নন্দিতাৰ সৈতে কি পাতিলো আধাঘন্টা?

নন্দিতাৰ সৈতে কি পাতিলো আধাঘন্টা?

মৃদুল কুমাৰ সন্দিকৈ

তেতিয়া নিশা ১১ বাজিছিল। দিনটো কেইবাবাৰো সেই মোবাইল নম্বৰটোত যোগাযোগ কৰা হৈছিল যদিও ব্যস্ততাৰ বাবে হয়তো তেওঁ মোবাইলত কথা পতাতো সম্ভৱপৰ হোৱা নাছিল। শেষবাৰৰ বাবে ফোনটো কৰাৰ উদ্দেশ্য আছিল এগৰাকী মেধাৱী ছাত্ৰীৰ সৈতে, তেওঁৰ বিষয়ে জানিবলৈ থকা উৎসুকতা দমাব পৰা নাছিল।

৬ জুন ২০২৩ ত ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত ষষ্ঠ স্থান দখল কৰা নন্দিতা দাস আছিল ফোনটোৰ সিটো মূৰত। দিনটো কেনে ব্যস্ততাৰ মাজেৰে পাৰ হৈছিল সেই কথা কৈ ফোনটো ধৰিব নোৱাৰাৰ বাবে ক্ষমা বিচৰা এজনী অসাধাৰণ আৰু মেধাৱী ছোৱালীৰ প্ৰথম আচৰণতেই ভাল লাগি গ'ল।

ক'লে-কিছু সময় পূৰ্বে স্থানীয় বিধায়কগৰাকী তেওঁলোকৰ ঘৰৰ পৰা গৈছে। ঘৰত এতিয়া পিতৃ মাতৃ, ক্লাছ নাইনত আৰু কেজিত পঢ়া দুই ভগ্নী আৰু দুজনী সম্পৰ্কীয় ভনীয়েকহে আছে।

বাতৰিৰ বাবে এই ফোন নাছিল। দৰিদ্ৰতা যে মেধাৰ বাবে হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰা নন্দিতাই কৈ গৈছিল দিনটোৰ অভিজ্ঞতাৰ কথা। ৰিজাল্ট কেতিয়া দিব সেই নিশ্চিয়তা নাছিল বাবেই পুৱাই মাক ওলাই গৈছিল কামৰ বাবে।

নন্দিতাই চিকেবি কমাৰ্চ কলেজত ২০২১ বৰ্ষত নামভৰ্তি কৰিছিল উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত। পুৱা যোৰহাটৰ এই মহাবিদ্যালয়খনৰ এটা হোৱাটছএপ গ্ৰুপত সকলোৱে সুধি আছিল নন্দিতা দাস কোন।

নন্দিতাৰ ভাষাত- ''আমাৰ কলেজৰ গ্ৰুপত বহুতে সুধি আছে নন্দিতা কোন হয়, নন্দিতা কোন হয়। তেতিয়া ৰিজাল্ট দিয়া নাই। মই গ্ৰুপটোৰ মেছেজবোৰ চাই একো ধৰিব পৰা নাই।ভাৱিছিলো কি বা হ'ল। তাৰপাছত আমাৰ কলেজৰ এগৰাকী মেমে কৰবাৰ পৰা মোৰ নম্বৰটো যোগাৰ কৰি খবৰটো দিছল।মই ষ্টেণ্ড কৰিছো''।

খবৰটো শুনি নন্দিতাই বহুপৰলৈ একো ক'ব পৰা নাছিল। নন্দিতাই নিজ মুখেৰে কোৱা কথা । দেউতাক তেতিয়া বেপাৰলৈ যাব সাজু হৈছিল। মছলাৰ বেপাৰ কৰে দেউতাকে। চহৰ-গাঁও ঘূৰি ঘূৰি মছলা বিক্ৰী কৰে। আনৰ ঘৰত ভাত বনাই কন্যাক মানুহ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে মাকে।

জীয়েকে কান্দি থকা দেখি কাষচাপি আহিছিল নন্দিতাৰ পিতৃ। নাম তেওঁৰ ৰাজু দাস। ৰিজাল্ট দিছে বুলি ইতিমধ্যে তেওঁ গম পাইছিল। জীয়েকক সুধিছিল- কি হ'ল? কোনোমতে নন্দিতাই কৈছিল দেউতাকক ৰিজাল্ট দিলে। তাৰপাছত আকৌ ফেকুৰী ফেকুৰী কান্দিছিল নন্দিতা।

এইবাৰ দেউতাকে অকনমান টান সুৰতেই সুধিছিল-কি হ'ল ৰিজাল্ট? ভাল হৈছে নে বেয়া হৈছে ক। দেউতাককো সেই উত্তৰ দিবলৈ নন্দিতাক আৰু কিছু সময়ৰ প্ৰয়োজন হৈছিল।মই ৬ নম্বৰত ষ্টেণ্ড কৰিছো বুলি কৈ আৱেগিক হৈ পৰিছিল নন্দিতা।

