প্ৰাণ লোৱা জাইকাই কেতিয়া ল'ব শিক্ষা?

প্ৰাণ লোৱা জাইকাই কেতিয়া ল'ব শিক্ষা?

বৰষা শৰ্মা

এতিয়া গুৱাহাটীখন আৰু সুৰক্ষিত হৈ থকা নাই। প্ৰতিদিনেই ন ন ঘটনাই জোকাৰি যায় গুৱাহাটীক। ঘৰৰ পৰা ওলাই যোৱা মানুহজন ঘৰলৈ উভতি আহি পাব নে নাই সেয়া এতিয়া চিন্তা কৰিব লগা বিষয়।আনকি ঘৰৰ ভিতৰত সোমাই থকা মানুহখিনিও সুৰক্ষিত নহয়।

হত্যা, লুণ্ঠনৰ কথাতো বাদেই দিলো, পথ দুৰ্ঘটনা, আকস্মিক দুৰ্ঘটনাত কাৰ কেতিয়া ক'ত প্ৰাণ যায় ক'ব নোৱাৰা পৰিস্থিতি আহি পৰিছে।

উন্নয়নৰ নামত গুৱাহাটীত এখনৰ পাছত আনএখন ফ্লাই অভাৰ নিৰ্মাণ হৈ আছে। মালিগাঁও, জুৰোড, গড়চুকৰ ওচৰত নিৰ্মাণ হৈ থকা ফ্লাইঅভাৰে মানুহক কিমান জ্বলা কলা খুৱাইছে সেয়া কেৱল ভুগি থকা সকলেহে ক'ব পাৰে। কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ চৰকাৰে কৰা কামৰ ফল ভোগ কৰিছে জনতাই।

উন্নয়ন মানে যে কেৱল এতিয়া ফ্লাই অভাৰ। গুৱাহাটীত ৭ ৰ পৰা ৮ খনকৈ ফ্লাই অভাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰি আছে চৰকাৰে। উন্নয়ন লাগে,ভাল কথা। কিন্তু সঠিক পৰিকল্পনা কৰি আগবাঢ়িলে সকলোৰে বাবে ভাল। এতিয়া কেৱল সকলোৰে মনত এটাই প্ৰশ্ন এই উন্নয়ন ভালৰ বাবে নে বেয়াৰ বাবে?

গুৱাহাটী মহানগীৰৰ মাজমজিয়াৰ পৰা এটাৰ পাছত আনটো চৰকাৰী কাৰ্যালয় স্থানান্তৰ কৰা হৈছে। সেই স্থান সমূহতো কোনো কোনো প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে। মুঠতে এতিয়া য'তেই যায় তাতেই দেখিব চৰকাৰৰ উন্নয়নৰ নমুনা।

পানী যোগান আঁচনিৰ নামত ঠায়ে ঠায়ে জাইকাৰ পাইপ বহোৱা হৈছে। চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰাৰ পদক্ষেপ হাতত লৈছে। তাৰ বাবে জাইকাই বিভিন্ন স্থানত ডাঙৰ ডাঙৰ গাত খান্দি পাইপ বহুৱাইছে। লক্ষ্য এটাই, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান।

কেৱল জাইকা বুলিয়েই নহয়, ফ্লাই অভাৰ, ৰাজপথৰ মাজত থকা ডাঙৰ ডাঙৰ গাতবোৰতো আছেই। এতিয়া ৰাজপথত গাড়ী চলাই যোৱাতো এক চিন্তা কৰিব লগা বিষয়। ক'ত, কেতিয়া গাতত আপোনাৰ গাড়ী সোমাই আপুনি ধৰিবও নোৱাৰিব।কিয়নো সেই গাত সমূহৰ আগত নাথাকে কোনো বেৰিকেড।

৮ জুন, ২০২৩ গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ গণেশগুৰিৰ এম এল এ হোষ্টেলৰ সমীপত পুৱা প্ৰায় ৭ বজাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ যায় এগৰাকী ছাত্ৰীৰ।

