মেডাম বনাম মেডাম...

মেডাম বনাম মেডাম...

মৃদুল কুমাৰ সন্দিকৈ

মই যে নিৰ্দোষী, সেয়া প্ৰমাণ কৰি চাকৰি এৰি দিম। মোক নিলম্বন কৰিলেই সত্যবোৰ অসত্য হৈ নপৰে। প্ৰয়োজনত চাকৰি এৰি মই টিউচন কৰি খাম। - কিমান ক্ষোভ আৰু দুখত কোনোবাই এইষাৰ কথা ক’ব পাৰে। সদ্য নিলম্বিত ৰাজহ চক্ৰ বিষয়া এগৰাকীৰ এয়া আছিল অনানুষ্ঠানিক ভাষ্য।

নলবাৰীৰ জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। বাতৰি শিৰোনাম হোৱা সেই অভিযোগ আৰু খবৰবোৰে জিলা আয়ুক্তগৰাকীৰ সন্দৰ্ভত সৰ্বসাধাৰণ লোকৰ মনত এক ধাৰণাৰ সৃষ্টি কৰিছিল।

এইগৰাকী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে অতিশাৰ্য্য চলোৱাৰ এক অভিযোগ তুলিছিল পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে। অৰ্পনা শৰ্মা নামৰ বিষয়াগৰাকীক নিৰ্বাচনী দায়িত্ব পালন কৰি থকাৰ সময়তে আয়ুক্তগৰাকীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

এগৰাকী কনিষ্ঠ বিষয়াই উত্থাপন কৰা এই অভিযোগ গুৰুত্বপূৰ্ণ আছিল। ন্যায় বিচাৰি ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে নলবাৰী সদৰ থানাত উপস্থিত হৈ ৮মে’, ২০২৪ৰ পুৱতি নিশা ২.০৯বজাত এখন এজাহাৰো দাখিল কৰিছিল।

সেই এজাহাৰ গ্ৰহণ কৰিবলৈ আৰক্ষীৰ সাহস নহ’ল। ৰুজু নহ’ল ৰাজহ চক্ৰ বিষয়া এগৰাকীয়ে দাখিল কৰা গোচৰ। অথচ ৪পৃষ্ঠাজোৰা এই এজাহাৰখন কোনো এজন সাধাৰণ লোকে দিয়া সাধাৰণ এজাহাৰ নাছিল।

এজাহাৰ খন পঢ়াৰ পাছত সেই কথা বুজিবলৈ টান নহ’ব যে, এনে সংঘাতৰ কাৰন কি। কেতিয়াবা বদমেজাজী লোকৰ হাতত প্ৰচুৰ ক্ষমতা পৰিলে তেওঁলোক ক’ব নোৱাৰা হৈ যায়। তেওঁলোকৰ কথা কোনোবাই মানি নল’লে, যিকোনো প্ৰকাৰে ইয়াৰ প্ৰতিশোধ ল’বলৈ তেওঁলোক সাজু হৈ থাকে।

এনে এক ব্যৱস্থাৰ মাজতেই আমাৰ প্ৰশাসন। বৰমুঢ়ীয়া সকলে সুৰ্য পূবত নহয় আজি পশ্চিমত ওলাইছে বুলি ভুলকৈ ক’লেও সেইবোৰকে মানি ‘হয় হুজুৰ’ বুলি নক’লেই বিপদ। ইয়াৰ বিৰোধিতা কৰা সকলৰ দশা অৰ্পনা শৰ্মাৰ দৰেই হ’ব পাৰে।

এজাহাৰখনত ২০১৭চনত চাকৰিত যোগদান কৰা অৰ্পনা শৰ্মাই কিছু কথা লিখিছে। তাৰ ভিতৰত আয়ুক্তই ২০২৪ৰ ২৪জানুৱাৰীত তেওঁক ২৬জানুৱাৰীৰ বাবে ৬২খন গামোছা যোগাৰ কৰি দিবলৈ কোৱাৰ কথা উল্লেখ আছে।

