চৰকাৰী চিকিৎসকৰ ব্যক্তিগত খণ্ডলৈ ঢাপলি! মামৰে ধৰাৰ দিশে চিকিৎসা মহাবিদ্যালয়ৰ কোঠা...

বাজেটত স্বাস্থ্য খণ্ডত লৈ বহু পদক্ষেপ হাতত লোৱা হৈছে। নতুন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। কিন্তু ইয়াৰ লগত আন এটা বিষয় জড়িত হৈ আছে। চৰকাৰে নিযুক্তিৰ বিষয়টোত গুৰুত্ব দিয়া প্ৰয়োজন আছিল।
 চৰকাৰী চিকিৎসকৰ ব্যক্তিগত খণ্ডলৈ ঢাপলি! মামৰে ধৰাৰ দিশে চিকিৎসা মহাবিদ্যালয়ৰ কোঠা...

বৰষা শৰ্মা

১৬ মাৰ্চ, বৃহস্পতিবাৰে  ৰাজ্যৰ বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে পূৰ্ণাংগ বাজেট ২০২৩-২৪। শিক্ষা,স্বাস্থ্য, অৰ্থনীতি আদি বিভিন্ন দিশ সামৰি বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰিলে বাজেট। বিভিন্ন দিশৰ লগতে স্বাস্থ্য খণ্ডতো এইবাৰ বাজেটত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে।

বাজেটত উল্লেখ কৰা অনুসৰি ৩ খন চিকিৎসা মহাবিদ্যালয়ত পাঠ্যক্ৰম আৰম্ভ হোৱাৰ উপৰিও উত্তৰ কৰিমগঞ্জ, গোৱালপাৰা, তামুলপুৰ, বঙাইগাঁও, ধেমাজি, মৰিগাঁও গোলাঘাট আৰু শিৱসাগৰত মুঠ ৮ খন চিকিৎসা মহাবিদ্যালয়ৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

মহাবিদ্যালয়ৰ সমান্তৰালকৈ এইবাৰ চিকিৎসা খণ্ডৰ বাবে বাজেটত আছে ভাল খবৰ। বৃদ্ধি কৰা হৈছে MBBS আৰু PG (MD/MS) শাখাত আসন ৷ ইয়াৰ উপৰিও এম বি বি এছত ১৫০০ খন আৰু স্নাতকোত্তৰ শ্ৰেণীত ৭২২খন আৰু ছুপাৰ স্পেছিয়েলিটিৰ শাখাত ৪৬ খনকৈ আসন বৃদ্ধি কৰা হৈছে৷

ইয়াৰোপৰি ৬ খন চিকিৎসা মহাবিদ্যালয় আৰু ৬ খন জিলা চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰি ছুপাৰ স্পেচিয়েলিটী হাস্পাতাললৈ উন্নিত কৰা হ’ব ৷ আনহাতে চিকিৎসা মহাবিদ্যালয় সমূহৰ আন্তগাঠনি উন্নয়নৰ বাবেও লোৱা হৈছে বিভিন্ন পদক্ষেপ।

কিন্তু কেৱল আন্তঃগাঠনি উন্নয়ন, আসন বৃদ্ধিয়েই চিকিৎসা ক্ষেত্ৰখনত উন্নতি সাধন কৰিবনে? ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহৰ উন্নয়নত যথেষ্ঠ গুৰুত্ব দিছে। কিন্তু তাৰ সমান্তৰালৈ বৃদ্ধি পাইছে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়।

বহিৰাগত একাংশ ব্যৱসায়ী আহি অসমত খোপনি পুতিছে যি সকলে স্বাস্থ্য খণ্ডত দখল কৰাৰ চেষ্টা কৰি আহিছে। গুৱহাটী মহানগৰীত বহু বাহিৰৰ ব্যৱসায়ীয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খুলিছে যাৰ প্ৰভাৱ চৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহত পৰিছে।

এতিয়া চৰকাৰী খণ্ডৰ চিকিৎসক সমূহে ঢাপলি মেলিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ। চৰকাৰী খণ্ডৰ চিকিৎসক সকলে বহু কম দৰমহা পাই, তাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত তেওঁলোকৰ দৰমহা অধিক। ইয়াৰোপৰি তেওঁলোকে খুলি লয় ব্যক্তিগত ক্লিনিক। যাৰ বাবে আৰ্থিক দিশৰ পৰা লক্ষ্য কৰি একাংশ প্ৰখ্যাত চিকিৎসকে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি অন্য চিকিৎসালয়ত কাম কৰে।

এন এইচ এমৰ ফালৰ পৰাও চিকিৎসক এজনক সৰ্বোচ্চ দৰমহা দিব পাৰে আঢ়ৈ লাখ টকাকৈ। অথচ এজন চিকিৎসকৰ অধ্যয়নত (ব্যক্তিগত খণ্ডত) ব্যয় হয় প্ৰায় ১ কোটি টকা। যদি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে তেন্তে তেওঁ দৰমহা পায় প্ৰায় ৫ লাখ টকা। তেনে ক্ষেত্ৰত চিকিৎসকে এজনে ব্যক্তিগত খণ্ডত গুৰুত্ব দিয়াতো স্বাভাৱিক।

