গুৰুজনাৰ জন্মস্থানত উচ্ছেদ; স্থানীয় লোকৰ সমৰ্থনৰ বিপৰীতে ক্ষোভিত অখিল গগৈৰ লগতে বিৰোধী...

বটদ্ৰৱা! এক পৱিত্ৰ তীৰ্থস্থান। এই ভূমিতেই জন্ম হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰীশ্ৰী বটদ্ৰৱা থান স্থাপন কৰিছিল।
গুৰুজনাৰ জন্মস্থানত উচ্ছেদ; স্থানীয় লোকৰ সমৰ্থনৰ বিপৰীতে ক্ষোভিত অখিল গগৈৰ লগতে বিৰোধী...

বৰষা শৰ্মা

বটদ্ৰৱা! এক পৱিত্ৰ তীৰ্থস্থান। এই ভূমিতেই জন্ম হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ।  ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰীশ্ৰী বটদ্ৰৱা থান স্থাপন কৰিছিল। এই থান খনৰ এক বিশেষ মহত্ব আছে, সেয়া হ'ল-  মহাপুৰুষ জনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াতেই তেওঁ আৰম্ভ কৰা একশৰণ নামধৰ্ম প্ৰচাৰ কৰা হৈছিল।

 কিন্তু বিগত কেইবছৰ মানৰ পৰা বটদ্ৰৱা অন্য এক কাৰণতহে চৰ্চাত আছে। দিনক দিনে গুৰুজনাৰ জন্মভূমিত বূৃদ্ধি পাইছে বেদখলকাৰীৰ দপদপনি। বটদ্ৰৱাৰ বৃহৎ অংশ এতিয়া বেদখলকাৰীৰ কবলত। বটদ্ৰৱাৰ সত্ৰৰ ভূমিতো আনকি বেদখলকাৰীয়ে বিভিন্ন সময়ত দখল কৰি আহিছে।

বিভিন্ন সময়ত অসম চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে পদক্ষেপ লৈ আহিছে। ইতিমধ্যে বহু ঠাইত চলাইছে উচ্ছেদ অভিযানো। তাৰ মাজতেই এইবাৰ উচ্ছেদ অভিযান চলাইছে বটদ্ৰৱাত।

দেওবাৰে পুৱাৰ পৰা বটদ্ৰৱাৰ বেদখলকৃত ভূমিত আৰম্ভ হৈছিল উচ্ছেদ অভিযান। সহস্ৰাধিক আৰক্ষীৰ কুচকাৱাজত আতংকময় পৰিৱেশৰ মাজতে পোন প্ৰথমে শান্তিজান বজাৰত উচ্চেদ অভিযান আৰম্ভ হৈছিল।

উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ চৌদিশে হৈ থকা হাজাৰ হাজাৰ ভূমিত অবৈধ দখল চলি থকাৰ পাছত বটদ্ৰৱা থান পৰিচালনা সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে বেদখল উচ্ছেদ কৰাৰ বাবে দাবী উত্থাপন কৰাৰ পাছত এই অভিযান আৰম্ভ হৈছিল। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সহস্ৰাধিক আৰক্ষীৰ উপস্থিতত প্ৰথমে শান্তিজান বজাৰত তাৰ পিছত হাইডুবি ৰিজাৰ্ভত, চৰকাৰী কৃষি বীজ পাম, ভোমোৰাগুৰি লালুংগাঁও, জামাই বস্তি আৰু নিশা কদমণি স্থিত বৰহিছা কিচমতৰ ভূমিত বেদখল উচ্ছেদ চলাইছিল।

ইফালে উচ্ছেদিত বহু ভূমিহীন পৰিয়ালে নিশাটো মুকলি আকাশৰ তলতে কটায়। এই উচ্ছেদ অভিযানৰ পাছত তেওঁলোকে কয় যে পূৰ্বতে ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত তেওঁলোকে এই ভূখণ্ড দখল কৰিছিল ।

কালিৰ দৰে আজিও বটদ্ৰৱাত পুনৰ উচ্ছেদত লোক সকলে উত্তেজিত হৈ জনাই যে তেওঁলোকক পূৰ্বৰ মন্ত্ৰী দীগেন বৰা, গৌতম বৰাই ইয়াত থাকিবলৈ দিছিল। তেওঁলোকে কয় যে ''এই বেদখলকৃত ভূমিতে চৰকাৰে স্কুল বনাইছিল, চৰকাৰী আৱাস যোজনা ঘৰ দিছিল। এতিয়া আমি কোনো কাৰণতে এই ভূমি নেৰো, আমাক গুলিয়াই মাৰক''।

