্ট্ৰীয় সম্পাদক আশা লাখৰা।

আনহাতে চত্তিশগড়ৰ পৰ্যবেক্ষক হিচাপে বাছনি হৈছিল- কৃষি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, বন্দৰ আৰু জাহাজ পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্মন্ত কুমাৰ গৌতমে।

তাৰপাছতো সম্ভৱ নাছিল সিদ্ধান্ত লোৱা। সকলোৰে চকু আছিল ৩ ৰাজ্যত। বহু জ্যেষ্ঠ বিজেপিৰ নেতা-নেত্ৰী মুখ্যমন্ত্ৰীৰ দৌৰত থকাৰ বাবে ৩ ৰাজ্যত মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা সম্ভৱ নাছিল।

মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহান, ৰাজস্থানত দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, চত্তিশগড়ৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ৰমন সিঙক উপেক্ষা কৰাতো বিজেপিৰ বাবে সম্ভৱ নাছিল। শিৱৰাজ সিং চৌহানৰ লগতে মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীৰ দৌৰত আছিল নৰেন্দ্ৰ সিং তোমাৰৰ লগতে অন্য নেতাৰ নাম।

কিন্তু সকলো অসম্ভৱক সম্ভৱ কৰিলে বিজেপিয়ে। চৰ্চাত নথকা নেতা হ'ল এই ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী। বিজেপিৰ সিদ্ধান্ত অনুসৰি চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও চাও, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা।

বিজেপিৰ এই সিদ্ধান্তই চকু কপলাত তুলিছে সকলোৰে। এফালৰ পৰা চালে অনুমান কৰিব পাৰি বিজেপিৰ জাতিগত ৰাজনীতিৰ কথা। প্ৰশ্ন উত্থাপন হৈছে, জাতিৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে নিৰ্বাচিত কৰিছে নেকি মুখ্যমন্ত্ৰী?

মধ্যপ্ৰদেশত বিজেপিৰ ৰণনীতিঃ

মধ্যপ্ৰদেশত বহু সময় ধৰি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিল শিৱৰাজ সিং চৌহানে। কিন্তু বিজেপিয়ে নিৰ্বাচন কৰিলে ড০ মোহন যাদৱ। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ দৌৰত নাম নাছিল মোহন যাদৱৰ।

অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ অবিচি শ্ৰেণীৰ নেতা মোহন যাদৱ। উজ্জয়িনী দক্ষিণৰ তিনিবাৰৰ বিধায়ক মোহন যাদৱ । মধ্য প্ৰদেশত, অ'বিচি জনসংখ্যা ৪৮ শতাংশতকৈ অধিক।

উল্লেখ্য যে, কংগ্ৰেছে মধ্যপ্ৰদেশত অ'বিচিৰ বিষয়টো উত্থাপন কৰি আছিল। এনে পৰিস্থিতিত বিজেপিয়ে মধ্য প্ৰদেশত অবিচিৰ পৰা মুখ্যমন্ত্ৰী নিৰ্বাচন কৰি কংগ্ৰেছক উত্তৰ দিছে। আনহাতে ইয়ে অবিচিৰ ভোট সংগ্ৰহ কৰাত সহায় কৰিব। মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু বিহাৰত অ'বিচি ভোট অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত মোহন যাদৱক আগবঢ়াই বিজেপয়ে হিন্দী ভাষী ৰাজ্যসমূহত লোকসভা নিৰ্বাচনৰ পূৰ্বে এক মহান ৰাজনৈতিক ভেঁটি প্ৰস্তুত কৰিছে।

আনহাতে এচচি নেতা জগদীশ দেবড়া আৰু ৰাজেন্দ্ৰ শুক্লাক উপ-মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ সিং তোমাৰক অধ্য়ক্ষ হিচাপে নিৰ্বাচন কৰিছে।

চত্তিশগড়ত বিজেপিৰ ৰণনীতিঃ

ছত্তিশগড়ত মুখ্যমন্ত্ৰীৰ দৌৰত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং, ৰাজ্যিক বিজেপিৰ সভাপতি অৰুণ কুমাৰ চাও, ৰেনুকা সিং আদি। নাম নাছিল বিষ্ণু দেও চাইৰ । তেনে অৱস্থাত চত্তিশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে বিষ্ণু দেও চাইৰ নাম নিৰ্বাচিত হোৱাতো বিজেপিৰ আন এক ৰণনীতি বুলি ধৰিব পাৰি।

