মোডীয়ে পাহৰিলে আদানীৰ প্ৰসংগ!

সমগ্ৰ দেশজুৰি চলি থকা এটি বিষয় আদানীৰ প্ৰসংগ। আদানী গ্ৰুপে সন্মুখীন হোৱা লোকচানৰ ফলত সমগ্ৰ দেশ চিন্তিত।
মোডীয়ে পাহৰিলে আদানীৰ প্ৰসংগ!

বৰষা শৰ্মা

সমগ্ৰ দেশজুৰি চলি থকা এটি বিষয় আদানীৰ প্ৰসংগ। আদানী গ্ৰুপে সন্মুখীন হোৱা লোকচানৰ ফলত সমগ্ৰ দেশ চিন্তিত। কিন্তু আদানীক লৈ চৰকাৰে এই পৰ্যন্ত কৰা নাই কোনো মন্তব্য। ইয়াৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে সংসদত চৰকাৰৰ ওপৰত আক্ৰমণ কৰি আদানী প্ৰসংগ আৰু অগ্নিপথ আঁচনিৰ কথা উল্লেখ কৰিছিল।

গান্ধীয়ে কৈছিল যে, "তামিলনাডু, কেৰালাৰ পৰা হিমাচল প্ৰদেশলৈকে, আমি সকলো ঠাইতে কেৱল এটা নাম শুনি আছো - 'আদানি'। সমগ্ৰ দেশতে, এইটো কেৱল 'আদানি', 'আদানি', 'আদানি'। মানুহে আচৰিত হৈছিল যে তেওঁ প্ৰৱেশ কৰা প্ৰতিটো ব্যৱসায়ত আদানি কেনেকৈ সফল হৈছিল। আদানী আৰু মোডীৰ সম্পৰ্কৰ কথাও উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে। মোডী-আদানীক 'ভাই ভাই' বুলি কৈছিল ৰাহুল গান্ধীয়ে।

তাৰ পাছতেই আজি সদনত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে বহু কটাক্ষ মন্তব্য কৰে। মোডীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগে একাংশ সাংসদে মোডী-আদানী ভাই ভাই শ্লোগান দিয়ে। তাৰ পাছতেই মোডীয়ে কয় যে কিছুমান সাংসদে সদন খনলৈ বদনাম কঢ়িয়াই আনিছে।মই এই সাংসদ সকলক ক'ব বিচাৰো, আপুনি যিমানেই বোকা চতিয়াব সিমানেই পদুম ফুলিব বুলি কয় মোডীয়ে।

মোডীয়ে কয় যে ই কংগ্ৰেছৰ উন্নয়নত বাধা সৃষ্টি কৰাৰ কৰিছিল। যাৰ বাবে ভাৰতে ছয় দশক হেৰুৱাইছে আৰু য'ত সৰু দেশবোৰ আগবাঢ়িছিল। কংগ্ৰেছ চৰকাৰে সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ 'অপব্যৱহাৰ' কৰি ৯০ খন ৰাজ্য চৰকাৰক বৰ্খাস্ত কৰা বুলি কয় মোডীয়ে।

মোডীয়ে কয় যে কংগ্ৰেছে যোৱা কেইবছৰত কেতিয়াও সমস্যা সমাধান কৰিব বিচৰা নাছিল। কিন্তু বিজেপি চৰকাৰে সকলো সমস্যাৰ সমাধান বিচাৰি আগুৱাই যায়।

যোৱা ৩-৪ বছৰত প্ৰায় ১১কোটি ঘৰত পানীৰ সংযোগ হৈছে। আমি জন ধন একাউণ্ট আন্দোলন আৰম্ভ কৰিলো। যোৱা ৯ বছৰত, সমগ্ৰ দেশতে ৪৮কোটি জন ধন একাউণ্ট খোলা হৈছিল।

তদুপৰি যদি কংগ্ৰেছে জনজাতীয় লোকসকলৰ বাবে সমৰ্পণেৰে কাম কৰিছিল, তেন্তে আমি তেওঁলোকৰ কল্যাণৰ বাবে ইমান কঠোৰ পৰিশ্ৰম কৰিব নালাগিল হেতেন বুলিও কয় মোডীয়ে।

