এজন প্ৰাক্তন মন্ত্ৰীৰ কথা...

ৰমনী বৰ্মন
ৰমনী বৰ্মন

মৃদুল কুমাৰ সন্দিকৈ

তেওঁ মন্ত্ৰী আছিল। তেওঁ অধ্যাপকো আছিল। দীৰ্ঘদিন ধৰি সমাজৰ হকে মাত মতা এক বলিষ্ঠ কন্ঠ আছিল তেওঁ। এতিয়া তেওঁ শয্যাগত। প্ৰায় ৯০বছৰ বয়সৰ ভৰ। বহু কথা তেওঁ পাহৰিছে, চিনাকি মানুহজনকো চিনি নোপোৱা হৈছে। বয়সৰ বেমাৰে ভাৰাক্ৰান্ত কৰি তুলিছে তেওঁক।

 সৌ সিদিনালৈকে তেওঁ ঘূৰি ফুৰিছিল সভা-সমিতিয়ে। এতিয়া তেওঁ নলবাৰীৰ এটা ভাড়াঘৰত শয্যাগত। নলবাৰীৰ চহৰৰৰ এম এন চি বালিকা কলেজৰ ওচৰত তেওঁৰ এটা ঘৰ আছে। ব্যৱহাৰ অনুপযোগী হৈ পৰা সেই ঘৰটো ভাঙি এইদৰে ভাড়াঘৰত আশ্ৰয় লৈছে তেওঁ।

যোৱা এসপ্তাহ ধৰি শয্যাগত হৈ থকা মানুহজনৰ ত্যাগৰ কথা বহুতে নাজানে। ১৯৭৮চনত গোলাপ বৰবৰা মন্ত্ৰীসভাত তেওঁ আছিল ৰাজ্যিক মন্ত্ৰী। বৰবৰাই নিজেই তেওঁক মন্ত্ৰিত্ব যাচিঁ কৈছিল- মোক বহুতে মন্ত্ৰিত্ব বিচাৰি অনুৰোধ কৰিছে, আপুনিয়ে একমাত্ৰ মানুহ যি এবাৰলৈয়ো এই ইচ্ছা ব্যক্ত কৰা নাই।‘

 মুখ্যমন্ত্ৰী বৰবৰাই তেওঁক শিক্ষা, সমাজ কল্যাণ আৰু গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পাতিছিল। লক্ষ্যধৰ চৌধুৰী আছিল শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী। মন্ত্ৰী হৈ থকা সময়তো তেওঁ কোনো নিৰাপত্তাৰক্ষী লোৱা নাছিল। প্ৰাক্তন মন্ত্ৰী হৈও তেওঁ কোনো সুবিধা গ্ৰহণ নকৰিছিল।

 হেঙেৰাবাৰীৰ হাউচিঙত তেনেই সাধাৰণ এটা ঘৰ আছিল। তাতেই তেওঁ চুবুৰীয়া হৈছিল আন এজন প্ৰবীণ ৰাজনীতিবিদ হেমেন দাস। অসুস্থ হৈ পৰা প্ৰাক্তন মন্ত্ৰীজনৰ বিষয়ে কিছু কথা জানিবলৈ  হেমেন দাসক সোধা হৈছিল কেনেদৰে পাইছিল তেওঁক?

সেই পুৰণি দিনবোৰৰ কথা সোৱঁৰণ কৰি আৱেগিক হৈছিল হেমেন দাস। কৈছিল- কোনোদিনেই তেওঁ দুৰ্নীতি, অনিয়মক পশ্ৰয় দিয়া নাছিল। বৰ চিধা মানুহ। তেওঁৰ দৰে মানুহ ৰাজনীতিত খুউব কমহে দেখা যায়। আমি বিধানসভাত বিৰোধীৰ আসনত আছিল। কিন্তু আমাৰ সম্পৰ্ক আছিল বন্ধুৰ দৰে। নলবাৰীত ক’ত খানা খালো তেওঁৰ সৈতে।

 এজন বিৰোধী বিধায়কৰ দৃষ্টিৰে এজন মন্ত্ৰীৰ মূল্যায়ন আছিল এয়া। নলবাৰী কলেজত তেওঁ অধ্যাপনা কৰিছিল। চাইকেলেৰ কেৰিয়াত ৰাজনীতি বিজ্ঞানৰ কিতাপ লৈ কলেজলৈ অহাযোৱা কৰিছিল। সাধাৰণভাৱে এক অসাধাৰণ পৰিচয় গঢ়ি তুলিছিল তেওঁ।