বিষ্ণু দেও চাই এগৰাকী আদিবাসী নেতা। সুৰগুজা অঞ্চলৰ জশপুৰ জিলাৰ নৱ নিৰ্বাচিত জনজাতীয় বিধায়ক গৰাকী জশপুৰ জিলাৰ এখন সৰু গাওঁ বগিয়াৰ বাসিন্দা। কৃষক পৰিয়ালৰ তেওঁ। বিজেপিৰ পৰা ৪ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। প্ৰথমবাৰৰ বাবে তেওঁ ১৯৯৩ চনত বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

ইয়াৰোপৰি অ'বিচি শ্ৰেণীৰ অৰুণ চাওক আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিজয় শৰ্মাক উপ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হৈছে। আনহাতে ৰাজপুত ৰমন সিঙক অধ্যক্ষ হিচাপে নিৰ্বাচিত।

৯০ খন বিধানসভা আসনৰ ভিতৰত ২৯খন আসন অনুসূচীত জাতিৰ বাবে সংৰক্ষিত। ইয়াৰোপৰি ৰাজ্যখনত ১১ খন লোকসভা আসন আছে। ইয়াৰ ভিতৰত,৪ খন আসন জনজাতীয় সমাজৰ বাবে সংৰক্ষিত। তদুপৰি ইয়াৰ প্ৰভাৱ ঝাৰখণ্ড আৰু উৰিষ্যাৰ দৰে ৰাজ্যতো পৰিব, য'ত বৃহৎ সংখ্যক জনজাতীয় লোক বাস কৰে।

ৰাজস্থানত বিজেপিৰ ৰণনীতিঃ

মধ্যপ্ৰদেশ, চত্তিশগড়ৰ পাছত ৰাজস্থানত বিজেপিয়ে খেলিলে একেই খেল। গজেন্দ্ৰ সিং শ্বেখাৱত, বসুন্ধৰা ৰাজে, চি পি যোশী, সতীশ পুনিয়া, ৰাজেন্দ্ৰ ৰাঠৌৰ, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আদিৰ নাম আছিল মুখ্যমন্ত্ৰীৰ দৌৰত।

কিন্তু সকলোকে পিছ পেলাই মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন কৰিলে ব্ৰাহ্মণ সম্প্ৰদায়ৰ নেতা ভজন লাল শৰ্মাক। ইয়াৰ দ্বাৰা ব্ৰাহ্মণ সমাজৰ ভোট হাতলৈ অনা বাবে বিজেপিয়ে চেষ্টা কৰিছে বুলি ধাৰণা কৰা হৈছে। ভজন লাল শৰ্মা প্ৰথম বাৰৰ বাবে এইবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।

পৰিসংখ্যা অনুসৰি ৰাজস্থানত হিন্দু জনসংখ্যা ৮৯ শতাংশ তাত আছে। ইয়াৰ ভিতৰত অনুসূচীত জাতিৰ জনসংখ্যা ১৮ শতাংশ আৰু অনুসূচীত জনজাতিৰ জনসংখ্যা প্ৰায় ১৩ শতাংশ। বিজেপিয়ে হয়তো বৃহৎসংখ্যক ভোটলৈ লক্ষ কৰি ভজন লাল শৰ্মাক নিৰ্বাচত কৰিছে।

তদুপৰি এইকেইগৰাকী নেতা আৰএছএছৰো প্ৰিয় বুলি জানিব পৰা গৈছে। গতিকে প্ৰশ্ন হয়, আৰ এছ এছৰ আদেশ আখৰে আখৰে পালন কৰিছে নেকি বিজেপিয়ে? নে জাতিগত ৰাজনীতিৰে কৰিছে ভৱিষ্যত পৰিকল্পনা?

আহি আছে সাধাৰণ নিৰ্বাচন। লোকসভাত মধ্যপ্ৰদেশত ২৯ খন, ৰাজস্থানৰ ২৫ খন আৰু চত্তিশগড়ৰ ১১ খন আসন আছে। গতিকে মুঠ ৬৫ খন আসনৰ জয়-পৰাজয়ক লৈ হয়তো এই খেল খেলিছে বিজেপিয়ে।

বিজেপিৰ ৰণনীতি শক্তিশালী। এয়া নুই কৰা সহজ নহয়। বিজেপিৰ এই ৰণনীতিয়েই হয়তো আগন্তুত নিৰ্বাচনত দলটোক সহায় কৰিব আৰু অধিক শক্তিশালী হৈ পৰিব।

জাতিগত ৰাজনীতি...
পৰাগ দাসঃ হাত দীঘল সাংবাদিকে নোকোৱা কথাবোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in