প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল : আঁৰত কোন আছিল...

প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল : আঁৰত কোন আছিল...

-মৃদুল কুমাৰ সন্দিকৈ

পুৱা শুই উঠি পৰীক্ষা দিবলৈ যাব, সাধাৰণ বিজ্ঞানৰ পৰীক্ষা আছে । বিজ্ঞান, ইংৰাজী মানেই বহু ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ পৰীক্ষা । সেয়েহে প্ৰস্তুতিও চলাই ছাত্ৰ-ছাত্ৰীয়ে । কেৱল পঢ়া-শুনাৰ প্ৰস্তুতিয়েই নহয়, মানসিকভাৱেও ছাত্ৰ-ছাত্ৰীসকল সাজু হয় । ১৩ মাৰ্চ, ২০২৩ত সাধাৰণ বিজ্ঞানৰ পৰীক্ষা হৈ যোৱাৰ পাছত আৰু দুটা বিষয়ৰ পৰীক্ষা হে বাকী থাকিব । মোটামোটি পৰীক্ষা পাৰ হৈ গ'ল বুলি ক'ব পাৰি ।

মাজনিশা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা ছেবাই এক জাননী জাৰী কৰিলে । প্ৰশ্নকাকত ফাদিল হৈছে বাবে বিজ্ঞানৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ১৩ মাৰ্চ, সোমবাৰে অনুষ্ঠিত নহয় । শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমত সেই জাননী শ্বেয়াৰ কৰিলে । পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাই সাজু হোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে এই খবৰ গমকে নাপালে ।

পিছদিনা পুৱা পৰীক্ষা দিবলৈ গৈ, পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীয়ে খবৰটো পাই আচৰিত হ'ল । পৰীক্ষাগৃহৰ গেট বন্ধ কৰি কোনো কোনো পৰীক্ষা কেন্দ্ৰত ব্লেক ব'ৰ্ডত লিখি থোৱা জাননী পঢ়িলে । হতাশাত ভাগি পৰিল অভিভাৱক, ছাত্ৰ-ছাত্ৰী । কেতিয়া আকৌ পৰীক্ষা অনুষ্ঠিত হয় সেই কথা পৰৱৰ্তী সময়ত জনাব । কিছু দিনৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰে ইংৰাজী বিষয়ক প্ৰশ্নকাকত ফাদিল হোৱা খবৰ প্ৰকাশ পাইছিল । বিভাগীয় মন্ত্ৰী হিচাপে ডা০ পেগুক এই বিষয়ক প্ৰশ্ন কৰাত তেওঁ ইয়াক ক'মেডী আখ্যা দিছিল । হাঁহি উঠিছিল সিদিনা শিক্ষামন্ত্ৰীৰ । ছেবাই প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰৰ ভিত্তিত বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা সন্দৰ্ভত পুনৰ সংবাদ মাধ্যমৰ সন্মুখীন হ'ব লগা হ'ল শিক্ষামন্ত্ৰী পেগু ।

এইবাৰ পিছে তেওঁ হাঁহিব নোৱাৰিলে । ক'লে, "ছেবাই সঠিক সিদ্ধান্ত লৈছে ।" স্বীকাৰ কৰি ল'লে প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ সঁচা । চি আই ডিৰ ওচৰত গোচৰ দিয়া খবৰো সংবাদ মাধ্যমক দিলে । তেওঁৰ পদত্যাগৰ দাবী সন্দৰ্ভত সেই দায়িত্ব মুখ্যমন্ত্ৰীলৈ ঠেলিলে । ক'লে, মুখ্যমন্ত্ৰীয়ে হেনো পদত্যাগৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ।

ফাদিল হোৱা বিজ্ঞান বিষয়ক প্ৰশ্নকাকত খন হাতে লিখা আছিল । সামাজিক মাধ্যম, সংবাদ মাধ্যমত সেই প্ৰশ্নকাকত ভাইৰেল হোৱাত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে প্ৰশ্নকাকত খন মূল প্ৰশ্নকাকতৰ সৈতে মিলাই চাইছে । প্ৰশ্নবোৰ মিলাত তেওঁলোকৰ হাতত কোনো বিকল্প নাছিল ।

পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সেই কথা নিজ মুখে ক'লে । ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি দুখ প্ৰকাশ কৰিলে । সাম্প্ৰতিক সময়ৰ মানুহৰ মানসিকতাক গৰিহণা দিলে । এইবোৰেই ছেবাৰ গাত লগা চেকা মচিব নোৱাৰে । শিক্ষকক নীতিপাঠ শিকোৱা ভব্য-গব্য শিক্ষামন্ত্ৰী গৰাকীয়ে গা এৰা দিলেও এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰাৰ অভিযোগত ৰাইজে তেওঁক দোষী সাব্যস্ত কৰিবই । পদত্যাগৰ দাবী উঠিবই । সেই সততা আৰু নৈতিকতা থাকিলে শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষাবিভাগৰ দায়িত্ব মূৰ পাতি লৈ স্বইচ্ছাই এই পদবী এৰিলে অন্তত : ৰাইজে বুজি পাব প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাত তেওঁ কিছু হ'লেও অন্ত:দন্দত ভূগিছে ।

