'ইণ্ডিয়া' হাৰিল, মোডীৰ হাততেই থাকিব 'ভাৰত'ৰ বাঘজৰী !

'ইণ্ডিয়া' হাৰিল, মোডীৰ হাততেই থাকিব 'ভাৰত'ৰ বাঘজৰী !

ক্ষমতা আহে ক্ষমতা যায়। কিন্তু ক্ষমতা লাভৰ যুঁজ খন সদায় অব্যাহত থাকি যায়। এখন গণতান্ত্ৰিক দেশৰ বাবে অতিকে গুৰুত্বপূৰ্ণ নিৰ্বাচন। ৰাইজে জনপ্ৰতিনিধি নিয়োগ কৰি নিজৰ স্থিতি প্ৰকাশ কৰে আৰু এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হোৱাৰ পৰিচয় দিয়ে।

২০২৪ চনৰ পূৰ্বে এক ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে ৰাজনৈতিক দলসমূহ। ইয়াৰ পূৰ্বে দেশৰ ৫ ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন ইয়াৰ ছেমি ফাইনেল বুলি ধৰা হৈছিল। আজি সেই ছেমি ফাইনেলৰ ৰিজাল্ট ওলাল।

ভৱা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি- এই কথাষাৰি যেন সঁচা হল কংগ্ৰেছৰ লগত। ইমান কষ্ট কৰিও ভৱা মতে সফলতা লাভ কৰিব নোৱাৰিলে কংগ্ৰেছে। ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩ খনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

অৱশ্যে এতিয়াও মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'বলৈ বাকী আছে। মিজোৰামতো যে বিজেপিয়ে মিত্ৰজোটৰ চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত।

এই নিৰ্বাচনৰ ফলাফলে কিছু পৰিমাণে ২০২৪ চনৰ নিৰ্বাচনৰ স্থিতি স্পষ্ট কৰিছে। বিজেপিয়ে সফলতা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ শোচনীয় পৰাজয়ে এক বিশেষ ইংগিত দিছে।

এই নিৰ্বাচন বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত প্ৰায় ২৫ টা ৰাজনৈতিক দলে গঠন কৰিছিল মিত্ৰজোট ইণ্ডিয়া

ইণ্ডিয়াত কেইবাটাও দলৰ বহু সংখ্যক জ্যেষ্ঠ নেতা আছে যি প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সপোন দেখে। যাৰ বাবে এই দৌৰত কোনে প্ৰাৰ্থী আগবঢ়াব বা মিত্ৰজোটৰ নেতৃত্ব কংগ্ৰেছে দিব পাৰিবনে নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

মিত্ৰজোটৰ এক গুৰুত্বপূৰ্ণ অংশ জনতা দল (ইউনাইটেড)য়ে কৈছে যে দেশৰ মুখ্য বিৰোধী দলটো নিজে জিকিবলৈ সক্ষম নহয়। অৰ্থাৎ কংগ্ৰেছৰ এই পৰাজয়ে দলটোক নেতৃত্বৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব।

এই ফলাফলবোৰৰ পৰা এইটোও স্পষ্ট যে কংগ্ৰেছৰ বাবে হিন্দী ভাষী ৰাজ্যসমূহত জাতিগত লোকপিয়ল আৰু 'গেৰাণ্টি'ৰ বিষয়বোৰ বিফল হৈছে। ৰাহুল গান্ধীয়ে এই নিৰ্বাচনত জাতিগত লোকপিয়লৰ বিষয়টো বাৰে বাৰে উত্থাপন কৰিছিল যদিও ৰাজস্থান আৰু চত্তিশগড়ত ক্ষমতা হেৰুয়ায়।

আনহাতে বিজেপিক এই নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিছে বিশেষকৈ নাৰী শক্তিয়ে। বিজেপিৰ ৰণনীতিও অন্যতম। বিজেপিয়ে এইবাৰ বিশেষকৈ লক্ষ্য কৰি লৈছিল মহিলাসকলক। সেই হিচাপে আঁচনি ঘোষণা কৰিছিল, গ্যেৰান্টি দিছিল।

