নীৰৱে আমেৰিকাত গৱেষণাত ব্যস্ত মুখ্যমন্ত্ৰীৰ পুত্ৰ !

নীৰৱে আমেৰিকাত গৱেষণাত ব্যস্ত মুখ্যমন্ত্ৰীৰ পুত্ৰ !

গৌতম ৰূপক ! ঠিকনা ডিপাৰ্টমেণ্ট অৱ ফিজিক্স এণ্ড এষ্ট্ৰোন’মি, মিছিছিপি ষ্টেট ইউনিভাৰ্চিটি ইউ এছ এ। তেওঁৰে খবৰটো প্ৰথম সামাজিক মাধ্যমত দিছিল দেশৰে এজন প্ৰতিষ্ঠিত তথা জ্যেষ্ঠ আইনজীৱি উত্তম কুমাৰ বৰঠাকুৰে।

মিছিছিপি ষ্টেট ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰা এই খবৰটো সন্দৰ্ভত কিছু কথা লিখি তেওঁ এটা লিংকো শ্বেয়াৰ কৰিছিল। বিশ্ববিদ্যালয়খনে সগৌৰৱে এই খবৰ বিশ্ববাসীক দিছে যে, তেওঁলোকৰ বিশ্ববিদ্যালয়ত ৩গৰাকী গৱেষক অধ্যাপকে ৩বছৰৰ বাবে আমেৰিকাৰ চৰকাৰৰ পৰা ৫লাখ ৫০হাজাৰ মাৰ্কিন ডলাৰ অনুদান লাভ কৰিছে।

এই অনুদান দিয়া হৈছে- থ্ৰি ব’ডী ইণ্টাৰেকশ্যন অন এ কোৱাণ্টাম কম্পিউটাৰ গৱেষণাৰ বাবে। বিশ্ববিদ্যালখনৰ ফিজিক্স আৰু এষ্ট্ৰোন’মি বিভাগৰ অধ্যাপক গৌমত ৰূপকৰ নেতৃত্বত বিশ্ববিদ্যালয়খনৰ আন দুগৰাকী অধ্যাপক এই গৱেষণাৰ সৈতে জড়িত।

খবৰটোত এই কথা উল্লেখ কৰা হৈছে এইদৰে-A Mississippi State University research team is using more than half a million dollars from the U.S. Department of Energy nuclear physics program to study the emerging field of quantum computing. The research is part of a 2020 goal set by MSU’s Quantum Task Force to explore interdisciplinary programs for training MSU students in the evolving technology of quantum computing and quantum information science.

The three-year, $550,000 grant—Three-body Interactions on a Quantum Computer—is led by principal investigator Gautam Rupak, a professor in MSU’s Department of Physics and Astronomy, and includes co-PIs Mark A. Novotny, professor and department head, and Yaroslav Koshka, a professor in MSU’s Department of Electrical and Computer Engineering.

৫লাখ ৫০ হাজাৰ মাৰ্কিন ডলাৰ মানে ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৪.৫৭ কোটি টকা। এই গৱেষণাৰে জড়িত আন দুগৰাকী অধ্যাপক তথা বিজ্ঞানী মাৰ্ক নবোটনী বিশ্ববিদ্যালয়খনৰ ইলেক্ট্ৰিকেল এণ্ড কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ মুৰব্বী অধ্যাপক আৰু য়াৰোস্লাভ কোশকা সেই বিভাগৰে অধ্যাপক।

গৌতম ৰূপকৰ নেতৃত্বত যি বিষয়ৰ ওপৰত গৱেষণা কৰিবলৈ এই অনুদান আগবঢ়োৱা হৈছে,সেই গৱেষণাই কোৱাণ্টাম কম্পিউটাৰ বহুমাত্ৰিক বিষয় সংমিশ্ৰণ সামৰি ল’ব।

কম্পিউটাৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিতৰ সংমিশ্ৰণৰ সহায়ত এই কোৱাণ্টাম কম্পিউটাৰৰ জড়িয়তে বল বিজ্ঞান ব্যৱহাৰে আন কম্পিউটাৰতকৈ বহু জটিল সমস্যা নিখুঁটভাৱে সমাধান কৰিব পাৰিব।

এনে গৱেষণাৰ জৰিয়তে কোৱাণ্টাম কম্পিউটাৰত উপলৱদ্ধ এলগ’ৰিথমছৰ জড়িয়তে ৩টা বস্তুৰ পাৰমাণৱিক বল আৰু ভৰৰ বিস্তৃত পৰিসৰে বহু জটিল গৱেষণা আৰু সমস্যাৰ সমাধান পোৱা যাব।

