ইউটিউবাৰক ধন দিয়াৰ মন...

ইউটিউবাৰক ধন দিয়াৰ মন...
ইউটিউবাৰক ধন দিয়াৰ মন...

মৃদুল কুমাৰ সন্দিকৈ

বহুতে হাঁহে! সাধাৰণ ডিজিটেল ক্ৰিয়েটৰ বুলি মুকলিকৈ নকলেও প্ৰতিষ্ঠিত বহু লোকে মনৰ ভিতৰতে  এনেবোৰ কামৰ সৈতে জড়িত লোকৰ প্ৰতি এক ধাৰণা লৈ ফুৰে। ডিজিটেল সংবাদ মাধ্যমবোৰৰে জড়িত লোকক মূলসুঁতিৰ সংবাদমাধ্যমে সুযোগ পালেই তুচ্চ-তাচ্চিল্য কৰিব নেৰে। কিন্তু এতিয়া এক বেলেগ পৰিৱেশ সৃষ্টি হৈছে।

অসম চৰকাৰে শেহতীয়াকৈ এখন জাননী জাৰি কৰিছে। ৭মাৰ্চ, ২০২৪ত জাননী নং- ৪৫২৭৬৬১যোগে ৰাজ্যৰ ইউটিউবাৰ সকলৰ পৰা আৰ ই পি অৰ্থাত ৰিকুৱেষ্ট ফৰ পপজেলৰ বাবে আবেদন বিচাৰিছে। ১লাখ চাবছক্ৰাইবাৰ থকা ইউটিউবাৰ সকলে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিবলৈ আবেদন কৰিব পাৰিব।

ইয়াৰ জৰিয়তে চৰকাৰীভাৱে ইউটিউবাৰ সকলক আন সংবাদমাধ্যমৰ বাবে দিয়া বিজ্ঞাপন বা আন প্ৰচাৰৰ সুবিধা দিব। এই খবৰটোক লৈ বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অৱশেষত ইউটিউবাৰসকলকো চৰকাৰে ধন দিবলৈ ওলাইছে বুলি খবৰ বিয়পি পৰিছে।

অসমত গুণগত মানৰ কিমান ইউটিউবাৰ আছে, সেয়া এক বিচাৰ্যৰ বিষয়। ১লাখৰো ওপৰৰ উপভোক্তা থকা বহু ইউটিউবাৰ থাকিলেও তেওঁলোকৰ কনটেন্ট সমূহ কিমান সমাজমুখী সেয়া মনকৰিবলগা।

 বেছিভাগ ইউটিউবাৰে তেওঁলোকৰ কনটেন্ট ব্যক্তিগত জীৱন, খোৱা-পিন্ধা আদিতেই সীমাৱদ্ধ। সেয়েহে এই ইউটিউবাৰসকলক চৰকাৰী স্বীকৃতিৰে প্ৰচাৰ আৰু প্ৰসাৰত নিয়োগ কৰোতে তথ্য আৰু জনসংযোগ বিভাগে সেই দিশটোও মন কৰিব লাগিব অতি সৰ্তকতাৰে।

৮মাৰ্চ, ২০২৪ত নতুন দিল্লীত এক বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল। প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত নেচনেল ক্ৰিয়েটৰ এৱাৰ্ড প্ৰদান কৰা হৈছিল। বিভিন্ন ডমিনত ষ্টৰী টেলিং, ছচিয়েল চেইঞ্জ, এডভ’কেছি, পৰিৱেশ ভাৰসাম্যতা, শিক্ষা, খেল, প্ৰযুক্তি আদি বিষয়ৰ ওপৰত ডিজিটেল মাধ্যমত অৱদান আগবঢ়োৱা সকলক এই সন্মান প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা ৰণবীৰ আল্লাহবাদিয়া (Ranveer Allahabadia) ই 'Disruptor of the Year'শিতানত সন্মান গ্ৰহণ কৰিছিল। তেওঁ মূলত এজন পডকাষ্টাৰ। বটাঁ গ্ৰহণ কৰিয়েই তেওঁক মোডীক কৈছিল- ‘আপকে চাথ পডকাষ্ট কৰনে কা মন হৌ ৰহা হ্য ছাৰ।‘ মোডীয়েও তেওঁৰ ইচ্ছাক সন্মতি দি উত্তৰ দিছিল ইতিবাচকভাৱেই আৰু কৈছিল সকলোৰে মনত এনে ইচ্ছা থাকে।

তেনেকৈ ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামৰ জৰিয়তে মানুহক প্ৰভাৱিত কৰিব পৰা এই ডিজিটেল ক্ৰিয়েটৰসকলক ৰাষ্ট্ৰীয় স্বীকৃতি চৰকাৰীভাৱে দিয়াৰ কাৰন নিশ্চয় আছে। বহুতে ভাৱিব পাৰে এয়া নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰে সামাজিক মাধ্যমক নিজৰ পক্ষলৈ নিয়া এক কৌশল।

মিলিয়নৰ ওপৰৰ চাবছক্ৰাইবাৰ থকা এনে ডিজিটেল ক্ৰিয়েটৰসকলৰ জৰিয়তে চৰকাৰী আচঁনি, নিৰ্বাচনৰ বিজ্ঞাপন মানুহৰ মাজলৈ নিয়াতো অতি সহজ হ’ব। এতিয়া ডিজিটেল মাধ্যম অতি প্ৰভাৱশালী হৈ পৰিছে। সেই কথা চৰকাৰেও বুজি উঠিছে।

