চৰাইদেউ মথুৰাপুৰত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ...

চৰাইদেউ মথুৰাপুৰত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ...
চৰাইদেউ মথুৰাপুৰত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, মথুৰাপুৰঃ বিজেপি নেতৃত্বাধীন চৰকাৰৰ- বাগিচা কৰ্তৃপক্ষৰ প্ৰতাৰণাৰ বিৰুদ্ধে আজি পুৱাই চৰাইদেউ মথুৰাপুৰ চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘৰ ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া এলানি দাবী উত্থাপন কৰি পৰিৱেশ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে মেনেজমেন্ট হায় হায়, বিজেপি চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰক,শ্ৰম মন্ত্ৰী কাম নাই ইত্যাদি বিভিন্ন শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে ৷

এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পিচতেই বাগিচাখনৰ চাহ শ্ৰমিকসকলে ভুগি অহা বিভিন্ন সমস্যাসমূহ সামৰি কেইবা দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ এই স্মাৰক পত্ৰখনত মথুৰাপুৰ চাহ বাগিচাৰ প্ৰধান পৰিচালকগৰাকীৰ লগতে শ্ৰমিকসকলৰ এই দাবীসমূহ অনতিপলমে সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে শ্ৰমিক সকলে ৷

চৰাইদেউ মথুৰাপুৰত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ...
নামতিত অনুষ্ঠিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in