ভুল! বিপুল জেলত, সুমিত আৰামত...

ভুল! বিপুল জেলত, সুমিত আৰামত...

বৰষা শৰ্মা

নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত ১৬ মে' ২০২৩ ত সংঘটিত হৈছিল এক ৰহস্যজনক মৃত্যু। ট্ৰাকৰ খুন্দাত মৃত্যু হৈছিল নগাঁও চহৰৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ।

এই মৃত্যুয়ে জোকাৰি গৈছিল ৰাজ্য। কিয়নো এই মৃত্যু আছিল ৰহস্যৰে ভৰপুৰ। আৰক্ষী কন্যা জোনমণিৰ নিথৰ দেহৰ সন্মুখত হুকহুকাই কান্দি মাতৃয়ে এয়া এক পৰিকল্পিত হত্যকাণ্ড বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছিল। তাৰপাছতে সন্দেহৰ আৱৰ্তত আহিছিল এই দুৰ্ঘটনা।

লগে লগে জোনমণি ৰাভা সন্দৰ্ভত তদন্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে চিআইডিক দায়িত্ব অৰ্পন কৰিছিল। মূহুৰ্ততে যে জোনমণিৰ মৃত্য়ুয়ে এক অন্য দিশলৈ গতি কৰিছিল।

পোহৰলৈ আহিছিল নকল সোণৰ ব্যৱসায় কৰা অজগৰ আলীয়ে জোনণিৰ বিৰুদ্ধে কৰা এজাহাৰ। এয়া মাত্ৰ আৰাম্ভণী আছিল। তাৰ পাছত পোহৰলৈ আহিছিল নকল সোণৰ ব্যৱসায়,জাল নোটৰ ব্যৱসায়ৰ তথ্য।

এই কাণ্ডত সাঙোৰ খাইছিল এজনৰ পাছত আন এজন আৰক্ষী বিষয়াৰ নাম। এছ পি লীনা দলে, আৰক্ষী বিষয়া ৰুণা নেওগ, আভা জ্যোতি ৰাভা আদিৰ লগতে আন কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাইছিল জোনমণিৰ মৃত্যুৰ কাণ্ডত।

তথ্য প্ৰকাশ পাইছিল ৰুণা নেওগে কেনেদৰে নকল সোণৰ ব্যৱসায়ীৰ পৰা টকা লৈছিল, পোহৰলৈ আহিছিল কেনেদৰে মাত্ৰ ২-৩ বছৰ চাকৰি কৰি আভাজ্যোতি ৰাভাই গঢ়িছিল সম্পত্তিৰ পাহাৰ। ইয়াতেই থমকি ৰোৱা নাছিল এই খেল। এজনৰ পাছত আন এজন আৰক্ষী বিষয়া কু-কৰ্ম মানুহে দেখিছিল।

ৰিজাৰ্ভ ক্লজ দিয়া কৈছিল কেইবাগৰাকী আৰক্ষী বিষয়াক, নিলম্বনৰ লগতে কৰা হৈছিল বদলি। কনিষ্টবলৰ পৰা এছ পি লীনা দলেলৈ আহিছিল বদলিৰ নিৰ্দেশ। নিৰ্দেশ অনুসৰি বিতৰ্কত থকা লীনা দলে নগাঁও এৰি গুচি গৈছিল। কাৰো এটা প্ৰশ্নৰ সন্মুখীন নহ'ল লীনা দলে, ৰুণা নেওগ।

ইয়াৰ মাজতে এই কাণ্ডৰ বাবে গ্ৰেপ্তাৰ হৈছিল উত্তৰ প্ৰদেশৰ গাড়ী চালক সুমিত কুমাৰ। ইয়াৰ পূৰ্বে তেওঁ কৰিছিল আত্মসমৰ্পন। কিন্তু তাৰকেইদিন মান পাছতে জামিন লাভ কৰিছিল সুমিত কুমাৰে। ৮৪/২৩ নম্বৰত ৰুজু হৈছিল গোচৰ। ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৪২৭/৩০৪ (এ) ধাৰাত ৰুজু হৈছিল সুমিত কুমাৰৰ বিৰুদ্ধে গোচৰ। কিন্তু সুমিত এতিয়া মুকলি আকাশৰ লগত। আনকি নিজৰ ঘৰলৈ ঘূৰিও গৈছে সুমিত।

৮ জুন ২০২৩। গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিদ্যালয়লৈ আহি থাকোতে জাইকাই খান্দি থোৱা গাঁতত পৰি অকাল মৃত্যুক সাৱতি লয় এগৰাকী কিশোৰীয়ে। চিচিটিভি ফুটেজত দেখিবলৈ পোৱা অনুসৰি সেই সময়ত এখন স্কুল বাছ আহি আছিল। বাছখনক বাঁওফালেৰে অভাৰটেক কৰি যাব বিচাৰিছিল স্কুটী এখনত আহি থকা যুৱতীয়ে। কিন্তু তেতিয়াই দুৰ্ভাগ্যবশত জাইকাই পানীৰ প্ৰকল্পৰ বাবে খান্দি থোৱা গাঁত খুন্দা খায় আৰু বাছৰ তলত সোমাই মৃত্যু হয় প্ৰিয়াৰ।

