বিধ্বস্ত অৰ্থনীতিত ভৰ দি চৰকাৰৰ চমক...

বাজেটত অৰুণোদয়ৰ নামত ব্যয় কৰা হ'ব৩,৮০০ কোটি টকা আনহাতে অসমত থকা কৃষিজীৱি পৰিয়ালৰ নামত ব্যয় কৰিব ২,৪৪৫ কোটি টকা। অসমত কৃষিজীৱি পৰিয়ালৰ সংখ্যা প্ৰায় ২৭ লাখ ৪১ হাজাৰ।
বিধ্বস্ত অৰ্থনীতিত ভৰ দি চৰকাৰৰ চমক...

সোমবাৰে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট। শিশু, মহিলা, যুৱসমাজ আদিকে ধৰি বিভিন্ন দিশত বহু ঘোষণা হয় এই বাজেটৰ জৰিয়তে।

বাজেটত মহিলা আৰু ছাত্ৰীসকলক বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায়। মুখ্যমন্ত্রী নিযুত মইনা (MMNM)। ১০ লাখ ছাত্রীক (এক নিযুত-নিযুত মইনা) নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতোকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিব পাৰে।

ইয়াৰ অধীনত একাদশ শ্রেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ ১০,০০০ টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব। একেদৰে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্রীসকললৈ গাইপতি ১২,৫০০ টকাকৈ প্ৰদান কৰা হ'ব আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্রীয়ে ১৫,০০০ টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাবে লাভ কৰিব।

মুখ্যমন্ত্রী মহিলা উদ্যমিত অভিযানৰ জৰিয়তে ৰাজ্যৰ গ্রামাঞ্চলৰ আত্ম- সহায়ক গোটসমূহৰ ৩৯,৬৭,৭৪৩ গৰাকী মহিলা সদস্যলৈ গাইপতি ১০,০০০ টকাকৈ প্রদান কৰা হ'ব।

এই সুবিধা লাভ কৰাৰ পাছত এনে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নূন্যতম ২৫হাজাৰকৈ বেংকৰ ঋণ লাভ কৰিব। সেই ধনৰ সদব্যৱহাৰ আৰু সময়মতে ঋণ পৰিশোধ কৰিলে ১২৫০০টকাৰ ৰাজসাহায্য লাভ কৰিব।

অৰুণোদয়-২.০ আঁচনিৰ জৰিয়তে অন্ত্যোদয়া মহিলাসকলৰ উপৰি তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগজনে লাভালাভ পোৱাটো নিশ্চিত কৰা হৈছে। ২৭ লাখৰো অধিক হিতাধিকাৰী সামৰি আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰা হৈছে।

শিশুৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এই বর্ষত ১,২৫০ কোটি টকা ব্যয়ৰে আন ৫,০০০ টা আদর্শ অংগনৱাড়ী কেন্দ্র নির্মাণ কৰাৰ কথা উল্লেখ আছে বাজেটত।

ইয়াৰোপৰি চৰকাৰী ঘৰ, চাকৰি, আৰক্ষী আৰু কৰ্মচাৰীৰ বাবেও বাসগৃহ,   ১০০০ বৰ্গফুটৰ ২টা শোৱনি কোঠাযুক্ত ১০ হাজাৰ ঘৰ নিৰ্মাণ, পুনৰ ৫৫০ কোটি টকাৰ মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰা , মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ১০১০ টকা ব্যয় কৰা, ৪৯৮কোটি ব্যয়েৰে মা কামাখ্যাৰ প্ৰাংগন নতুনকৈ সজাই-পৰাই তোলা , ৩১১ কোটি টকাৰে ৰাজ্যিক চিৰিয়াখানৰ আধুনিকিকৰণ কৰা ,  ১০০কোটি টকাৰে দীপৰবিলক পুনৰ উজ্জীৱিত কৰা, ৩কোটি গছপুলি ৰোপণ, অসম মালাৰ বাবে বাজেটত ৩৫০০ কোটি ধাৰ্য্য, ৪০৯১ কোটি টকাৰে সৌৰশক্তি প্ৰকল্প, পূৰ্ণদৈৰ্ঘ্য চিনেমাৰ বাবে ১০লাখ টকাৰ অনুদান, ছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীক সাহায্য প্ৰদান, ৫বছৰৰ বাবে তেওঁলোকে পাবলগীয়া ধনৰ ৫০শতাংশ আগবঢ়োৱা ।