ইয়াৰ পূৰ্বে নৰেন্দ্র মোডীয়ে বুধবাৰেও বিৰোধিক সমালোচনা কৰে মোডীয়ে। কংগ্ৰেছ দলৰ অভিযোগৰ উত্তৰ দি কয় যে ৰাজনীতিত মতামতৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰত পৰিণত কৰিবৰ বাবে মনোনিবেশ কৰিছো।

কিন্তু দেশৰ উন্নয়ন স্থবিৰ হৈ পৰিছিল, ভোটবেংকৰ ৰাজনীতিয়ে দেশখনক ক্ষতি কৰা বাবে মধ্যবিত্ত শ্রেণী উপেক্ষিত হৈ আহিছে আৰু এতিয়া এন ডি এই তেওঁলোকক সুৰক্ষা দিছে।— মোডীয়ে কয় ।

উল্লেখনীয় যে সদনৰ বিতৰ্কত অংশ লৈ ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোডীৰ লগত সম্পৰ্ক ৰক্ষা কৰি পুঁজিপতি আদানিয়ে দেশৰ ৰাজহুৱা সম্পত্তি হস্তগত কৰি বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি হৈ পৰা বুলি ফটোৰে প্ৰমাণ দাঙি ধৰি বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। মোডীয়ে এই অভিযোগ সমূহৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলক কটাক্ষ কৰি কয় যে হার্ভার্ড বিশ্ববিদ্যালয়ৰ প্ৰতি একাংশ লোকৰ আগ্ৰহ অতি বেছি।

ভাৰতৰ বিভিন্ন দুৰ্যোগৰ অধ্যয়ন কৰা হাৰ্ভাৰ্ডৰ 'ভাৰতৰ কংগ্ৰেছ দলৰ উত্থান আৰু পতন' অধ্যয়নটোৰ বিষয়েও তেওঁলোক জ্ঞাত হোৱা উচিত।২০১০ চনত ভাৰতত কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল। এয়া আছিল বিশ্বত ভাৰতৰ যুৱ শক্তি প্ৰদৰ্শনৰ এটা বৃহৎ সুযোগ, কিন্তু দুৰ্নীতিৰ বাবে সমগ্ৰ বিশ্বত ভাৰত কুখ্যাত হৈ পৰিছিল।

উল্লেখ্য যে, ইমানৰ পাছতো সদনত স্থান নাপালে আদানীৰ প্ৰসংগই। মোডীক বিৰোধিয়ে প্ৰশ্ন কৰিলে আৰু মোডীয়ে পাকে প্ৰকাৰে সেই প্ৰশ্নৰ পৰা আঁতৰি আহিলে। জনতাই বিচাৰিছিল মোডীৰ উত্তৰ।

বিগত কেইটামান দিনত বিশ্বৰ ধনী ব্যক্তি যথেষ্ঠ লোককাচনৰ সন্মুখীন হৈছিল। আদানীৰ গ্ৰুপত শ্বেয়াৰ আছিল এছ বি আই আৰু এল আই চি আদিৰো। গতিকে এনে অৱস্থাত আদানীৰ বাবে দেশৰ লোক সকলো চিন্তিত হোৱাতো স্বাভাৱিক।

কিন্তু সত্য কি? ২০১৪ ৰ পৰা ২০২২ চনৰ ভিতৰত আদানিৰ মুঠ সম্পত্তি মাত্ৰ ৮ বিলিয়ন ডলাৰৰ পৰা ১৪০ বিলিয়ন ডলাৰত উপনীত হৈছিল। এই সকলো সন্দৰ্ভত সদনত আলোচনা হোৱাৰ প্ৰয়োজন আছিল। গতিকে চৰকাৰৰ ওপৰত আদানী সন্দৰ্ভত উত্থাপন হোৱা অভিযোগ সমূহ চৰকাৰে কেনেকৈ খণ্ডণ কৰে সেয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in