যদি ফলাফল বেয়া হোৱাৰ বাবে শিক্ষকক চাকৰিৰ পৰা অৱসৰ ল'বলৈ বাধ্য কৰোৱা হয়, বিদ্যালয় বন্ধ কৰি দিয়া হয় তেন্তে কিয় এই অপৰাধত শিক্ষামন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি ? শিক্ষামন্ত্ৰী হিচাপে কেতিয়া প্ৰশ্নকাকত ফাদিল হৈছিল তাৰ তথ্য দাঙি ধৰাৰ প্ৰয়োজন নাই । এইটো তেওঁ স্বীকাৰ কৰক যে, তেওঁৰ দিনত চূড়ান্ত বেমেজালিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে । এইবোৰ দেখি তেওঁ হাঁহে, কান্দে তেওঁৰ কথা । মানুহে কিন্তু হাঁহিছে তেওঁক । ৪ লাখ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে সময়মতে পৰীক্ষা অনুষ্ঠিত নোহোৱাত কান্দিছে ।

২০০৬ চনত প্ৰশ্নকাকত ফাদিল হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত । ২০২৩ ত প্ৰস্নকাকত পুনৰ ফাদিল । সময় কিন্তু একেই নহয় । আগতে কিবা এটা ভুল হৈছিল বুলি, সেই ভুলক আধাৰ কৰি কোনোবাই একেটা ভুলকে কৰি যাব নেকি ?

পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ছেবাত বহুত সংস্কাৰ হোৱা বুলি দাবী কৰা হয় । এয়াই নেকি সংস্কাৰৰ নমুনা ? কিয় ছেকেণ্ড ছেট প্ৰশ্নকাকত সাজু কৰি থোৱা হোৱা নাছিল ? এনেবোৰ পদক্ষেপ লোৱা হৈছে বুলিতো ছেবাই ঢাক-ঢোল বজাইছিল । ক'ত এতিয়া সেই প্ৰশ্নকাকত ?

উজনি-নামনি সৰ্বত্ৰে এতিয়া প্ৰতিবাদ । প্ৰতিকৃতি জ্বলিছে শিক্ষামন্ত্ৰী আৰু ছেবাৰ । মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ ঘোষণাও মুখ্যমন্ত্ৰীয়ে কৰে । সেই গৰাকী মুখ্যমন্ত্ৰী এতিয়া কিয় নিমাত ? ৫ মাৰ্চত ইংৰাজী প্ৰশ্নকাকত, ১৩ মাৰ্চত বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হ'ল । মুখ্যমন্ত্ৰীয়ে খবৰেই পোৱা নাই নেকি এতিয়াও ?

 সৰু সৰু বিষয়তো তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰা মুখ্যমন্ত্ৰীয়ে ইমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ নীৰৱে থকাটো লক্ষণীয় । বিধান সভাতো বিষয়টো বিৰোধীয়ে উত্থাপন কৰিলে । ৰাজ্যপালৰ ভাষণৰ আলোচনাৰ বিপৰীতে এই গুৰুত্বপূৰ্ণ বিষয়ে সদনত আলোচনা কৰিব খুজিলে । শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিষয়টো আৰক্ষীৰ তদন্তত আছে বুলি এৰাই চলিলে । বিধানসভাৰ অধ্যক্ষয়ো সেই সুযোগ গ্ৰহণ কৰি বিষয়টো উত্থাপনৰ বাবে আন এটা দিন ধাৰ্য কৰাৰ পৰামৰ্শেৰে গৰমে গৰমে প্ৰশ্নকাকত ফাদিল হোৱা কথা সদনত আলোচনা কৰা বিৰোধীক আতৰাই ৰাখিলে ।

বিৰোধীয়ে কিছু হুলস্থুল কৰাত সদন ১০ মিনিটৰ বাবে স্থগিত ৰাখিলে । সদনৰ বাহিৰত শাসকীয় পক্ষৰ বিধায়ক চক্ৰ গগৈয়ে ক'লে, "প্ৰশ্নকাকত হে ভাইৰেল হৈছে, পৃথিৱী ওলটি যোৱা একো ঘটনা ঘটা নাই ।"