বিজেপিৰ ৰণনীতি

মধ্য প্ৰদেশত বিজেপিয়ে ৩০ গৰাকী মহিলা প্ৰাৰ্থী, কংগ্ৰেছে ২৮ গৰাকী আৰু আপে ১০ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তদুপৰি মহিলাসকলক লৈ মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন আঁচনি আনিছিল। লাডলী বেহনা আঁচনিৰ অধীনত ১.৩১ কোটি মহিলাই ১২৫০ টকাকৈ লাভ কৰিছে। এই ধনৰ পৰিমাণ ৩০০০ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে।

বিজেপিয়ে এই নিৰ্বাচনত মহিলা ভোটাৰসকলৰ পৰা লাভান্বিত হৈছে। এইবাৰ ভোটাৰৰ সংখ্যা ২০১৮ তকৈ ২ শতাংশ বেছি আছিল। নিৰ্বাচন আয়োগৰ মতে, ২০১৮ চনত ৭৫.৬ শতাংশ আৰু ২০২৩ চনত ৭৭.২ শতাংশ ভোটদান নথিভুক্ত কৰা হৈছিল। আনহাতে মহিলাৰো প্ৰায় ৭৬ শতাংশই ভোট দিছে।

চত্তিশগড়তো একেই প্ৰায়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত মুঠ ২ কোটি ৩ লাখ ৯৩ হাজাৰ ১৬০ গৰাকী ভোটাৰ আছে। ইয়াৰে ১ কোটি ১লাথ ৩৫ হাজাৰ ৫৬১ গৰাকী পুৰুষ আৰু ১ কোটি ২ লাখ ৫৬ হাজাৰ ৮৪৬ গৰাকী মহিলা ভোটাৰ। আনহাতে ২০১৮ চনৰ তুলনাত ২০২৩ চনৰ নিৰ্বাচনত মহিলা ভোটদানৰ সংখ্যা ২ শতাংশ বেছি।

বিজেপিয়ে মহিলাসকলৰ বাবে দুটা আঁচনি ঘোষণা কৰিছিল। এটা আছিল 'মাহতাৰী বন্দন যোজনা'। ইয়াৰ অধীনত ৰাজ্যখনৰ প্ৰতিগৰাকী বিবাহিত মহিলাক বাৰ্ষিক ১২ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।

ইয়াৰোপৰি 'ৰাণী দুৰ্গাৱতী যোজনা'ৰ অধীনত বিপিএল শ্ৰেণীৰ ছোৱালীৰ জন্মৰ ওপৰত ১ লাখ টকাৰ বিত্তীয় নিশ্চয়তা প্ৰমাণপত্ৰ জাৰী কৰা হ'ব।

ৰাজস্থানত জয়লাভ কৰাতো বিজেপিক সহায় কৰিছে মহিলাই। ৰাজ্যখনত কংগ্ৰেছে ২৮ গৰাকী, বিজেপিয়ে ২০ গৰাকী আৰু আম আদমী পাৰ্টীয়ে ১৯ গৰাকী মহিলা প্ৰাৰ্থীক আগবঢ়াইছিল।

বিজেপিয়ে 'লাডো ইনচেণ্টিভ আঁচনি' ঘোষণা কৰিছিল ৰাজ্যখনত। ইয়াৰ অধীনত সকলো দৰিদ্ৰ পৰিয়ালত ছোৱালীৰ জন্মত সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এগৰাকী ছোৱালীক পঢ়োৱাৰ পৰা আদি কৰি বিভিন্ন দিশত সহায়ৰ প্ৰতিশ্ৰুতি দিছিল। দৰিদ্ৰ পৰিয়ালৰ সকলো ছাত্ৰীক প্ৰাথমিক শিক্ষাৰ পৰা স্নাতকোত্তৰ লৈকে বিনামূলীয়া মানদণ্ডৰ শিক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া স্কুটি দিয়াৰ ঘোষণাও কৰিছিল।

