উফ্ শান্তি! এইবাৰ হঠাৎ এন্ট্ৰি মেট্ৰিকৰ ফলাফলৰ...

উফ্ শান্তি! এইবাৰ হঠাৎ এন্ট্ৰি মেট্ৰিকৰ ফলাফলৰ...

বৰষা শৰ্মা

মেট্ৰিকৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰীকে আদি কৰি প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ মাজতে এক বিশেষ উছাহ দেখা যায়। ২২ মে' ২০২৩ ত ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। লগে লগে সকলোফালে অভিনন্দনৰ বৰষুণ। প্ৰায় সকলোৱেই দিছে সফলতাৰ খবৰ। এক ভাল লগা পৰিৱেশ।

এইবাৰ ছেবাই কোনো ধৰণৰ জাননী জাৰি নকৰাকৈ প্ৰকাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱাৰ ভাগত শিক্ষামন্ত্ৰীয়ে টুইটযোগে জনালে যে পুৱা ১০ বজাত দিয়া হ'ব মেট্ৰিকৰ ফলাফল। সকলোফালে হুৱা-দুৱা। চাৰিওফালে আনন্দ।

একাংশৰ পৰিয়ালত আজি কেৱল সুখ। সফলতাৰ বাহিৰে এগৰাকী শিক্ষাৰ্থী, পৰিয়াল, শিক্ষক-শিক্ষয়িত্ৰীকনো আৰু লাগে কি? মানুহ এতিয়া ব্যস্ত হৈ পৰিছে মেট্ৰিকৰ ফলাফলক লৈ।

নহবনো কিয়? প্ৰতিদিনে কেৱল বেয়া খবৰ।ধৰ্ষণ, হত্যাকাণ্ড, লুণ্ঠন ,আদিৰ বাতৰিয়ে সমাজখনতেই এক নেতিবাচক প্ৰভাৱ পেলোৱা যেন হয়। আজিকালিৰ মানুহ সামাজিক মাধ্যমত বেছি সময় কটায়। এই সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলেই জানে সমাজত বেয়া খবৰৰ পয়োভৰ কিমান।

এনে বহু বেয়া খবৰ মাজত আজিৰ ভাল খবৰে শান্তি দিছে মানুহক। খবৰ লৈছে ওচৰ-চুবুৰীয়া, আত্মীয়ৰ মেট্ৰিক দিয়া সকলৰ। মুঠতে এখন পৰিয়াল, পৰীক্ষাৰ্থী,শিক্ষক-শিক্ষয়িত্ৰী আদিৰ বাবে আজি ভাল দিন।

কিন্তু আমি যে মানুহবোৰ বেছিয়েই আৱেগিক। অতীত সোনকালেই পাহৰি যাঁও। সেয়ে সময়ৰ সোঁতত নোহোৱা হয় খবৰবোৰ। যেনেকৈ নোহোৱা হ'ল বন্দনা, চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন আৰু শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা।

কেইদিনমান পূৰ্বে ট্ৰেণ্ডিঙত আছিল বন্দনাৰ কু-আখ্যান। পৰৱৰ্তী সময়ত বেলেগ এটা বাতৰিৰ আঁৰত হেৰাই গ'ল বন্দনা। কোনোৱে এতিয়া জানিব নিবিচাৰে বন্দনা ক'ত, কেনেকৈ আছে বা কি শাস্তি পালে।

পৰৱৰ্তী সময়ত আৰু বহু খবৰ আহিল। মাৰ্ঘেৰিটাৰ ধৰ্ষণ, হত্যাকাণ্ডই পুনৰ জোকাৰিলে ৰাজ্য। কিন্তু তাৰমাজত আছিল চিকিৎসক দম্পত্তীৰ কাণ্ড। শিশু নিৰ্যাতনৰ ঘটনাক লৈ হৈ থাকিল সৰৱ চৰ্চা। সকলোৱে ন্য়ায় বিচাৰি কৰিছিল হাহাকাৰ। বিচাৰিছিল উচিত শাস্তি পাঁওক দোষীয়ে। তেতিয়াই ট্ৰেণ্ডিঙত আহিল এক নতুন শিৰোনাম- এছ আই জোনমণি ৰাভাৰ মৃত্যু।