অৰ্পনা শৰ্মাৰ ভুল হ’ল আয়ুক্ত গৰাকীয়ে দিয়া নিৰ্দেশজাতীয় অনুৰোধ উপেক্ষা কৰিলে। সম্বৰ্ধনাৰ বাবে ৬২খন গামোছা তেওঁ যোগান নধৰিলে। অৰ্পনা শৰ্মাৰ এই সিদ্ধাম্ত আমাৰ দৃষ্টিত সাহস আৰু সততাৰ প্ৰতিফলন। কিন্তু আয়ুক্তগৰাকীৰ বাবে তলৰ এজন বিষয়াৰ এনে স্থিতি গ্ৰহণযোগ্য নাছিল।

এখন জিলাত আয়ুক্ত এগৰাকীয়ে বিচাৰিলে ৬২খন কি, হাজাৰখন গামোছা বা আন সা-সুবিধা কৰি দিব পৰা দুৰ্নীতিগ্ৰস্থ বহু বিষয়া থাকে। আয়ুক্তৰ লগত সুসম্পৰ্কই তেনে বিষয়াক কি সহায় কৰিব পাৰে বা এই নিৰ্দেশ নামানিলে কি বিপদ হ’ব পাৰে, সেইটো বুজা মানুহেৰেই এতিয়া সমাজখন ভৰা।

অৰ্পনা শৰ্মা ইয়াৰ ব্যতিক্ৰম। তেওঁৰ দুৰ্নীতিক নীতি বুলি গ্ৰহণ কৰিব নোৱাৰে।  নিজেই শুদ্ধ আৰু সত্য বুলি দম্ভ-অহংকাৰত নিমজ্জিত হৈ থকা সকলে এনে সাহসী বিষয়াৰ স্থিতিৰ মূল্য নুবুজাটোৱে স্বাভাৱিক।

ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে অনুমান কৰিব পাৰিছিল, সুযোগ পালেই তেওঁক ইয়াৰ প্ৰতিদান দিব। সেয়েহে ১১মাৰ্চ, ২০২৪ত তেওঁ দৰমহাৰ অবিহনেই দীৰ্ঘদিনৰ ছূটী বিচাৰি দিছপুৰলৈ আবেদন কৰিছিল। ছূটী সম্ভৱ নহ’লে, সেই আবেদনক পদত্যাগ পত্ৰ বুলি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল।

দিছপুৰে তেওঁৰ আবেদন গ্ৰাহ্য কৰি নাছিল। সন্মুখত আছিল নিৰ্বাচন। ৰাজহ চক্ৰ বিষয়াগৰাকীৰ ওপৰত এই আবেদন উঠাই ল’বলৈ বিভিন্ন পক্ষৰ পৰা হেঁচা পৰিছিল। বহু ভাৱি চিন্তি তেওঁ এই আবেদন উঠাই লৈছিল। কিয় চাকৰিৰ পৰা অব্যাহতি ল’ব বিচাৰিছে, সেই ব্যাখাৰে ২০-২৫পৃষ্ঠাৰ ধৰি এই আবেদন অৰ্পনা শৰ্মাই লিখিছিল।

এটা পেৰেগাফতেই অৰ্পনা শৰ্মাই এই আবেদন প্ৰত্যাহাৰ কৰি পুনৰ চাকৰিত মনোনিৱেশ কৰিছিল যদিও নিৰ্বাচনে তেওঁৰ ওপৰত প্ৰতিশোধ লোৱাৰ সুযোগ আনি দিছিল, সুযোগ বিচাৰি থকা জনক।

নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈ থাকোতেই এই অঘটন ঘটি গ’ল। মাজৰাতি তেওঁ পলাই আহিব লগা পৰিস্থিতি সৃষ্টি কৰা হৈছিল। সেই সময়ৰ দৃশ্য তেওঁ মোবাইলত বন্দী কৰি বহু বিষয়ালৈ প্ৰেৰণ কৰিছিল। অৱশ্যে মুখ খোলা নাছিল আৰু নাই সংবাদমাধ্যমৰ সন্মুখত।

ন্যায় বিচৰা এইগৰাকী ৰাজহ চক্ৰ বিষয়াই ন্যায় নাপালে। ইয়াৰ পৰিৱৰ্তে তেওঁ পালে নিলম্বনৰ শাস্তি। নিলম্বনৰ নিৰ্দেশ দিলে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব গৰাকীয়ে। নিৰ্দেশত লিখিলে- ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ নিৰ্দেশত ৰাজ্য চৰকাৰে কোৱা ধৰণে এই নিৰ্দেশ জাৰি কৰা হৈছে।

