অসম আৰক্ষীত সুনীল কাঠতীয়াৰ লুণ্ঠনৰাজ, কাম সম্পূৰ্ণ নকৰাকৈয়ে উলিয়াই নিলে ১৫০ কোটি...

অসম আৰক্ষীত সুনীল কাঠতীয়াৰ লুণ্ঠনৰাজ, কাম সম্পূৰ্ণ নকৰাকৈয়ে উলিয়াই নিলে ১৫০শ কোটি

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীত সুনীল কাঠতীয়াৰ লুণ্ঠনৰাজ, কাম সম্পূৰ্ণ নকৰাকৈয়ে উলিয়াই নিলে ১৫০ কোটি...

ডিজিটেল ডেস্ক : যি সময়ত অসম আৰক্ষী আধুনিকৰণৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে, কিন্তু সেই নিয়মমাফিক আধুনিকৰণে অসম আৰক্ষীৰ জোৱানসকলৰ জীৱন ধাৰণ আৰু তেওঁলোকৰ কৰ্মস্থলী উন্নয়নত বাধা দি থিয় দিছে একাংশ ঠিকাদাৰৰ লুণ্ঠনৰাজে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এক সূত্ৰৰ তথ্য অনুসৰি বিনা কামে শ-শ কোটি টকা সৰকাই নিছে এচাম ঠিকাদাৰে।

Advertisment

উল্লেখ্য যে, অসম আৰক্ষীৰ মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্যসমূহৰ থানা আৰু বেৰেক নিৰ্মাণৰ বাবে ২০২০ চনতেই আৱণ্টন কৰা হৈছিল বহু ঠিকা। ৩০০ কোটি টকীয়া এই ঠিকাৰ দ্বাৰাই ১৯ খন থানা আৰু ১০০ খন বেৰেক নিৰ্মাণৰ কাম দিয়া হৈছিল ফ্ৰণ্টিয়াৰ ছেলছ কৰ্পাৰেছন নামৰ ঠিকা প্ৰতিষ্ঠানটোক। সুনীল কাঠতীয়া নামৰ অনা অসমীয়া মালিকাধীন এই প্ৰতিষ্ঠাটোক দিয়া থানা নিৰ্মাণ আৰু বেৰেক নিৰ্মাণৰ কাম যোৱা ৪ বছৰে সম্পূৰ্ণ হৈ নুঠিল। লক্ষণীয়ভাবে কৰবাত আধাৰশিলা, কৰবাত নিৰ্মাণৰ সামান্য কাম কৰিয়েই এই প্ৰতিষ্ঠানটোয়ে ঠিকাৰ ৫০ শতাংশৰো অধিক ধন আদায় ল'লে।

লক্ষণীয় যে, বেৰেক সমূহৰ কাম ৬ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগে যদিও উক্ত ঠিকা প্ৰতিষ্ঠানটোক নিৰ্মাণ কৰিবলৈ দিয়া কিমান বেৰেকৰ কাম সম্পূৰ্ণ হ'ল সেয়া আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্ত কৰিলেই ওলাই পৰিব। অসম আৰক্ষীৰ এনে নিৰ্মাণ কাৰ্যৰে জড়িত সংশ্লিষ্ট বিভাগৰ এজন উচ্চ পদস্থ বিষয়াক মেনেজ কৰি সুনিল কঠতীয়াই লুণ্ঠনৰাজ অব্যাহত ৰাখিছে।

আনকি মাজুলীত নিৰ্মাণ কৰা এখন থানাৰ আধাৰশিলা স্থাপনতেই কাম সামৰি সেই নিৰ্মাণৰ বহু টকা উক্ত ঠিকা প্ৰতিষ্ঠানটোয়ে আদায় লোৱাৰ আভিযোগ উঠিছে। সততে দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ কথা কোৱা মুখ্যমন্ত্ৰী ঘনিষ্ঠতাৰ দোহাই দি অসম আৰক্ষীৰ নিৰ্মাণ কাৰ্যত লুণ্ঠনৰাজ সংঘটিত কৰা ঠিকাদাৰ সুনীল কাঠতীয়াৰ বিৰুদ্ধে আছে ইয়াতকৈ আৰু বহু ভয়ংকৰ অভিযোগ।

বাৰিষাৰ বতৰত এতিয়া ৰ'দে বৰষুণে থাকিব লগীয়া হোৱা আৰক্ষী কনিষ্টবল তথা জোৱানসকলে ইয়াৰ পৰিণাম ভোগ কৰিছে। প্ৰশ্ন হয় কাৰ বলত অসম আৰক্ষীত এই লুণ্ঠনৰাজ চলাইছে এই গৰাকী ঠিকাদাৰে। অসম আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্যমন্ত্ৰীক বিষয়টো তদন্ত কৰিবলৈ আৰক্ষীৰ ভিতৰচ'ৰাৰ পৰাই দাবী উত্থাপন হৈছে।

Also Read: সাংসদ পল্লৱ লোচন দাসৰ সংবাদমেল: বাতিল হ'ল মুখ্যমন্ত্ৰীৰ সভা...

Assam police