এই ঘটনাৰ লগে লগেই চিচিটিভি ফুটেজ প্ৰকাশ হোৱা নাছিল। সেই সময়ত উক্ত স্থানত থকা স্থানীয় ৰাইজে বাছখনৰ চালকক দোষাৰোপ কৰিছিল। স্থানীয় একাংশই অভিযোগ কৰে যে বাছখন তীব্ৰগতিত আছিল আৰু বাছৰ খুন্দাতেই মৃত্যু হয় কিশোৰীগৰাকীৰ।

কিন্তু চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পাছতেই দৃশ্যপট সলনি হৈ যায়। য'ত দেখিবলৈ পোৱা যায় যে সম্পূৰ্ণ নিৰ্দোষী আছিল বাছৰ চালকজন। ভুল আছিল জাইকাৰ। যিয়ে পানীৰ প্ৰকল্পৰ নামত গাঁত খান্দি ৰাখিছিল আৰু য'ত কোনো সতৰ্কতামূলক জাননীও নাছিল।

তাৰপাছতে ৰাইজে এজাহাৰক দাখিল কৰিছিল । গ্ৰেপ্তাৰ হৈছিল বিপুল বড়ো। পৰৱৰ্তী সময়ত জেললৈ প্ৰেৰণ কৰা হ'ল বিপুল বড়োক। কিন্তু ভুল কি আছিল বিপুল বড়োৰ? কি ভিত্তিত প্ৰেৰণ কৰা হ'ল জেললৈ? এয়া এতিয়া বহুতৰে প্ৰশ্ন।

ৰাজ্য জোকাৰি যোৱা জোনমণি কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা ট্ৰাক চালক এতিয়া মুকলি আকাশৰ তলত। আনহাতে বিপুল বড়ো এতিয়া জেলত। এয়াই নেকি ন্যায়? এয়াই নেকি আৰক্ষী তথা প্ৰশাসনৰ জনতাৰ ওপৰত থকা কৰ্তব্য?

জোনমণি ৰাভাৰ গোচৰৰ এতিয়া তদন্ত চলিয়েই আছে। এই তদন্তত ৰৌ, বৰালী ,জালত পৰাৰ সম্ভাৱণা আছিল যদিও সকলো যে সুৰুঙাৰে ওলাই গ'ল সেয়া নিশ্চিত। হয়তো এজনৰ পাছত আন এজন উচ্চ পদস্থ বিষয়া জালত পৰাৰ সম্ভৱণা আছিল যাৰ বাবে হয়তো সকলোৰে তদন্তৰ ওপৰত সন্দেহ ৰৈ গৈছে।

এয়া কেনে ন্যায় যে কোনো ভুল নোহোৱা এজন ব্যক্তিক জেলত ভৰাই থ'ব, আৰু যি ব্যক্তিৰ ওপৰত সন্দেহ অধিক সেই ব্যক্তি থাকিব মুকলি আকাশৰ তলত। এতিয়া একাংশৰ অভিযোগ- হত্যা কৰা হৈছিল জোনমণি ৰাভাক।

হয়তো জোনমণি ৰাভাৰ মৃত্যুৰ লগত সাঙোৰ খাই আছে কিছুমান ডাঙৰ ডাঙৰ নাম। কিছুমান হাত দীঘল মানুহৰ বাবে হয়তো সাৰি গ'ল সুমিত । কিন্তু বিপুল অতি সাধাৰণ মানুহ। বিপুলৰ হয়তো নাই কোনো ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা। যাৰ বাবে কোনো অপৰাধ নোহোৱাকৈয়ে কাৰাবন্দী কৰি ৰখা হৈছে বিপুলক।

এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনা আছিল নে? জোনমণিৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি সঁচাকৈয়ে এই ঘটনাত জড়িত আছে নেকি এছ পি লীনা দলে? কাৰ ছত্ৰছায়াত সুমিতে এতিয়া মুকলি আকাশৰ তলত ঘূৰিব পাৰিছে?

একাংশৰ অভিযোগ, সুমিতৰ ওচৰত আছে কোনো ডাঙৰ মানুহৰ আশীৰ্বাদ। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ সময়ত কেইবাজনকো প্ৰেৰণ কৰা হৈছিল জেললৈ। কিন্তু মূল অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া একাংশ আৰক্ষীৰ ব্লুপ্ৰিণ্ট যেন সফল হ'ল। যেনেকৈ সুমিত এতিয়া জেলৰ বাহিৰত মূল অপৰাধীও এতিয়া মুকলি আকাশৰ তলত।

যদি এনেকৈয়ে চলি থাকে কাৰবাৰবোৰ তেন্তে প্ৰশাসন-আইনৰ ওপৰত থকা মানুহৰ সামান্যতম বিশ্বাসখিনিও হেৰাই যাব। আশা মাঁথো এটাই, নিৰীহ লোকক জেললৈ প্ৰেৰণ কৰাৰ সলনি প্ৰকৃত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ সাহস কৰক অসম আৰক্ষীয়ে।

ভুল! বিপুল জেলত, সুমিত আৰামত...
প্ৰাণ লোৱা জাইকাই কেতিয়া ল'ব শিক্ষা?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in