কিমান যে কথাঃ ৩০ বৰেণ্য অসমীয়াৰ মুখেৰে শুনা...

কিমান যে কথাঃ ৩০ বৰেণ্য অসমীয়াৰ মুখেৰে শুনা...
কিমান যে কথাঃ ৩০ বৰেণ্য অসমীয়াৰ মুখেৰে শুনা...

লগ পাইছেনে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক? বেজবৰুৱাৰ মুখেৰে শুনিছেনে কেতিয়াবা তেওঁৰ মনৰ কথা? 'জয়মতী' অসমৰ প্ৰথম বোলছবি। মূল কাহিনী আছিল বেজবৰুৱাৰে। ছবিখন চাই সেই সময়ত বেজবৰুৱাই বাৰু কি কৈছিল?

সুদূৰ সম্বলপুৰৰ কলকাতালৈ আহিছিল তেওঁ। 'জয়মতী' ছবিখন উদ্বোধন কৰিবলৈ। তাৰ পাছত তেওঁক 'জয়মতীক' লৈ সুধা হৈছিল কেইবাটাও প্ৰশ্ন। যেনে ছবিখন চাই কেনে পালে, ছবিখনৰ কোনটো কথা তেওঁৰ মনত সাঁচ বহালে ইত্যাদি।

বেজবৰুৱাৰ মতে ডালিমী চৰিত্ৰটোৱেই আটাইতকৈ ভাল হৈছিল। তেওঁ কৈছিল, তেওঁৰ মানস প্ৰতীমা সদৃশ এই চৰিত্ৰক বাস্তৱ ৰূপত এনেদৰে ইহজনমত দেখিবলৈ পাব বুলি। ১৯৩৫ চনৰ ২৯ মাৰ্চত বেজবৰুৱাৰ এই সাক্ষাৎকাৰ প্ৰকাশ পাইছিল 'তিনিদনীয়া অসমীয়া'ত।

সাক্ষাৎকাৰটো লৈছিল সেই জয়মতী ছবিতেই ল'ৰা ৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰা নৰেন বৰদলৈয়ে। ইমান পুৰণি সাক্ষাৎকাৰটো আপুনি এতিয়া ক'ত পাব? কিন্তু জানিবটো মন যায় সেই সাক্ষাৎকাৰত বেজবৰুৱাই আৰু কি কি কৈছিল?

বিষ্ণু ৰাভাৰ সৈতে কথা পাতিছিল ফণী শৰ্মাই। সাংস্কৃতিক জগতৰ দুই নক্ষত্ৰই সেইদিনা কিনো কথা পাতিছিল? অসমীয়া শিল্পীৰ অৱস্থাৰ সম্বন্ধে কথা হৈছিল দুয়োৰে মাজত। ফণী শৰ্মাই ৰাভাক সুধিছিল এই প্ৰশ্ন। ৰাভাই উত্তৰত কৈছিল- সকলোৰে যি ধাৰণা তেওঁৰো সেই ধাৰণা অসমীয়া শিল্পীৰ সম্বন্ধে। মুঠৰ ওপৰত বহুতো দৰিদ্ৰ-ক্লিষ্ট। এয়াই আছিল ৰাভাৰ উত্তৰ।

এই দৰিদ্ৰতাৰ পৰিবৰ্তনৰ উপাই কি? ফণী শৰ্মাৰ প্ৰশ্নৰ উত্তৰত ৰাভাই কৈছিল কিছু কথা। কথাবোৰ উলাইছিল 'আবাহন'ৰ সংস্কৃতিৰ সংবাদ চৰাত। জানিবলৈ মন নাযায়নে বিষ্ণু ৰাভাৰ সৈতে ফণী শৰ্মাৰ সেই কথোপকথনৰ সবিশেষ?

