প্ৰধানমন্ত্ৰী হে মোডী! নীতিশ-চন্দ্ৰবাবুৰ হাততহে চাবিকাঠি...

প্ৰধানমন্ত্ৰী হে মোডী! নীতিশ-চন্দ্ৰবাবুৰ হাততহে চাবিকাঠি...

মৃদুল কুমাৰ সন্দিকৈ

এই ঘটনা গৰিহণাযোগ্য। এনে কাণ্ড কোনো ৰাজনৈতিক নেতাৰ সৈতে যাতে সংঘটিত নহয়, তাৰ প্ৰতি তেওঁলোকেও সৰ্তক আৰু সজাগ হৈ থাকিব লাগিব। নহ’লে কোন মুৰ্হূতত কোনে কাৰ গালত চৰ শোধাই দিয়ে তাৰ নিশ্চয়তা নোহোৱা হ’ব।

কোনে ভাৱিছিল দুদিনৰ পূৰ্বে সাংসদ নিৰ্বাচিত হোৱা বিজেপিৰ এগৰাকী সাংসদ তথা বলিউদৰ চেলিব্ৰেটী অভিনেত্ৰীৰ গালত হঠাৎ চৰ পৰিব। তাকো Y কেটেগৰীৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা অভিনেত্ৰী সাংসদ গৰাকীৰ সৈতে এই কাণ্ড সংঘটিত হ’ল আটাইতকৈ নিৰাপদ স্থান হিচাপে বিবেচিত বিমান বন্দৰৰ ভিতৰত।

হততে চৰ্চাত আৰু বিৰ্তকত থকা বলিউদৰ বিখ্যাত অভিনেত্ৰী কংগণা ৰাণাৱট। দিল্লীলৈ যাব বাবে তেওঁ উপস্থিত হৈছিলগৈ চণ্ডীগড় বিমান বন্দৰত। সংবাদমাধ্যমৰ খবৰ অনুসৰি বিমান বন্দৰতে কৰ্তব্যৰত এগৰাকী মহিলা চি আই এছ এফ জোৱানে চৰিয়ালে অভিনেত্ৰী ৰাণাৱটক।

কোলৱিন্দ কৌৰ নামৰ চি আই এছ এফৰ জোৱানগৰাকীয়ে এই কাণ্ড কৰিলে। তেওঁৰ দাবী বিৰ্তকিত মন্তব্যৰ ৰাণী অভিনেত্ৰী কংগণা ৰাণাৱট। তেওঁ কৃষক আন্দোলনক লৈ দিয়া তাচ্চিল্যসূচক মন্তব্যৰ বাবে এইদৰে চৰিয়াই প্ৰতিবাদ সাব্যস্ত কৰিলে।

হিমাচলৰ মাণ্ডী সমষ্টিৰ পৰা এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল কংগণা। অৱশ্যে তেওঁ কোনোমতেহে এই নিৰ্বাচনত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। হিমাচল প্ৰদেশত বিজেপিৰ পূৰ্ণ পৰ্যায়ৰ নিৰ্বাচনী বতাহ বলি থকাৰ মাজতো নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙক  মাত্ৰ ৭৪,৭৫৫টা ভোটৰ ব্যৱধানতহে পৰাস্ত কৰে

কংগণাৰ সৈতে সংঘটিত এই ঘটনা সন্দৰ্ভত ইতিমধ্যে চি আই এছ এফে এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। শেহতীয়া লোকসভা নিৰ্বাচনৰ পাছত দেশৰ ৰাজনীতি বহু পৰিৱৰ্তন তাতক্ষণিকভাৱে দেখিবলৈ পোৱা গৈছে।

প্ৰধানমন্ত্ৰীৰ মোডীৰ পৰা আৰম্ভ কৰি বহু শাসকীয় দলৰ নেতা জীৱনশৈলী আৰু ধৰণ-কৰনলৈ পৰিৱৰ্তন আনি দিলে এই নিৰ্বাচনে। প্ৰধানমন্ত্ৰীৰ মোডীৰ নামত বিজেপিয়ে এইবাৰ নিৰ্বাচন খেলিছিল। সমগ্ৰ দেশতে প্ৰাৰ্থী নহয় মোডীৰ বাবে ভোট দিবলৈ আহ্বান জনাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

