নিজ টকাৰে কিনি দিছে খেলৰ সামগ্ৰী, কন কন ল'ৰা-ছোৱালীক দিছে ফুটবলৰ প্ৰশিক্ষণ...

ফুটবলৰ বাবে এক বিশেষ টান আছে নৱপ্ৰজন্মৰ। কাটাৰ বিশ্বকাপৰ পাছতো ফুটবলৰ প্ৰতি আকৰ্ষিত হৈছে নৱ প্ৰজন্ম ৷
নিজ টকাৰে কিনি দিছে খেলৰ সামগ্ৰী, কন কন ল'ৰা-ছোৱালীক দিছে ফুটবলৰ প্ৰশিক্ষণ...

ডিজিটেল সংবাদ, বেকাজানঃ ফুটবলৰ বাবে এক বিশেষ টান আছে নৱপ্ৰজন্মৰ। কাটাৰ বিশ্বকাপৰ পাছতো ফুটবলৰ প্ৰতি আকৰ্ষিত হৈছে নৱ প্ৰজন্ম ৷

তিতাবৰ জালুকনিবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ফুটবলৰ প্ৰশিক্ষণৰ বাবে নামি পৰিছে একাংশ ল'ৰা-ছোৱালী ৷ ৬ পৰা ১২ বছৰ বয়সৰ চেমনীয়া সকলক নিজৰ টকাৰে বুট,ট্ৰেকচুইটৰ পৰা আৰম্ভ কৰি খেলৰ সকলো সামগ্ৰী দিয়াৰ লগতে আজি দুটা মাহে অশেষ পৰিশ্ৰম কৰি ফুটবলৰ প্ৰতি আকৰ্ষিত ৩৭ জন চেমনিয়াক প্ৰশিক্ষন দিছে প্ৰাক্তন ফুটবল খেলুৱৈ শ্ৰীমন্ত বৰাই ৷

আশা মাত্ৰ এটাই ভৱিষ্যতৰ দিনত যাতে ফুটবল খেলৰ জৰিয়তে অসম তথা তিতাবৰলৈ গৌৰৱ বুটলিব পাৰে ৷প্ৰতিজন শিশুৱে যাতে একো একোজন সুদক্ষ খেলুৱৈ হৈ মেচি ,এম বাপ্পে দৰে বিশ্বত উজ্বলি উঠিব পাৰে । শ্ৰীমন্ত বৰাই আশা কৰিছে যোৰহাট জিলাত অনুস্থিত হৈ থকা বেবি লীগত ভাল খেল প্ৰদৰ্শন কৰিব তিতাবৰ এই চেমনিয়াৰ দলটোৱে৷

প্ৰাক্তন খেলুৱৈ গৰাকীৰ এনে আদৰণীয় পদক্ষেপক জালুকনীবাৰী ক্ৰী়ড়া সন্থাৰ লগতে ক্ৰীড়াপ্ৰেয়ীসকলে ভুয়সী প্ৰশংসা কৰাৰ লগতে সহায় সহযোগিতাও কৰিছে ।

আৰু পঢ়ক: চিৰাঙৰ এখন চিকিৎসালয়ৰ নগ্ন ৰূপ! তিনি মাহত ২১ টি নৱজাতকৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in