AEC ৰ '৭'নম্বৰৰ '৭' বন্ধু

AEC ৰ '৭'নম্বৰৰ '৭' বন্ধু

- মৃদুল কুমাৰ সন্দিকৈ

যিকোনো মৃত্যুৱেই বেদনাদায়ক ! দুৰ্ভাগ্যজনক ! হঠাৎ ৭ জনকৈ ছাত্ৰৰ সম্ভৱনাময় ভৱিষ্যতৰ অন্ত পৰিল । তেওঁলোকক গঢ়িবলৈ পিতৃ-মাতৃৰ কিমান শ্ৰম জড়িত হৈ আছিল এই মুহুৰ্তত সন্তানক হেৰুওৱা পিতৃ-মাতৃতকৈ আন কোনে এই কথা অনুভৱ কৰিব পাৰিব ?

কি হৈছিল, কিয় হ'ল, কেনেকৈ হ'বলৈ পালে এইবোৰ প্ৰশ্নইটো এতিয়া ভিৰ কৰিছে । অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চমুকৈ এ ই চি, বহুতৰ বাবে এক আৱেগৰ নাম । বহু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াৰ এই শিক্ষানুষ্ঠানখন । সেই শিক্ষানুষ্ঠানখনত ষষ্ঠ ষান্মাসিকত অধ্যয়ণ কৰা ছাত্ৰ আছিল ক্ৰমে গুৱাহাটীৰ সাতগাঁওৰ প্ৰগতি নগৰৰ অৰিন্দম ভাল্লাল, মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, গোলাঘাটৰ নুমলিগড়ৰ নিয়ৰ ডেকা, মঙলদৈৰ জ্যোতিনগৰৰ কৌশিক বৰুৱা, ডিব্ৰুগড়ৰ নিজমানকটাৰ ইমন গায়ন, চৰাইদেউৰ মাহমৰাৰ কৌশিক মোহন আৰু নগাওঁৰ উপাংশু শৰ্মা । 

এই সাতোজন ছাত্ৰৰ ২৯ মে', ২০২৩ৰ পুৱতি নিশা ১ বজাত সংঘটিত পথ দুৰ্ঘটনাত অকাল মৃত্যু হ'ল । এ এচ ০১ এফ কে ৯৬০৫ নম্বৰৰ স্কৰপিঅ'ৰ গাড়ীখনত তেওঁলোক এ ই চিৰ হোষ্টেললৈ উভতি আহি থাকোতে এই শোকাৱহ ঘটনা ঘটি গ'ল । ডিভাইদাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা অহা এ এচ ০১ জি চি ৮৮২৯ নম্বৰৰ বলেৰ' পিকআপ ভানখনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত স্ক'ৰপিঅ'খনত থকা আন তিনিজন মেধাৱী ছাত্ৰ গুৰুতৰভাৱে আহত হ'ল । 

তেওঁলোক ক্ৰমে যোৰহাটৰ মৌবান্ধাৰ অৰ্পন ভূঞা, বঙাইগাওঁৰ অভয়াপুৰীৰ অৰ্ণৱ চক্ৰৱৰ্তী, যোৰহাটৰ কেন্দুগুৰিৰ মৃণ্ময় বৰা । প্ৰথমে আহত ছাত্ৰসকলক জি এম চি এইচত ভৰ্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এপ'লো হস্পিতালৰ আই চি ইউলৈ স্থানান্তৰ কৰা হ'ল ।

এই বেদনাদায়ক ঘটনা সংঘটিত কৰা স্কৰপিঅ' বাহন খন তিনিমাহৰ পূৰ্বে ক্ৰয় কৰা আছিল । ১৬ ফেব্ৰুৱাৰী, ২০২৩ ত ক্ৰয় কৰা বাহনখনৰ গৰাকী শ্বোভিত ঠাকুৰ । প্ৰশ্ন হয় আমিনগাওঁৰ এই শ্বোভিত ঠাকুৰ নামৰ ব্যৱসায়ীজনৰ বাহনখন ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ কেইজনে কেনেকৈ পালে ?

