/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d566c6f3-0583-4e55-ad7a-ab56545cde03/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
- লশ্মিতা শইকীয়া
প্ৰকৃতিৰ ৰূপত অসন্তুষ্ট মানৱ,নে মানৱৰ অত্যাচাৰতঅসন্তুষ্ট প্ৰকৃতি ? বিগত প্ৰায় দুটা মাহত ৰ'দে দহিছিল অসমবাসীক। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচণ্ড ৰ'দৰ কোবত চৰ্চা চলিছিল বিগত বছৰসমূহত গছ-বন কাটি তহিলং কৰাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কথা। এজাক বৰষুণৰ বাবে হাহাকাৰ কৰিছিল ৰাজ্যবাসীয়ে। ব'হাগ মাহত গৰু গা-ধুৱাবলৈও পথাৰত পানী নোহোৱা অৱস্থা।
গৰমৰ প্ৰকোপত থাকিব নোৱাৰি ঠায়ে ঠায়ে দেখা পোৱা গৈছিল পৰম্পাগত ভেকুলী বিয়া পতা তথা নাঙলেৰে কোনো লোকৰ ঘৰত মনে মনে চোতাল চহোৱাৰ পৰম্পৰাগত ঘটনা। তদুপৰি জাবৰেৰে বাটতেই ভেটা দিয়াৰ পৰম্পৰায়েও ধৰা দিছিল বহু ঠাইত। আশা আছিল এজাক বৰষুণৰ।
মাত্ৰ গৰমৰ বাবেই নহয়, কৃষি প্ৰধান অসমত খেতিৰ বাবেও প্ৰয়োজন হৈছিল এজাক বৰষুণৰ। প্ৰকৃতিৰ নিয়ম অনুসৰি খেতিৰ সময় হৈছে ঠিকেই কিন্তু কঠীয়া সিঁচিবলৈ বতৰে খৰাং হৈ দেখা দিয়াত মূৰে-কপালে হাত দিয়াৰ আৰম্ভ কৰিছিল কৃষকে। পহিলা জেঠতেই কঠীয়া সিঁচা বহু অঞ্চলত জেঠৰ শেষলৈ দেখা নগ'ল কঠীয়া সিঁচাৰ প্ৰস্তুতি। ঠায়ে ঠায়ে পানী যোগান মেচিন লগোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল কৃষকে।
তেনেতে আশাৰ ৰেঙনি ছটিয়াই অৱশেষত আহিল এজাক বৰষুণ। এজাক বুলিলে ভুল হ'ব। প্ৰায় সপ্তাহজুৰা নেৰা-নেপেৰা বৰষুণ। বৰষুণৰ লগে লগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা দিলে প্ৰাকৃতিক দুৰ্যোগে। কি বানপানী, কি ভূমিস্খলন। চাৰিওদিশে আৱৰি ধৰিছে দুৰ্যোগে।
কৰবাত যদি কৃত্ৰিম বানপানী, কৰবাত আকৌ নদীৰ পৃষ্ঠত পানী বাঢ়ি ধাৰণ কৰিছে কালৰূপ। আনহাতে আন কৰবাত আকৌ নদীবান্ধে খুলি দিয়া পানীয়ে সৰ্বসাধাৰণৰ মাজত সৃষ্টি কৰিছে তথৈৱচ অৱস্থাৰ। বাৰিষাৰ প্ৰথমজাক বৰষুণতেই যেন ডুব গ'ল ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীৰ বহু অঞ্চল।
গুৱাহাটী মহানগৰীতো প্ৰতিবছৰৰ দৰে ধৰা দিলে কৃত্ৰিম বানে। বছৰটোৰ ৬ টা মাহে বানত ডুব গৈ থকা বুলি দাবী কৰি অহা অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও, হাতীগাঁও আদি ঠাইত পুনৰ সমালোচিত হ'ল চৰকাৰ। স্মাৰ্ট চিটিৰ সপোন দেখা চৰকাৰৰ প্ৰকৃত ৰূপক যেন ধৰা পেলালে এজাক বৰষুণে।