 তেওঁৰ পিতৃৰ নাম আছিল লক্ষীকান্ত বৰ্মন। বৃত্তিত আছিল চিকিতসক। স্বাধীনতা আন্দোলনৰ অন্যতম সেনানী আছিল পিতৃ। চিকিতসাবিজ্ঞানৰ পাঠ্যক্ৰম ডিব্ৰুগড়ত পঢ়ি থাকোতে স্বাধীনতা আন্দোলনত নামি এবছৰ কাৰাবাসো খাটিছিল পিতৃয়ে।

পিতৃৰ চাকৰিৰ সূত্ৰে তেওঁলোক অসমৰ বিভিন্ন ঠাইত ঘুৰি ফুৰিছিল। ধমধমাতো আছিল কেইবাটাও বছৰ। তেতিয়াই তেওঁ হৰিকান্ত শৰ্মা নামৰ এগৰাকী শিক্ষকক লগ পাইছিল। তেওঁ শুনাইছিল মহাভাৰত আৰু ৰামায়নৰ কাহিনী। সেই কাহিনীয়ে তেওঁৰ মনত সততাৰ আধাৰ গঢ়িছিল।

ছচিয়েলিষ্ট পাৰ্টিৰ আদৰ্শত বিশ্বাসী আছিল তেওঁ। জনতা দলৰ পৰা তেওঁ ১৯৭৮চনত ধৰ্মপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৭৫চনৰ জৰুৰীকালিন সময়ত তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। গুৱাহাটী, গোৱালপাৰা, নলবাৰী কাৰাগাৰত ১৯মাহ কাৰাবাস খাটিছিল তেওঁ।

 কাৰাগাৰত থাকোতেই ১৯৭৬চনত পিতৃ লক্ষীকান্ত বৰ্মনৰ মৃত্যু হৈছিল। আৰক্ষীৰ নিৰাপত্তাৰক্ষীয়ে বেৰি তেওঁক পিতৃৰ অন্তোষ্টেক্ৰিয়াত অংশ লবলৈ মাত্ৰ এঘন্টাৰ বাবে কাৰাগাৰৰ বাহিৰলৈ আহিব দিছিল। মুখাগ্নি কৰি পুনৰ উভতি গৈছিল কাৰাগাৰলৈ।

সেই দুখ তেওঁৰ থাকি গৈছিল জীৱনৰ বাবে। বহু ঘাট-প্ৰতিঘাট তাৰ পিছতো আহিছে। ১৯৯৫চনত তেওঁৰ পুত্ৰক আলফাই হত্যা কৰিলে। কিন্তু এই স্থিতপ্ৰজ্ঞ মানুহজন বিচলিত নহ’ল। উত্তৰ পূব ৰেলৱে ট্ৰেড ইউনিয়নক তেওঁ সুৰ্দীঘ সময় নেতৃত্ব দিছিল। সেই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে পত্নী আৰতি বৰ্মনক হেৰুৱাইছিল ২০১৩চনত।

 তেওঁ আছিল এজন সু অভিনেতাও। তেওঁৰ জ্যেষ্ঠ ভাতৃ আছিল বিশিষ্ট চিত্ৰশিল্পী তথা পৰিচালক গৌৰী বৰ্মন। ১৯৬৯চনত গৌৰী বৰ্মনে নিৰ্মাণ কৰিছিল অপৰাজেয় নামৰ ছবিখন। সেই ছবিখনত মোহময়ী বাংলা অভিনেত্ৰী ৰাখী বিশ্বাসৰ লগত অভিনয় কৰিছিল তেওঁ।

 হৃদয়ৰ প্ৰয়োজন, আপোনজন, যুগে যুগে সংগ্ৰাম ছবিতো বলিষ্ঠ অভিনয় কৰিছিল । সততা আৰু নিষ্ঠাৰ মূৰ্ত প্ৰতীক হৈ পৰা মানুহজন এতিয়া গুৰুতৰভাৱে অসুস্থ। সমাজৰ হকে জীৱনটো উছৰ্গা কৰা প্ৰাক্তন মন্ত্ৰীগৰাকী এই অসুস্থতাৰ খবৰে বহুতকে শোকান্বিত কৰি তুলিছে।

 ৰমনী বৰ্মন, এক অনুষ্ঠানলৈ উত্তৰণ হৈছিল। যতেই অন্যায়, তাতেই তেওঁ গৈ উপস্থিত হৈছিল। প্ৰতিবাদী সত্তা হৈ মূল্যবোধৰ প্ৰতীক হৈ পৰা এই প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিবিদগৰাকী আশু আৰোগ্য কামনা কৰিছে। সকলোৱে বিচাৰিছে চৰকাৰে কৰক এই প্ৰবীণ ৰাজনীতিবিদৰ চিকিতসাৰ সুব্যৱস্থা...

ৰমনী বৰ্মন
চৰাইদেউ মথুৰাপুৰত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in