ৰাজ্যসভাত ৰঞ্জন গগৈঃ প্ৰশ্ন 0, উপস্থিতি ৩০ শতাংশ...

তেওঁ এজন দায়িত্বশীল লোক। তেওঁ আমাৰ শ্ৰদ্ধেয়, তেওঁ আমাৰ অনুকৰণীয়।তেওঁক লৈ অসমীয়া বুলি আমি গৌৰৱ কৰো।
ৰাজ্যসভাত ৰঞ্জন গগৈঃ প্ৰশ্ন 0, উপস্থিতি ৩০ শতাংশ...

মৃদুল কুমাৰ সন্দিকৈ

তেওঁ এজন দায়িত্বশীল লোক। তেওঁ আমাৰ শ্ৰদ্ধেয়, তেওঁ আমাৰ অনুকৰণীয়।তেওঁক লৈ অসমীয়া বুলি আমি গৌৰৱ কৰো। তেওঁ যি পদমৰ্যদাৰ গৰাকী হৈছিল সেই পদমৰ্যদাৰ বাবেই তেওঁ সদায় আমাৰ বাবে সন্মানিত হৈ থাকিলহেতেন।

তথাপিও যি হৈছে তাক স্বীকাৰ কৰি তেওঁৰ এই ৰাজনৈতিক বাসনাক সমালোচনা কৰাৰ ধৃষ্ঠতা বহু অসমীয়াই কৰা নাছিল।কেতিয়াবা বহু কথা ক'ব নোৱাৰি বা সহ্য কৰি থাকিব লগা হয়।

সংসদৰ ভিতৰত যেতিয়া কোনোবা বিৰোধী সাংসদে তেওঁক অশালীন ভাৱে আক্ৰমণ কৰে তেতিয়া এবাৰলৈ হ'লেও প্ৰতিজন অসমীয়াই দুখ অনুভৱ কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ আছিল তেওঁ। অসমৰ প্ৰথমজন মুখ্য ন্যায়ধীশ।

অৱসৰ গ্ৰহণৰ পাছত তেওঁ প্ৰাক্তন মুখ্য ন্যায়ধীশ হৈ ৰৈ যোৱা হ'লে কোনোৱে একো কোৱাৰ সুযোগ নাপালেহেতেন। অযোধ্য়া ৰায়দান, ৰাজ্যসভাৰ সাংসদ এইবোৰৰ কিবা সম্পৰ্ক আছেনে আমি খুচৰিবলৈ নাযাঁও।

অৱসৰ গ্ৰহণৰ ৪ মাহৰ পাছত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হ'ল। বিৰোধীয়ে তেওঁক লক্ষ্য কৰি ল'লে। আনকি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লওঁতেও লজ্জাজনক, লজ্জাজনক বুলি শ্লোগান দিলে।

ৰাজ্যসভাৰ সাংসদ হোৱা ৩ বছৰ হল সাংসদ গগৈ। আৰু মাত্ৰ কেইটামান দিনহে বাকী। এই সময়চোৱাত তেওঁ সদনত এবাৰো মুখ নুখুলিলে। এটা প্ৰশ্নও সদনত নকৰাকৈ মৌন থৈ থাকিল।

মাই পাৰ্টিশ্যিপেট ছেচনত প্ৰাইভেট মেম্বাৰ বিলো উত্থাপন নকৰিলে। এম পি ৰেকৰ্ড এণ্ড পোৰ্টেলত নাই তেওঁৰ কোনো অডিঅ' বা ভিডিঅ' ক্লিপ। তেওঁ পাৰ্লিয়ামেন্ট ষ্টেণ্ডিং কোম্পানী এণ্ড এষ্ট্ৰাৰনেল এফায়ৰচ সমিতিৰো সদস্য।

ৰাজ্যসভাত তেওঁৰ উপস্থিতিৰ হাৰ ৩০ শতাংশ। সেই তথ্য ই আৰ এছ লেজিষ্টেটিভ ৰিচাৰ্জৰ।২০২০ চনৰ বাজেট অধিৱেশন। ৩১ জানুৱাৰী ২০২০ ৰ পৰা ৩ মাৰ্চ ২০২০ লৈ অনুষ্ঠিত হোৱা অধিৱেশনত মুঠ ৩৪ টা সত্ৰ অনুষ্ঠিত হৈছিল। তাৰে দুখন সত্ৰত তেওঁৰ উপস্থিতিৰ তথ্য আছে।

২০২১ ৰ বাজেট অধিৱেশনত ২১-০১-২০২১ ৰ পৰা ২৫-০৩-২০২১লৈ মুঠ ৩৩ টা অধিৱেশন বহিছে। তাৰে এবাৰহে তেওঁ উপস্থিত আছে। ২০২১ ৰ বৰ্ষাকালীন অধিৱেশন ১৯-০৮-২০২১ৰ পৰা ১১-০৮-২০২১ লৈ অনুষ্ঠিত হৈছিল। ১৭ টা অধিৱেশন বহিল এই সময়চোৱাত। তাতো তেওঁৰ এবাৰেই উপস্থিতি।