শ্বোভিত ঠাকুৰৰ এটা কাৰ ৰেন্টেল এজেন্সী আছিল । সেই এজেন্সীৰ নাম "খোকা চেল্ফ ড্ৰাইভিং" । তেওঁলোকে গাড়ী কোনোবাই বিচাৰিলে ভাৰাত দিয়ে । ভাৰা লওতাই নিজে সেই বাহন চলাব পাৰে । এইদৰেই এই বাহনখন ভাৰাত লৈছিল ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰকেইগৰাকীয়ে ।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ২৭ মে', ২০২৩ ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল মঙলদৈৰ কৌশিক বৰুৱাই । নিৰ্বাচনত ট্ৰেইনিং এণ্ড প্লেচমেন্ট চেক্ৰেটেৰী পদবীৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল কৌশিকে ।

কিন্তু নিৰ্বাচনৰ ফলাফলত প্ৰায় ডেৰশ ভোটৰ ব্যৱধানত তেওঁ পৰাজয় বৰণ কৰে । সেই দুখতেই কৌশিকে লগৰ কেইজনক লৈ ওলাই গৈছিল চানডুবিলৈ । নিশা প্ৰায় ১১.৩০ মান বজাত তেওঁলোক আহি হোষ্টেল পাইছিল । ৭ নম্বৰ হোষ্টেলৰ বাসিন্দা আটাইকেইজন । খাই-বৈ পুনৰ লগৰ আন ৯ জনক লৈ কৌশিক দ্বিতীয়বাৰৰ বাবে স্কৰপিঅ'খন লৈ ওলাই আহিছিল হোষ্টেলৰ পৰা । তাৰ পাছত বাকীবোৰ কি হ'ল সেইয়া এক দুৰ্ঘটনাই কৈ গ'ল ।

চৰ্চা হৈছে সুৰাপানৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল । ভাৰতত সুৰাপান দুৰ্ঘটনাৰ অন্যতম এক কাৰণ । কোনো কোনোৰ মতে, দুৰ্ঘটনাত পতিত বাহনখনত উদ্ধাৰ হোৱা সুৰাৰ বটলে তেনে ইংগিতেই দি গৈছে । কিন্তু কৌশিকৰ লগৰ সকলৰ মতে, তেওঁৰ সৈতে যোৱা আন কেইজনে সুৰা সেৱন কৰিলেও কৌশিকে সুৰা সেৱন কৰা নাছিল ।

মঙলদৈৰ মেধাৱী ছাত্ৰ কৌশিকৰ পৰিয়ালৰ বিশেষ সুনাম আছে । তেওঁৰ ককাক মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক । অত্যন্ত সৎ, দায়বদ্ধশীল নাগৰিক হিচাপে সুনাম থকা ককাক ৰাজেন্দ্ৰ বৰুৱাৰ নাতিয়েকে সুৰা সেৱন কৰি পথ দুৰ্ঘটনা সংঘটিত যে কৰিব পাৰে সেইয়া স্থানীয় লোকসকলেও মানি ল'ব পৰা নাই ।

২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰা কৌশিকে ২০১৯ চনত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । কৌশিকে সেইবাৰ ৮ নম্বৰৰ বাবে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত স্থান লাভ কৰা নাছিল । তাৰ পাছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰা কৌশিকক লৈ পিতৃ ভৱজ্যোতি বৰুৱা, ককাক ৰাজেন্দ্ৰ বৰুৱা আৰু পৰিয়ালৰ আন সকলোৰে বহু সপোন আছিল ।

অলপতে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৌশিকৰ ভনীয়েকে ৯৫ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছিল । সেই সুখৰ মুহুৰ্তবোৰ এতিয়া চাৰখাৰ হৈ গ'ল । মৃত্যু হোৱা আন সকল ছাত্ৰও অনুৰূপ ধৰণেই মেধাৱী আছিল । এই বয়স আৰু হোষ্টেল জীৱনৰ স্বাধীনতাক উপভোগ কৰাৰ তাড়না সকলোৰেই থাকে । কিন্তু ইয়াক আত্মনিয়ন্ত্ৰণ কৰিব নোৱাৰিলেই এই ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা ঘটি যায় । যিটো ভাৰাতীয়া কোম্পানীয়ে গাড়ীখন পঢ়ি থকা এই ছাত্ৰসকলক ভাৰা দিছিল তেওঁলোকেও নিজৰ ব্যৱসায়ৰ কথা ভাবিলে । এবাৰো ভাবি নাচালে ইয়াৰ পৰিণাম কি হ'ব পাৰে ।