সেই সুখৰ খবৰ পাই দেউতাকো আৱেগিক হৈ পৰিছিল। নন্দিতাই হাতত তুলি লৈছিল ফোনটো। মাকক ফোন কৰি জনাইছিল ৰিজাল্টৰ কথা। কিন্তু মাকে বিশ্বাস কৰা নাছিল সেই খবৰ।

নিউজ চেনেলৰ সাংবাদিক গৈ নন্দিতাৰ ঘৰ পাইছিলগৈ। কিন্তু ঘৰ আহি পোৱা নাছিল নন্দিতাৰ মাতৃ অনিতা দাস। কাম কৰিবলৈ যোৱা মানুহ ঘৰৰ মহিলাগৰাকীয়ে টিভিত নন্দিতাক দেখি অনিতা দাসক মাতি আনি জীয়েকৰ ফটো দেখুৱাইছিল টিভিৰ পৰ্দাত।

নন্দিতাই কৈছিল মাকে বিশ্বাস কৰা নাছিল এই খবৰ- ''মাক মই ফোন কৰোতে মায়ে বিশ্বাসে নকৰিলে। টিভিত মোৰ ফটো আৰু খবৰটো মায়ে কাম কৰি থকা মানুহঘৰৰ আন্টি গৰাকীয়ে দেখুৱাই দিয়াতহে তেওঁ বিশ্বাস কৰিলে। তাৰপাছত কোনোবা এজনে স্কুটি এখনত মাক আনি ঘৰত নমাই থৈ গ'ল''।

নন্দিতাইও ভৱা নাছিল এনে এটা ভাল ফলাফলৰ গৰাকী হ'ব।ভাৱিছিল খুব বেছি দুই তিনিটা বিষয়ত লেটাৰ লৈ পাছ কৰিব। কোৰোনাই চুই যোৱা সময়ত নন্দিতাহতে বিশেষ মূল্যায়নৰ জৰিয়তে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। নন্দিতাৰ মেট্ৰিক পৰীক্ষাৰ শতকৰা নম্বৰৰ হাৰ আছিল ৯৩.৪ শতাংশ।

চিকেবি কমাৰ্চ কলেজত নাম লগোৱাৰ পাছত নন্দিতাক মহাবিদ্যালয়খনৰ দুই এক শিক্ষকে মাঁথো কৈছিল ''তুমি ভাল ৰিজাল্ট কৰিব পাৰিবা, ভালদৰে পঢ়িবা''।নন্দিতাই অভাৱ কি ভালদৰে বুজি পায়। কিন্তু অভাৱৰ সৈতে তেওঁ মেধাক একাকাৰ নকৰে। সুযোগ পালেই নন্দিতাই পঢ়া-শুনাৰ উপৰিও আন কামো কৰে।

যিখন মহাবিদ্য়ালয়ৰ পৰা নন্দিতাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্বলি উঠিছিল সেই মহাবিদ্যালয়তে স্নাতক ডিগ্ৰী পঢ়িব। নন্দিতাৰ সপোন দুটা। কেতিয়াবা ভাৱে শিক্ষকতা কৰিব। আন কেতিয়াবা নন্দিতা বেংকিং সেৱাত যোগদান কৰাৰ কথাও ভাৱে। এই দুইটাৰ ভিতৰতে এটাত নন্দিতাই ভৱিষ্যতৰ সপোন দেখি থৈছে।

নন্দিতাৰ পঢ়া-শুনাৰ ব্যয় ইতিমধ্যে যোৰহাটৰ উপায়ুক্তই গ্ৰহণ কৰিছে। নন্দিতাই এতিয়া নিজতকৈও দুইজনী ভনীৰ প্ৰতি দায়িত্ব বেছি বুলি ভাৱে। ইমান সহজ ছোৱালীজনী। প্ৰায় আধাঘন্টা সময় কথা পাতোতেই জীৱনৰ বহু কথা নন্দিতাই কৈ পেলালে।

কোনোতো কথাতেই নন্দিতাৰ থকা-নথকাৰ ক্ষোভ প্ৰকাশ নাপালে। নন্দিতাই কেৱল জানে পৰিশ্ৰমৰ বিকল্প নাই।এটা পথ বন্ধ হ'লে আন ১০টা পথ খোলা থাকে। নন্দিতাই ইয়াকো ক'ব নাপাহৰিলে যে তেওঁৰ জন্ম অসমত। এতিয়া তেওঁ অসমীয়া হৈ গ'ল। অৱশ্যে খাটি অসমীয়া টান টান শব্দবোৰ বুজি নাপায়। নন্দিতাই ক'লে তেওঁলোকৰ আচল ঘৰ বিহাৰতহে। বিহাৰৰ চিতামাৰী জিলাত তেওঁলোকৰ ঘৰ। কিন্তু এতিয়া নন্দিতাহতৰ স্থায়ী ঠিকনা বৰভেটা নাওশলীয়াৰ সেই ভাড়াঘৰটো...

নন্দিতাৰ সৈতে কি পাতিলো আধাঘন্টা?
ফাৰ্মাচী, নাৰ্ছিং, পেৰামেডিকেল আদি পাঠ্যক্ৰমৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in