টিহু বিধানসভা সমষ্টিৰ ই ভি এম সংগ্ৰহৰ দায়িত্বত থকা সময়ত কৰ্তব্যৰ পৰা অকৰ্তৃত্বশীলভাৱে তেওঁ আতৰি আহিছিল আৰু কৰ্তব্যত অৱহেলা কৰিছিল। ৰাজ্যিক নিৰ্বাচন আয়োগলৈ এই প্ৰতিবেদন পঠাইছিল খোদ নলবাৰী জিলাৰ ৰিটাইনিং বিষয়াৰ দায়িত্বত থকা আয়ুক্ত গৰাকীয়ে। অৱশ্যে নিৰ্বাচনী আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰিহে কৰ্তব্য গাফিলতি কৰাৰ অভিযোগত ৰাজহ চক্ৰ বিষয়াগৰাকীক কৰা হৈছিল বুলি জানিব পৰা গৈছে।

ৰাজহ চক্ৰ বিষয়াগৰাকীৰ শাস্তি হ’ল। তেওঁ দিয়া অভিযোগৰহে বিচাৰ নহ’ল। ১৫মে, ২০২৪ৰ পৰা ৰাজহ চক্ৰ বিষয়াগৰাকীৰ নিলম্বন কাৰ্যকৰী কৰিলে ৰাজ্য চৰকাৰে। ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে এয়া এখন ৰাজ্যৰ প্ৰশাসনীয় বিষয় আৰু ৰাজ্য চৰকাৰে ইয়াৰ বিচাৰ কৰিব বুলি ভাৱিছিল।

সেয়া নোহোৱাত তেওঁ এই নিলম্বনৰ নিৰ্দেশ পোৱাৰ পাছতো দেশৰ নিৰ্বাচন আয়োগলৈ এই সকলোবোৰ কথা লিখি পত্ৰ প্ৰেৰণ কৰিছিল। এতিয়া তেওঁ ন্যায়ালয় আৰু নিৰ্বাচন আয়োগৰ ওপৰত নিৰ্ভৰশীল।

নলবাৰী জিলাৰ আয়ুক্তগৰাকীক লৈ কিয় ইমান বিৰ্তক হয়। ৰাজ্য চৰকাৰে আয়ুক্ত গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উচিত তদন্ত কৰিব লাগে। সামাজিক মাধ্যমতো একো একোটা সুনিৰ্দিষ্ট অভিযোগেৰে তেওঁৰ সন্দৰ্ভত বহু কথা চৰ্চা হৈ আছে।

লুইত কুমাৰ বৰ্মনে ইতিমধ্যে উত্থাপন কৰিছে বহু বিষয়। সেই বৰ্মনৰ বিৰুদ্ধেই ৰুজু হৈছে ৰহস্যজনক ধনদাবীৰ গোচৰ। বৰ্মনৰ হৈ কোনে ধনদাবী কৰিছিল, সেই লোকজনৰ পৰিচয়হে ৰাজহুৱা নহ’ল। তাৰ পিছত আৰু ৰাইজৰ বুজিবলৈ কি বাকী থাকে!

চতু্ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ওপৰত হাত তুলিবলৈ তেওঁ কুন্ঠাবোধ কৰা নাছিল। ইয়াৰ বাবে ক্ষমাও খুজিছিল। কিন্তু সেই পায়শ্চিত্তই সুমতি দিব লাগিছিল তেওঁক। মানুহ  ক্ষমতাৰে ডাঙৰ নহয়, ডাঙৰ হয় তেওঁৰ প্ৰতি পোষণ কৰা সাধাৰণ লোকৰ শ্ৰদ্ধা আৰু ভাৱমূৰ্তিয়ে।

এগৰাকী তেওঁৰ অধীনত কৰ্মৰত কনিষ্ঠ বিষয়াৰ অভিযোগৰ মূল্য তেওঁ বা চৰকাৰৰ ওচৰত নাথাকিব পাৰে। সাধাৰণ মানুহৰ বাবে এই অভিযোগৰ গুৰুত্ব আছে। কিয়নো অৰ্পনা শৰ্মা সত আৰু দায়িত্বশীল বিষয়া। বিভিন্ন উৎসত খবৰ লৈ গম পোৱা মতে,কৰ্তব্যত গাফিলতি কৰাৰ তেওঁৰ নজিৰ নাই। বৰঞ্চ তেওঁ মানুহৰ মাজত থাকি সকলোধৰণে মানুহক সেৱা কৰিব খোজে।

