জোনমণি কাণ্ডৰ ইতি পৰিল!

জোনমণি কাণ্ডৰ ইতি পৰিল!

লক্ষ্মীপ্ৰিয়া দত্ত

জোনমণি ৰাভাৰ মৃত্যু হত্যাকাণ্ড, আত্মহত্যা নে দুৰ্ঘটনা আছিল? এই বিশেষ প্ৰশ্নটোৱে খেদি ফুৰিছিল অসমৰ ৩কোটি জনতাক। প্ৰথমে অসম আৰক্ষীৰ চি আই ডি আৰু চি আই ডিৰ পৰা এই প্ৰশ্নটোৰ উত্তৰৰ সন্ধানত নামিছিল চি বি আই।

অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভা। যাক লেডী সিংঘম হিচাপে সকলোৱে জানিছিল।  সেইগৰাকী জোনমণি ৰাভাই বিগত বৰ্ষৰ ১৬ মে'ৰ পুৱতি নিশা এটা ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল।

দক্ষ আৰক্ষী বিষয়া বুলি কম সময়তে পৰিচয় দিয়া ৰাভাৰ আকস্মিক মৃত্য়ুক ৰাজ্যৰ কোনো সচেতন লোকেই সহজভাৱে ল'ব পৰা নাছিল। অসমৰ প্ৰায় সংখ্যক লোকেই আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ হোৱাটো কামনা কৰিছিল। ৰাজ্যত গঠন হোৱা জনমতৰ প্ৰতি সন্মান জনাই অসম চৰকাৰেও এই ঘটনাৰ তদন্ত অৰ্পন কৰিছিল চি বি আইক।

তাৰ পৰিপ্ৰেক্ষিততে ১ মহীয়া চিআইডি-ৰ তদন্ত প্ৰক্ৰিয়াৰ পাছত চি বি আই য়ে চমজি লৈছিল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। চি বি আই য়ে গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া হাতত লোৱাৰ পিছৰে পৰা সকলো একপ্ৰকাৰ নিশ্চিত হৈছিল যে, জোনমণি কাণ্ডৰ সঁচা কাহিনী পোহৰলৈ আহিব।

৭ফেব্ৰুৱাৰী, বুধবাৰে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল হ'ল!  সুদীৰ্ঘ ৮-৯ মাহৰ পাছত আজি নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে!  চিবিআইয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি উক্ত নিশাটোত  দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল জোনমণি ৰাভাৰ।

দেশৰ শীৰ্ষ তদন্তকাৰী সংস্থাটোৱে জোনমণি ঘটনাক লৈ প্ৰতিবেদন দাখিল কৰিলেও এই প্ৰতিবেদক লৈ আশ্বস্ত হ'ব পৰা নাই জোনমণিৰ পৰিয়াল আৰু গুণমুগ্ধসকল। চি বি আইৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে জোনমণি ৰাভাৰ মাতৃয়ে চি বি আইৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয় বুলি ক্ষোভ প্ৰকাশ কৰিলে।

উল্লেখ কৰা প্ৰয়োজন যে, জোনমণিৰ মৃত্যুৰ দিনা মাতৃয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি চিঞৰি চিঞৰি কৈছিল। আনকি নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ নামো লৈছিল জোনমণিৰ মাতৃয়ে।  ঘটনা গৈ এই পৰ্যায় পাইছিলগৈ যে, লীনা দলেৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল জোনমণিৰ মাতৃয়ে।

জোনমণিৰ মাতৃৰ অভিযোগ আছিল যে, দুৰ্ঘটনা সংঘটিত হোৱা নিশাটোত লীনা দলে নেতৃত্বত অহা এটা দলে সেই মৃত্যুৰ দিনাই জোনমনিৰ বাসগৃহৰ পৰা ৪ লাখ টকা লৈ গৈছিল। ইয়াৰ লগতে লীনা দলেৰ কথা মতেই বহু ঘটনাৰ তদন্ত জোনমণিয়ে কান্ধ পাতি লৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল। মাতৃৰ এই অভিযোগ-প্ৰতিভিযোগৰ মাজতে উক্ত ঘটনাটোক লৈ সৃষ্টি হৈছিল ৰহস্যৰ।

ঘটনা আৰু অধিক গভীৰ ৰহস্যৰ মাজলৈ গতি কৰিছিল যেতিয়া দুৰ্ঘটনাৰ পাছতে জোনমনিৰ দুয়োটা মোবাইল অন্তৰ্ধান হৈছিল। কিন্তু ১ মাহ পাছত সেই ফোন পুনৰ ভঙা বাহনৰ ভিতৰত পোৱা গৈছিল।  ফৰেন্সিচকৰ দলে কেইবাবাৰো বাহনখন তন্ন-তন্নকৈ পৰীক্ষাৰ পাছতো ফোনটো কিয় উদ্ধাৰ হোৱা নাছিল বুলিও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছিল।