পৰৱৰ্তী সময়ত দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাত সমগ্ৰ ঘটনা স্পষ্ট হৈ পৰে।ৰাজপথৰ মাজত বহু বিতৰ্কিত জাইকাই পানীৰ পাইপ মেৰামতিৰ নামত খান্দি থোৱা গাত আৰু মাটিক দ'মৰ বাবেই যে এই দুৰ্ঘটনা সংঘটিত হৈছে সেই কথা এই দৃশ্যই প্ৰমাণ কৰে। উন্নয়নৰ নামত যে একাংশৰ পৰিয়াললৈ অমানিশাহে নামি আহিছে।

জাইকাই পানীৰ পাইপ মেৰামতিৰ বাবে খান্দি থোৱা গাতটো আছিল উন্মুক্ত হৈ। মহানগৰীৰ প্ৰায় প্ৰতিটো পথ, উপ-পথতেই আছে জাইকাই খান্দি থোৱা উন্মুক্ত গাত।যাৰ ফলত এতিয়া মৰণফান্দত পৰিণত হৈছে জাইকা প্ৰকল্প।

গুৱাহাটী বাসীয়ে কেতিয়া জাইকাৰ পানী পাব তাৰ কোনো নিশ্চিয়তা নাই। কিন্তু এই জাইকা যে এতিয়া একাংশৰ বাবে অভিশাপত পৰিণত হৈছে সেয়া নিশ্চিত। ফ্লাই অভাৰেই হওক বা জাইকাৰ পানী প্ৰকল্পই। মানুহৰ জীৱনতৈ এইবোৰ ডাঙৰ হ'ব নোৱাৰে।

কিছুদিন পূৰ্বেও জাইকা প্ৰকল্পৰ বাবে গুৱাহাটীৰ খাৰঘূলিত সংঘটিত হৈছিল আন এক ঘটনা। ২৫ মে' ২০২৩ ত জাইকাৰ পাইপ ফাটি খাৰঘূলিৰ জয়পুৰত সংঘটিত হৈছিল এক অঘটন। মূহুৰ্ততে পানীয়ে আৱৰি ধৰিছিল অঞ্চলটো। মানুহৰ ঘৰ, গাড়ী আদি ধ্বংস হৈ গৈছিল এই পানীৰ সোঁতত। কেৱল ইমানেই নহয়, ইয়াৰ ফলত এগৰাকী মহিলাই প্ৰাণো হৰুৱাইছিল।

এই ঘটনাইও যথেষ্ঠ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। নিহত আৰু আহতসকলৰ পৰিয়াললৈ আগবঢ়োৱা হৈছিল আৰ্থিক সাহায্য। ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছিল কমিটি।কিন্তু আৰ্থিক সাহায্যই জানো সকলো? উচ্চ স্তৰীয় তদন্তত কি ওলাল? ন্যায় পালে জানো সাধাৰণ জনতাই ?

আজিও ঘটনাৰ পাছতে গণেশগুৰিৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে পৰিবহণ বিভাগে।দুৰ্ঘটনাত ছাত্রীৰ মৃত্যুৰ পিছত প্রশাসনৰ তৎপৰতা বৃদ্ধি পাইছে। উপায়ুক্তৰ কাৰ্যালয়ত আবেলি গুৰুত্বপূৰ্ণ বৈঠকৰো আহ্বান কৰিছে। জাইকাৰ সকলো ঠিকাদাৰৰ সৈতে বৈঠকত বহিব উপায়ুক্তই। বৈঠকত থাকিব পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীৰ বিষয়াও।

'চোৰ গ'লে বুদ্ধি, বৰষুণ গলে জাপি'-এই কথাষাৰি যেন আখৰে আখৰে পালন হৈছে গুৱাহাটী পৰিবহন বিভাগৰ ক্ষেত্ৰতো। সামান্য কথাতে জৰিমণা বিহা, মোবাইলত বাইক, গাড়ীৰ ফটো লৈ জৰিমণা বিহা পৰিবহন বিভাগে কিয় দেখা নাপালে গাততো? সেই গাতটোৰ ফলত যে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সেই কথা কিয় নাভাৱিলে?