মানুহৰ মাজত ডিজিটেল মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰ এনে দ্ৰুতগতিত হৈছে যে, ২০২৪চনতে মূলসুঁতিৰ সংবাদমাধ্যমক অতিক্ৰম কৰিব এই মাধ্যমে। সেই সম্ভাৱনা অতি উজ্বল হৈ পৰিছে। কিয়নো ২০২৪ত মেডিয়া এণ্ড এন্টাৰটেইন্টমেন্ট চেক্টৰক অতিক্ৰম কৰি ডিজিটেল মাধ্যমে।

ফেডাৰেশ্যন অৱ ইণ্ডিয়ান চেম্বাৰছ অৱ কৰ্মাচ এণ্ড ইণ্ডাষ্ট্ৰী চমুকৈ FICCIএ প্ৰকাশ কৰা প্ৰতিবেদনৰ তথ্য মতে, ২০২৪ৰ অন্তত ডিজিটেল মেডিয়াৰ বজাৰখন ৭৫,১০০কোটি টকাৰ হ’ব। মেডিয়া আৰু এন্টাৰটেইন্টেমেন্ট চমুকৈ M&Eৰ ২০২৩বৰ্ষৰ বিকাশৰ হাৰ আছিল ৮.১শতাংশ। এই হাৰত ইয়াৰ বিকাশ হলে যোৱা দুটা বছৰত ইয়াৰ বজাৰৰ আকৃতি ২লাখ ৫কোটিৰ পৰা ৩লাখ কোটিলৈ বৃদ্ধি পাব।

ইলেক্টনিক সংবাদ মাধ্যম মেডিয়া এণ্ড এন্টাৰটেইন্টমেন্ট চেক্টৰৰ অন্যতম প্ৰধান অংশীদাৰ। ইয়াৰ বজাৰৰ আকৃতি ২০২৩বৰ্ষত আছিল ৬৯,৬০০কোটি টকা। ২০২২ত সেই বজাৰখনৰ আকৃতি আছিল ৭০,৯০০কোটি। অৰ্থাত ২০২৩বৰ্ষত ইয়াৰ বিকাশ ১.৮শতাংশ নিম্নমুখী হয়।

 ২০২৩ ডিজিটেল মেডিয়াৰ বজাৰৰ আকৃতি আছিল ৬৫, ৪০০কোটি আৰু ২০২৪ত সেয়া ৭৫,১০০কোটি চুবগৈ বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা আন এক তথ্য মতে, ২০২৬ত ডিজিটেল মিডিয়াৰ বজাৰৰ পৰিসৰ ৯৫,৫০০কোটিৰো অতিক্ৰম কৰিব।

ইয়াৰ কমপাউণ্ড এনুৱেল গ্ৰোথ ৰেট চমুকৈ CAGR ২০২৩-২৬বৰ্ষত হবগৈ ১৩.৫শতাংশ। ২০২৬ত টিভি মিডিয়াৰ তুলনাত ডিজিটেল মিডিয়াৰ বিকাশৰ হাৰ ২০শতাংশ অধিক হব বুলি প্ৰতিবেদনত উল্লেখ আছে।

এনেদৰে ডিজিটেল মিডিয়াৰ এখন বিশাল বজাৰ গঢ় লৈ উঠিছে। ইয়াৰ পৰিসৰ ইমান দ্ৰুতগতিত বৃদ্ধি পাইছে যে, চৰকাৰে ইয়াক গুৰুত্ব দিবলৈ বাধ্য হৈ পৰিছে। যিসময়ত মেডিয়া এণ্ড এন্টাৰটেইন্টমেন্ট চেক্টৰত ২০২৬ৰ লৈকে বিকাশৰ হাৰ ১০শতাংশ হব বুলি অনুমান কৰা হৈছে। সেই সময়ত ডিজিটেল মিডিয়াৰ বিকাশৰ হাৰ ৩গুণ অধিক। সাম্ভাৱ্য ৩লাখ কোটি টকাৰ বজাৰখনৰ প্ৰায় ১লাখ কোটি টকাই হব ডিজিটেল মিডিয়াৰ।

২০২৩বৰ্ষত টিভিৰ বিজ্ঞাপনৰ হাৰ ৬.৫শতাংশ কমিছে। আৰু তাৰ বিপৰীতে বিকাশ দেখা পোৱা গৈছে ডিজিটেল মাধ্যমত। বিজ্ঞাপনৰ ক্ষেত্ৰত এতিয়া প্ৰায়বোৰ কোম্পানীয়ে ডিজিটেল মাধ্যমক গুৰুত্ব দিয়াত পৰম্পৰাগত মাধ্যমসমূহত তাৰ প্ৰভাৱ পৰিছে।

 এইবোৰ কাৰনতে হয়তো চৰকাৰে ডিজিটেল মাধ্যমক গুৰুত্ব দিবলৈ বাধ্য হৈছে। ইয়াৰ প্ৰভাৱ আৰু প্ৰতিক্ৰিয়া অসমৰ প্ৰেক্ষাপটত কি হয়, লক্ষ্যণীয় হ’ব। সচাঁ কথাটো হল ডিজিটেল মিডিয়া এতিয়া এক শক্তিশালী বজাৰৰ গৰাকী হৈ পৰিছে।

ইউটিউবাৰক ধন দিয়াৰ মন...
বাইহাটা চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in