পৰাগ দাসঃ হাত দীঘল সাংবাদিকে নোকোৱা কথাবোৰ...

পৰাগ দাসঃ হাত দীঘল সাংবাদিকে নোকোৱা কথাবোৰ...
পৰাগ দাসঃ হাত দীঘল সাংবাদিকে নোকোৱা কথাবোৰ...

অলিয়ে গলিয়ে ঘূৰি ফুৰা মানুহবোৰ বৰ ক্ষমতাশালী। তেওঁলোকৰ হাত দীঘল। সেই দীঘল হাতবোৰে সাধাৰণলোকৰ সমস্যাবোৰ সহজতে ঢুকি পাব পাৰে যদিও সেয়া নকৰে। তেওঁলোকৰ এনে দীঘল হাতে কেৱল ঢুকি পায় দিল্লী, দিছপুৰৰ ক্ষমতাশালী লোকক।

এনেবোৰ লোকেই কেতিয়াবা কিছুমান কথা কৈ দিয়ে। সেই কথাবোৰত তেওঁলোকৰ আধিপত্যবাদ আৰু তেওঁলোকৰ সৈতে কিমান উচ্চ পৰ্যায়ৰ লোকৰ উঠাবহা তাৰ আভাস পাব পাৰি। গ্লেমাৰ আৰু ক্ষমতাশালী এইসকল লোকে তেওঁলোকৰ গ্লেমাৰ সৰ্বস্ব চৌখিন পৰিৱেশটো কুটা এডাল পৰিব নিদিয়াকৈ তুলি ধৰিবলৈ যাওঁতে বহু পুৰণি কথা খুচৰিব লগা হয়।

এই ক্ষমতাবান লোকসকলৰ ইমানেই ক্ষমতা যে, কোনোবা কিনাৰামে তেওঁলোকৰ দৈনিক বজাৰ কৰি দিবলৈ লজ্জাবোধ নকৰে। অথচ সেয়া কিনাৰাম জাতীয় খাদ্য আৰু অসামৰিক বিভাগত উচ্চ পৰ্যায়ৰ চাকৰি কৰা লোকসকলে সৌভাগ্য বুলিয়েই ভাবে।

প্ৰসংগ পৰাগ দাস। এই পৰাগ দাসৰ মৃত্যুৰ সন্দৰ্ভত লিখা কথাবোৰ বা ইয়াৰ অন্তৰালৰ সত্যবোৰ অন্বেষণ কৰিবলৈ তেওঁলোকে কেতিয়াও চেষ্টাই নকৰিলে। বৰঞ্চ সেই সময়ত আন এজন লোকক সেই হত্যা কাণ্ডৰে জড়িত বুলি প্ৰচাৰ চলাই মূল অভিযুক্তসকলক ৰক্ষাণাবেক্ষণ দিয়াৰ অভিযোগতহে তেওঁলোক বন্দী।

সেয়া সেই সময়ৰ কথা। পৰাগ দাসক কোনোবাই হত্যা কৰিছিল ১৯৯৬ চনৰ ১৭ মে'ত। জু-ৰোডৰ আছাম টাইপৰ ঘৰটোত তেওঁ এজন আলহীৰ সৈতে ব্যস্ত আছিল। সেই ঘৰলৈ আলহী হৈ যোৱা সকলৰ ভিতৰত আছিল এজন সেনাৰ শীৰ্ষ পৰ্যায়ৰ চোৰাংচোৱা বিষয়া।

সেই দিনাও সেইজন বিষয়াই তেওঁৰ ঘৰত আলহী হৈ যে নাছিল সেই সন্দেহ তেওঁৰ বাদে আন কোনেও দূৰ কৰিব নোৱাৰে। আলহী সৈতে কথা পাতি থাকোতেই আহিছিল পৰাগ দাসক গুলীওৱাৰ খবৰ আৰু সেই খবৰৰ নিশ্চয়তা ল'বলৈ ফোন কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তক।