এই অধ্যয়ন আৰু গৱেষণা সাধাৰণ নহয়।বিশ্বৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ এই গৱেষণাৰ নেতৃত্ব দিয়া গৌতম ৰূপক অসমৰে সন্তান।

১৯৯৫ চনত BOSTON UNIVERSITYৰ পৰা পদাৰ্থ বিজ্ঞান আৰু গণিতত স্নাতক ডিগ্ৰী লৈছিল তেওঁ। তাৰ পাছত ইউনিভাৰ্চিটি অৱ ৱাশ্বিংটনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ ২০০০ চনত সেই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰিছিল।

পৰৱৰ্তী সময়ত মিছিছিপি ষ্টেট ইউনিভাৰ্চিটিত যোগদান কৰা গৌমত ৰূপকে ইয়াৰ পূৰ্বে ইউ এছ নেচনেল চায়েন্সৰ পৰা ২লাখ ৭০ হাজাৰ গৱেষণাৰ বাবে অনুদান পাইছিল ২০১৯ চনত। সেইবাৰ তেওঁ নিউক্লিয়াৰ ষ্ট্ৰাকচাৰ এণ্ড ৰিয়েক্সন ফ্ৰম এফেক্টিভ ফিল থিয়ৰিৰ ওপৰত গৱেষণা কৰিছিল।

২০১৬চনত ২৬৪,১৩৮ মাৰ্কিন ডলাৰ লাভ কৰিছিল আন এক গৱেষণাৰ বাবে। ২০১৩ চনত ৰেডিঅ’টিভ কেপচাৰ ৰিয়েক্টচনৰ বাবে ২লাখ ১৯হাজাৰ মাৰ্কিন ডলাৰ আৰ্থিক অনুদান লাভ কৰিছিল।

২০১০ চনতো তেওঁ আন এক গুৰুত্বপূৰ্ণ গৱেষণাৰ বাবে ইউ এছ নেচনেল চায়ন্স ফাউণ্ডেচনৰ পৰা ২১৯,৭১৮ মাৰ্কিন ডলাৰ ৰিচাৰ্জ গ্ৰাণ্ট পাইছিল। স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰি থকাৰ সময়তে তেওঁ লাভ কৰিছিল কলেজ প্ৰাইজ ফৰ এক্সিলেন্স ইন ফিজিক্স, কলেজ প্ৰাইজ এক্সিলেন্স ইন মেথামেথিকছ। নেচনেল অনাৰ ছ’ছাইটি মেমেূৰ অৱ গোল্ডেন কীয়ো লাভ কৰিছিল তেওঁ।

বহু গৱেষণা অনুষ্ঠানৰ লগত তেওঁ জড়িত। গৱেষণাক্ষেত্ৰখনত তেওঁ লাভ কৰা সফলতাৰ তালিকা বহু দীঘল। বিশ্ব পৰ্যায়ৰ এইগৰাকী গৱেষক-অধ্যাপকে নিজস্বঃ এক পৰিচয় আৰু প্ৰতিষ্ঠা তেওঁ লাভ কৰিছে।

ভাল লগা কথাটো হ’ল- এক ৰাজনৈতিক পৰিচয় আছিল তেওঁৰ পৰিয়ালত। সৰুৰে পৰা ৰাজনীতিৰ পৰা আঁতৰি থাকি তেওঁ কেৱল পঢ়া-শুনাত মন দিছিল। তেওঁৰ মাতৃ আছিল অসম মন্ত্ৰীসভাৰ মন্ত্ৰী। তেওঁৰ জ্যেষ্ঠ ভাতৃ বৰ্তমানেও অসম বিধানসভাৰ সদস্য। তেওঁৰ পিতৃ আছিল অসমৰ মুখ্যমন্ত্ৰী।

সেইবোৰ পৰিচয় তেওঁৰ সৈতে নাই। নীৰৱে গৱেষণাত ব্যস্ত থকা গৌতম ৰূপক হিতেশ্বৰ শইকীয়া আৰু হেমপ্ৰভা শইকীয়াৰ সৰুপুত্ৰ। দেৱব্ৰত শইকীয়াৰ কনিষ্ঠ ভাতৃ।

নীৰৱে আমেৰিকাত গৱেষণাত ব্যস্ত মুখ্যমন্ত্ৰীৰ পুত্ৰ !
ছদ্মবেশী নেতাৰ খোল খাইছে মুখাঃ জনতাৰ হুমুনিয়াহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in