এই বিষয়টো নিষ্পত্তি নহ'লে পৰৱৰ্তী সময়ত গভীৰ সংকটৰ সন্মুখীন হ'ব ৰাজ্যৰ স্বাস্থ্য বিভাগ। একেলগে শ শ চিকিৎসকে পদ এৰাৰ ঘটনাও সংঘটিত হৈছে এই ৰাজ্য়ত। কিছুমানে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে নিজাকৈ চিকিৎসালয় খুলি সমাজৰ হকে কাম কৰি গৈছে আন একাংশই ধনৰ বাবে ব্যক্তিগত চিকিৎসালয়ত যোগদান কৰিছে।

তদুপৰি ৰাজ্যৰ বহু চিকিৎসা মহাবিদ্যালয়ত কিছুমান বিশেষ বিষয়ৰ পাঠ্যক্ৰমো নাই। উদাহৰণ স্বৰূপে আমি অনকোমেডিচিনৰ কথা ক'ব পাৰো। ৰাজ্যৰ প্ৰায় ৩ খন মান চিকিৎসা মহাবিদ্যালয়তহে এই পাঠ্যক্ৰম আছে। আনহাতে অধ্যাপকৰ অভাৱত বহু কেইখন চিকিৎসা মহাবিদ্যালয়ত বহু বিভাগ খুলিব পৰা নাই।

এই সমূহ সমস্যা থাকোতে চৰকাৰে আন এক সমস্যা মূৰ পাতি লৈছে। সেইটো হ'ল যিবোৰ জিলাত নতুনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে সেই জিলা সমূহৰ অসামৰিক চিকিৎসালয়ো চলি থাকিব। তেনে স্থলত একেলগে দুখন চিকিৎসালয় চলাব পাৰিবনে নাই সেয়া এক ডাঙৰ প্ৰশ্ন। চিকিৎসালয়ৰ সমান্তৰালৈ চিকিৎসকৰো প্ৰয়োজন হ'ব।

গতিকে এই ক্ষেত্ৰত চৰকাৰে চিকিৎসালয় একত্ৰিকৰণ কৰি উন্নয়নৰ কথা চিন্তা কৰাৰহে প্ৰয়োজন আছিল। ৰাজ্যত এতিয়াও ১৮০০ চিকিৎসকৰ পদ খালী আছে। তেনে স্থলত এই চিকিৎসালয় সমূহত চৰকাৰে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত যে সমস্যাৰ সন্মুখীন হ'ব সেয়া নিশ্চিত।

চিকিৎসা খণ্ডৰ বিভিন্ন পাঠ্যক্ৰমত আসন বৃদ্ধি কৰিছে। এয়া নিশ্চিত ভাৱে ভাল কথা। কিন্তু চৰকাৰী চিকিৎসালয়ত অধ্যয়ন কৰি যোৱা সকলে চৰকাৰী ক্ষেত্ৰতেই নিয়োজিত হৈ থাকিবনে নাই সেয়া নিশ্চিত কৰাৰো প্ৰয়োজন আছিল।

গতিকে আজিৰ এই বাজেটত এইবোৰ দিশত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন আছিল। এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ কিমান বিচক্ষণ হয় সেয়া সময়ত লক্ষণীয় হ'ব।

কিন্তু আজিৰ বাজেটত এই দিশ সমূহ সম্পৰ্কে কোনো ব্য়ৱস্থা হাতত লোৱা পৰিলক্ষিত নহ'ল। চৰকাৰে আন্তঃগাঠনিৰ লগতে চিকিৎসক সমূহৰ এই দিশ সমূহো চালি জাৰি চোৱা প্ৰয়োজন আছিল।

চিকিৎসা মহাবিদ্যালয় স্থাপন হ'ব ভাল কথা। কিন্তু তাত পঢ়ুয়াব কোনে? বৰ্তমান চিকিৎসা মহাবিদ্যালয় সমূহতে পৰ্যাপ্ত অধ্যাপক নোহোৱাৰ দৰে তেন্তে স্থলত নতুনকৈ স্থাপন হোৱা মহাবিদ্যালয় সমূহত চৰকাৰে কি ধৰণে নিযক্তি দিব সেয়া চিন্তা কৰাৰ প্ৰয়োজন।

চিকিৎসা মহাবিদ্যালয়ৰ,চিকিৎসালয়ৰ সমানে চিকিৎসকো লাগিব।তেতিয়াহে আমাৰ স্বাস্থ্য খণ্ডত অধিক বিকাশ হ'ব। আমাৰ স্বাস্থ্য ক্ষেত্ৰত বহু পৰিৱৰ্তন হৈছে সেয়া আমি মানিব লাগিব কিন্তু চৰকাৰে ভিতৰৰ দিশ সমূহৰ বিষয়েও চিন্তা কৰিব লাগিব। নহ'লে চিকিৎসা মহাবিদ্যালয় স্থাপন হ'ব ঠিকেই, কিন্তু হয়তো মামৰে ধৰিব কেইবাটাও কোঠাত...

 চৰকাৰী চিকিৎসকৰ ব্যক্তিগত খণ্ডলৈ ঢাপলি! মামৰে ধৰাৰ দিশে চিকিৎসা মহাবিদ্যালয়ৰ কোঠা...
বাজেটে আশ্বস্ত কৰিব পৰা নাই ৰাইজক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in