দিল্লী কুশলে থাকক....

দিল্লী কুশলে থাকক....

বৰষা শৰ্মা

শীতৰ আগমন। চাৰিওফালে ধোৱা ধোৱা। কুৱলীৰ আস্বাদনে ঢাকি ধৰিছে যেন সকলো। এক ভাল লগা পৰিৱেশ। বিশুদ্ধ বায়ু ল'বলৈ মানুহে পুৱাই উঠি ৰাস্তাই ৰাস্তাই প্ৰাতঃভ্ৰমণ কৰিছে। কুৱলীক লৈ যেন নস্তালজিক হৈ পৰিছে সকলো।

কিন্তু নহয়! দিল্লীৰ ক্ষেত্ৰত এনে নহয়। দৃশ্যপট একেই। ধোৱা বৰণে ঢাকি ধৰিছে ৰাজধানী দিল্লী। কিন্তু ৰোমান্তিক হৈ পৰিব পৰাকৈ সেয়া কুৱলী নহয়, বিষাক্ত বায়ুৰহে আৱৰণ। বায়ু প্ৰদূষণে এতিয়া উশাহ বন্ধ কৰাৰ উপক্ৰম কৰিছে ৰাজধানী দিল্লীক।

বিগত কেইটামান দিনত দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে। ৪০০ৰ পৰা- ৭০০ লৈ গৈছে AQI । এক ভয়ংকৰ, ভয়লগা পৰিস্থিতি। এতিয়া দিল্লীৰ মানুহে আৰু বাহিৰত ওলাই বিশুদ্ধ বায়ু ল'ব নোৱাৰে। দিল্লীৰ বায়ু প্ৰদূষণ ইমানেই ভয়ংকৰ ৰূপ লৈছে যে এয়া বিষাক্ত হৈ পৰিছে। দিল্লীৰ ৰাজপথত অলপ সময় থকা মানে ৭-৮টা ছিগাৰেটৰ সমান হৈ পৰিছে।

বন্ধ কৰি দিয়া হৈছে নিৰ্মাণ কাৰ্য, বন্ধ ঘোষণা কৰিছে বিদ্যালয়সমূহ। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ চিকিৎসকসকলে সতৰ্ক কৰি দিছে যে এই বায়ু শিশুসকলক অধিক ক্ষতি কৰিব পাৰে। ইয়াৰ বাবে হাপানী, শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিব পাৰে। কেৱল শিশু নহয়, জ্যেষ্ঠসকলৰ বাবেও এই বায়ু বিষাক্ত। ইয়াৰ ফলত হাওফাওৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱণা আছে।

বায়ু প্ৰদূষণৰ ফলত সৃষ্টি হয় বহু অদৰকাৰী গেছৰ। কাৰ্বন মন'ক্সাইড, চালফাৰ ডি অক্সাইডৰ দৰে গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে ইয়াৰ প্ৰভাৱ পৰে মানুহৰ স্বাভাৱিক জীৱন ধাৰণাত।

এই বায়ু প্ৰদূষণৰ মূল কাৰণ যান-বাহনৰ পৰা ওলোৱা ধোৱা, ঔদ্যোগিক প্ৰদূষণ, নিৰ্মাণ কাৰ্যকলাপ, পঞ্জাৱ আৰু হাৰিয়ানাত শস্যৰ অৱশিষ্ট জ্বলোৱা কাৰ্য আদি। তদুপৰি আহি আছে দিপাৱলী। যদি প্ৰশাসনে দিপাৱলীৰ সময়ত ফটকা ফুটোৱাত নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে ই আকৌ ভয়ংকৰ হৈ পৰিব। অৱশ্যে উচ্চতম ন্যায়ালয়ে ফটকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

দিল্লীত দেশৰ সৰ্ববৃহৎ মেট্ৰ' ৰে'ল পথ নিৰ্মাণ কৰা স্বত্বেও প্ৰতি লাখ জনসংখ্যাত বৃদ্ধি পাইছে ৰাজহুৱা পৰিবহন ব্যৱস্থা। ইয়াৰোপৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা লৈছে যদিও হ্ৰাস হোৱা নাই প্ৰদূষণ।

দিল্লীৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ এইবাৰ কৃত্ৰিম বৰষুণৰ ব্যৱস্থাৰ কথা ভাবিছে। ইতিমধ্যে ইয়াৰ বাবে কেজৰিৱাল চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। দিল্লী চৰকাৰৰ পৰ্যাবৰণ মন্ত্ৰী গোপাল ৰায়ে বুধবাৰে কানপুৰ আই আই টিৰ সৈতে এই সন্দৰ্ভত এক বৈঠকত মিলিত হয়। এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে যদিহে সকলো ঠিকে থাকে তেন্তে ২১ আৰু ২২ নৱেম্বৰত কৃত্ৰিম বৰষুণ কৰোৱা হ'ব।

দিল্লীৰ প্ৰদূষণৰ কাৰণ বৰষুণৰ পৰিমাণ কম বুলিও কোৱা হয়।ছেপ্টেম্বৰ মাহত বাৰিষা শেষ হোৱাৰ পাছত বায়ুত প্ৰদূষণকাৰী তত্ব জমা হৈছে।তদুপৰি অক্টোবৰ মাহত বৰষুণৰ পৰিমাণ কম।  ২০২১ চনত দিল্লীক ১২৩ মিমি. বৰষুণ হৈছিল। ২০২২ চনত ১২৯ মিমি কিন্তু এই বৰ্ষৰ অক্টোবৰত মাত্ৰ ৫.৪ মিমি বৰষুণ হৈছে।