এজন বিধায়কৰ মন্তব্য এয়া । এয়াই তেওঁলোকৰ দায়িত্ববোধ । আন এজন শাসকীয় দলৰ বিধায়কে ক'লে, এইয়া দুষ্টচক্ৰৰ ষড়যন্ত্ৰ । যদি এয়াই হয় চৰকাৰ, আৰক্ষী ক'ত শুই আছিল । কিয় এই ষড়যন্ত্ৰ প্ৰতিহত কৰা নহ'ল । ৪ লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ কোনে খেলিলে এই খেল ? এই প্ৰশ্নটোৰ উত্তৰ চৰকাৰ, শিক্ষামন্ত্ৰী অথবা ছেবাই দিব লাগিব । ছেবাই ১২ মাৰ্চ,২০২৩ ৰ মাজনিশা জাৰী কৰা জাননী নং SEBA/EX/HOLD/65/2022-23/48 ত বৰ কৌশলেৰে উল্লেখ কৰিলে যে কিছু সংবাদ মাধ্যমত হাতে লিখা প্ৰশ্নকাকত ভাইৰেল হোৱাৰ খবৰ প্ৰকাশ পাইছে । তাৰ বাবে কোনো ছাত্ৰ-ছাত্ৰী দোমোজাত যাতে নপৰে ইয়াৰ কাৰণেহে বিজ্ঞান বিষয়ক পৰীক্ষা বাতিল কৰা হৈছে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় । সেই পৰীক্ষা কেন্দ্ৰ সমূহলৈ ১০টাৰ পেকেটত প্ৰশ্নকাকত সমূহ নিৰাপত্তাৰক্ষী সহ ছেবাই প্ৰেৰণ কৰে । প্ৰশ্ন কাকত সমূহ সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰ সমূহ অধীনত থকা থানাত ৰখাই থয় । নিৰ্দিষ্ট দিনা অনুষ্ঠিত হ'ব লগীয়া প্ৰশ্নকাকতৰ টোপোলা থানাৰ পৰা নি ছাত্ৰ-ছাত্ৰীৰ সন্মুখত সেইবোৰ নিয়ম মতে খুলিব লাগে । যদি এনে কটকটীয়া ব্যৱস্থা আছে তেন্তে বাৰে বাৰে কিয় এনে ঘটনা ঘটে ? ছেবাৰ প্ৰশ্নকাকত প্ৰস্তুতি আৰু বিতৰণৰ সৈতে জড়িত কোনো বিষয়া কৰ্মচাৰী এই ঘটনাৰে জড়িত নেকি ? সেই কথা ছেবাই অস্বীকাৰ কৰিলেও আৰক্ষীয়ে তদন্তত এই বিষয়ো সামৰি ল'ব লাগিব ।

ছেবাৰ এক উচ্চ স্তৰীয় সূত্ৰ মতে আন এক সন্দেহ হে তেওঁলোকে কৰিছে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে চি আই ডিত ৰুজু হোৱা ছেবাৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ ভিত্তিত ইতিমধ্যে এক নিৰ্দেশনা তেওঁলোকে জাৰী কৰিছে । সেই সন্দেহতে থানা সমূহত জমা থকা প্ৰশ্নকাকতৰ পেকেট নিবলৈ আহোতে কোনোবাই ইচ্ছা কৰি বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলাও লৈ যাব পাৰে । সেয়েহে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে থানা সমূহত থকা প্ৰশ্ন কাকত সমূহ চীল কৰি থবলৈ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰিছে । যদিো কোনো থানাত বিজ্ঞান বিষয়ক প্ৰশ্ন কাকতৰ টোপোলা নাথাকে তেন্তে ইয়াৰ আঁৰৰ ৰহস্য ফাদিল হ'ব ।

তদন্ত চলি আছে, ওলাবনে কালপ্ৰিট ? কিন্তু ক'ৰ'বাত কাৰোবাৰ গাফিলতিৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে । চৰকাৰে দায়িত্ববোধৰ প্ৰমাণ দিয়ক । তেনেবোৰ পৰিস্থিতিৰ মাজতেই দুষ্ট চক্ৰই আন এক খবৰ বিয়পাই দিছিল । ছেবাৰ আৰ্হিত আন এক জাননী বিভিন্ন মাধ্যমত ভাইৰেল কৰি ১৩ মাৰ্চত দুপৰীয়া ১.৩০ বজাৰ পৰা সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব । দোমোজাত পৰিল আকৌ ছাত্ৰ-ছাত্ৰী । পিছত নিশ্চিত হোৱা গ'ল সেইয়া ভুৱা খবৰ । এনেকুৱা কথাক লৈও মানুহে ৰগৰ কৰেনে ? যিসকল দোষী, কঠোৰ শাস্তি পাওক । ছেবাত গোজ পাতি বহি থকা সকলৰ শিপাবোৰ উভালিব হ'ল । ৰাজনৈতিক আশীৰ্বাদত তেওঁলোক আৰু কিমান দিন অধ্যক্ষ আসনত বহি থাকিব ? ছেবাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰা । বাকী কাম গৌণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in