আৰু দুজন মানুহৰ মাজত কথোপকথন। প্ৰশ্ন কৰিছিল ভূপেন হাজৰিকাই। উত্তৰ দিছিল ফণী শৰ্মাই। ১৯৫৮ চনৰ ডিচেম্বৰ। কেলকাটা মুভীটোনৰ মজিয়াত বহি ভূপেন হাজৰিকাই আৰম্ভ কৰিছিল সেই আলাপ।

কথা আগবাঢ়ি গৈছিল। ফণী শৰ্মাই আক্ষেপ কৰি কৈছিল- আমাক ট্ৰেভেলিং এলাওঞ্চ দিব বুলি কৈছিল। ১০ লাখ টকাৰ ষ্টুডিঅ' পাতি দিব বুলি চৰকাৰৰ ডাঙৰ ডাঙৰ মানুহে বক্তৃতা দিছিল। আজি বহুত মাহ হ'ল, চৰকাৰৰ ঘৰৰ টি এ নাপালো। এতিয়া দেখিছোঁ ৬০ টকাৰ টি এ পাবলৈ যদি ৬ মাহ লাগে তেনেহ'লে ষ্টুডিঅ' পাবলৈ বহুত বছৰ লাগিব। এই জীৱন গৈ অহা জনমত যদি অসম চৰকাৰে পাতি দিয়া ষ্টুডিঅ'ত ছবি নিৰ্মাণ কৰিব পাৰোঁ ধন্য মানিম।

অসম চৰকাৰে পতা প্ৰযোজক সভাত হোৱা আলোচনা সভাত হোৱা ফণী শৰ্মাৰ প্ৰতিক্ৰিয়া আছিল এয়া। নাটকীয়া যেন লগা এক সাক্ষাৎকাৰ ৰৈ গৈছিল ১৯৫৯ চনৰ 'গতি' আলোচনীৰ এক সংখ্যাত।

আৰু দুজন মানুহৰ মাজত কথোপকথন। প্ৰশ্ন কৰিছিল ভূপেন হাজৰিকাই। উত্তৰ দিছিল ফণী শৰ্মাই। ১৯৫৮ চনৰ ডিচেম্বৰ। কেলকাটা মুভীটোনৰ মজিয়াত বহি ভূপেন হাজৰিকাই আৰম্ভ কৰিছিল সেই আলাপ।

কথা আগবাঢ়ি গৈছিল। ফণী শৰ্মাই আক্ষেপ কৰি কৈছিল- আমাক ট্ৰেভেলিং এলাওঞ্চ দিব বুলি কৈছিল। ১০ লাখ টকাৰ ষ্টুডিঅ' পাতি দিব বুলি চৰকাৰৰ ডাঙৰ ডাঙৰ মানুহে বক্তৃতা দিছিল। আজি বহুত মাহ হ'ল, চৰকাৰৰ ঘৰৰ টি এ নাপালো। এতিয়া দেখিছোঁ ৬০ টকাৰ টি এ পাবলৈ যদি ৬ মাহ লাগে তেনেহ'লে ষ্টুডিঅ' পাবলৈ বহুত বছৰ লাগিব। এই জীৱন গৈ অহা জনমত যদি অসম চৰকাৰে পাতি দিয়া ষ্টুডিঅ'ত ছবি নিৰ্মাণ কৰিব পাৰোঁ ধন্য মানিম।

অসম চৰকাৰে পতা প্ৰযোজক সভাত হোৱা আলোচনা সভাত হোৱা ফণী শৰ্মাৰ প্ৰতিক্ৰিয়া আছিল এয়া। নাটকীয়া যেন লগা এক সাক্ষাৎকাৰ ৰৈ গৈছিল ১৯৫৯ চনৰ 'গতি' আলোচনীৰ এক সংখ্যাত।

এইবাৰ প্ৰশ্নৰ সন্মুখীন হৈছিল ভূপেন হাজৰিকা। প্ৰশ্নকৰ্তা আছিল দুলাল শৰ্মা। এই সাক্ষাৎকাৰৰ আৰম্ভণি আছিল ছাচপেঞ্চেৰে ভৰা। সাক্ষাৎকাৰ ল'বলৈ যোৱা জনে ভাষাৰে বৰ্ণনা কৰা সেই পৰিৱেশ পঢ়িলে চকুৰ সন্মুখত ভাহি আহিব ভূপেন হাজৰিকাৰ এখন ঘৰুৱা ছবি।

