অপেক্ষা মাঁথো সময়লৈ...

অপেক্ষা মাঁথো সময়লৈ...

বৰষা শৰ্মা

লোকসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন।তাৰ পূৰ্বে ৫ ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনক লৈ ৰণক্ষেত্ৰত নামি পৰিছে শাসক-বিৰোধী। প্ৰতিখন ৰাজ্যতে শাসক-বিৰোধীয়ে চলাই গৈছে প্ৰচাৰ।

পূৰ্বৰ তুলনাত এইবাৰ বিৰোধীৰ স্থিতি কিছু শক্তিশালী যেন লাগিছে। লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈ উঠিছে বিৰোধী। বিজেপিৰ শিপা উভালিবলৈ বিৰোধীয়ে গঠন কৰিছে ইণ্ডিয়া।

ইয়াৰ মাজতে যেন বিৰোধীক দুৰ্বল কৰাৰ প্ৰতিযোগীতাত নামি পৰিছে শাসকপক্ষ। অভিযোগ- প্ৰতিঅভিযোগৰ মাজতে ইডিয়ে চমন জাৰি কৰিছিল বিৰোধীৰ শক্তিশালী নেতা অৰবিন্দ কেজৰিৱাললৈ।

সুৰা কেলেংকাৰী সন্দৰ্ভত ২ নৱেম্বৰত ইডি কাৰ্যালয়ত হাজিৰ হ'বলৈ দিল্লীৰ মুখ্যমন্ত্ৰগৰাকীক চমন জাৰি কৰিছিল ইডিয়ে। কিন্তু ইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ সলনি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিল কেজৰিৱাল।

আজিৰ দিনটোত মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাই কেজৰিৱালে। লগতে ইডিলৈ টোৱাই থৈ যায় অভিযোগৰ আঙুলি।

প্ৰত্যাহ্বান জনাই ইডিৰ চমনক অবৈধ আৰু ৰাজনৈতিকভাৱে অনুপ্ৰাণিত বুলি কয় কেজৰিৱালে। লগতে কয় যে, জাননীখন বিজেপিৰ নিৰ্দেশত প্ৰেৰণ কৰা হৈছে। কেজৰিৱালে যাতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে এই জাননী প্ৰেৰণ কৰা বুলি কয়।

ইডিৰ ওপৰত বিৰোধীৰ এই অভিযোগ নতুন নহয়। ইয়াৰ পূৰ্বেও বিৰোধীয়ে কেন্দ্ৰীয় সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছিল।

বিগত সময় সমূহত আপ শক্তিশালী হৈ উঠিছে। তাৰ মাজতে গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন, দিল্লীৰ প্ৰাক্তনম মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়া। দিল্লাৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী গৰাকীৰ জামিন আবেদন নাকচ দলটোৰ বাবে আছিল এক বিফলতা। তাৰপাছতে চমন আহিছিল কেজৰিৱাললৈ।

এই সমগ্ৰ ঘটনাৰাজিৰ পৰা এটা প্ৰশ্ন উত্থাপন হয় যে শাসকীয় পক্ষই ভয় কৰিছে নেকি আপক? কংগ্ৰেছতকৈ অধিক শক্তিশালী হৈ পৰিছে নেকি আপ?

বিগত সময় সমূহত লক্ষ্য কৰিলে দেখা যায় যে কেজৰিৱালে কেইবাখনো ৰাজ্যত খোপনি পুতিবলৈ সক্ষম হৈছে। যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়তা বৃদ্ধি পাইছে।

মুখ্য বিৰোধী দল যদিও কংগ্ৰেছ, আৰু বিগত সময় সমূহত কংগ্ৰেছৰ হেৰাই যোৱা জনপ্ৰিয়তা কিছু বৃদ্ধি পালেও সম্পূৰ্ণ আস্থা ঘূৰি অহা নাই দলটোৰ ওপৰত। জনতাৰ মনত আছে কংগ্ৰেছৰ শাসনৰ কথা।

এই সময়ত জনতাৰ হাতত কংগ্ৰেছ আৰু আপৰ বাহিৰে বেলেগ বিকল্প যে নাই সেয়া শাসকপক্ষই বাৰুকৈয়ে বুজি পাইছে। গতিকে এই সময়ত আপে ফৰ্মলৈ আহিলে পৰৱৰ্তী সময়ত আপে বিৰোধীৰ এক উৎকৃষ্ট ভূমিকা পালন কৰিব।

