লোকসভা নিৰ্বাচন- ২০২৪ঃ ৩ বজালৈকে দৰং-ওদালগুৰিত ভোটদানৰ হাৰ সৰ্বাধিক..
লোকসভা নিৰ্বাচন- ২০২৪ঃ ৩ বজালৈকে দৰং-ওদালগুৰিত ভোটদানৰ হাৰ সৰ্বাধিক..

লোকসভা নিৰ্বাচন- ২০২৪ঃ বিয়লি ৫ বজালৈকে দৰং-ওদালগুৰিত ভোটদানৰ হাৰ সৰ্বাধিক...

বিয়লি ৫বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ

  • নগাঁও লোকসভা সমষ্টিত ৭১.৮৪ শতাংশ।

  • দৰং-ওদালগুৰি সমষ্টিত ৭২.৯৯ শতাংশ

  • শিলচৰ সমষ্টিত ৬৫.৫৭ শতাংশ।

  • কৰিমগঞ্জ সমষ্টিত ৭১.১২ শতাংশ।

  • ডিফু সমষ্টিত ৬৯.৬২ শতাংশ।

উদাৰবন্দত দুৰ্গানগৰ চাহ বাগিছাৰ বহু ভোটাৰৰ ভোট বৰ্জন...

উদাৰবন্দ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰ্গানগৰ চাহ বাগিছাৰ ১২০ নং ভোট কেন্দ্ৰৰ ভোটাৰ সকলে পথ নিৰ্মাণ নকৰাৰ প্ৰতিবাদত ভোট বৰ্জন কৰিছে । কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা সাত শতাধিক যদিও দুপৰীয়া দু বজালৈ মাত্ৰ এজন ভোটাৰে ভোটদান কৰে।‌ ভোট বৰ্জনৰ খবৰ পাই কেন্দ্ৰ টোত ADC CIRCLE OFFICER আৰু উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি চোম উপস্হিত হৈ ভোটদান কৰিবলৈ ভোটাৰ সকলক বুজাই যদিও কোনো কাম নহ'ল। ভোটাৰ সকলৰ স্পষ্ট কথা, পথ নিৰ্মাণ নোহোৱালৈকে তেওঁলোকে ভোটদান নকৰে।

দিনৰ ৩ বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ

  • নগাঁও লোকসভা সমষ্টিত ৬০.৫৬ শতাংশ।

  • দৰং-ওদালগুৰি সমষ্টিত ৬৪.৪৩ শতাংশ

  • শিলচৰ সমষ্টিত ৫৩.০৬ শতাংশ।

  • কৰিমগঞ্জ সমষ্টিত ৬০.৩৬ শতাংশ।

  • ডিফু সমষ্টিত ৬০.৭৪ শতাংশ।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি দিনৰ ১-০০বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ

  • নগাঁও ৪৪.৪৮ শতাংশ

  • দৰং-ওদালগুৰি ৪৯.৭২ শতাংশ

  • শিলচৰ ৪০.২৩ শতাংশ

  • কৰিমগঞ্জ ৪৯.১৪ শতাংশ

  • ডিফু ৪৬.৪০ শতাংশ

দিনৰ ১২-৩০বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ

  • নগাঁও ৩৫.০৮ শতাংশ

  • দৰং-ওদালগুৰি ৩৮.৭৫ শতাংশ

  • শিলচৰ ৩৪.৭৫ শতাংশ

  • কৰিমগঞ্জ ৩৬.৭২ শতাংশ

  • ডিফু ৩৮.২৫ শতাংশ

অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিনে সাব্যস্ত কৰিলে ভোটাধিকাৰ

বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিনে পত্নীসহ ভোটাধিকাৰ সাব্যস্ত কৰে। নিজ গাঁৱস্থিত ডিলাওজান জালজৰী প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে ড০ মমিন আৰু পত্নীয়ে।

ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই

নগাঁৱৰ উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই।

দিনৰ ১১-০০বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ

  • নগাঁও ২৩.৪১

  • দৰং-ওদালগুৰি ১৮.৬৫

  • শিলচৰ ২০.১১

  • কৰিমগঞ্জ ২২.৩৫

  • ডিফু ২৪.১৯

পত্নী, পুত্ৰক লগত লৈ ভোটকেন্দ্ৰত বিধায়ক ৰূপক শৰ্মা

নগাঁও চহৰৰ কিৰণৱালা বালিকা বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধায়ক ৰূপক শৰ্মাই। পত্নী আৰু পুত্ৰৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত হৈ বিধায়কগৰাকীয়ে ভোটাৰসকলক ধন্যবাদ জনায়। পুৱাতে ভোটদিবলৈ হিলদল ভাঙি ওলাই অহাত সন্তুষ্টি প্ৰকাশ বিধায়কগৰাকীৰ।

পুৱা ১০-০০বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ

  • নগাঁও ১৫.২৭ শতাংশ

  • দৰং-ওদালগুৰি ১২.৩১ শতাংশ

  • শিলচৰ ১২.১১ শতাংশ

  • কৰিমগঞ্জ ১৪.৮৭ শতাংশ

  • ডিফু ১৯.০৫ শতাংশ

পুৱা ৮-০০বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ

  • নগাঁও ২.৩৫

  • দৰং-ওদালগুৰি ৩.৪১

  • শিলচৰ ৩.২২

  • কৰিমগঞ্জ ৪.৬৫

  • ডিফু ২.৩৪

মাজবাট বিধানসভা সমষ্টিৰ ১৭৩ নং বেঙেনাবাৰী ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল

মাজবাট বিধানসভা সমষ্টিৰ ১৭৩ নং বেঙেনাবাৰী ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল। বৰ্তমানো আৰম্ভ হোৱা নাই ভোটদান পৰ্ব। EVM বিকল হোৱাৰ বাবে হিলদলভাঙি ওলাই অহা ভোটাৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া।

মঙলদৈৰ এটি ভোটকেন্দ্ৰত ২৫ মিনিট পলমকৈ আৰম্ভ হ'ল ভোটগ্ৰহণ

মঙলদৈৰ বামুণপাৰা ১৫২নং ভোটকেন্দ্ৰটিত ২৫ মিনিট পলমকৈ আৰম্ভ হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া। জানিব পৰা মতে ভিভিপেদ মেচিন বিকল হোৱা বাবে ২৫ মিনিট দেৰিকৈ হ'ল ভোটগ্ৰহণ অনুষ্ঠিত হয়।

দেউৰাবড়ি প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত পুৱাই প্ৰথমটো ভোটদান কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে

মৰিগাঁও জিলাৰ দেউৰাবড়ি প্ৰাথমিক বিদ্যালয়ত পুৱাই প্ৰথমটো ভোটদান কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। মৰিগাঁৱৰ চাবুকধৰা পঞ্চায়তৰ অন্তৰ্গত দেউৰাবড়ি গাঁৱৰ ৰাইজৰ সৈতে পুৱাই শাৰী পাতি বিধায়কগৰাকীয়ে ভোট প্ৰদান কৰে।

আৰম্ভ হ’ল দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া...

আজি পুৱা ৭-০০বজাৰ লগে লগে আৰম্ভ হ’ল দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। অসমৰ ৫টা সমষ্টিত আৰম্ভ হ’ল ভোটদান পৰ্ব। ইভিএমৰ বুটামত ভাগ্য নিৰ্ণয় হ’ব অসমৰ ৬১গৰাকী প্ৰাৰ্থীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in