মধ্য ৰাতি হোষ্টেলৰ পৰা ছাত্ৰ ওলাই গ'ল । সাধাৰণতেই হোষ্টেলত ছাত্ৰ বা ছাত্ৰীসকলক বিশেষ অনুশাসনৰ মাজত ৰখোৱা হয় । পূৰ্বৰ সেই নিয়মবোৰ এতিয়া যেন শিথিল হৈ পৰিছে । পিতৃ-মাতৃয়ে থিকেই ভাবি আছে নিশা হোষ্টেলত তেওঁৰ সন্তানে পঢ়া-শুনা কৰিছে । কিন্তু কাৰ্যত সেইয়া নহব'ও পাৰে । মৃত্যু হোৱা এজন ছাত্ৰৰ অভিভাৱকে নিশা ফোন কৰিছিল পুত্ৰলৈ । পুত্ৰই জনাইছিল হোষ্টেলৰ কোঠাত অধ্যয়ণ কৰি থকা বুলি ।

ফাঁকি দি জীৱনৰ ওচৰতেই ফাঁকি দিব লগা হ'ল । পিতৃ-মাতৃলৈ থৈ গ'ল দুখৰ পাহাৰ । এতিয়া বিলাসিকতা আৰু জীৱনৰ এনে ছন্দহীন যাপনে ছাত্ৰ-ছাত্ৰীসকলক উশৃংখল কৰি তুলিছে । দিন-ৰাতি সকলোতেই উদযাপন কৰা সকলো ব্যৱস্থাই উপলব্ধ । বিচাৰিলে গাড়ী, বিচাৰিলে মদ, সকলো...

আৰক্ষী, ঘটনাস্থলীত উপস্থিত হোৱা বা সামাজিক মাধ্যমত এই ৭জন মেধাৱী ছাত্ৰৰ মৃত্যুৰ পাছত সুৰাৰ বিৰুদ্ধে মন্তব্যৰ জোৱাৰ উঠিছে । ঘটনাস্থলীলৈ গৈ মুখ্যমন্ত্ৰীয়েও শোক ব্যক্ত কৰিছে । এদিন এইবোৰো অতীত হ'ব । আকৌ নতুন দুৰ্ঘটনা ঘটিব । পুনৰবাৰ কথাবোৰ মানুহৰ মনত পৰিব । কিন্তু কোনোবাই দাবী কৰাৰ দৰেই সুৰাই যদি এই ৭জন মেধাৱী ছাত্ৰৰ প্ৰাণ কাঢ়িলে তেনেহ'লে কিয় চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষই মুকলিকৈ ক'ব নোৱাৰে " আহক বন্ধ কৰি দিও সুৰা " ?

ৰাজপথত মাজৰাতি সুৰা বিৰোধী অভিযান চলোৱা আৰক্ষী এতিয়া টোপনিত । হয়তো এই ঘটনাৰ পাছত দুদিনমানৰ বাবে পুনৰ সাৰ পাব । কেমেৰাৰ আগত অহা-যোৱা কৰা গাড়ীবোৰ ৰখাই ব্ৰেথ এনালাইজাৰবোৰ আগুৱাই দিব চালকৰ মুখলৈ । কিন্তু লাভ হ'ব কি ? হ'ব জানো সমাধান এই পথেৰে এই সমস্যাবোৰৰ ?

সেই অ' ফুল অ' ফুল নুফুল কিয় কবিতাটোৰ দৰে আপুনি যদি কাৰোবাক সুধিবলৈ যায় এইবোৰ কথা তেনেহ'লে তাৰ উত্তৰবোৰ হ'ব এনেধৰণৰ - অ' গাড়ী অ' গাড়ী, এক্সিডেন্ট কৰিলি কিয়/ মদ খাই যে গাড়ী চলাইছে মইনো নহম কিয়/ অ' মদ অ' মদ খাবলৈ দিলি কিয়/ বেপাৰীয়ে যে মোক বেচিছে খাব নিদিম কিয়/ অ' বেপাৰী অ' বেপাৰী মদ বিকিছ কিয়/ চৰকাৰে যে লাইচেন্স দিছে মইনো নিবিকিম কি/ অ' লাইচেন্স অ' লাইচেন্স মদ বিকিবলৈ দিয় কিয়/ চৰকাৰক যে ধন লাগে মইনো নিদিম কিয়/ অ' চৰকাৰ অ' চৰকাৰ মদ বিকা লাইচেন্স দিছ কিয়/ মদ বিকিবলৈ লাইচেন্স নিদিলে কি কৰিম ক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in