ৰাজপথৰে যোৱা যাত্ৰাক লৈ গ'ল মানুহৰ মাজলৈ !

ৰাজপথৰে যোৱা যাত্ৰাক লৈ গ'ল মানুহৰ মাজলৈ !
ৰাজপথৰে যোৱা যাত্ৰাক লৈ গ'ল মানুহৰ মাজলৈ !

''ভাৰত জোড়ো ন্যায় যাত্ৰা''ক বাধা দিবলৈ গৈ শাসকীয় বিজেপি চৰকাৰে ৰাহুল গান্ধী তথা কংগ্ৰেছক গোৰ মাৰি যেন গংগাত হে পেলালে। সাধাৰণ ৰাইজক স্পৰ্শ নকৰাকৈয়ে ৰাজপথৰ মাজেৰে আগবঢ়া এই যাত্ৰাৰ চৰ্চা এতিয়া সৰ্বত্ৰে। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ এই যাত্ৰাক বাধা দিবলৈ চলোৱা প্ৰতিটো প্ৰচেষ্টাত শাসকীয় বিজেপি চৰকাৰ সফল হৈছে যদিও ভাৰত জোড়ো ন্যায় যাত্ৰাও চৰকাৰৰ এনে প্ৰচেষ্টাৰ বলতেই মানুহৰ মাজলৈ সোমাই গৈছে।

৭ ছেপ্টেম্বৰ ২০২২ ত কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা। পদযাত্ৰাৰে আৰম্ভ হোৱা এই যাত্ৰাই ৪ হাজাৰ ৮০ কিলোমিটাৰ বাট অতিক্ৰম কৰি ১৫০ দিনৰ অন্তত ৩০ জানুৱাৰীত জম্মু-কাশ্মীৰত উপস্থিত হৈছিল।

এই সুদীৰ্ঘ দিনত ভাৰত জোড়ো যাত্ৰাই ক'তো বাধাৰ সন্মুখীন হোৱা নাছিল বা ক'তো অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হোৱা নাছিল। কিন্তু মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা বিতৰ্কত সোমাই পৰিছে।

মণিপুৰত প্ৰথমে এই যাত্ৰাই বাধাৰ সন্মুখীন হোৱাৰ পাছত অসমত পদে পদে বাধাৰ সন্মুখীন হোৱাই নহয় কেইবাটাও বিক্ষিপ্ত ঘটনাৰ সন্মুখীন হৈছে। ৰাহুল গান্ধীয়ে অসমত এই যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী, কংগ্ৰেছ আৰু এই ন্যায় যাত্ৰাক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

কিন্তু শেহতীয়াকৈ এই ন্যায় যাত্ৰাই অসমত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহলৈ লক্ষ্য কৰিলে এনে লাগিছে যেন শাসকীয় চৰকাৰ তথা বিজেপি দলৰ বাবে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু ৰাহুল গান্ধী মূৰৰ কামোৰণি হৈ পৰিছে। একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে পূৰ্বে যিদৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক গুৰুত্ব প্ৰদান কৰা নাছিল ঠিক সেইদৰে ভাৰত জোড়ো ন্যায় যাত্ৰাকো গুৰুত্ব প্ৰদান কৰা নাই।

এইবাৰ সকলো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ব্যস্ত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে অসমৰ সংবাদ মাধ্যমতো তুলনামূলকভাৱে গুৰুত্বহীন এই যাত্ৰাক শাসকীয় দলেই চৰ্চাৰ শীৰ্ষলৈ লৈ আনিলে। মণিপুৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা নাগালেণ্ডৰ মাজেৰে আহি আমগুৰিত প্ৰৱেশ কৰাৰ পাছত উজনি অসম, মাজুলীকে ধৰি অৰুণাচলতো প্ৰৱেশ কৰি পুনৰ অসমৰ মাজেৰে আগবাঢ়ে। কিন্তু এই সমগ্ৰ যাত্ৰা পথত এই যাত্ৰা ৰাইজৰ মাজলৈ সোমাই যোৱাত সফল হোৱা নাছিল।

এক প্ৰকাৰে ৰাজপথৰ দুয়ো কাষে যিসকলক লোক আছিল সেই লোকসকলকহে এই যাত্ৰাই স্পৰ্শ কৰিছিল। ৰাজপথৰ দুয়ো কাষতেই সীমাবদ্ধ আছিল ভাৰত জোড়ো ন্যায় যাত্ৰা। কিন্তু গুৱাহাটীৰ মাজত এই যাত্ৰাক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰু প্ৰৱেশ কৰিলে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতে এই যাত্ৰাক লৈ চৰ্চা অধিক আৰম্ভ হ'বলৈ ধৰে।

