/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/18991170-64b7-458b-aa94-ce979f0373ad/ONGC.jpg)
অসমীয়া যুৱতীৰ গাত অ এন জি চিৰ বিষয়াৰ হাত। অভিযুক্ত বিষয়াই পাবনে শাস্তি? অ এন জি চি চিনামৰাত সংগঠিত এই কাণ্ডৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই? সাৰ পাবনে ৰাজ্যিক মহিলা আয়োগ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন।
অ' এন জি চিৰ চিনামৰাত প্ৰশিক্ষণৰত এগৰাকী অসমীয়া যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল চি জি এম (এম এম) পি মাথুৰৰ বিৰুদ্ধে। অসমীয়া প্ৰতিদিন ডিজিটেলত সেই খবৰ সবিস্তাৰে প্ৰকাশ হৈছিল।
কিয়নো এই অভিযোগৰ সন্দৰ্ভত নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, অ' এন জি চিৰ উচ্চপদস্থ বিষয়া আৰু ৰাজ্যিক মহিলা আয়োগক ইমেইল যোগে আৱগত কৰিছিল। চিনামৰা অ' এন জি চি কাৰ্যালয়ৰ এইছ আৰকো সমগ্ৰ ঘটনা জনাইছিল যুৱতীগৰাকীয়ে।
কিন্তু এতিয়ালৈকে এই অভিযুক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই অ' এন জি চি কৰ্তৃপক্ষই। আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি জাতীয় সংগঠনে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰে অভিযুক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তুলিছে যদিও বিষয়াগৰাকীৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।
লক্ষণীয় যে, কৰ্মস্থলীত এনে অভিযোগ মহিলা কৰ্মচাৰীয়ে উত্থাপন কৰিলে ইয়াৰ তদন্তৰ বাবে ইণ্টাৰনেল কম্প্লেইন কমিটীয়ে দায়িত্ব গ্ৰহণ কৰিব লাগে। কিন্তু চিনামৰাত অ' এন জি চিত সেই কমিটী নথকাত অভিযোগ উত্থাপন হোৱাৰ পাছতহে খৰখেদাকৈ কমিটী গঠন কৰা হৈছে।
সোমবাৰে ইণ্টাৰনেল কম্প্লেই কমিটীয়ে মাথুৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰে। দিনৰ ১১ বজাত সেই ভাষ্য গ্ৰহণ কৰে কমিটীয়ে। প্ৰায় ১ ঘণ্টা ধৰি যুৱতীগৰাকীৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত ভাষ্য গ্ৰহণ কৰি সেই ভাষ্যৰ ভিডিঅ' ৰেকৰ্ডিঙো কৰা হয়।
নিয়ম অনুসৰি অভিযুক্ত বিষয়াগৰাকীক বাধ্যতামূলক ছুটি বা নিলম্বন কৰি এই তদন্ত প্ৰক্ৰিয়াত যাতে প্ৰভাৱ পেলাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিছিল। চিনামৰা অ' এন জি চিত কিন্তু অভিযুক্ত উচ্চপদস্থ বিষয়াগৰাকীয়ে কাৰ্যালয়ত উপস্থিত থাকি এই ঘটনাৰ গাপ দিয়া চেষ্টা চলাইছিল।
আনহাতে চিনামৰাৰ এই অ' এন জি চিৰ কাৰ্যালয়ৰ দায়িত্বত থকা মূৰব্বী প্ৰবন্ধকগৰাকীয়ে বেংগালুৰুৰ পৰা খৰখেদাকৈ ঘূৰি আহিছে। সমান্তৰালভাৱে অভিযুক্ত মাথুৰে অসম এৰি আন ঠাইলৈ যাবৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা গম পাই মোবাইল যোগে প্ৰবন্ধকগৰাকীয়ে তেওঁক চিনামৰা নেৰিবলৈ সতৰ্ক কৰি দিছে।
যিহেতু অ' এন জি চিৰ এই কাৰ্যালয়ত অনা অসমীয়া বিষয়া, কৰ্মচাৰীৰ সংখ্যাই অধিক সেয়েহে এটা চামে নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীকেই অপৰাধী সজাবলৈ চেষ্টা চলাইছে। ৰাজ্যত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যিক মহিলা আয়োগে।
প্ৰশ্ন উঠিছে এগৰাকী অসমীয়া যুৱতীক এজন অনা অসমীয়া অ' অন জি চিত কৰ্মৰত বিষয়াই নিৰ্যাতন চলোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতো কিহৰ বাবে পদক্ষেপ লোৱা নাই? নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীয়ে উত্থাপন কৰা অভিযোগ ইমেইল যোগে ৰাজ্যিক মহিলা আয়োগলৈও প্ৰেৰণ কৰা হৈছিল।
এনেবোৰ বিষয়ত আয়োগে নিজাকৈ গোচৰ ৰুজু কৰি আৰক্ষীক তদন্তৰ নিৰ্দেশ দিয়াক অৱকাশ আছিল। স্থানীয় প্ৰশাসনেও এই বিষয়টোত গুৰুত্ব নিদিয়াত আভ্যন্তৰীণ ভাৱে নিম্ন পৰ্যায়ৰ বিষয়াৰ দ্বাৰাই তদন্তৰ নামত ভেকোভাওনা কৰিয়েই এই অভিযোগ সামৰি থব নেকি অ এন জি চি কৰ্তৃপক্ষই?