ক্লাউড চিডিঙৰ দ্বাৰা কৃত্ৰিম বৰষুণ কৰোৱা হ'ব। এই পদ্ধতিৰ ওপৰত কানপুৰ আইআইটিৰ বিশেষজ্ঞই ২০১৭ চনৰ পৰা কাম কৰি আছে। ইয়াৰ পৰীক্ষণৰ সময়ত এখন সৰু বিমান ৫০০০ ফুট উচ্চতাত উৰোৱা হ'ব। তাৰ পাছত ক্লাউচ চেডিং পদ্ধতিৰে বায়ুমণ্ডলত এক ৰাসায়নিক দ্ৰব্য মিহলি কৰি দিব আৰু ইয়াৰ দ্বাৰা পানীৰ টোপাল হ'ব আৰম্ভ কৰিব। তাৰে কিছু সময় পাছতে ওচৰ-পাজৰ এলেকাত বৰষুণ হ'ব।

সাধাৰণ বৰষুণতকৈ এই বৰষুণ কিছু বেছি হয়। অৱশ্যে ৰাসায়নিক পদাৰ্থ কিমান মিহলি কৰিব তাৰ ওপৰতো ই নিৰ্ভৰ কৰে। এই পদ্ধতি ইয়াৰ পূৰ্বে চীন আৰু জাপানে ব্যৱহাৰ কৰিছে।

কিন্তু এই পৰিস্থিতি হৈছে কিয়? জলবায়ুৰ পৰিৱৰ্তনে ইমানে ভয়ংকৰ ৰূপ লৈছে যে কৃত্ৰিম বৰষুণৰ কথা ভাবিবলৈ বাধ্য হৈছে দিল্লী চৰকাৰ।

ইয়াৰ কাৰণ বহু পৰিমাণে জনসাধাৰণো হয়। জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱে এতিয়া পৃথিৱীখনক কষ্ট দিছে। কেৱল মানুহৰ ভুলৰ বাবেই দিল্লী এতিয়া বিষাক্ত কফিনলৈ পৰিণত হৈছে। যদি এনেকৈয়ে থাকে সকলো তেন্তে দিল্লী বসবাসৰ বাবে অনুপযোগী হৈ পৰিব।

কেৱল দিল্লীয়েই নহয়, দেশৰ বিভিন্ন চহৰ এতিয়া প্ৰদূষণৰ কবলত। আমি বায়ু, পানীৰ ওপৰত নিৰ্ভৰশীল। সু-স্বাস্থ্যৰ বাবে বিশুদ্ধ পানী আৰু বায়ু অতিকৈ প্ৰয়োজন। বায়ু প্ৰদূষণ মানৱ জাতিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। 

গুৱাহাটীও বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আহিছে। এই বিষয়টো আমি গুৰুত্বপূৰ্ণ যদিও মন কৰা নাই। গুৱাহাটী মহানগৰীত যোৱা কেইবাটা দশকত বহু গছ বন কাটি ধ্বংস কৰা হ'ল।

ডাঙৰ ডাঙৰ গছবোৰ নোহোৱা হ'ল, পাহাৰ কাটি সাজিলে ডাঙৰ ডাঙৰ অট্টালিকা। উন্নয়নৰ নামত এতিয়া সকলোফালে ধ্বংস যজ্ঞ। যদি এই সকলোবোৰত নিয়ন্ত্ৰণ কৰা নহয় তেন্তে গুৱাহাটীও দিল্লীৰ দৰে হৈ পৰিবলৈ বেছি দিন নাই।

প্ৰকৃতিয়ে আৰু কিমান সহ্য কৰিব মানুহৰ অত্যাচাৰ? নিজৰ বাবে বসতি স্থান কৰিবলৈ প্ৰকৃতিৰ বুকুত হাত দিছে এতিয়া জনতাই। প্ৰকৃতিৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে অসমতো কম হৈছে বৰষুণৰ পৰিমাণ।

আশা এটাই, কম হওক বায়ু প্ৰদূষণ। দিল্লীৰ মানুহে স্বত্বিৰ উশাহ লওক। তাৰ বাবে সজাগ হোৱাৰ সময় আহি পৰিছে। সময় বৰ টাকৰ। যদি সময়তে সঠিক কাম কৰা নাযায় তেন্তে ই ভয়ংকৰ ৰূপ ল'ব। আমাৰ ভুলৰ পৰিণাম আমিয়েই ভোগ কৰিব লাগিব।

দিল্লী আমাৰ দেশৰ কেন্দ্ৰস্বৰূপ। আগ্ৰাৰ তাজমহল, লালকিল্লা আদি পৰ্যটকৰ মুখ্য আকৰ্ষণ । কিন্তু এই তাজমহলে এতিয়া প্ৰদূষণে ঢাকি ৰাখিছে। বেয়া সময় পাৰ হওক আৰু দিল্লী কুশলে থাকক।

দিল্লী কুশলে থাকক....
গ্লেন মেক্সৱেলঃ যাৰ সন্মুখত অৰ্থহীন ক্ৰিকেটৰ প্ৰাথমিক চৰ্তও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in