কিন্তু দেশবাসী মোডীৰ নামত ভোট দিবলৈ সাজু নাছিল। বাৰাণসীত মোডীয়ে তৃতীয় বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২০১৪চনত প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মোডীয়ে বৰোডা আৰু বাৰাণসীৰ পৰা নিৰ্বাচন খেলিছিল।

বৰোডাত মোডীয়ে সেইবাৰ ৮৪৫৪৬৪টা ভোট লাভ কৰিছিল। মোডীয়ে লাভ কৰা ভোটৰ শতকৰা হাৰ আছিল ৭২.৭৫শতাংশ। বাৰাণসীতো তেওঁ জয়ী হৈছিল। কেজৰিৱালৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰি মোডীয়ে ৫৬.৩৭শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবাৰ তেওঁ বাৰাণসীৰ সাংসদ হৈ থাকিল।

২০১৯ত পুনৰ বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মোডীয়ে লাভ কৰিছিল ৬৭৪৬৬৪টা ভোট। ২০২৪ত মোডী আকৌ এই সমষ্টিৰ পৰা নিৰ্বাচনত নামিছিল। মোডীৰ ঢৌঁ আৰু বিজেপিৰ আস্থাই প্ৰধানমন্ত্ৰীক এই সমষ্টিৰ পৰা আৰু অধিক ভোটত ভোটাৰে জয়ী কৰাব বুলি ভৱা হৈছিল যদিও সেয়া নিৰ্বাচনী ফলাফলত দেখিবলৈ পোৱা নগ’ল।

কংগ্ৰেছৰ এজন সাধাৰণ প্ৰাৰ্থীৰ বিৰুদ্ধে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ১৫২৫১৩টা ভোট ব্যৱধানতহে জয় লাভ কৰিবলৈ সক্ষম হ’ল মোডী। মোডীয়ে ৰাজনৈতিক জীৱনত প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্বাচনসমূহৰ ভিতৰত শতকৰা হাৰ আটাইতকৈ কম ভোট পালে ২০২৪ত।

২০০২ত ৰাজকোটৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হওঁতে মোডীয়ে লাভ কৰিছিল ৫৭.৩২শতাংশ ভোট। মণিনগৰৰ পৰা তেওঁ বিধানসভা নিৰ্বাচনত দুবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত লাভ কৰা ভোটৰ শতকৰা হাৰ আছিল ক্ৰমে ৭৩.২৯ আৰু ৬৯.৫৩শতাংশ।

এই সমষ্টিটোৰ পৰাই ২০১২চনত তেওঁ বিধানসভা নিৰ্বাচনত  ৭৩.৩৮শতাংশ ভোট লাভেৰে জয়ী হৈছিল। তাৰ পাছত লোকসভা নিৰ্বাচনত তেওঁ সেই ধাৰাবাহিকতা আৰু জনপ্ৰিয়তা প্ৰমাণ দিবলৈ সক্ষম হৈছিল।

২০২৪ত কিন্তু ৫৪.২৪শতাংশ ভোট লাভ কৰিহে বাৰাণসীৰ পৰা মোডী লোকসভালৈ নিৰ্বাচিত হ’ল। প্ৰায় ২শতাংশ ভোট কমিল মোডীৰ। এয়া মোডীৰ দৰে এজন বিশ্ব পৰ্যায়ৰ নেতাৰ বাবে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ স্খলনৰ ইংগিত নেকি বুলিও চৰ্চা হৈছে।

ইফালে ২০২৪ৰ লোকসভা নিৰ্বাচনত ৪০০ৰো অধিক আসন লাভ কৰাৰ সপোন দেখা মোডীৰ নেতৃত্বাধীন বিজেপিয়ে তেওঁলোকৰ দৌৰ ২৪০তে সামৰিব লগা হ’ল। মেজিক নাম্বাৰলৈ মাজত ৰৈ গ’ল ৩২খন আসন। তাৰ পাছত তেলেগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডু আৰু জে ডি ইউৰ নেতা নীতিশ কুমাৰৰ কৃপাৰ ওপৰতেই মোডীৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰশীল হৈ পৰিল।