২৯ নৱেম্বৰ ২০২১ ৰ পৰা ২২ ডিচেম্বৰ ২০২১ লৈ অনুষ্ঠিত হৈছিল সংসদৰ শীতাকালীন অধিৱেশন। এই সময়চোৱাত ১৭ বাৰ অধিৱেশন অনুষ্ঠিত হ'ল। ৰাজ্যসভাৰ সদনত উক্ত সময়চোৱাত ৭ খন অধিৱেশনত দেখা গ'ল তেওঁৰ মুখ।

২০২২ ৰ বাজেট অধিৱেশন ৩১ জানুৱাৰী ২০২২ ৰ পৰা ৮ এপ্ৰিল ২০২২ লৈ অনুষ্ঠিত হৈছিল। এইবাৰ বাজেট অধিৱেশনত ২৯ বাৰ অধিৱেশন বহিল। সেই সময়চোৱাত তেওঁৰ উপস্থিতি ৭ টা সত্ৰত দেখিবলৈ পোৱা গ'ল।

সেই বছৰৰ বৰ্ষাকালীন আৰু শীলকালীন অধিৱেশনত তেওঁৰ উপস্থিতিৰ সংখ্যা ক্ৰমে ৬ বাৰ আৰু ৭ বাৰ। ৩১ জানুৱাৰী ২০২৩ ৰ পৰা অনুষ্ঠিত হোৱা বাজেট অধিৱেশন ১৩ মাৰ্চ ২০২৩ ত অন্ত পৰিব। ২৭ টা সত্ৰত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত এতিয়ালৈকে তেওঁ অধিৱেশনৰ ৬ খন সত্ৰত উপস্থিত আছে।

এয়া হৈছে ৰাজ্যসভাৰ সাসংদ হিচাপে ৰঞ্জন গগৈৰ সদনৰ উপস্থিতি আৰু তেওঁৰ কাৰ্যদক্ষতাৰ এক তথ্যগত পৰ্যালোচনা। সেয়েহে এতিয়া মানুহৰ মনত প্ৰশ্ন হৈছে কিয় তেওঁ ৰাজ্যসভাৰ সদস্য হ'বলৈ গৈছিল।

তেওঁৰ দৰে এজন দক্ষ লোকে সুধিব লগা এটা প্ৰশ্ন নাছিলনে? উল্লেখ্য যে, ভাৰতীয় সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি সাহিত্য, বিজ্ঞান, খেল, কলা, সামাজিক সেৱাৰে জড়িত বিশেষ কিছু নিৰ্বাচিত লোকক তেওঁলোকৰ ব্যৱহাৰিক অনুভৱ ব্যক্ত কৰি সদন সমৃদ্ধ কৰিবলৈকে ৰাজ্যসভালৈ মনোনীত কৰি পঠিয়ায়। ১২ জন লোকক এনেদৰে মনোনীত কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে।

ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এতিয়ালৈকে ৮ বাৰ অধিৱেশন অনুষ্ঠিত হৈছে। কিন্তু এবাৰো তেওঁৰ মাত নাই। ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ কোনো অস্তিত্বই দেখাব পৰা নাই। সেয়েহে হয়তো প্ৰশ্ন উঠিছে ৰাজ্যসভাৰ ফুলদানী সাংসদ হ'বলৈ তেওঁ কিয় গৈছিল।

অসমীয়া হিচাপেও আমি ভাবিবলৈ বাধ্য হও। শিক্ষা-দীক্ষা, অভিজ্ঞতা , পদমৰ্যদা, ভাষাৰ বাকপটুততা থকাৰ পাছতো তেওঁ এনেদৰে সদনত নীৰৱ হৈ বহি থাকিবলৈ ৰাজ্যসভাৰ সাংসদ হোৱাতো উচিত হৈছেনে। আশা কৰো ৰঞ্জন গগৈয়ে মৌন ব্ৰত ভংগ কৰিব। আন নহ'লেও এজন অসমীয়া হিচাপে কিবা এষাৰ মাত অসম আৰু অসমীয়াৰ হৈ,দেশৰ ন্যায়িক ব্যৱস্থাৰ প্ৰাক্তন মুৰব্বী হৈ দেশৰ স্বাৰ্থত কিছু কথা সদনত ক'ব। নহ'লে ইতিহাসে আমাক হাঁহিব।

আৰু পঢ়ক: দুজন জন প্ৰতিনিধি, এজনে সভাত, আনজনে সংঘত কি কৰিলে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in