বেনাৰছত শাস্তিয় সংগীতৰ শিক্ষা লোৱাৰ সুযোগ পাইছিল ভূপেন হাজৰিকাই। বিশ্ববিদ্যালয়ৰ সংগীত ভৱনত এদিন একান্তমনে ভূপেন হাজৰিকাই ভজন গাই আছিল। বহু ডাঙৰ ডাঙৰ ওস্তাদ আহিছিল তালৈ। সুধাকণ্ঠৰ কাষত তেনে এজন ওস্তাদেই আহি ৰৈছিল।

ভজন শেষ হোৱাৰ পিছত ভূপেন হাজৰিকাৰ পৰিচয় সুধিছিল। সংগীত নেৰিবলৈ উপদেশ দিছিল। ৫ খন ১০ টকীয়া নোট দি আশীৰ্বাদ দিছিল। সেইজন ভদ্ৰলোক আছিল বিখ্যাত ঘনশ্যাম দাস বিৰলা। এনে কত অভিজ্ঞতা আছে ভূপেন হাজৰিকাৰ। ভাল সান্নিধ্যপালে আৰু মনগ'লে প্ৰাণ খুলি কৈ গৈছিল জীৱনৰ কাহিনী।

অসমীয়া কাব্যজগতৰ সম্ৰাট নৱকান্ত বৰুৱা। এদিন নৱকান্ত বৰুৱাৰ সৈতে কথা পাতিম বুলি বহিল হোমেন বৰগোহাঁই। বৰুৱাই লিখা এই গানটো আপুনি মই সকলোৱে শুনিছোঁ- 'অ' ধুন ধুনীয়া অকণমানি'। বীৰেণ দত্তৰ কণ্ঠত সজীৱ হৈ ৰোৱা অসমীয়া চিৰপৰিচিত গীতবোৰৰ ভিতৰত এয়াও এটা।

কবি নৱকান্ত বৰুৱাই স্বীকাৰ কৰিলে এই গীতৰ আঁৰৰ কাহিনী। এই জনপ্ৰিয় গীতৰ উৎস আমেৰিকাৰ কৌতুক কবি Ogden Nash ৰ এটা পংক্তি- 'Trouble with the kitten is that/ Eventually it becomes a cat'। কথা শেষ নহয়হে নহয়। আপোন বিভূৰ দুজন মানুহৰ কিমান কথা থাকিব পাৰে? নীলাচলৰ পাতত ছপা হৈছিল সেই কথাবোৰ।

কবিৰ সৈতে আৰু এক কথোপকথন। সমীৰ তাঁতি, কিশোৰ ভট্টাচাৰ্য, মনোজ বৰপূজাৰী আৰু খনিন দাসৰ অনেক প্ৰশ্ন। কবিৰ মন বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। শান্তি নিকেতনত পঢ়ি থাকোঁতে কিবা এটা ঘটিছিল। এইবোৰ কথা জানিবলৈ তেওঁলোকে কি কথা পাতিছিল সেই কথাও জানিব লাগিব।

কবি অজিৎ বৰুৱাক লৈ বহুতৰে উৎসুকতা থাকে। কেৱল কবিতাৰে নহয়, তেওঁৰ দৈনন্দিন জীৱন প্ৰবাহৰ আন কথাও জানিব খোজে। কবি কুশল দত্তই সুধিলে আন বহু প্ৰশ্নৰ লগতে এটা বিশেষ প্ৰশ্ন। তেওঁৰ প্ৰিয় খাদ্য তালিকাখন কি?

