কোন জিকিব, কোন হাৰিবঃ সহজ নহয় অনুমান কৰা...

কোন জিকিব, কোন হাৰিবঃ সহজ নহয় অনুমান কৰা...

মৃদুল কুমাৰ সন্দিকৈ

দুটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অসমত হৈ গ’ল। হৈ যোৱা দুই পৰ্যায়ৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু অসমৰ প্ৰেক্ষাপট পৃথক। অসমত ১০টাকৈ সমষ্টি ভোটগ্ৰহণ অন্ত পৰাৰ পাছত আৰু ৪টা সমষ্টিৰ নিৰ্বাচন এতিয়া বাকী আছে। ৭মে’ ২০২৪ত বাকী থকা ৪টা সমষ্টিৰ ভোটগ্ৰহণ হ’লেই ৰাজ্যখনৰ মুঠ ১৪টা সমষ্টিৰ ভোটগ্ৰহণ সম্পন্ন হ’ব।

নিৰ্বাচন অনুষ্ঠিত হৈ থকা এই পৰ্বৰ মাজতেই সৰ্বাধিক আলোচনাৰ বিষয়টো হৈছে ৰাজ্যৰ ১৪টা সমষ্টিৰ ভিতৰত কোনে কেইটা সমষ্টি লাভ কৰিব। ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বেই দাবী কৰিছিল তেওঁলোকে অতি কমেও ১০টা আৰু সৰ্বাধিক ১২/১৩টা সমষ্টিত জয়ী হ’ব।

এয়া আছিল সকলো ৰাজনৈতিক দলেই দাবী কৰাৰ দৰে নিৰ্বাচনৰ পূৰ্বৰ দাবী। নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ মাজত ইয়াৰ পৰিৱেশ আৰু গতি-প্ৰকৃতিৰ শাসকীয় দলটোৱে ভৱাৰ দৰেই সকলোবোৰ সহজসাধ্য হৈ থকা নাই। শেষ মূৰ্হুতত কোনে ক’ত হাঁহি মাৰে সেয়া ই ভি এমৰ ফলাফলে ক’ব।

বিজেপিয়ে ভাৱিছিল এইবাৰ ৰাজ্যখনত তেওঁলোকে ক্লীন ছুইপ কৰিব। লাখপতি বাইদেউ, আত্মসহায়ক গোটৰ সদস্যা, হিতাধিকাৰী মহিলা আদিয়ে উঠি-পৰি আহি বিজেপিকেই ভোট দিব বুলি নিচিন্ত হৈ আছিল। পিছে সেই বিশ্বাস বাস্তৱত ভোটলৈ কিমান শতাংশ ৰূপান্তৰিত হৈছে সেই সন্দেহ বিজেপিৰ মাজতেই ৰৈ গৈছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ প্ৰতি ভোটাৰৰ আগ্ৰহ বিজেপিয়ে কল্পনা কৰা নাছিল। যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দুগৰাকীয়ে সহজ জয়ৰ আশা কৰিছিল যদিও সেই ফলাফল এতিয়া ৫০-৫০ত ওলমি ৰৈছে।

এইবাৰ নিৰ্বাচনত দেখাত কোনো এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ প্ৰতি নিৰ্বাচনী ঢৌঁ পৰিলক্ষিত নহ’ল। মধ্য আৰু নিম্ন মধ্যশ্ৰেণী বহু ভোটাৰে ভৱাধৰণে বা চৰকাৰী পক্ষই বিচৰা ধৰণে ভোটদান কৰা নাই। খুব বেছি নহলেও প্ৰতিষ্ঠানবিৰোধী এক ঢৌঁ এইবাৰ নিৰ্বাচনত মৃদুকৈ হ’লেও বলা পৰিলক্ষিত হৈছে।

আনহাতে এই নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ দিশ হ’ল- সংখ্যালঘূ বহু ভোটাৰে এইবাৰ বিজেপিৰ পক্ষত ভোটদান কৰিছে। নিৰ্বাচনৰ পূৰ্বে মিঞা ভোট নালাগে বুলি ক’লেও নিৰ্বাচনৰ গতি-প্ৰকৃতি দেখি বিজেপি নেতৃত্বই সেই সুৰ নৰম কৰিবলৈ বাধ্য হৈছিল।

সংখ্যালঘূ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব লগা কেইবাটাও সমষ্টিত AIUDFৰ প্ৰতি সংখ্যালঘূ লোকৰ আস্থা দেখা পোৱা নগ’ল। বৰঞ্চ সেই ভোটাৰসকলে বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ আগবাঢ়ি অহাত কেইবাটাও সমষ্টিত ভৱা ধৰণে বিৰোধীয়ে ফলাফল লাভ নকৰিলে।