বয়সস্থ লোকৰ চিকিতসাৰ ব্যৱস্থা, মেধাৱী ছাত্ৰ-ছাত্ৰীক নিজৰ দৰমহাৰ পৰা সহায় কৰাৰ অলেখ উদাহৰণ আছে এইগৰাকী বিষয়াৰ। সেয়েহে তেওঁ সাধাৰণ লোকৰ মাজত প্ৰিয়। বিষয়াৰ দৃষ্টিভংগীৰে তেওঁ দায়িত্ব পালন কৰে। মানৱীয় দৃষ্টিৰে তেওঁ সেৱা আগবঢ়ায়।

 অসমৰ যিবোৰ স্থানত তেওঁ চাকৰি কৰি গৈছে, তাতেই বহু গুণমুগ্ধ এৰি থৈ গৈছে। এইবোৰৰ প্ৰচাৰ তেওঁ নিবিচাৰে। এইগৰাকী বিষয়াই এতিয়া শংকিত। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পাৰ তেওঁ অংক শাস্ত্ৰত প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

প্ৰথমবাৰতে এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজহ সেৱাত যোগ দিছিল। ২০১৮ত কৰ অধীক্ষকৰ পৰীক্ষাত তেওঁ প্ৰথম স্থান পাইছিল। কিন্তু ৰাজহ সেৱা নেৰিলে। ধনতকৈ তেওঁৰ ৰাইজক সেৱা কৰাৰ মন আছিল।

২০১৯তো তেওঁ এ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সৰু এটা সন্তান থকাৰ বাবে মৌখিক পৰীক্ষা দিবলৈ যোৱা নহ’ল। নিজস্বতা ৰক্ষা কৰি তেওঁ কামবোৰ কৰি ভাল পায়। কোনোবাই অনীতিগত কাম কৰিবলৈ ক’লে কষ্ট হয় তেওঁৰ।

সাহসী আৰু তেওঁ কৰ্মত বিশ্বাসী। সেইগৰাকী বিষয়াৰ আজি কাৰ বাবে এই অৱস্থা হৈছে, বাখ্যা নিষ্প্ৰয়োজন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবোৰ দিশ বুজে। আমি কোৱা কথাবোৰ সচাঁ বুলি মানি নলৈ তেওঁ নিজাকৈ খবৰ কৰক। গম পাব নিষ্ঠাৰে কাম কৰিব বিচৰা এইগৰাকী কনিষ্ঠ বিষয়া কি পৰ্যায়ত ষড়যন্ত্ৰৰ বলি হৈছে।

ক্ষমতাৰ ৰাগীত মানুহ অন্ধ হয়। সেই ক্ষমতাৰ নিচা আজীৱন নাথাকে। তেনে ক্ষমতাৰ ৰাগত বলীয়া হোৱা সকলৰ বাবে স্বচ্ছ প্ৰশাসন সম্ভৱ নহয়। যিমান ক্ষমতাশালী হ’লেও এইসকলৰ পক্ষ লোৱা মানে সততাক বিসৰ্জন দি চৰকাৰে দুৰ্নীতি-অনিয়মক ৰঙা দলিচা পাৰি দিয়াৰ দৰে হয়।

ৰাইজেও ভাৱক, এতিয়া কাৰ কাষত থিয় দিয়াৰ প্ৰয়োজন। অৰ্চনা শৰ্মাৰ বাবে আৱাজ দিয়া সময় হয়নে নহয় এয়া।  বিচ্ছ্যুৰিত বৰ্ণালীয়ে সকলো সময়তে মানুহক আলোকৰ মায়াজালে উজ্বলাই তুলিব নোৱাৰে। কেতিয়াবা সেই বৰ্ণালীৰ পৰা নিৰ্গত ৰশ্মি সমাজৰ বাবে হৈ পৰে অতি ক্ষতিকাৰক...

মেডাম বনাম মেডাম...
ধনী কেতিয়াও হ'ব নোৱাৰিব! যদিহে সন্ধিয়া ভাগত আপুনি কিনে হালধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in