কেৱল সেয়াই নহয় ৰাহুল গান্ধীৰ এই যাত্ৰাক বিভিন্ন প্ৰকাৰে বাধা দিবলৈ চৰকাৰে চলোৱা প্ৰতিটো প্ৰচেষ্টাই এই যাত্ৰাক ক্ৰমশঃ মানুহৰ মাজলৈহে লৈ যোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ জামুুগুৰিত ভূপেন বৰাৰ ওপৰত হোৱা আক্ৰমণ, বটদ্ৰৱা আৰু গুৱাহাটীত প্ৰৱেশত বাধা দিয়া কাৰ্যই এই যাত্ৰাক অধিক মানুহৰ মাজলৈ লৈ গ'ল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি দলটোৰ শেহতীয়া কাৰ্যকলাপত স্পষ্ট হৈছে ৰাহুল গান্ধীৰ এই যাত্ৰাই তেওঁলোকক চিন্তিত কৰি তুলিছে। ৰাহুল গান্ধীৰ এই যাত্ৰা অসমত প্ৰৱেশৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ মহিলাসকলক এই যাত্ৰাৰ অংশীদাৰ হোৱাৰ পৰা বিৰত ৰাখিবলৈ ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য লাভৰ বাবে পঞ্চায়তৰ পৰা ফ্ৰম সংগ্ৰহ কৰাৰ দিন ধাৰ্য কৰিলে।

১৮ ডিচেম্বৰৰ দিনটোত উজনি অসমৰ প্ৰায়সকল মহিলাই পঞ্চায়তত ১০ হাজাৰ টকাৰ ফ্ৰম সংগ্ৰহ কৰাত ব্যস্ত থাকিল। সেইদৰে তাৰ পিছত অন্যান্য জিলাসমূহতো একেই ব্যৱস্থা কৰা হ'ল। পূৰ্বে আত্মসহায়ক গোটসমূহৰ মহিলাসকলৰ বাবে এইদৰে নিৰ্দিষ্ট এটা দিনত পঞ্চয়তৰ পৰা ফ্ৰম সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা নাছিল।

ইয়াৰ পিছত অৰুণাচলৰ পৰা ঘূৰি অহাৰ পথত জামুগুৰিহাটত একাংশ বিজেপি কৰ্মীয়ে যিদৰে আচৰণ কৰিলে, বিজেপি পালি নেতাই ভূপেন বৰাক আক্ৰমণ কৰিলে সেই আক্ৰমণৰ পাছত চৰ্চাহীন এই যাত্ৰা অধিক চৰ্চাৰ মাজলৈ আহিল।

তাতোকৈ অধিক চৰ্চা লাভ কৰিলে যেতিয়া এই যাত্ৰাই নগাওঁ জিলাত প্ৰৱেশ কৰিলে। নগাওঁ জিলাত প্ৰথমে লাওখোৱাৰ আমবাগানত একাংশই ৰাহুল গান্ধী আৰু তেওঁৰ দলটোক আবদ্ধ কৰি 'জয় শ্ৰীৰাম' ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। এই পৰিৱেশৰ মাজতে ৰাহুল গান্ধীয়ে তেওঁ যাত্ৰা কৰা বাছখনৰ পৰা নামি যোৱা দৃশ্য সামাজিক মাধ্যমসমূহত ভাইৰেল হৈ পৰিল।

ইয়াৰ পাছতে এক্সত (আগৰ টুইটাৰ) ৰাহুল গান্ধীক বহুতেই সিংহৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছতে বটদ্ৰৱা থানত প্ৰৱেশক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিয়ে অধিক বিতৰ্কৰ সূচনা কৰিলে। এই ক্ষেত্ৰত বটদ্ৰৱা থানৰ ভূমিকা বা স্থিতিক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰথমে ১১ জানুৱাৰীতেই বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৰাহুল গান্ধীক বটদ্ৰৱা থানত ২২ জানুৱাৰীত প্ৰৱেশত কোনো বাধা নাই বুলি জনাইছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০ জানুৱাৰীত সংবাদ মেলৰ জৰিয়তে ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত আগবেলা বটদ্ৰৱা থানত প্ৰৱেশ কৰিব নোৱাৰিব বুলি কোৱাৰ পাছতে থান পৰিচালনা সমিতিয়েও এক পত্ৰৰ জৰিয়তে উক্ত দিনটোত বটচদ্ৰৱা থানত ভক্তৰ ভিৰ হ'ব আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বাবে ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীৰ সুৰতেই ৩ বজাৰ পাছতহে আহিবলৈ অনুমতি প্ৰদান কৰে। কিন্তু ২২ জানুৱাৰীত থানখনত কোনো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱা নাছিল। সমান্তৰালকৈ নাছিল ভিৰ।