কৰিমগঞ্জ, নগাঁও সমষ্টি দুটাত কংগ্ৰেছৰ সৈতে বিজেপিৰ প্ৰাৰ্থী তুমূল প্ৰতিদ্বন্দ্বিতা হ’ব। এইবাৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভোটাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেই যুৱ ভোটাৰসকলে বিবেকক অগ্ৰাধিকাৰ দি কোনো ৰাজনৈতিক দলতকৈ যোগ্য প্ৰাৰ্থীক প্ৰাধান্য দি ভোটদান কৰা পৰিলক্ষিত হৈছে। যোগ্য প্ৰাৰ্থী বা দল তেওঁলোকৰ বিবেচনা নুঠিলে ন’টাত বুটাম টিপিবলৈ তেওঁলোকে কুন্ঠাবোধ কৰা নাই।

এই নিৰ্বাচনৰ সম্ভাৱনা আৰু ফলাফল ভৱা ধৰণে নোহোৱাটোৱে স্বাভাৱিক। কংগ্ৰেছে অধিক ভোট পাব বুলি ভাৱি থকা ঠাইত বিজেপিয়ে আৰু বিজেপিয়ে অধিক ভোট পাব বুলি ধাৰণা কৰা ঠাইত কংগ্ৰেছেহে অধিক ভোট লাভ কৰাৰ সম্ভাৱনা আছে। দৰং-ওদালগুৰি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মূল যুঁজখন হ’ব বুলি বহুতে ভাৱিছিল যদিও  এই লোকসভা সমষ্টিত বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে শেষ মূৰ্হূতত ভোটাৰৰ আস্থা বুটলিবলৈ সক্ষম হ’ল।

২০২১ৰ বিধানসভা নিৰ্বাচনত বি পি এফৰ প্ৰতি ভোটাৰৰ এই আস্থা নাছিল। কিন্তু এইবাৰ বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা আস্থা এক পৰিৱৰ্তনৰ ইংগিত বুলিব পাৰি। ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ১০টা লোকসভা সমষ্টিত প্ৰায়কেইটাতে নিৰ্বাচনী প্ৰেক্ষাপট এনেদৰেই অস্পষ্ট হৈ আছে। কংগ্ৰেছে সংখ্যালঘূৰ ভোট পামেই বুলি কনফিডেন্ট হৈ থাকিলেও সংখ্যালঘূৰ মহিলাসকলে এইবাৰ ওলট-পালট কৰিব পাৰে সমীকৰণ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁৱৰ সৰ্বাধিক সংখ্যালঘূ অধ্যুষিত সমষ্টিকেইটাত ভোটাৰে সন্তোষজনক ভোটাধিকাৰ সাব্যস্ত কৰিলে। সমষ্টিটোৰ ধিঙত প্ৰায় ৭২শতাংশ, লাহৰীঘাটত ৬৪শতাংশ, ৰূপহীহাটত ৭২শতাংশ আৰু চামগুৰিত ৭২শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰিলে ভোটাৰে।

এই সমষ্টিকেইটাত বিজেপি-কংগ্ৰেছ উভয়ে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰক ওলাই আহিবলৈ আহ্বান জনাইছিল। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই এই সমষ্টিকেইটাত ঘনাই সভা অনুষ্ঠিত কৰাৰ বিপৰীতে প্ৰদ্যুত বৰদলৈও পিছ পৰি ৰোৱা নাছিল। এতিয়া এই সংখ্যালঘূ ভোটাৰসকলে কাৰ আহ্বান বেলট বাকচত ৰাখিলে সেয়াও লাখটকীয়া প্ৰশ্ন!

গতিকে এই সকলোবোৰলৈ চাই বিজেপিয়ে ভাৱি থকা ধৰণে ১২ বা ১৩ৰ দেওনা আৰু কংগ্ৰেছে কল্পনা কৰা ৬/৭ৰ লক্ষ্য, দুয়োটা দলৰ বাবে সহজসাধ্য নহব যেনেই বোধ হয়। কিয়নো পানীৰ তলৰ সোঁত কোনফালে বৈছে এতিয়াও তলকিবই পৰা নাই বহুতে...

কোন জিকিব, কোন হাৰিবঃ সহজ নহয় অনুমান কৰা...
লোকসভা নিৰ্বাচন- ২০২৪ঃ বিয়লি ৫ বজালৈকে দৰং-ওদালগুৰিত ভোটদানৰ হাৰ সৰ্বাধিক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in