উল্লেখ্য যে, এই উচ্ছেদ অভিযানৰ একাংশই সমৰ্থন কৰে যদিও একাংশ নেতাই ইয়াৰ বিৰোধিতা কৰে। কংগ্ৰেছ, আই ইউ ডি এফৰ বিধায়ক তথা নেতা সকলে এই উচ্ছেদ অভিযানৰ বিৰোধিতা।

আজি এই বিষয়টোক লৈ সদনত শাসক-বিৰোধিৰ মাজক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে "উচ্ছেদ এটা সাম্প্ৰতিক সমস্যা। এফালে, ৰাজ্য চৰকাৰে বাসুন্ধৰা আঁচনিৰ অধীনত ভূমি অধিকাৰৰ বাবে আবেদন কৰিবলৈ লোকসকলক আহ্বান জনাইছে। আনহাতে, তেওঁ কয় যে চৰকাৰে এফালে বসুন্ধৰা আঁচনি আনিছে আৰু আনফালে এনে উচ্ছেদ অনুশীলন হাতত লৈছে যিয়ে বহু পৰিয়ালক গৃহহীন কৰি তুলিছে।

এই উচ্ছেদ অভিযান সন্দৰ্ভত অখিল গগৈয়ে কয় যে এয়া কেৱল বিজেপিৰ এক কৌশল। সাধাৰণ ৰাইজক মূল সমস্য সমূহৰ পৰা আঁতৰাই ৰখাৰ বাবে বিজেপিয়ে এনে কাম কৰিছে বুলি কয় কৃষক নেতা গৰাকীয়ে। সদনৰ প্ৰশ্নোত্তৰ কাল চলি থকাৰ মাজতেই সদনৰ পৰা বাহিৰ হয় বিধায়ক গৰাকী।

অন্যহাতে এই উচ্ছেদ অভিযানৰ সমৰ্থন কৰিছে অঞ্চলটোৰ স্থানীয় লোক সকলে। সত্ৰৰ ভকত-বৈষ্ণৱকে ধৰি স্থানীয় লোক সকলে এই উচ্ছেদ অভিযানৰ বাবে চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে।

বিৰোধিৰ মতে ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰি চৰকাৰে এই উচ্ছেদ চলাইছে। কিন্তু গুৰুজনাৰ জন্মস্থান বেদখলকাৰীৰ পৰা মুক্ত হোৱাতো প্ৰয়োজন। গতিকে শাসক বা বিৰোধিয়ে প্ৰতিটো সময়তে ৰাজনীতি কৰা বাদ দি সঠিক দিশটো সমৰ্থন কৰা দৰকাৰ।

শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত প্ৰায় ৯৮৫ টা বিঘাত উচ্ছেদ অভিযান চলোৱা হৈছিল, য'ত প্ৰায় ৩০০ টা পৰিয়ালে বেদখল কৰি আছিল । এই ভূমিৰ ২৬৫ বিঘা ভূমি প্ৰাক্তন সৈনিকৰ নামত আৱন্টিত আছিল।ভোমাৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভত থকা এই ভূমি বৰ্তমান বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে।

উল্লেখ্য যে, নগাঁৱ তথা বটদ্ৰৱাত বিগত কেইবছৰ মানৰ পৰা অপৰাধনিত ঘটনাৰ ঘাটি হৈ পৰিছে। সত্ৰৰ ভূমি বেদখল, ড্ৰাগছ, হত্যা কাণ্ড, ধৰ্ষণ আদিকে ধৰি বিভিন্ন অপৰাধমূলক কামৰ হাব হৈ পৰিছে গুৰুজনাৰ তীৰ্থস্থান।

যাৰ বাবে এই পৱিত্ৰ ভূমি কেৱল অপৰাধজনিত ঘটনাৰ বাবেহে চৰ্চালৈ আহে। কেইমাহমান পূৰ্বে জ্বলাই দিয়া হৈছিল এখন আৰক্ষী চকীও। চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ পাছত দেখিবলৈ পোৱা গৈছে যে নগাঁৱত একাংশ যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলত পৰি হেৰাই পেলাইছে সকলো।

