বাইহাটা চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড...

বাইহাটা চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড...

ডিজিটেল সংবাদ দুমুনিচকীঃ যোৱা নিশা বাইহাটা চাৰিআলিৰ পিয়লিখাতা গাঁৱত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় দহটা পৰিয়ালৰ আটাইবোৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যাই। ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা পিয়লিখাতা গাঁৱৰ খাৰা চুবুৰীত নিশা প্ৰায় ১১-৩০ বজাত প্ৰথমে এটা বাসগৃহত অগ্নি কাণ্ড সংঘটিত হয়। কিন্তু জুইৰ লেলিহান-শিখা মুহুৰ্তৰ ভিতৰতে আন কেইবাটাও বাসগৃহলৈ বিয়পি পৰে।

ফলত স্থানীয় লোকে নিকটৱৰ্তী বাইহাটা চাৰিআলি অগ্নি নিৰ্বাপক বাহিনীক অবগত কৰে। কিন্তু বাইহাটা চাৰিআলি অগ্নি নিৰ্বাপক বাহিনীৰ বাহনত উপযুক্ত পানী নথকা বুলি কোৱাত ঘটনা স্থলীত উপস্থিত হোৱা বাইহাটা চাৰিআলি আৰক্ষীয়ে ৰঙিয়া, মঙলদৈ আদিৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ ব্যৱস্থা কৰিব লগা হয়।

প্ৰায় ১ ঘন্টা পলমকৈ প্ৰায় ৭ খন অগ্নিনিৰ্বাপন বাহিনীৰ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে প্ৰায় ১০ টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ বাসগৃহত অগ্নি কাণ্ড সংঘটিত হোৱাৰ ফলত পথটোৰে যাতায়ত বন্ধ হৈ পৰে। যাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অবগত হৈ নিশা প্ৰায় ২-৩০ বজাত কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঘটনা স্থলীত উপস্থিত হয়।

বাইহাটা চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড...
জীৱনত ৰাজনীতি নকৰোঃ টিকট নাপাই ৰামেশ্বৰ তেলীৰ মনৰ দুখ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in