কবিয়ে ক'লে- পাভ মাছ, জহা চাউলৰ ভাত, চ্চীজ, গাহৰি মাংস, হ্যাম, বেকন আৰু চচেজ। তাৰ পৰৱৰ্তী প্ৰশ্ন আছিল মানসিক খাদ্যৰ তালিকাখন? কবিৰ উত্তৰ- হাঁহিৰ গল্প, এলিয়টৰ কবিতা, ফৰাচী ভাষাৰ সাহিত্য।

অজিৎ বৰুৱাক নতুনকৈ আৱিস্কাৰ কৰিব পৰাকৈ এই সাক্ষাৎকাৰেই যথেষ্ট। সুধা হৈছিল ভ্ৰমণকালত তেওঁ লগত এৰিব নোৱাৰাকৈ কি কি কিতাপ লৈ গৈছিল? কবিয়ে উত্তৰত কৈছিল প্যাৰিছত মই দুবছৰ আছিলো।

এই অজ্ঞাতবাসৰ দুটা বছৰ কটাবলৈ মই মোৰ কেইখনমান প্ৰিয় কিতাপ লগত কঢ়িয়াই ফুৰিছিলো। ইয়াৰে এখন হেমকোষ। হেমকোষ ইতিমধ্যে ইমূৰৰ পৰা সিমূৰলৈ দুবাৰ পঢ়িছো।

হীৰেন ভট্টাচাৰ্য অজিৎ বৰুৱাৰ ছাত্ৰ আছিল। পাছলৈ এজন কবি আনজনৰ প্ৰকাশক হৈছিল। অজিৎ বৰুৱাৰ ভাষাত- হীৰেন মোৰ ছাত্ৰ আছিল নগাওঁ কলেজত। প্ৰকাশক হ'বলৈ পালে ১৯৯১ত প্ৰকাশিত মোৰ প্ৰথমখন সাহিত্য আলোচনাৰ গ্ৰন্থ 'সাহিত্য বিষয়ে'খন প্ৰকাশ কৰি। কিমান যে আমোদজনক কথা এনেকৈয়ে ৰৈ যায়।

বিশ্বই কিয় দ্বিতীয়জন শ্বেইক্সপিয়েৰ, দ্বিতীয়জন টলষ্টয়, দ্বীতয়জন ৰবীন্দ্ৰ নাথ, দ্বিতীয়জন লক্ষ্মীনাথ জন্ম দিব নোৱাৰে? ইয়াৰ কাৰণ কি? সেই উত্তৰ চন্দ্ৰপ্ৰসাদ শইকীয়াক দিছিল উমাকান্ত শৰ্মাই।

প্ৰথমখন উপন্যাস হেৰাইছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ। কীৰ্তিকমল ভূঞাক সেই বিষয়ে সবিশেষ কৈছিল তেওঁ। হাডিঞ্জ হোষ্টেলত ভট্টাচাৰ্য, কৃষ্ণ বৰকাকতিৰ ঘৰত আলহী হৈ আছিল। দিনত এডভাঞ্চ কাকতত কাম কৰে আৰু ৰাতি উপন্যাস লিখে।

উপন্যাসখন লিখি শেষ হোৱাৰ সময়ত অমূল্য বৰুৱা আহিছিল মেছৰ পৰা। সুধিছিল তেওঁ লিখা উপন্যাসখন পঢ়িব নেকি? সহৰি জনাই সেইখন লৈ গৈছিল। কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষত অমূল্য বৰুৱা ঢুকুৱাৰ পিছত সেই উপন্যাস হেৰাল।

কলকাতাৰ লাল বজাৰলৈ গৈ অনুসন্ধান কৰিও বিশেষ ফল নাপালে। দ্বিতীয়বাৰ আৰু সেই উপন্যাসখন লিখা নহ'ল। উপন্যাসখনৰ নাম আছিল 'মহাপ্ৰস্থানৰ পুথি'। এনেকৈয়ে হেৰাই গ'ল তেওঁৰ প্ৰথমখন উপন্যাস।

দৰিদ্ৰতাই তেওঁক ছানি ধৰিছিল। গোটেই জীৱন হেনো তেওঁ দৰিদ্ৰতাৰ সুৱাদ পাইছিল। কেনেবাকৈ জ্ঞানপীঠ বঁটা নোপোৱা হলে দৰিদ্ৰতাৰ বাবে তেওঁৰ সাহিত্য জীৱনেই বাধাগ্ৰস্ত হল হয়। এয়া তেওঁ নিজা স্বীকাৰুক্তি।