মৰ্চা ৰাজনীতিত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ চতুৰ আৰু অভিজ্ঞ খেলুৱৈ। তেওঁলোক দুয়োজনৰে আছে দৰ-দাম কৰাৰ নিজস্ব ৰাজনৈতিক কলা। আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যতৰ প্ৰতি যদি এফালে চন্দ্ৰবাবু নাইডু দায়ৱদ্ধ আনফালে ক্ষমতাৰ সোৱাদ যিকোনো মূল্যৰ বিনিময়ত লোৱাত সিদ্ধহস্ত নীতিশ কুমাৰ।

দিনটোৰ আগবেলা যদি তেওঁ কাৰোবাৰ সৈতে মিত্ৰতাত থাকে, পিছবেলা সেই দলটোৰ সৈতে তেওঁ নাথাকিবও পাৰে। পাল্টুৰাম ৰূপে খ্যাত নীতিশ আৰু চন্দ্ৰবাবু নাইডুৰ অক্সিজেন লৈ মোডীয়ে এতিয়া পূৰ্বৰ দুটা কাৰ্যকালৰ দৰে মোডীৰাজ চলাব নোৱাৰিব।

লক্ষ্যণীয়ভাৱে মোডীৰ কাষত গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ সময়ত থিয় দি থকা অমিত শ্বাহ ইতিমধ্যে এই প্ৰেক্ষাপটৰ পাৰ অন্তৰ্ধান হৈছে। তাৰ সলনি দেখা পোৱা গৈছে ৰাজনাথ সিঙক।

এই চৰকাৰৰ স্থায়ীত্বক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হোৱাৰ সময়তে ইণ্ডিয়া মৰ্চাই তেওঁলোকে চৰকাৰ গঠনৰ কোনো চেষ্টা নকৰে বুলি ঘোষণা কৰিছে। প্ৰয়োজনত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে তেওঁলোকক বিচাৰিব বুলি তাৎপৰ্যপূৰ্ণ ইংগিত দি থৈছে ইণ্ডিয়া মৰ্চাই।

এইবাৰ মোডীয়ে সংযুক্ত চৰকাৰৰ সোৱাদ পাব। লও বুলিয়েই সিদ্ধান্ত লোৱাৰ সাহস কৰিব নোৱাৰিব। বিশ্বজুৰি এক শক্তিশালী পৰিচয় গঢ়ি তোলা মোডীয়ে দেশৰ ৰাজনীতিত সেই শক্তিশালী ভেটিঁ যেন অক্ষুন্ন ৰাখিব নোৱাৰিলে।

উত্তৰ প্ৰদেশত বিজেপিৰ পতন যাত্ৰা মোডীৰ বাবে সুখকৰ নহয়। ৰামমন্দিৰ নিৰ্মাণ কৰি ৰাজ্যখনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিব বুলি ভৱা হৈছিল যদিও মুখ থেকেচাহে খালে। অযোধ্যাৰ অন্তৰ্গত ফৈজাবাদত পৰাস্ত হ’ল বিজেপিৰ প্ৰাৰ্থী।  ৰাজনীতি দেখি যেন ভয় খালে ৰামে!

আন কেইবাখনো ৰাজ্যতো বিজেপিৰ দশা ভাল নচলিল। মহাৰাষ্ট্ৰত আনৰ দল ভাঙি নিজ দলক শক্তিশালী কৰিব খোজা বিজেপিয়ে উজুটি খালে। উত্তৰ পূবতো অসমক বাদ দি আন ৰাজ্যসমূহত বিজেপিৰ বতাহ নবলিল।  নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ যাদু নচলিল।

মেঘালয়ত দুয়োখন আসনতে এন ডি এ হাৰিল। মণিপুৰত দুয়োখন আসন কংগ্ৰেছে দখল কৰিলে। নাগালেণ্ডত একমাত্ৰ আসনখন ইণ্ডিয়া এলায়েন্সৰ হাততেই থাকিল। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ দৰে অসমৰ প্ৰেক্ষাপটতো এই নিৰ্বাচনে বহু ইংগিত দি গৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত ৰকিবুল হুচেইন ১০লাখতকৈ অধিক ভোটত জয়লাভ কৰাতো সাম্প্ৰদায়িকতাৰ চিন বুলি মন্তব্য কৰিছে। ইয়াক অতি বিপদজনক আখ্যা দি শৰ্মাই অনাগত দিনত এয়া অসমৰ ৰাজনীতিৰ অশনি সংকেত আখ্যা দিছে।