আচৰিত ! এজন মুখ্যমন্ত্ৰীক এই খবৰ দিবলগীয়া হৈছিল এজন সাংবাদিকে। ইমান ঘনিষ্ঠতা , ইমান দায়িত্ববোধ ! আৰক্ষীয়ে মুখ্যমন্ত্ৰীক সেই খবৰ দিয়া নাছিল নে? জনা নাছিল নে তেওঁ এই পূৰ্ব পৰিকল্পিত হত্যাৰ সবিশেষ? এইবোৰ প্ৰশ্ন ৰৈ যায়।

কিছু সময়ৰ পাছতে আহিছিল পৰেশ বৰুৱাৰ ফোন। পৰেশ বৰুৱাৰো নিশ্চয় মনত আছিল সেই ফোনটোৰ কথা। তেওঁ দাবী কৰা মতে ঢেকিয়ালহঁতেই গুলীয়ালে দাসক। তাৰ কিছুসময়ৰ পাছত ঢেকিয়ালৰ ফোন। অস্বীকাৰ কৰিছিল এনে অভিযোগ।

ইমান কম সময়ৰ ভিতৰত কেনেকৈ এই কাকতলীয় সংযোগ? মুখ্যমন্ত্ৰীয়ে গম নোপোৱা খবৰ পৰেশ বৰুৱাই ইমান তৎক্ষণাত কেনেকৈ পালে? কেনেকৈ জানিলে ঢেকিয়ালহঁতে ইয়াৰ বাবে তেওঁকে জগৰীয়া কৰা হৈছে।

নৱগ্ৰহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ আছিল পৰাগ দাসৰ। তেতিয়া কোনে অপপ্ৰচাৰ চলাইছিল পৰাগ দাসক ঢেকিয়ালহঁতে মৰা বুলি? মনত আছেনে তেওঁৰ সেইবোৰ কথা। সেই অপপ্ৰচাৰৰ বিৰুদ্ধে শ্মশান ক্ষোভৰ অগনি জ্বলিছিল। সেইবোৰ এতিয়া অতীত।

কিন্তু এনে এটা ধাৰণাই পৰাগ দাসৰ হত্যা কাণ্ডক লৈ দিব বিচৰা প্ৰথম মানুহজন কোন? এজন দায়িত্বশীল সাংবাদিকৰ সেই প্ৰশ্নৰ উত্তৰ নিশ্চয় দিয়াৰ সাহস থাকিব। পৰাগ দাসক হত্যা কৰিবলৈ দুখন গাড়ী ব্যৱহাৰ কৰা হৈছিল। এখন মাৰুতী ৮০০ আৰু আনখন মাৰুতী ভান।

এখন গৈ পাইছিল অৰুণাচল। এখন গাড়ী থৈ দিয়া হৈছিল গোপনে এটা গেৰেজৰ ভিতৰত। হত্যাকাণ্ডৰ আগদিনা হত্যাকাৰী দলটো ক'ত বাহৰ পাতি আছিল? এগৰাকী বিধৱা মহিলাৰ ঘৰত সেইদিনা কি আলোচনা চলিছিল? এইবোৰ খবৰটো তেওঁৰ দৰে সাংবাদিকে নিশ্চয় পাইছিল।

প্ৰত্যয়ৰ স্বত্বাধিকাৰ মৃত্ৰদেৱ মহন্তৰ মাৰুতী কাৰখন কোনে বেনামত কিনিছিল? সেই কথাও তেওঁ জানিব পৰাকৈ হাত দীঘল আছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ এখন সভাত অংশ লৈ ৰাজগড়ত তেতিয়া থকা অসম জাতীয় বিদ্যালয়ত অধ্যয়নৰত পুত্ৰক নিবলৈ পৰাগ দাস কেতিয়া আহিব সেই খবৰ দিয়া মাউত নামৰ আলফাৰ আত্মসমৰ্পণকাৰী সদস্যজন ক'ত হেৰাল পৰৱৰ্তী সময়ত?