ইমানেই নহয়, দেওবাৰৰ দিনটোত বাতৰিৰ শিৰোনাম দখল কৰা মহানগৰীৰ আন এটা বিষয় হ'ল- ফাঁট মেলিল ভৰলুৰ গাৰ্ড ৱাল। বিভাগীয় মন্ত্ৰী অশোক সিংঘালে উক্ত স্থান পৰিদৰ্শন কৰিবলৈ গৈ সন্মুখীন হ'ল সাংবাদিকৰ প্ৰশ্নৰ। উত্তৰত মন্ত্ৰীগৰাকীয়ে ক'লে, "প্ৰকৃতিক আমি বাধা দিব নোৱাৰো।"
আকৌ বৰষুণৰ বাবে পাহাৰীয়া অঞ্চলবোৰত ভূমিস্খলনে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ। ডিমাহাচাওৰ হাফলঙত ভূমিস্খলনৰ বাবে চিন্তাত পৰিল সাধাৰণ জনতা। আকৌ যোৱা এসপ্তাহ ধৰি মেঘালয়-শিলচৰৰ ৬ নং ঘাইপথৰ সুৰংগ পথ বন্ধ হৈ পৰিছে ভূমিস্খলনৰ বাবেই। স্পৰ্শকাতৰ বিষয় যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম খাচি পাহাৰৰ ডমাউলিনৰ পিনডেংৰেই গাঁৱত ভূমিস্খলনে প্ৰাণ নিলে কেফিনিয়া নংচিজ, মায়ানিলা নংচিজ নামৰ দুই ভগ্নীৰ।
আনহাতে শনিবাৰে মহানগৰীৰ ধীৰেনপাৰাৰ সোণালী পথতো দেখা গ'ল ভূমিস্খলনৰ ঘটনা। বাসগৃহৰ ওপৰত খহি পৰিছিল এখন গাৰ্ডৱাল, যাৰ বাবে ঘৰটোত আবদ্ধ হৈ আছিল এজন লোক। আৰক্ষী আৰু এছ ডি আৰ এফৰ দলে উদ্ধাৰ কাৰ্য চলোৱাত প্ৰাণ ৰক্ষা পৰিছিল লোকজনৰ।
আকৌ এই ভূমিস্খলনৰ বাবেই মহানগৰীত প্ৰশাসনে বিপদজ্জনক হিচাবে চিহ্ণিত কৰিছে ৩৬৬ টাকৈ স্থান। ফটাশিল, ভঙাগড়, গীতানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ, কাহিলিপাৰা, কালাপাহাৰ, খাৰঘুলি, কইনাধৰা, মালিগাঁও, নৱগ্রহ, নৰকাসুৰ, নাৰেংগী, নুনমাটি আদি স্থানত সাৱধানতা অৱলম্বনৰ বাবে প্ৰশাসনে জাৰি কৰিছে নিদেৰ্শনা।
চুনছালিৰ ৭৭টাকৈ স্থান, খাৰঘূলিৰ ৩৭ টা স্থান, শৰণীয়াৰ ৫ স্থান, শান্তিপুৰৰ ২০টা স্থান, নাৰেংগীৰ ৩১ টা স্থান, নুনমাটিৰ ৪০ টা স্থান, নৰকাসুৰৰ ১৪ টা স্থান, নৱগ্ৰহৰ ৬ টা স্থান, মালিগাঁৱৰ ৮ টা স্থান, কইনাধৰা ৫ টা স্থান, খানাপাৰাৰ ৩৩ টা স্থান, কামাখ্যাৰ ৫ টা স্থান, কালাপাহাৰৰ ৭ টা স্থান, কাহিলীপাৰাৰ ২৫ টা স্থান, জালুকবাৰীৰ ২টা স্থান, হেঙেৰাবাৰীৰ ৩০ টা স্থান, গীতানগৰৰ ৬ টা স্থান, গড়ভঙাৰ ৯ টা স্থান, ফটাশিলত ৫ টা স্থানকে ধৰি মুঠ ৩৬৬ টা স্পৰ্শকাতৰ স্থান হিচাবে চিনাক্ত কৰিছে ।
মুঠৰ ওপৰত মহানগৰীৰ কোনো এটা স্থানেই যেন এতিয়া সুৰক্ষিত নহয়। এফালে যদি কৃত্ৰিম বানে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ, আনফালে আকৌ ভূমিস্খলনে আৱৰি ৰাখিছে সমগ্ৰ মহানগৰ। স্বাভাৱিকতেই সাধাৰণ লোকৰ মাজত প্ৰশ্ন উত্থাপন হৈছে মহানগৰীৰ কোনটো স্থান সুৰক্ষিত ?
