কেৱল নিৰ্বাচনৰ পূৰ্বে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত কিয় আজমল?

ৰাজনীতি! ই এনে এটা শব্দ য'ত সোমাই থাকে এখন সমাজৰ ভৱিষ্যৎ। ৰাজনীতিৰ লগত এখন দেশ তথা ৰাজ্যৰ জনসাধাৰণৰ আশা-আকাংশ সমূহ জড়িত হৈ থাকে।
কেৱল নিৰ্বাচনৰ পূৰ্বে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত কিয় আজমল?

বৰষা শৰ্মা

ৰাজনীতি! ই এনে এটা শব্দ য'ত সোমাই থাকে এখন সমাজৰ ভৱিষ্যৎ। ৰাজনীতিৰ লগত এখন দেশ তথা ৰাজ্যৰ জনসাধাৰণৰ আশা-আকাংশ সমূহ জড়িত হৈ থাকে। ৰাজনীতি স্বাৰ্থসিদ্ধিৰ বাবে ব্যৱহাৰ কৰা সকলে সদায় মিঠা প্ৰতিশ্ৰুতি, বিতৰ্কত মন্তব্যৰে জনসাধাৰণৰ মাজত তিষ্ঠি থকাৰ চেষ্টা চলায় ।

ৰাজনীতিত ভুৱা কথা আৰু বিতৰ্কৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। অৱশ্যে ৰাজনীতি মানে মনত যি আহে তাকেই ক'ব পৰাৰ লাইসেঞ্চ পোৱা বুলি ভৱাটোও ভুল। কিয়নো এজন ৰাজনীতিক ব্যক্তিত্বই এখন সমাজৰ আত্মমৰ্যদা আৰু সমাজ জীৱনক প্ৰভাৱিত কৰে। গতিকে ৰাজনীতিবিদ এগৰাকী কথা কোৱাৰ আগতে এশবাৰ ভাবিব লাগে কিয়নো তেওঁৰ ব্যক্তি সত্বাই তেওঁৰ প্ৰতিনিধিত্ব কৰা দলটোৰ লগতে তেওঁৰ চিন্তা ধাৰাকো প্ৰতিফলিত কৰে।

আজি-কালিৰ ৰাজনীতি বহু বেলেগ। একাংশ ৰাজনীতিকবিদে ৰাজনীতি প্ৰেক্ষাপট খন কৌতুক, বিতৰ্কিত মন্তব্য, অশালীন কথা কোৱা আদিৰ উচিত স্থান বুলি ধৰি লৈছে। কিন্তু ক্ষমতাত অন্ধ হৈ যিহকে আহে তাকেই কৈ গ'লে এই ক্ষেত্ৰখনত যে বেছি দিন তিষ্ঠি থাকিব পাৰিব তাৰ দৃঢ়তাৰে ক'ব নোৱাৰি।

এটা কথা মনত ৰাখিব লাগে যে গণতন্ত্ৰত ৰাইজে ৰজা। গতিকে যিমান উপৰলৈ উঠাইছে সিমান তললৈ পেলাই দিয়াতো বেছি পৰ নালাগে। যিকোনো বস্তুৰে অত্যাধিক প্ৰীতি বেয়া। ঠিক তেনেদৰে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত উগ্ৰ সাম্প্ৰদায়িত মন্তব্যও বেয়া।

ৰাজনীতিত প্ৰতিদিনেই বহু ঘটনাই ঘটে। নতুনকৈ বিতৰ্কত আছে এ আই ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। এই নেতা গৰাকী প্ৰায়েই বিতৰ্কিত মন্তব্য, পানীৰ জৰা ফুকা আদিৰ বাবে বিতৰ্কত থাকে। এইবাৰো পৃথক নহয়।

আজমলৰ এটা মন্তব্যই তোলপাৰ লগাইছে শাসকীয়, বিৰোধী পক্ষৰ লগতে জনসাধাৰণকো। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আজমলে কৈছিল যে, ''তেওঁলোকে ৪০ বছৰলৈ বিয়া নাপাতে। অবৈধ সম্পৰ্ক চলায়। তেওঁলোকৰ লগত উপভোগ কৰে কিন্তু সন্তান জন্ম নিদিয়ে। খৰচ বচাই। ৪০ বছৰ পাছত মাক-দেউতাকৰ কথা শুনি বিয়াত বহে। ৪০ বছৰ পাছত বিয়া কেনেকৈ পাতিব, সন্তান জন্ম কেনেকৈ দিব। যি সকলে সময়মতে কাম কৰে তেওঁলোকে ভাল ফল পায়। সেয়ে মুছলমান সকলৰ এই ফৰ্মুলাটো আদৰি ল'ব লাগে। নিজৰ লৰা ছোৱালীক ২০-২২ বছৰত বিয়া পাতি দিয়ক। তেতিয়া দেখিব কিমান সন্তান জন্ম দিব''।

ইয়াতে ক্ষান্ত নাথাকি সকলো সীমা অতিক্ৰম কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ তেওঁ কয় যে -''মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। প্ৰধানমন্ত্ৰী, অমিত শ্বাহৰ পাছত আপোনাৰ নাম আহে। গতিকে ৫-৬ টা লাভ জেহাদ আপুনি কৰক। মুছলমান যুৱতী সকলক পলুৱাই নিয়ক। ক'ত ৰাখে আমাক স্থান ক'ব আমি মিঠাই লৈ যাম। নিজৰ ঘৰতো ৰাখক। সকলো শক্তি দেখুওৱাক। কঁকালত কিমান জোৰ আছে তাকো দেখুওৱাক''।