চন্দ্ৰপ্ৰসাদ শইকীয়াই হোমেন বৰগোহাঁইক সুধিছিল- কিতাপ আৰু চিনেমাৰ মাজৰ পাৰ্থক্য কি? হোমেন বৰগোহাঁইৰ মতে চিনেমাতকৈ কিতাপৰ অতিৰিক্ত সুবিধা হ'ল কিতাপে গভীৰ ধ্যানৰ আৰু নিজৰ লগত কথা পতাৰ সুযোগ দিয়ে।

অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গদ্য লেখকগৰাকী সেইদিনা সন্মুখীন হৈছিল এক ব্যতিক্ৰমী প্ৰশ্নৰ। যদি নিৰ্বাসন দিয়া হয়, ৫ খন কিতাপ লগত নিবলৈ দিয়া হয় তেন্তে সেই কিতাপ কেইখন কি হ'ব? ৩ খন ইংৰাজী কিতাপৰ কথা উল্লেখ কৰি বৰগোহাঁয়ে তেওঁৰ ৫ খন কিতাপৰ তালিকাত স্থান দিছিল বেজবৰুৱাৰ ৰচনাৱলীৰ দুয়োটা খণ্ড আৰু হেমকোষ অভিধানক।

তেওঁ কছিল- মই নিজে নিব খোজা পঞ্চমখন কিতাপ হ'ল হেমকোষ অভিধান। যি কাৰণত মই বেজবৰুৱা ৰচনাৱলী লগত নিব খুজিছো সেই একে কাৰণতে হেমকোষ অভিধানো নিঃসঙ্গ নিৰ্বাসিত জীৱনৰ লগৰীয়া হিচাপে নিব খোজো। অভিধানৰ শব্দবোৰ কেৱল শব্দ নহয়; সেইবোৰৰ মাজত সঞ্চিত হৈ আছে মোৰ পূৰ্বপুৰুষৰ জীৱনৰ নিৰ্যাস। কৰ্মব্যস্ততাৰ মাজত অভিধান পঢ়িবলৈ সময় নাপাওঁ। কিন্তু নিৰ্বাসনৰ অখণ্ড অৱসৰে মোক অভিধান পঢ়াৰ সুযোগ দিব আৰু অভিধান পঢ়াৰ বিমল আনন্দ দিব।

'আমাৰ জ্যোতিপ্ৰসাদৰ ৩০০ নে ৩৫০ গান আছে। সুৰ কেইটা আছে? নৌবডি নৌজ? বাকী গানবোৰৰ কি হ'ব? সেইবিলাকৰ সুৰ দিব কোনোবাই নে তেনেকৈয়ে পৰি থাকিব? সুৰ দিব পাৰে হয়তো। সেই ঠাচতেই সুৰ দিব পাৰে কোনোবাই সাহ কৰিলে। নাই, সেইখিনিও নাই একেবাৰে ক্ৰিয়েটিভ নহয় আমাৰ জাতিটো। কেনেকৈ যে কেইজনমান ভাল ভাল কৰি ওলাল?'

এই আক্ষেপ আছিল ড০ প্ৰফুল্ল দত্ত গোস্বামী। ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ সৈতে কথা পাতোতে তেওঁ এই আক্ষেপ কৰিছিল। তেওঁ গান গাব নাজানিছিল। কিন্তু ১৪ মাহ ধৰি যেতিয়া তেওঁ নিজৰ থেছিচখন লিখিছিলে কেৱল গানৰ মাজত ডুব গৈ আছিল। তেওঁ কৈছিল- 'মিউজিক ৱাজ মাই ঔনলি ফ্ৰেণ্ড এট ডেট টাইম ! গান বাজি থাকে... মই মোৰ কাম কৰি যাওঁ।'