অৱশ্যে এই উচ্ছেদক মানৱীয় দৃষ্টি কোনৰ পৰা চোৱাতোও জৰুৰী। তদুপৰি এই উচ্ছেদক লৈ কোনোৱে ৰাজনীতি কৰাটোও গ্ৰহণযোগ্য নহয়। বহু সময়ত সত্ৰৰ ভূমিও বেদখল হৈ আহিছে সেই কথাও সঁচা কিন্তু কাৰ পৃষ্ঠপোষকতাত এই সাহস পাইছে তেওঁলোক এয়াও ডাঙৰ প্ৰশ্ন।

প্ৰশাসনৰ মতে বটদ্ৰৱাৰ উচ্ছেদ অভিযানত ৯০ শতাংশ লোকে সহযোগ কৰিছে। বেদখল কৰা একাংশ লোকে নিজেই আঁতৰি গৈছে সেই স্থানৰ পৰা ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে(২ ডিচেম্বৰ,২০২২)  অসম চৰকাৰৰ সত্র আয়োগৰ অন্তৱৰ্তীকালীন প্রতিবেদন দাখিল কৰিছিল আয়োগৰ অধ্যক্ষ প্রদীপ হাজৰিকাই। অসমৰ বিভিন্ন স্থানত স্থাপিত সত্ৰসমূহৰ ভূমি বেদখল সন্দৰ্ভত গঠন কৰা হৈছিল সত্ৰ আয়োগ। সেই আয়োগৰ অধ্যক্ষ হিচাপে আছিল আমুগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকা আৰু সদস্য হিচাপে আছিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।

এই আয়োগে অসমৰ সত্ৰসমূহ ভ্ৰমণ কৰি আৰু বিভিন্ন দিশ আলোচনা-পৰ্যালোচনা কৰি সুদীৰ্ঘ সময়ৰ অন্তত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল। দিছপুৰস্থিত মুখ্যমন্ত্রীৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ২০০ৰো অধিক পৃষ্ঠাজোৰা প্রতিবেদনখন দাখিল কৰিছিল অধ্যক্ষ প্রদীপ হাজৰিকাই।

উল্লেখ্য যে, সত্ৰ আয়োগে অসমৰ ১১ খন জিলাৰ ৩০৩ খন সত্রৰ ক্ষেত্রভিত্তিক প্রতিবেদন দাখিল কৰিছিল। সেই অনুসৰি ৩০৩ খন সত্রৰ ৭,৪০৫ বিঘা ভূমি বেদখল কৰাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

প্ৰতিবেদনত উল্লখিত তথ্য অনুসৰি সত্ৰৰ ভূমি সৰ্বাধিক বেদখল হৈছে বৰপেটা জিলাত। ভূমি বেদখলত লখিমপুৰ আৰু নগাঁও দ্বিতীয় আৰু তৃতীয় স্থানত আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

অৱশ্যে এই আয়োগৰ প্ৰতিবেদন সম্পূৰ্ণকৈ গ্ৰহণ কৰা নহ'ব। প্রতিবেদনৰ সত্যতা পুনৰ চৰকাৰীভাৱে পৰীক্ষা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছিল।

বটদ্ৰৱাৰ একাংশই অভিযোগ কৰা অনুসৰি বেদখল কৰা ভূমি সমূহত তেওঁলোক পূৰ্বৰ মন্ত্ৰীৰ কথা মতে আহিছিল। গতিকে কেৱল উচ্ছেদতেই সীমাবদ্ধ নাথকি এই সমগ্ৰ ঘটনা তদন্তৰ আওতালৈ অনাতো আৱশ্যক। বটদ্ৰৱাত বেদখল কৰা লোক সকলৰ ভিতৰত বৃদ্ধা, শিশুও আছে। গৃহহীন এই লোক সকলে এতিয়া কি কৰিব ক'ত থাকিব তাত নিশ্চিয়তা নাই। এই লোক সকলক চৰকাৰে পুনৰ সংস্থাপন দিবনে বা কি পদক্ষেপ হাতত লয় সেয়া হ'ব লক্ষণীয়...

আৰু পঢ়ক: ৰাজ্য কঁপাই যোৱা ৰেগিং কাণ্ডৰ লগত জড়িতৰ শাস্তি ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in