নাৰী, যুৱ, কৃষক আৰু দৰিদ্ৰ লোকৰ ওপৰত গুৰুত্ব

এই সকলোবোৰৰ উপৰি বিজেপিয়ে কৃষক, যুৱসমাজ, দৰিদ্ৰ লোকসকলৰ বাবে ঘোষণা কৰা আঁচনি সমূহেও জয়ী হোৱাত অৰিহনা যোগায়। আজি ৩ ৰাজ্যত নিৰ্বাচন জয়ী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছে- এই নিৰ্বাচনত, দেশখনক জাতিত বিভক্ত কৰাৰ বহুতো প্ৰয়াস কৰা হৈছিল। কিন্তু মই নিৰন্তৰ কৈ আছিলো যে মোৰ বাবে ৪ টা জাতি দেশৰ আটাইতকৈ ডাঙৰ জাতি। সেয়া হ'ল- মহিলা, যুৱ, কৃষক আৰু আমাৰ দৰিদ্ৰ পৰিয়ালবোৰ।

বিৰোধী দলৰ সহায়

তদুপৰি বিৰোধী দলেও কিছু পৰিমাণে সহায় কৰিছে বিজেপিক। বিৰোধী মিত্ৰজোটে লোৱা সিদ্ধান্ত অনুসৰি তেওঁলোকৰ দলসমূহে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। যাৰ বাবে ভোটৰ ভাগ-বতৰা হয় আৰু ই বিজেপিৰ বাবে সহায়ক হয়।

তিনিখনকৈ ৰাজ্যত ২০০ ৰো অধিক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আম আদমী পাৰ্টীয়ে।বৰ্তমানলৈকে অব্যাহত থকা ভোটগণনা অনুসৰি ৪ ৰাজ্যৰ ভিতৰত ৩ ৰাজ্য ক্ৰমে ছত্তিশগড়ত আপে ০.৯৩ শতাংশ ভোট লাভ কৰিছে। বাকী ৰাজ্যসমূহতো অৱস্থা শোচনীয়। মুঠ ২১৩ জনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি এজনকো বিজয়ী কৰিবলৈ সক্ষম নোহোৱা দলটোৰ বাবে শুভ লক্ষণ নহয়।

এক কথাত ক'বলৈ গ'লে বিধানসভা নিৰ্বাচনত ভোট বিভাজনৰ ৰাজনীতি কৰিলে আপে। ইয়াৰ প্ৰভাৱ পৰিলে ইণ্ডিয়াত। এই সকলোবোৰ বিৰোধীৰ বাবে শুভ লক্ষণ নহয়। মাজত মাত্ৰ কেইটামান মাহ। তাৰপাছতে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। গতিকে এই সময়ত কংগ্ৰেছে শত্ৰুক চিনি পোৱাতো আৱশ্যক আছিল। ইয়াৰোপৰি বহু সময়ত ভোট বিভাজনৰ কাম কৰা বুলি আপৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে।

আজিৰ নিৰ্বাচনৰ ওপৰত ধাৰণা কৰি ক'বলৈ হ'লে এটা কথা ক'ব পাৰি যে দেশৰ বাঘজৰী ২০২৪ চনতো যাব বিজেপিৰ হাতলৈয়ে। হয়তো নৰেন্দ্ৰ মোডীয়ে হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। শক্তিশালী হব'লৈ ধৰা কংগ্ৰেছে পুনৰ যেন হেৰুৱাব সুযোগ আৰু অপেক্ষা কৰিব লাগিব পৰৱৰ্তী সময়লৈ...

'ইণ্ডিয়া' হাৰিল, মোডীৰ হাততেই থাকিব 'ভাৰত'ৰ বাঘজৰী !
শিপা অবিহনে জীয়াই থাকিবনে জাতি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in