বৰ্তমান সময়ত জনতাৰ লাহে লাহে আস্থা হেৰাইছে বিজেপিৰ ওপৰত। বিগত সময়ত দেশত সৃষ্টি হোৱা অৰাজকতাই ক্ষুব্ধ কৰিছে জনতাক। তেনে ক্ষেত্ৰত জনতাই নিশ্চয়কৈ সন্ধান কৰিছে বিকল্পৰ। তদুপৰি যুৱ-প্ৰজন্মৰ মাজত হ্ৰাস পোৱা জনপ্ৰিয়তাও বিজেপিৰ শংকাৰ মূল কাৰণ।

আগন্তুক সময়ত ৫ ৰাজ্যত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাইছে শাসকীয় পক্ষই। কিন্তু মিজোৰামলৈ প্ৰচাৰ চলাব নাহে প্ৰধানমন্ত্ৰী মোডীয়ে। যাৰ বাবে দলটো যে প্ৰভাৱিত হ'ব সেয়া নিশ্চিত। লোকসভা নিৰ্বাচনৰ পূৰ্বে মিজোৰামত বিজেপিৰ খোপনি গুৰুত্বপূৰ্ণ আছিল।

লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। আশা কৰা হৈছে এই বিধানসভা নিৰ্বাচনে এটা সাম্য়ক ধাৰণা দিব যে কোনটো দলে শাসনলৈ আহিব। কিন্তু ২০১৮ চনত ইয়াৰ বিপৰীত ছবি দেখা গৈছিল। কিয়নো বিজেপিয়ে অন্য নিৰ্বাচনত পৰাজিত হোৱাৰ বিপৰীতে লোকসভাত জয় লাভ কৰিছিল। বিশেষজ্ঞসকলৰ মতে এনে প্ৰতিবাৰেই নহয় । এই নিৰ্বাচনৰ ফলাফলে লোকসভা নিৰ্বাচনৰ বাবে পটভূমি তৈয়াৰ কৰে। এই নিৰ্বাচনৰ দ্বাৰা দেশবাসীৰ মন বুজিব পাৰিব বুলি কোৱা হয়।

এই নিৰ্বাচনৰ ফলাফলে বিৰোধী মৰ্চা ইণ্ডিয়াৰ ওপৰতো প্ৰভাৱ পেলাব। বহু দলে ইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱাৰ পৰা আঁতৰি আছিল। যদিহে এই নিৰ্বাচনত কংগ্ৰেছে ভাল প্ৰদৰ্শন দেখুৱাই তেন্তে কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ ওপৰত দলসমূহৰ বিশ্বাস ঘূৰি আহিব পাৰে। যদি কংগ্ৰেছৰ ফলাফল বেয়া হয় তেতিয়া কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ সময়ত আসন বুজাবুজি কৰিব লাগিব পাৰে।

বিৰোধীৰ বাবে কঠিন হ'ব সময়। একাংশৰ মতে বিৰোধীক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ শাসকীয় পক্ষই সকলোধৰণৰ পন্থা হাতত ল'ব। কেজৰিৱাল এক উদাহৰণ। কেজৰিৱালৰ হাতত এতিয়াও সময় আছে চমনৰ বিৰুদ্ধে আদালতত প্ৰত্যাহ্বান জনাবলৈ।

যদি এই ক্ষেত্ৰত বিফল হয় তেতিয়া গ্ৰেপ্তাৰ হোৱা সম্ভাৱণা আছে মুখ্যমন্ত্ৰীগৰাকী। অৱশ্য ইয়াৰ মাজতে আপে ঘোষণা কৰিছে যে কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব কেজৰিৱালে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ স্থিতয়ে দলটোক কিছু শক্তিশালী হোৱাত সহায় কৰিছে। কিন্তু প্ৰতিখন ৰাজ্যতে অন্তঃকন্দলত জৰ্জৰিত কংগ্ৰেছ। আঞ্চলিক ক্ষেত্ৰসমূহত এতিয়াও শক্তিশালী হৈ উঠা নাই কংগ্ৰেছ। তেনে ক্ষেত্ৰত এতিয়া যেন শাসক পক্ষৰ লক্ষ্য হৈ পৰিছে আপ। গতিকে এতিয়া সময় মাঁথো অপেক্ষাৰ। নিৰ্বাচনত কাৰ ভাগ্য উজ্বলিব সেয়া সময়ে ক'ব।

অপেক্ষা মাঁথো সময়লৈ...
মুখ্যমন্ত্ৰীয়ে চাব চিনেমাঃ APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ল'লে সচিবে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in