দ্বিতীয়তে,  ২ মাহ সম্পূৰ্ণ নৌহওঁতেই পুনৰ নিযুক্তি প্ৰদান কৰা হৈছিল জোনমণি কাণ্ডৰ সৈতে নাম সাঙুৰ খোৱা আৰক্ষী বিষয়া মনোজ ৰাজবংশীক। অভিযোগ অনুসৰি মনোজ ৰাজবংশীয়ে জোনমণি ৰাভা কাণ্ডৰ বিভিন্ন তথ্য প্ৰমাণ নষ্ট কৰিছিল। চিবিআইৰ তদন্তৰ পূৰ্বে চি আই ডিৰ তদন্তৰ সময়তে আন আন আৰক্ষী বিষয়াৰ সৈতে মনোজ ৰাজবংশীকো নিলম্বন কৰা হৈছিল।

উল্লেখ্য যে, চি বি আইৰ ডি আই জি লাভলি কাটাৰিয়াৰ নেতৃত্বত অহা তদন্তকাৰী দলটোৱে জোনমণি ৰাভা কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা বিভিন্ন আৰক্ষী বিষয়া, জোৱানৰ লগতে মনোজ ৰাজবংশীকো নগাঁৱত জেৰা চলাইছিল। কিন্তু এই তদন্ত প্ৰক্ৰিয়া সমাপ্ত নৌহওঁতেই মনোজ ৰাজবংশীক পুনৰ নিযুক্তি প্ৰদান কৰা হৈছিল।

তৃতীয়তে,  জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই ১৯ মে'ত জখলাবন্ধা থানাত দিয়া এজাহাৰত নাম থকাৰ পাছতো বহু পলমকৈ,  প্ৰায় এমাহ পাছতহে চিবিআই-য়ে লীনা দলেক জেৰা চলাইছিল। বহুতে এই প্ৰক্ৰিয়াক লৈও ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে।

মুঠৰ ওপৰত বহুকেইটা দিশৰ ওপৰত ভিত্তি কৰি ভিন্ন যুক্তিৰে এতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াত কেনা থকাৰ কথা আক্ষেপেৰে প্ৰকাশ কৰিছিল জোনমণিৰ পৰিয়ালে। এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক লৈ অখিল গগৈকে ধৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও ক্ষোভ প্ৰকাশ কৰিছে।

অখিল গগৈয়ে চি বি আইক চৰকাৰৰ হৈ কাম কৰা এটা তদন্ত সংস্থা বুলি কটাক্ষ কৰি জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত যে গভীৰ এক ষড়যন্ত্ৰ লুকাই আছে বুলি কয়। ইফালে দেৱব্ৰত শইকীয়াই এই তদন্ত প্ৰক্ৰিয়াত কেৰোন থকাৰ লগতে অদৃশ্য শক্তিৰ কৃপা আছে বুলি ক্ষোভ প্ৰকাশ কৰিছে।

এই সকলোবোৰ মাজত এতিয়া সামাজিক মাধ্যমতো সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। বহুতে প্ৰশ্ন কৰিছে,  চিবিআইৰ এই তদন্তই সচাঁই ন্যায় প্ৰদান কৰিলেনে জোনমণি ৰাভাক? বহুতৰ মনত  এগৰাকী দক্ষ সাহসী আৰক্ষী বিষয়াৰ মৃত্যু কিমান স্বাভাৱিক আছিল সেয়া আজিও যেন ৰহস্যই হৈ থাকিল!

চি বি আইৰ তদন্তৰ পাছতো বহু প্ৰশ্ন যেন প্ৰশ্ন হৈয়ে ৰ'ল! অভিযুক্ত আৰক্ষী বিষয়াক পুনৰ চাকৰিত নিযুক্ত কৰা হ'ল। হেডকোৱাৰ্টাৰ ক্লজ কৰাৰ পাছতো পুনৰ নিলম্বন প্ৰত্যাহাৰ কৰা হ'ল সন্দেহৰ আঙুলি উঠা আৰক্ষীক বিষয়াক। সকলো এতিয়া আগৰ দৰেই স্বাভাৱিক হৈ পৰিল। একমাত্ৰ কন্যাৰ ন্যায়ৰ বাবে থানাই থানাই ঘূৰি বাউলী হৈ পৰা মাতৃৰ আজি মুখৰ মাত সৰিল। থোকা থুকি মাতেৰে তেওঁ আজি কলে- মোৰ আৰু ক'বলৈ একোৱেই নাই....

জোনমণি কাণ্ডৰ ইতি পৰিল!
উদীয়মান শিল্পী আৰিয়ন হাজৰিকাৰ 'মহাক্লান্তৰ যুগ' শীৰ্ষক গীত মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in