এইবোৰ খবৰ তেওঁ বিচাৰিব পাৰিও নিবিচাৰে। হয়তো জানে ৰাজ্যৰ দত্ত উপাধিধাৰী এজন বিখ্যাত উকীলে হত্যাকাৰীসকলক সুধা সেই প্ৰশ্নৰ কথা। হত্যাকাৰীসকলক উকীলগৰাকীয়ে সুধিছিল- তঁহতে গুলীয়াই কিয় ভৰিৰে লথিয়াইছিলি মৃতদেহত?

সেই সময়ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ পদত থকা এজন বিশিষ্ট সাহিত্যিকে নিশ্চয় বহুবোৰ কথা জানিও ৰাষ্ট্ৰযন্ত্ৰৰ ইচাৰাত সেইবোৰ নজনাৰ ভাও জুৰিবলগীয়া হৈছিল। এই অধ্যায়ৰ এটা পৃষ্ঠাও তেওঁ মেলিব নুখুজে এতিয়া। এই হত্যাকাণ্ড দেখি আছিল এগৰাকী মহিলাই। হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ কাষত থকা দুমহলীয়া ঘৰৰ বাৰাণ্ডাত বহি আছিল তেওঁ।

সেই সময়ত চিটি বাছৰ এজন চালকেও হত্যাকাৰীক দেখিছিল। কিন্তু সকলোৱে দেখিও নেদেখাৰ ভাও ধৰিবলগীয়া হৈছিল। কিয়নো হত্যাকাৰীক ৰাষ্ট্ৰযন্ত্ৰই ৰক্ষণাবেক্ষণ দিছিল। তদন্ত হৈছিল প্ৰতিবাদ দেখি। সেই তদন্ত আছিল কেৱল নিয়মমাফিক।

এটা হত্যাকাণ্ডত ব্যৱহাৰ কৰা গুলীৰ কাৰ্টিজ, অস্ত্ৰ উদ্ধাৰ হৈয়ো সেয়া প্ৰমাণ হিচাপে ব্যৱহাৰ নকৰাৰ অভিযোগ আছে। তদন্তকাৰী সন্থাক ভাষ্য দিওঁতে কোনোবাই পৰাগ দাসক আলফাই সজাই দিলে। আন এগৰাকীয়ে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত আলফাই গুলী ফুটাই শেষ সন্মান জনোৱাৰ কথাহে ক'লে।

সকলোবোৰ ভবাৰ ধৰণে হৈছিল। হত্যাকাৰী বাচি গৈছিল। ৰাষ্ট্ৰপতিলৈ হত্যা সংঘটিত কৰা হত্যাকাৰীয়ে স্মাৰকপত্ৰ দিছিল। য'ত উল্লেখ আছিল আলফাৰ পৰা আঁতৰি আহি কেনেকৈ চৰকাৰী পক্ষক সহায় কৰিছে সেই কথা। আদালতত এফালে হত্যাকাৰীৰ জামিন আৱেদনৰ শুনানি হৈছিল আনফালে হত্যাকাণ্ডৰ গোচৰৰ শুনানি।

কি বিচিত্ৰ আছিল এই ঘটনা প্ৰবাহ। দেখিও একো নেদেখা হৈ পৰা মানুহবোৰে এতিয়া স্মৃতি ৰোমন্থন কৰি এই কথাবোৰ লিখে। প্ৰকৃত কথাবোৰ ৰৈ যায় ক'ৰবাতে। সেই কথাবোৰ তেওঁলোকে ক'বলৈ সাহস নকৰে বা কোৱাত অসুবিধা।

কিন্তু ঠিকেই লিখে আন কিছু আনুসাংগিক কথা। যিবোৰত পৰাগ দাসক হত্যা কৰাৰ সন্দৰ্ভত জনা কথাবোৰ নাথাকে, থাকে বাৰে ভচহু আন কথা। সেই কথাবোৰে তেওঁলোকক ডাঙৰ সাংবাদিক ৰূপে প্ৰতিষ্ঠা কৰাত আজি সহায় কৰে।

ট্ৰেক্টৰ চলোৱা ইমজামামুলে চলাব ৰেঞ্জ ৰভাৰঃ ১০০ টকাত পালে বিলাসী গাড়ী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in