ইয়াৰ লগতে বাজেটত আছে ৫০টা নতুন চলচ্চিত্ৰ গৃহলৈ চৰকাৰৰ ২৫কোটিৰ অনুদান, প্ৰতিখন ভাওনা সমিতিলৈ ২৫হাজাৰ টকাৰ এককালীন সাহায্য, চৰকাৰী চাকৰিত চাহ জনগোষ্ঠীয় লোকৰ বাবে ৩ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত, চাহবাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপুৰণ আঁচনি, মিছন বসুন্ধৰা ৩.০ ৰ অধীনত চাহ জনজাতি আৰু খিলঞ্জীয়াক ভূমিৰ অধিকাৰ, ৰাম-বিজয় অংকীয়া নাট পৰিৱেশন কৰিলে অতিৰিক্ত ৫হাজাৰ টকা, ৫৪কোটি ব্যয়েৰে বটদ্ৰৱা থানৰ সৌন্দৰ্যবৰ্ধনৰ কাম আৰম্ভ কৰা, পাটবাউসী সত্ৰ উন্নয়নৰ বাবে ১৫কোটি টকা ধাৰ্য্য, কমলাবাৰী সত্ৰ সংৰক্ষণৰ বাবে ৫কোটি টকা, শ্ৰীমন্ত্ৰ শংকৰদেৱ সত্ৰৰ বাবে ২কোটি টকাৰ আৱণ্টন দিয়া,  দুগ্ধ ব্যৱসায়ীসকলৰ বাবে ২৫ কোটি টকা ধাৰ্য্য, ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎকৰ্ষ সাধনৰ বাবে ১৫কোটি, কৃষকৰ মাজত ২০০০ পাৱাৰ টিলাৰ আৰু ৭০খন ট্ৰেক্টৰ বিতৰণ, আপোন ঘৰ, আপোন বাহন আঁচনিৰ বাবে ১২কোটি টকা ধাৰ্য্য, নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলৰ বাবে ৩কোটিকৈ দিব অসম চৰকাৰে, ২৫হাজাৰ গৰাকী তীৰ্থযাত্ৰীক ৰাম মন্দিৰ দৰ্শন কৰাবলৈ নিব অসম চৰকাৰে।

লগতে বাজেটত আছে পুৰ্ণতীৰ্থ যোজনাৰ বাবে ২৫কোটি টকা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ বাবে জলপানিৰ ব্যৱস্থা, ১০০ কোটি টকা খৰচ কৰি অত্যাধুনিক ৰূপ দিয়া হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত, কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ বাবে ২০কোটিৰ অনুমোদন, অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষীত ১০শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থাৰ কথা উল্লেখ আছে। ইয়াৰোপৰি আৰু বিভিন্ন দিশ সামৰি লৈছে চৰকাৰে।

বাজেটত উল্লেখ কৰা অনুসৰি প্ৰাককলিত লেনদেনৰ বাবদ আনুমানিক ১,৫৯৪.৯৪ কোটি টকা ৰাহি হ'ব। ইয়াৰ লগতে বছৰটোৰ আৰম্ভণি ঘাটি ২,৩৬৯.৪১ কোটি টকাৰ হিচাপ মিলালে ২০২৪-২৫ বৰ্ষৰ বাজেট ঘাটিৰ পৰিমাণ ৭৭৪.৪৭ কোটি টকা হ'বগৈ।

