আৰক্ষী থানা চৌহদৰ ভিতৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি আৰক্ষী কনিষ্টবল, অচেতন অৱস্থাত উদ্ধাৰ

আৰক্ষী থানা চৌহদৰ ভিতৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি আৰক্ষী কনিষ্টবল, অচেতন অৱস্থাত উদ্ধাৰ

ধুুবুৰীৰ জিলাৰ চাপৰ আৰক্ষী থানাত যোৱা ২ ডিচেম্বৰত এক ভয়ংকৰ অপহৰণ কাণ্ড সংঘটিত হয়।

ডিজিটেল সংবাদ,বিলাসীপাৰা: ধুুবুৰীৰ জিলাৰ চাপৰ আৰক্ষী থানাত যোৱা ২ ডিচেম্বৰত এক ভয়ংকৰ অপহৰণ কাণ্ড সংঘটিত হয়। দেওবাৰে আৰক্ষীয়ে সদৰি কৰা প্ৰাপ্ত তথ্য মতে যোৱা ২ ডিচেম্বৰৰ মাজনিশা চাপৰ আৰক্ষী থানাৰ চৌহদত দুৰ্বৃত্তৰ দল এটা প্ৰৱেশ কৰি এগৰাকী আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰাৰ লগতে পিষ্টল দেখুৱাই বাহিৰত ওলাই লৈ গৈ পথাৰত এখনত চকু মুখ, বান্ধি অচেতন অৱস্থাত পেলাই থৈ যায়।

পিছত পিছদিনা পুৱা গাঁৱৰ ৰাইজে মৃতদেহ পৰি থকা সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ অচেতন অৱস্থাত পৰি থকা ব্যক্তি গৰাকীক আৰক্ষী কনিষ্টবল ইউবি(UB) দীনেশ দাস বুলি চিনাক্ত হোৱাত আৰক্ষীয়ে তাৎক্ষণিকভাবে চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে। পিছলৈ উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে।

দেওবাৰ দিনা দীনেশ দাসে জানিব দিয়া মতে ২০০৪ চনত দাসে বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত উত্তৰ ভেৰভেৰি গাঁৱৰ গাওঁবুঢ়া হৈ থকা অৱস্থাত আৰক্ষীয়ে দাসৰ সহায়ত আলফাৰ সদস্যক হত্যা কৰিছিল ।তাৰ পাছত আলফাই তেখেতক মৃত্যুৰ ভাবুকি দিছিল বুলি জানিবলৈ দিয়ে।উক্ত ঘটনা সংক্ৰান্তত তেতিয়াই আৰক্ষীৰ শীৰ্ষ মহলক অৱগত কৰাত দাসক নিৰাপত্তা প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে সেই বছৰটোৰে ২০০৪ চনৰ ১৩ চেপ্তেম্বৰ দিনা আলফাই দাসক আক্ৰমণ কৰিবলৈ আহি আৰক্ষীৰ গুলিত এজন আলফা সদস্য নিহত হয়। পিছলৈ দাসক আৰক্ষীত নিযুক্ত দি বৰপেটা জিলাৰ আৰক্ষীৰ ৰিজাৰ্ভত ৰাখে।বৰ্তমান শেহতীয়াকৈ বদলিকৰণ হোৱাৰ বাবে দাস চাপৰ আৰক্ষী থানাত কৰ্মৰত হৈ আছে।

চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৰ তিনিজন সামৰিক বাহিনীৰ পোছাকত আৰু এজন সাধাৰণ পোচাক পৰিধান কৰি আহিছিল। দলটোৱে এক সপ্তাহৰ ১০ লক্ষ টকা ধন দাবী কৰাৰ লগতে জীৱন নাশৰ ভাবুকি প্ৰদান কৰা বুলি দাসে সাংবাদিকৰ আগত কয়। খোদ আৰক্ষী জোৱানজনে এতিয়াও নিৰাপত্তাত ভূগি আছে বুলি সাংবাদিকৰ আগত অৱগত কৰে। আনহাতে চাপৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক:  তৃতীয়, চতুৰ্থবৰ্গৰ চাকৰি নকৰে জালুকবাৰীৰ যুৱক-যুৱতীয়েঃ হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in