বাজেটে আশ্বস্ত কৰিব পৰা নাই ৰাইজক...

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটত কি আছে? বাজেটখনৰ প্ৰভাৱ ৰাজ্যবাসীৰ ওপৰত কেনেদৰে পৰিব?
বাজেটে আশ্বস্ত কৰিব পৰা নাই ৰাইজক...

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটত কি আছে? বাজেটখনৰ প্ৰভাৱ ৰাজ্যবাসীৰ ওপৰত কেনেদৰে পৰিব? ইয়াৰ লাভালাভ কি হব? এই সকলোবোৰ দিশ সামৰি আজিৰ বাজেটখনৰ সন্দৰ্ভত বিশিষ্ট সমজ বিজ্ঞানী ড০ জয়দীপ বৰুৱাৰ এই বিশেষ লেখা-

১৬ মাৰ্চ, বৃহস্পতিবাৰে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অসমৰ ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক বাজেট বিধান সভাত দাখিল কৰিলে। ৰাজ্যখনৰ একত্ৰীকৃত নিধিলৈ মুঠ ১৩৯৪৪৪ টকাৰ আয় তথা সেই নিধিৰ পৰা সৰ্বমুঠ ১৩৯৭৫৫ টকাৰ ব্যয়ৰ প্ৰস্তাৱেৰে দাখিল কৰা এই বাজেটৰ লক্ষ্যনীয় দিশবিলাকৰ ক্ষেত্ৰত উল্লেখযোগ্য হ'ল মুঠ প্ৰাপ্তিৰ ক্ষেত্ৰত আগৰ বছৰৰ বাজেটৰ তুলনাত ১৭ শতাংশ বৃদ্ধি।

সেইদৰে আগৰ বছৰৰ বাজেটৰ তুলনাত ৰাজহ ব্যয়ৰ ক্ষেত্ৰত ১৬ শতাংশ আৰু মুলধনী ব্যয়ৰ ক্ষেত্ৰত ২৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। দেখা গৈছে ২০২৩-২৪ বৰ্ষত ৰাজ্যখনৰ কৰ আয় ৩৪ শতাংশ আৰু অনা কৰ ৰাজহ ৫ শতাংশ বৃদ্ধিৰ অনুমান কৰা হৈছে।

আপাতঃ দৃষ্টিত ৰাজ্যখনৰ আয় বৃদ্ধি সন্তোষৰ কথাই। পিছে এই বৃদ্ধিৰ বোজাই সাধাৰণ লোকক ভাৰাক্ৰান্ত কৰিলে অৰ্থনৈতিকভাৱে বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি। বিত্তমন্ত্ৰীৰ ভাষণত অৱশ্যে এই দিশৰ বিতং তথ্য পোৱা নগ'ল।

দ্বিতীয়তে, এই বৰ্দ্ধিত আয়ৰ এক প্ৰধান উৎস হ'ল ৰাজহুৱা ঋণ। পূৰ্বৰ বৰ্ষৰ তুলনাত এইবাৰ বাজেটত ৩০ শতাংশ অধিক ৰাজহুৱা ঋণৰ প্ৰস্তাৱ ৰখা হৈছে। এই বৰ্দ্ধিত ঋণৰ ভিত্তি হিচাপে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন আগন্তুক বিত্তীয় বৰ্ষত ৫.৫০ লাখ কোটি টকা হ'বগৈ বুলি বিত্তমন্ত্ৰীয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছে।

তেখেতে ভাষণত উল্লেখ কৰা অনুসৰি ২০২১-২২ চনত এই পৰিমাণ আছিল ৩.৯৩ লাখ টকা। এই হিচাপত যোৱা দুবছৰত অসমৰ আৰ্থিক বিকাশৰ হাৰ ৪০ শতাংশ হ'ব লাগে। যি সময়ত ভাৰতৰ বাৰ্ষিক বিকাশৰ হাৰ ৬ শতাংশৰ ওচৰে পাজৰে, তেনে অৱস্থাত অসমৰ অৰ্থনীতিৰ এনে অভাৱনীয় বিকাশৰ হাৰ বাস্তৱসন্মত যেন ধাৰণা নহয়। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল বাজেটৰ আয়-ব্যয়ৰ আকলনৰ ক্ষেত্ৰত যিহেতু আৰ্থিক বৃদ্ধিৰ হাৰে এক নিৰ্নায়ক ভূমিকা লয় গতিকে তাৰ বাস্তৱসন্মত তথ্য অবিহনে বাজেট প্ৰস্তুত কৰণৰ প্ৰক্ৰিয়াটো অৰ্থহীন হৈ পৰে।

তাতকৈ ডাঙৰ কথা বাজেট দাখিলৰ পূৰ্বে চিৰাচৰিতভাৱে প্ৰকাশিত হোৱা বাৰ্ষিক অৰ্থনৈতিক সমীক্ষাও এইবাৰ দেখা নাই। আনকি বিত্তমন্ত্ৰীৰ বাজেট ভাষণতো ২০২২-২৩ বৰ্ষৰ কোনো তথ্য উল্লিখিত হোৱা নাই। সেই কাৰণেই এই বাজেটৰ হিচাপবোৰ লৈ আশ্বস্ত হ'ব পৰা নাই।

এনে পৰিপ্ৰেক্ষিতত বাজেটৰ কিছু উল্লেখনীয় ধনাত্মক দিশ যেনে পূৰ্বৰ বাজেটৰ তুলনাত মূলধনী ব্যয়ৰ ২২ শতাংশ বৃদ্ধিৰ প্ৰস্তৱকো ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে একেষাৰে উৎসাহৰ কাৰণ বুলি গ্ৰহণ কৰিব পৰা নাই। বিত্তমন্ত্ৰীয়ে বিধান সভাৰ বাজেট আলোচনাত এই বিষয়ে পতিয়নযোগ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে ২০২২-২৩ বৰ্ষৰ সমস্ত অৰ্থনৈতিক কাৰ্য্য কলাপ তথা গতি-বিধিৰো সবিশেষ তথ্য ৰাজহুৱা কৰা দৰকাৰ বুলি ধাৰণা উপজিছে।

বাজেটে আশ্বস্ত কৰিব পৰা নাই ৰাইজক...
মেট্ৰিকৰ প্ৰশ্নকাকতক লৈ ফোনত কেনেকৈ চলে দৰ-দাম?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in