হীৰেন গোহাঁই। এটা শ্ৰদ্ধেয় নাম। সমাজৰ প্ৰতি তেওঁৰ তীক্ষ্ণ দৃষ্টি। চন্দ্ৰপ্ৰসাদ শইকীয়াই সুধিলে- লিখকৰ ক্ষমতা কিমান? ড০ গোহাঁয়ে উত্তৰ দিলে- 'এজন লিখকৰ ক্ষমতা নিৰ্ভৰ কৰে ৰাষ্ট্ৰই শাসন কৰিব নোৱাৰা কল্পনা শক্তি আৰু বিবেকৰ ওপৰত।' আৰু বহুত কথাই কলে তেওঁ এই সন্দৰ্ভত।

অসম আন্দোলনৰ প্ৰতি তেওঁৰ সমৰ্থন নাছিল। তেওঁৰ মতে আন্দোলনটোৰ সম্ভাৱনা স্বত্বেও তাত মোহগ্ৰস্ত আত্মপ্ৰতাৰণাৰ প্ৰৱণতা এটা আছিল। প্ৰকৃত সত্যৰ সন্মুখীন হোৱাৰ সাহস গোটাব নোৱাৰি কেৱল ৰঙীন মোহতে ই আচন্ন হ'ব খুজিছিল।

কুশল দত্তৰ আগত মামণি ৰয়ছমে এদিন কৈছিল। সেয়া আছিল ভৱিষ্যত বাণীৰ দৰে। সেই ভৱিষ্যতবাণী মিলি গৈছিল। তেওঁ কোৱাৰ দৰেই অসমে তৃতীয়টো জ্ঞানপীঠ কবিতাৰ কাৰণেই পাইছিল।

গ্ৰেজুৱেচনৰ পিছতে বিলাতলৈ যাবলৈ ঠিক কৰিছিল। ঘৰৰ পৰাও সকলো প্ৰস্তুতি চলিছিল। কিন্তু সৌৰভ কুমাৰ চলিহা গৈছিল জেললৈ। কিন্তু কিয়? সেই কথা কৈছিল চলিহাই নিজ মুখে।

সাহিত্য একাডেমী পাওঁতে দুই একে ভাবিছিল অৰুণ শৰ্মাই মেনিপুলেট কৰি এই বঁটা পাইছে। আচলতে এই বঁটা আন এজনে পাব লাগে বুলি চৰ্চা চলিছিল। নিজৰ বিৰুদ্ধে উঠা এই অভিযোগৰ কথা এদিন কৈছিল অৰুণ শৰ্মাই।

অসমৰ বুদ্ধিজীৱি ৯৯ ভাগেই গণ্ডগ্ৰাম নতুবা ক্ষুদ্ৰ চহৰৰ পৰা গুৱাহাটীলৈ অহা। তেওঁলোকে হাতীৰ খোজত জমা হোৱা পানীকে হ্ৰদ ৰূপত দেখে। এই অভিযোগ আছিল প্ৰণৱ জ্যোতি ডেকাৰ।

কোনো দিনেই তেওঁ কবিতা নপঢ়ে। কটন কলেজত তেওঁক শিকোৱা অধ্যাপকসকলৰ সন্দৰ্ভতো দুই একক বাদ দি বৰ ভাল ধাৰণা নাই তেওঁৰ। খুলাখুলিকৈ কোৱা মানুহজনে আৰু বহু কথা খুলাখুলিকৈ কৈছিল এদনি ৰক্তিম ৰঞ্জন শইকীয়াৰ আগত।

'সকলো সমাজ সচেতন লেখককে তুমি দেখিবা তেওঁলোকে ৰূপান্তৰ বিচাৰে। সমাজৰ ৰূপান্তৰ।' এই মন্তব্য আছিল নলীনধৰ ভট্টচাৰ্যৰ। পত্নীৰ সৈতে কাজিয়া কৰিছিল নে শীলভদ্ৰই? যদি কৰিছিল কিয়? ছদ্ম নামত তেওঁ কিয় গল্প লিখিছিল?