এই কথা সত্ৰখনলৈ গৈ ৰাহুল গান্ধীৰ হৈ সেৱা জনোৱা গৌৰৱ গগৈ আৰু শিৱামণি বৰাই ৰাজহুৱাকৈ জনাইছে। বটদ্ৰৱা থানত ৰাহুল গান্ধীক প্ৰৱেশত বাধা দিয়া কাৰ্যক সাধাৰণ ৰাইজেও সহজভাৱে লোৱা নাই। সামাজিক মাধ্যমত এই বিষয়ে সৰৱ চৰ্চা।

ৰাহুল গান্ধীয়েও তেওঁক সত্ৰত প্ৰৱেশত বাধা দিয়াক কেন্দ্ৰ কৰি হয়বৰগাওঁৰ হনুমান মন্দিৰৰ পথত ২ ঘণ্টাতকৈ অধিক সময় বহি প্ৰতিবাদ সাব্যস্ত কৰিলে। একেদিনাই মেঘালয়ত প্ৰৱেশ কৰা এই যাত্ৰা ৰাজ্যখনত জনসমুদ্ৰলৈ পৰিণত হ'ল। মেঘালয়ৰ পৰা পুনৰ অসমত প্ৰৱেশ কৰাৰ পাছতে খানাপাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

ৰাহুল গান্ধীৰ অভিযোগ এই পথেৰে বজৰং দলে ৰেলী বাহিৰ কৰিছে, জে পি নড্ডাৰ ৰেলী ওলাইছে, কিন্তু ভাৰত জোড়ো যাত্ৰাক বাধা দিয়া হৈছে। ইফালে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে আৰক্ষীয়ে দিয়া বেৰিকেড আৰক্ষীৰে হতাহতিত লিপ্ত হৈ ভাঙি পেলালে। এই হতাহতিত স্বয়ং ভূপেন বৰাসহ কেইবাজনো কংগ্ৰেছ কৰ্মী, আৰক্ষী জোৱান আহত হ'ল।

কংগ্ৰেছৰ অভিযোগ আৰক্ষীয়ে ভূপেন বৰাসহ বহু কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ৰাহুল গান্ধীয়ে আৰক্ষীক সম্বোধন কৰি ক'লে আমি বেৰিকেড ভাঙি পেলালো। কিন্তু আইন ভংগ নকৰো। আমি আপোনালোকৰ সৈতে যুদ্ধ কৰিবলৈ অহা নাই। আমি আপোনালোকক ভাল পাওঁ। আপোনালোকে আপোনালোকৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে। কিন্তু অসমৰ মানুহৰ লগত অন্যায় হ'ব নালাগে।

ইফালে মহানগৰীৰ গাতে লাগি থকা মেঘালয়ৰ ইউ এছ টি এম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰে ৰাহুল গান্ধীৰ মত বিনিময় অনুষ্ঠান আছিল যদিও সেই অনুষ্ঠানো বাতিল হয়। ৰাহুল গান্ধীৰ অভিযোগ অসমৰ মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ নিৰ্দেশত এই অনুষ্ঠান বাতিল কৰিছে। কিন্তু তেওঁ ৰাজপথৰ পৰাই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

খানাপাৰত আজি সৃষ্টি হোৱা সমগ্ৰ পৰিস্থিতি আৰু ইয়াৰ পূৰ্বে নগাওঁ আৰু জামুগুৰিৰ পৰিস্থিতয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাক এক নতুন মাত্ৰাহে প্ৰদান কৰিলে। ৰাজ্যত ইতিমধ্যে ডুব যোৱা কংগ্ৰেছ দলটোৰ শক্তি কিমান সেয়া সকলোৱে জানে।

আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে কংগ্ৰেছে এখন আসন লাভ কৰিবনে নাই সেয়াও নিশ্চিত নহয়। দলটোৰ নেতৃত্বই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ আগত যিদৰে ভাষণ দিয়ে সেইদৰে তৃণমূল পৰ্যায়ত কাম নকৰে। এনে পৰিস্থিতিত ৰাহুল গান্ধীৰ এই যাত্ৰাই অসমত কংগ্ৰেছক কিমান উদ্ধাৰ কৰিব সেয়া সন্দেহৰ বিষয়।

কিন্তু কি তাড়ণাত পৰি শাসকীয় বিজেপি চৰকাৰে এইদৰে ৰাজপথেৰে যোৱা এটা যাত্ৰাক বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিলে সেয়া কেৱল দলটোৰ নেতৃত্বইহে জানিব। এই ক্ষেত্ৰত দলটোৰ এইবাৰৰ ৰাজনৈতিক কৌশল যে সম্পূৰ্ণৰূপে ব্যৰ্থ সেয়া প্ৰমাণ হৈছে।

ৰাজপথৰে যোৱা যাত্ৰাক লৈ গ'ল মানুহৰ মাজলৈ !
খানাপাৰাত আৰক্ষীৰে কংগ্ৰেছ কৰ্মীৰ খণ্ডযুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী গোচৰৰ হুংকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in