বাজেটখনলৈ লক্ষ্য কৰিলে দেখা যায় যে বাজেটৰ জৰিয়তে চৰকাৰে হিতাধিকাৰীৰে চমক সৃষ্টি কৰিছে। চৰকাৰে ইতিমধ্যেই ঋণত পোত গৈ আছে। অসম চৰকাৰৰ বৰ্তমান ঋণৰ পৰিমাণ প্ৰায় ১ লাখ ৫১ হেজাৰ কোটি টকা। জনমূৰি ঋণৰ বোজা ২০১৭-১৮ বৰ্ষত ১৩,৫২১ হেজাৰ টকাৰ পৰা শেহতীয়াকৈ ৪০ হেজাৰ টকাৰ ঘৰ চুবলৈ ওলাইছে। ইপিনে চলিত বিত্তীয় বৰ্ষৰ ভিতৰত ঋণৰ সুদ পৰিশোধৰ নামতে ৰাজ্য চৰকাৰে ৮,৮১৫ কোটি টকা পৰিশোধ কৰিবলগীয়া আছে।

বাজেট অনুসৰি মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ নামত চৰকাৰে ব্যয় কৰিব পুনৰ ৫৫০ কোটি টকা। ইতিমধ্যে চৰকাৰে ইয়াৰ বাবদ খৰচ কৰিছে ২,০৮১ কোটি টকা। এক কথাত মাইক্ৰফাইনেন্সৰ নামত চৰকাৰে ব্যয় কৰিব প্ৰায় ২৫০০ কোটি টকাতকৈ অধিক।

এই একেখন বাজেটতে জলসিঞ্চনৰ বাবে নিৰ্ধাৰণ কৰিছে ১১৬২ কোটি টকা। মহিলাৰ বাবে বিভিন্ন আঁচনিৰ পৰা আৰম্ভ কৰি আত্মনিৰ্ভৰশীল অসমৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি ওলোৱা চৰকাৰে পশুপালন বিভাগৰ বাবে ৬১৮ কোটি টকা, মীন বিভাগৰ বাবে ১৬৬ কোটি টকা, হস্ততাঁত বিভাগৰ বাবে ৩৫২ কোটি টকা ধাৰ্য কৰিছে। অসমক হস্ততাঁত শিল্পৰে আত্মনিৰ্ভৰ কৰাৰ পৰিকল্পনা নাই বাজেটত।

বাজেটত অযোধ্যাৰ দৰ্শনৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ১৫ কোটি টকা, গো পালকৰ বাবে ২৫ কোটি আৰু কণী উতপাদনৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰিছে।

বাজেটত অৰুণোদয়ৰ নামত ব্যয় কৰা হ'ব৩,৮০০ কোটি টকা আনহাতে অসমত থকা কৃষিজীৱি পৰিয়ালৰ নামত ব্যয় কৰিব ২,৪৪৫ কোটি টকা। অসমত কৃষিজীৱি পৰিয়ালৰ সংখ্যা প্ৰায় ২৭ লাখ ৪১ হাজাৰ।

গতিকে এয়া কেনেধৰণৰ বাজেট। এফালে চৰকাৰে কৃষকসকলৰ বাবে ন ন আঁচনি কৰাৰ কথা উল্লেখ কৰে, অসমক আত্মনিৰ্ভৰশীল বনোৱাৰ পৰিকল্পনা কৰে আৰু আনহাতে এনেধৰণে হিতাধিকাৰী সৃষ্টি কৰি গৈছে।

কেনেদৰ অসমৰ শিপিনী চহকী হ'ব , কেনেদৰে অসমৰ খেতিয়ক লাভৱান হ'ব, কেনেদৰে ক্ষুদ্ৰ চাহ খেতিয়কসকল আত্মনিৰ্ভৰ হ'ব তাৰ কোনো পৰিকল্পনা নাই এই বাজেটত। আছে মাঁথো হিতাধিকাৰী।

এক কথাত বিধ্বস্ত অৰ্থনীতিত ভৰ দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে চৰকাৰে৷ এখন উৎপাদনশীল বাজেটৰ পৰিৱৰ্তে এয়া পুৰণি কথাৰহে চৰ্বিতচৰ্বন৷ এই বাজেটত নাই খেতিয়কৰ সপোনৰ কথা, ইয়াত নাই শিপিনীৰ আশা। আছে মাঁথো হুমুনিয়াহ...

বিধ্বস্ত অৰ্থনীতিত ভৰ দি চৰকাৰৰ চমক...
‘প্ৰান্তিক’ৰ লে-আউট আৰ্টিষ্টজন এতিয়া অইলৰ সঞ্চালক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in