এই অশালীন মন্তব্যৰ পাছতেই তোল পাৰ লাগিছে দেশৰ ৰাজনীতি। বিজেপিকে ধৰি কংগ্ৰেছৰ বহু কেইগৰাকী নেতাইও ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কিন্তু এতিয়ালৈকে ক্ষমা খোজা নাই আজমলে।

কিন্তু হঠাৎ আজমলৰ এই বিতৰ্কিত মন্তব্য কিয়? এই খিনিতে মনত ৰাখিব লাগিব যে গুজৰাটত চলি আছে বিধানসভা নিৰ্বাচন। গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে আজমলৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। এই ধৰ্মীয় বিতৰ্কিত মূলক মন্তব্যৰ আঁৰত কিবা সোমাই আছে নেকি বুলি প্ৰশ্ন একাংশৰ।

গুজৰাটত বিজেপিয়ে আশা কৰা ধৰণে প্ৰথম পৰ্যায়ত ভোটদান নহ'ল। প্ৰায় ২৭ বছৰ ধৰি গুজৰাটৰ শাসনৰ গাদীত বহি থকা বিজেপিয়ে হিন্দুত্ববাদ ৰাজনীতিৰ কেন্দ্ৰবিন্দুত তিষ্ঠি থাকিবলৈ কৰিছে অপ্ৰাণ চেষ্টা। গতিকে এনে সময়তে আজমলৰ বিষবাষ্প বিয়পোৱা মন্তব্য বিজেপিৰ বাবে সোণৰ কণী পৰা হাঁহ হৈ পৰিব পাৰে।

ইয়াৰ মাজতে আমি ক'ব পাৰো ২০২১ চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ কথা। এই নিৰ্বাচনৰ পূৰ্বেও হৈছিল হিজাব বিতৰ্ক। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজমলৰ পুত্ৰই কৰিছিল সাম্প্ৰদায়িক মন্তব্য। তেওঁ কৈছিল যে ''অসমত দাড়ি,টুপি, লুঙীৰ চৰকাৰ হ'ব''। ২০১৫ চনতো আজমলৰ নাম সাঙোৰ খাইছিল এক বিতৰ্কত। বাংলাদেশত থকা জেহাদীৰ সৈতে যোগসূত্ৰ থকা বিতৰ্কত আহিছিল আজমলৰ নাম। এয়া মাত্ৰ উদাহৰণহে। নিৰ্বাচনৰ পূৰ্বে নেতা সকলৰ মুখত অশালীন মন্তব্যৰ ফুলজাৰি দেখা যায়। প্ৰতিযোগিতাত নামে অভদ্ৰামীৰ পৰিচয় দিয়াত।

আজমলৰ এনে মন্তব্য কাৰো বাবেই গ্ৰহণযোগ্য নহয়। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীৰ বাবে কৰা এনে অশালীন মন্তব্যই সভ্য সমাজত স্থান নাপায়। মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যক প্ৰতিনিধিত্ব কৰে। গতিকে এনে মন্তব্যই সমাজৰ প্ৰতিগৰাকী লোককে অসন্মান কৰা বুজায়।

কিন্তু নিৰ্বাচনৰ পূৰ্বেই কেৱল বিতৰ্ক কিয়? যিয়েই নহওক ইয়াৰ বাবে কিছু পৰিমাণে বিজেপি লাভান্বিত হৈ আহিছে। সেই মন্তব্যৰ আঁৰত লাগিলে আজমলৰ যিয়েই উদ্দেশ্য নাথাকক কিয়।

আজমলৰ স্থিতিৰ ওপৰত অৱশ্যে জনতাই সন্দেহ নকৰা নহয়। একাংশৰ মতে আজমলে বহু সময়ত বিজেপিক সহায় কৰি আহিছে। যদি এয়াই হয় তেন্তে প্ৰশ্ন হয় আজমলে কিয় এনে কৰিছে?

সকলোৱে জানে আজমলে ৰাজনীতিৰ উপৰি ব্যৱসায়ৰ লগতো জড়িত। আছে নেকি আজমলৰ কিবা ভয়? কেইদিনমান পূৰ্বে খবৰ ওলাইছিল যে আজমলৰ বাসগৃহত ইডিৰ অভিযান চলিছে। কিন্তু পৰৱৰ্তী সময়ত এই অভিযোগ খণ্ডন কৰিছিল আজমলে।

উদ্দেশ্য যিয়েই নহওক । আজমলৰ এনে মন্তব্যই এখন সমাজক বেয়া প্ৰভাৱ পেলায়। আজমলে মনত ৰাখিব লাগে যে ৰাজনীতিত প্ৰতিটো পদবীৰে বিশেষ ক্ষমতা আৰু তেওঁৰ কৰ্মক্ষেত্ৰ থাকে। আৰু এয়া জনসাধাৰণে নিৰূপন কৰে। মানুহে চকুৰ মণি কৰি ৰখা লোকজনো চকুৰ কূটা হৈ পৰে।

ৰাজনীতি মানেই নীতি, দিক, আদৰ্শবিহীন, ক্ষমতাৰ সৰ্বোচ্চ এক শাসন। সমাজৰ আদৰ্শ, ভাল কথা বতৰা যেন মূল্যহীন একাংশ নেতাৰ মতে। ইতিমধ্যে বহু নেতাই আজমলৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এজাহাৰো দাখিল কৰিছে। গতিকে আজমলৰ বিষবাষ্প বিয়পোৱা মন্তব্যৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in