হেলমেট নিপিন্ধিলে দুৰ্ঘটনা সংঘটিত হয়, চিট বেল্ট নিপিন্ধিলে মানুহৰ প্ৰাণলৈ শংশয়- এইবোৰত কঠোৰ হওক পৰিবহন বিভাগ সেয়া ভাল কথা। তাৰ সমান্তৰালৈ আন বিষয়বোৰৰ প্ৰতিও খবৰ ৰাখক। কাৰণ জাইকাৰ সমান্তৰালকৈ পৰিবহন বিভাগৰো জানো দায়িত্ব নাই?

যিমান যি হ'লেও শিক্ষা নলয় জাইকাই। খাৰঘূলিৰ পৰা শিক্ষা নোলোৱা জাইকাই আজিৰ ঘটনাৰ পৰা শিক্ষা ল'ব বুলি কেনেদৰে বিশ্বাস কৰিব পাৰি? মানুহে আজি মনত ৰাখিছে, কাইলৈ পাহৰি যাব। আৰু জাইকাই পানীৰ প্ৰকল্পৰ নামত মানুহৰ প্ৰাণ লৈ থাকিব।

কেৱল যে এই দুটা ঘটনাই সংঘটিত হৈছে তেনে নহয়। জাইকা যদি অলপ সতৰ্ক নহয়, তেন্তে আৰু বিপদৰ সন্মুখীন হ'ব গুৱাহাটী। গুৱাহাটীৰ বিভিন্ন স্থানত জাইকাই প্ৰকল্প আৰম্ভ কৰিছে। প্ৰায় প্ৰতিটো স্থানতেই একেই অৱস্থা। য'তেই জাইকাই পাইপ বহুৱাইছে তাতেই কৰবাত পানী লিক হৈছে, কৰবাত আকৌ ডাঙৰ ডাঙৰ গাত।

পথবোৰল ইমানেই বিপদসংকুল হৈ আছে যে খান্দি যোৱা গাতটোৰ বাবে মানুহক সতৰ্ক কৰি দিবলৈ ফলক এখন আঁৰি থোৱাৰ কাণ্ডজ্ঞানখিনিও নাই জাইকাৰ। জাইকাৰ দায়িত্বহীনতাৰ বাবে প্ৰায় প্ৰতিদিনেই সৰু বৰ দুৰ্ঘটনা সংঘটিত হয়।কিন্তু গা ল'ৰা নাই জাইকাৰ।

উচ্চস্তৰীয় কমিটি গঠন হ'ব, তদন্ত হ'ব কিন্তু তাৰ পাছত? হেৰাই যোৱা মানুহ আৰু উভতি নাহে। এজন মানুহৰ মৃত্যুত এটা পৰিয়ালেই ছাৰখাৰ হৈ যায়। গতিকে উন্নয়নৰ নামত গুৱাহাটীবাসীৰ যাতে কোনো হানি নহয় তাৰ বাবে চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব দিব লাগে। উন্নয়ন সকলোৰে কাম্য, কিন্তু মানুহ হেৰুৱাই কৰা উন্নয়ন কাৰোৱেই কাম্য নহয়।

আজিৰ ঘটনাৰ পৰা অন্তত জাইকাই শিকক। গুৱাহাটীবাসীৰ বাবে উপযুক্ত খোৱাপানীৰ প্ৰয়োজন। গতিকে পানীৰ অপচয় নকৰাকৈ, জনতাৰ কোনো হানি নোহোৱাকৈ কাম কৰিবলৈ চেষ্টা কৰক জাইকাৰ কৰ্মচাৰীয়ে।

মানুহৰ জীৱনতকৈ ডাঙৰ একোৱেই হ'ব নোৱাৰে। হয়তো নিহত ছাত্ৰীগৰাকীৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰিব জাইকাই। হয়তো প্ৰশাসনে কিবা অলপ ব্যৱস্থাও গ্ৰহণ কৰিব। কিন্তু বুকু উদং হৈ পৰা ছাত্ৰী গৰাকীৰ পিতৃ মাতৃয়ে ঘূৰাই পাব জানো নিজৰ ফুলকুমলীয়াজনীক...

প্ৰাণ লোৱা জাইকাই কেতিয়া ল'ব শিক্ষা?
নন্দিতাৰ সৈতে কি পাতিলো আধাঘন্টা?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in