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱণা আছিল। এছ পি লীনা দলে, এছ আই আভাজ্যোতি ৰাভাৰ লগতে আন বহু উচ্চ পদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। নকল সোণৰ ব্যৱসায়ত সাঙুৰ খাইছে আৰক্ষী বিষয়াৰ নাম।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ক্ষেত্ৰত কঠোৰ হোৱাও পৰিলক্ষিত হয়। কেইবাগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ, একাংশক কনিষ্টবলক বদলি পাছত লখিমপুৰ আৰু নগাঁৱৰ এছ পিকো বদলিৰ নিৰ্দেশ দিয়ে।

এছ পি লীনা দলেৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। জোনমণিৰ মাতৃয়ে উত্থাপন কৰিছে অভিযোগ। কিন্তু তাৰ পাছতো লীনা দলেক কোনোৱে নকৰিলে এটাও প্ৰশ্ন, গ্ৰেপ্তাৰ হোৱা নাই লীনা দলে- এই প্ৰশ্ন জোনমণিৰ মাতৃৰ।

ইয়াৰ মাজতে ১০ বছৰ পুৰণি এটা কথা মনত পেলাইছে ৰাইজে। ২০১২ চনৰ ৪ অক্টোবৰত সন্ধিয়া প্ৰায় ৬.৩০ মান বজাত এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছিল এজন লোকৰ মৃতদেহ । গুলীয়াই আত্মহত্যা কৰা বুলি কোৱা হৈছিল  নিলোৎপল লাহন নামৰ লোকজনক। এই  নিলোৎপল লাহন আছিল লীনা দলেৰ স্বামী। আনহাতে আত্মহত্যা কৰা বুলি কোৱা ৰিভলভাৰটো আছিল লীনা দলেৰ ছাৰ্ভিছ ৰিভলভাৰ। পৰৱৰ্তী সময়ত এই কাণ্ড বহুতে হত্যাকাণ্ড বুলি কৈছিল। কিন্তু এই গোচৰৰ কোনো মীমাংশা নহ'ল।

সময় বাগৰে। হয়তো মানুহে অতীতত থাকিও ভাল নাপায়। যাৰ বাবে মানুহ আজি ব্যস্ত বৈ পৰিছে মেট্ৰিকৰ ফলাফলত। পাহৰি গ'ল জোনমণিৰ মৃত্যু, একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে থকা অভিযোগ।তল পৰিল নকল সোণৰ ব্যৱসায়।

নগাঁও এৰিল লীনা দলেই। যেনেকৈ এৰিছিল এছ পি আনন্দ মিশ্ৰই। এই আৰক্ষী বিষয়া গৰাকীৰ ভুৱা এনকাউন্টাৰত গুৰুতৰভাৱে আহত হৈছিল কৃতিকমল বৰা। যাৰ বাবে ৰাজ্যত হৈছিল তীব্ৰ প্ৰতিবাদ। পৰৱৰ্তী সময়ত নগাঁও এৰিছিল এছ পি গৰাকীয়ে। বহুতে ক্ষোভ উজাৰিছিল আনন্দ মিশ্ৰৰ বিৰুদ্ধে। তেওঁৰ ভুৱা এনকাউন্টাৰত ঘূণীয়া হোৱা কৃতিকমলে হয়তো আজিও পাহৰিব পৰা নাই সেই দিনটো।

পুনৰ এন্ট্ৰি মাৰিলে আনন্দ মিশ্ৰই। এইবাৰ নগাঁও নহয়, স্থান লখিমপুৰ। ৰাইজৰ মাজত আনন্দৰ বন্যা। পুনৰ আনন্দ মিশ্ৰ আহিব আৰু অপৰাধীক নাকী লগাব। কিন্তু জনতাই কেনেদৰে পাহৰিব পাৰে সেই ভুৱা এনকাউন্টাৰত ৰাজ্য উত্তপ্ত হোৱা পৰিস্থিতিৰ কথা?

এতিয়াও সকলে যেন জোনমণিক পাহৰিলে। জোনমণি, সংগীতা আদিক চেৰ পেলাই এন্ট্ৰি মাৰিলেে মেট্ৰিকৰ ফলাফলে। চৰকাৰৰ কাণ্ডত ইতিমধ্যেই অতিষ্ঠ কৰিছে জনতাক। কোনো ধৰণৰ আগতীয়া জাননী নোহোৱাকৈ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা বিষয়টোতো ৰাইজৰ সন্দেহ নথকা নহয়।