গহীন গম্ভীৰ মানুহজনে নিজকে সাহিত্যিক বুলি নাভাবিছিল কিয়? সেই উত্তৰ তেওঁ দিছিল ৰঞ্জন কলিতা, অঞ্জলী চক্ৰৱৰ্তী অৰূপা পটঙ্গীয়া কলিতা, মনোৰমা দাস মেধি, দীপক কলিতা আদিক।

অংকত ভাল নাছিল, অথচ মেট্ৰিকত অংকত ভাল নম্বৰ পাইছিল নগেন শইকীয়াই। হঠাৎ সেয়া কেনেকৈ সম্ভৱ হৈছিল। সাহিত্যৰ আন কথাৰ লগতে অনিল শইকীয়াক নগেন শইকীয়াই ইয়াৰ উত্তৰ দিছিল। কৈছিল জীৱনৰ বহু গোপন কথা। সেয়া আছিল এক দীঘল সাক্ষাৎকাৰ।

কেনেকৈ কবি হৈছিল জ্ঞান পূজাৰী? প্ৰথমটো কবিতা ক'ত ওলাইছিল তেওঁৰ? কবিতা এটা লিখোঁতে তেওঁক কিমান সময় লাগে? অসমীয়া জাতিক মাইক্ৰ'ফোনৰ ব্যৱহাৰ কোনে শিকালে? এইবোৰ প্ৰশ্নৰ উত্তৰ আছে জ্ঞান পূজাৰীৰ ওচৰত। বিপুল জ্যোতি শইকীয়াই শুনিছিল সেই প্ৰশ্নবোৰৰ উত্তৰ।

বীৰেন্দ্ৰনাথ দত্ত সৈতে কেনেকৈ সাক্ষাৎ হৈছিল নৱকান্ত বৰুৱাৰ? তেওঁৰ জীৱনত ৰবীন্দ্ৰনাথৰ প্ৰভাৱ কিমান? নিজ মুখে কৈছিল বীৰেন্দ্ৰনাথ দত্তই। দেৱকান্ত বৰুৱা মানেই কেৱল 'সাগৰ দেখিছা' নহয়। 'ইণ্ডিৰাই ইণ্ডিয়া' বুলি শ্ল'গান দিয়া দেৱকান্ত বৰুৱাই জীৱনৰ শেষৰ ফালে ইয়াৰ বাবে অনুতপ্ত হৈছিল নে?

ৰাজনীতিবিদ নে কবি হিচাপে তেওঁৰ পৰিচয় প্ৰিয়? হীৰেন শইকীয়াৰ সৈতে কথা পাতোতে দেৱকান্ত বৰুৱাই সাহিত্যৰ লগতে এইবোৰ বিষয়ক প্ৰশ্নৰো উত্তৰ দিবলগীয়া হৈছিল।

এনেকৈয়ে ৩০ জন বৰেণ্য অসমীয়াৰ এইবোৰ কথা সবিশেষ জানিবলৈ হাতত তুলি ল'ব লাগিব এখন কিতাপ। নাম 'সাক্ষাৎকাৰ ৩০'। ডিব্ৰুগড়ৰ বনলতা প্ৰকাশনে প্ৰকাশ কৰা এই বিৰল সাক্ষাৎকাৰসমূহৰ সংকলনটি সংগ্ৰহ আৰু সম্পাদনা কৰিছে বেদান্ত পূজাৰীয়ে।

অসমীয়া সাহিত্যৰ বাবে, অসমীয়া পাঠকৰ বাবে এয়া এক বিৰল প্ৰাপ্তি। গ্ৰন্থখনৰ মূল্য ৪৯০ টকা। গ্ৰন্থৰ মূল্য বিপৰীতে পাঠকৰ বাবে ইয়াৰ মূল্য অনেক। হেমন্ত বৰ্মন, কবীন ফুকন, যজ্ঞেশ্বৰ শৰ্মা, শোভা ব্ৰহ্ম, ৰাধিকামোহন ভাগৱতী, অপূৰ্ব শৰ্মা, দিলীপ বৰুৱাৰো সাক্ষাৎকাৰ সংকলিত হৈছে ইয়াত।

কিমান যে কথাঃ ৩০ বৰেণ্য অসমীয়াৰ মুখেৰে শুনা...
ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক সম্পূৰ্ণ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in