পিছে মাত্ৰ মহানগৰীয়ে নহয়। প্ৰাকৃতিক দুৰ্যোগৰ কবলত এতিয়া সমগ্ৰ ৰাজ্য। মধ্য অসমত কপিলীয়ে ধাৰণ কৰা সংহাৰী ৰূপত ১২ খন কৈ গাঁও বিপদত। উজনীত লাইকা-দধীয়াতো দুখ লগা পৰিস্থিতি, বানে গৰকা বুলি ইতিমধ্যেই অভিহিত লখিমপুৰতো হঠাৎ মথাউৰি ভাঙি যমৰ-যতনাত ভুগিছে ৰাইজ। আকৌ গেৰুকামুখৰ সোৱণশিৰি এন এইছ পি চি নদীবান্ধৰ কথাও সৰ্বজনবিদিত। প্ৰকল্পটোত হোৱা ভূমিস্খলন তথা বাঢ়নি পানীয়ে উটুৱাই নিলে মূল বান্ধ। কামৰ বাবে ৰখাই থোৱা দুখন এক্সেভেটৰো উটুৱাই নিলে বানে।
মাত্ৰ বান, ভূমিস্খলনতে ক্ষান্ত থকা নাই প্ৰকৃতি। বজ্ৰপাতেও প্ৰাণ নিছে ৰাজ্যৰ দুই-এজন লোকৰ। বতাহ-ধুমুহাত উচন হোৱা ঘৰ-বাৰীৰ কথা নকলোয়ে যেনিবা!
কথা হ'ল প্ৰাকৃতিক দুৰ্যোগে কাল ৰূপ ধাৰণ কৰাৰ আঁৰত আমি মানৱজাতিয়ে নহয় জানো ? প্ৰকোপ গৰম হ'লেই যিদৰে আমি গছ-বন কাটি তহিলং কৰাৰ কথা চৰ্চা কৰো, ঠিক তেনেদৰে এই প্ৰাকৃতিক দুৰ্যোগৰ আঁৰতো আছে একেই কাৰণ। কোনো উপযুক্ত পৰিকল্পনা নোহোৱাকৈ প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংস লীলাৰ বাবেই প্ৰকৃতিয়ে যেন প্ৰতিশোধ লৈছে। ইয়াৰ প্ৰমাণ আজি চকুৰ সন্মুখত। গৰম হ'লেই যি দৰে চৰ্চা হয় গোলকীয় উষ্ণতা বৃদ্ধিক ৰোধ কৰিবলৈ গছ ৰোপণৰ কথা, ঠিক তেনেদৰে প্ৰাকৃতিক দুৰ্যোগ ৰোধিবলৈও পৰ্যাপ্ত পৰিমাণৰ গছ ৰোপণৰ কথাত গুৰুত্ব দিয়া উচিত।
অৱশ্যে গছ ৰোপণৰ কথা মাত্ৰ মুখৰ চৰ্চাই নহয়, হাতে-কামেও প্ৰতিজনে লাগিলেহে আমি সুস্থিৰ অৱস্থাত থাকিব পাৰিম। অন্যথা সময়ে সময়ে এনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব লাগিব। এইক্ষেত্ৰত চৰকাৰৰো বহু কৰণীয় আছে। উপযুক্ত দিহা-পৰামৰ্শৰেৰে চৰকাৰে সময় থাকোতেই পদক্ষেপ ল'লেহে প্ৰাকৃতিক দুৰ্যোগ তথা গোলকীয় উষ্ণতা ৰোধ কৰাত কিঞ্চিত সক্ষম হ'ব।
চৰকাৰে কোটি কোটি টকা আঁচনি তথা মেল-মিটিঙৰ নামত খৰচ কৰাতকৈ এই ক্ষেত্ৰত কিছু কথা আলোচনা কৰাৰ প্ৰয়োজন আছে। চৰকাৰ, মন্ত্ৰী-বিধায়কে তৰল মন্তব্য দি দায় সাৰিব বিচাৰিলে নিজেই ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব।
Also Read: অসম আৰক্ষীত সুনীল কাঠতীয়াৰ লুণ্ঠনৰাজ, কাম সম্পূৰ্ণ নকৰাকৈয়ে উলিয়াই নিলে ১৫০ কোটি...