চৰকাৰেও জানে কেনেকৈ খেলিব লাগে মানুহৰ আৱেগৰ লগত। চৰকাৰে জানে কেনেকৈ মানুহক বশ কৰিব পাৰি। সেয়ে হয়তো জোনমণিৰ খবৰৰ মাজতে চৰকাৰে দিলে এটা ভাল খবৰ।

এই ভাল খবৰৰ মাজতে তল পৰি ৰৈছে আৰু বহু খবৰ। আজিয়েই ৰাজ্যৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে চৰকাৰে দিয়া টেবলেট ঘূৰাই দি প্ৰতিবাদ সাৱ্যস্ত কৰে। কিয়নো একাংশ বিদ্যালয়ত নাই প্ৰধান শিক্ষক। যি বিদ্যালয়ত চৰকাৰে এজন প্ৰধান শিক্ষকে নিযুক্তি দিব পৰা নাই সেই বিদ্যালয়ত টেবলেট ব্যৱহাৰ কৰি হ'ব কি?

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বৰ্তমান ৰাজ্যৰ পৰিস্থিতি বৰ ভাল নহয়। আইন-শৃংখলাৰ পৰিস্থিতিও মানুহে জানে। সকলোফালে কেৱল প্ৰতিবাদ। জনতাৰ অশান্তি আৰু হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰ শান্তি।

কিছুদিন পাছতেই অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ পূৰ্বে মহানগৰীত প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা। একাংশৰ দাবী প্ৰতিবাদৰ পৰা হাত সাৰিবলৈ, গৃহমন্ত্ৰীক অসমৰ অৱস্থা নেদেখুৱাবলৈ এনে কৰা হৈছে।

চৰকাৰ হয়তো সফল হ'ল। এটা কথা ক'বলৈ লাগিব যে চৰকাৰ জানে মাইণ্ড গেম খেলিব ।কিয়নো জোনমণিৰ মৃত্যুৰ বিষয়টোৰ লগত সাঙুৰ খাই আছিল নকল সোণৰ ব্যৱসায়। এই ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

লখিমপুৰ জিলা আৰক্ষীৰ উপ-অধীক্ষক হিচাপে কৰ্মৰত ৰুণা নেওগৰ বিৰুদ্ধে উত্থাপন হৈছিল অভিযোগ। কিন্তু বদলি, ৰিজাৰ্ভ ক্লজতেই শেষ নেকি দায়িত্ব?এয়াই নেকি শাস্তি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অগাধ বিশ্বাস থকা আৰক্ষী বিভাগতেই দেখোন এতিয়া কেনা লাগিছে। অপৰাধীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি আৰোপ কৰা চৰকাৰ খনৰ আৰক্ষী বিভাগৰে লাজলগা অৱস্থা।

জোনমণিৰ মৃত্যুৰ তদন্ত আৰক্ষী বিভাগ বা চৰকাৰৰ বাবে এক নেতিবাচক কাৰক আছিল। গতিকে ইয়াৰ বাবে হাত সাৰিবলৈ এটা বাৰু ভাল খবৰে এন্ট্ৰি মাৰিব নোৱাৰিবনে? মানুহে পাহৰি যাব এছ আই জোনমণি ৰাভাক। পুনৰ নতুন বাতৰি আহিব। বদলি লৈ লীনা দলেই আৰামত জীৱন কটাব, একাংশ আৰক্ষী বিষয়াৰ একাউন্টত ধন জমা হৈয়ে থাকিব আৰু চৰকাৰখনে মানুহক বুৰ্বক বনাই থাকিব।

আশা মাথোঁ এটাই। ন্যায় পাওঁক ভুক্তভোগী সকলে। উচিত তদন্ত হওক জোনমণি ৰাভা মৃত্যু কাণ্ডৰ। জেললৈ যাঁওক নকল সোণ ব্যৱসায়ৰ লগত জড়িত সকল। মানুহে পাহৰিলও যাতে আৰক্ষী অধীক্ষক জি পি সিঙে নাপাহৰে জনতাক তেওঁ দিয়া প্ৰতিশ্ৰুতিৰ কথা যে- এমাহৰ ভিতৰত নকল সোণৰ ঘাটী উৎখাত হ'ব। লগতে যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও নাপাহৰে দোষীয়ে শাস্তি পাব বুলি জনতাক দিয়া প্ৰতিশ্ৰুতিৰ কথা...

উফ্ শান্তি! এইবাৰ হঠাৎ এন্ট্ৰি মেট্ৰিকৰ ফলাফলৰ...
'২০০০' হ'ব '০০০০' !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in