তেওঁৰ মতে, কংগ্ৰেছ এতিয়া সাম্প্ৰাদায়িক দল। মুছলমানে কেৱল কংগ্ৰেছক ভোট দিছে ধুবুৰীত। নহ’লে ইমান ভোটৰ ব্যৱধানত ৰকিবুল হুচেইন জিকিব নোৱাৰে।‘ এই সমষ্টিটোত ৰকিবুল হুচেইনে ১৪৭১৮৮৫টা ভোট লাভ কৰিছে।  তেওঁৰ বিপৰীতে বদৰুদ্দিন আজমলে পালে ৪৫৯৪০৯টা ভোট। শতকৰা হাৰত মুঠ ২৪লাখ ৪৫হাজাৰ ৬৮৩টা ভোটৰ ভিতৰত ৫৯.৯৯শতাংশ ভোট লাভ কৰিছে ৰকিবুল হুচেইনে।

যদি ৫৯.৯৯শতাংশ ভোট লাভ কৰাৰ বাবে ৰকিবুল হুচেইন সাম্প্ৰদায়িক আৰু কংগ্ৰেছ দল সাম্প্ৰদায়িক ৰাজনীতিৰ পৃষ্ঠপোষক হয়, তেনে মধ্যপ্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিৰ ফলাফলক কি আখ্যা দিব অসমৰ মুখ্যমন্ত্ৰীয়ে।

দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হৈছে শংকৰ লালৱানি। হিন্দু ভোটাৰৰ প্ৰভাৱ থকা সমষ্টিটোত এইগৰাকী বিজেপি প্ৰাৰ্থীয়ে মুঠ ভোটৰ ৭৮.৫৪শতাংশ লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সূত্ৰ অনুসৰি, এয়া বিজেপিৰ হিন্দু সাম্প্ৰদায়িক ৰাজনীতি ফল নেকি?

বিজেপিৰ শিৱৰাজ সিং পাটিলেও এইবাৰ নিৰ্বাচনত তৃতীয় সৰ্বাধিক ভোট লাভ কৰি জয়ী হৈছে। নিকটতম প্ৰাৰ্থী প্ৰতাপ ভানু শৰ্মাতকৈ তেওঁ ৮লাখ ২১হাজাৰ ৪০৮টা ভোট বেছিকৈ পাইছে। মুঠ ভোটৰ ৭৬.৭শতাংশ ভোট লাভ কৰিছে বিজেপিৰ নেতাজনে।

এয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ উদাহৰণ। কৰিমগঞ্জত মুছলমান ভোটাৰ প্ৰভাৱ থকাৰ পাছতো বিজেপি প্ৰাৰ্থী জয়ী হৈছে। বিজেপিৰ প্ৰাৰ্থীজনক কোনে ভোট দিলে? মুছলমান ভোট নালাগে বুলি প্ৰথমে দাংকোপ মাৰি পিছত সেই ভোটৰ আশাত সুৰ কোনে সলাইছিল?

এখন দেশৰ নাগৰিক হিচাপে ভোটাৰৰ মূল্যায়ন কি হিন্দু, মুছলমান ধৰ্মৰ ভিত্তিত হয় নেকি? মুখ্যমন্ত্ৰীৰ মুখত তেনে ৰাজনৈতিক বিশ্লেষণে শোভা পায়নে! ১১টা সমষ্টিত জয়ী হৈও যোৰহাটৰ পৰাজয়ে তেওঁলোকৰ বাবে অস্বস্তিকৰ হোৱা নাইনে? তেওঁলোকৰ দেহৰ ভাষাত সেইয়া ফুটিঁ উঠিছে।

ৰজা-মহাৰজাৰ পুত্ৰ বুলি কৈ এতিয়া সেই বিষয়ক তল পেলাবলৈ চেষ্টা কৰিলেও গৌৰৱ গগৈক অসমৰ ৰাজনীতিত অধিক প্ৰাসংগিক মুখ্যমন্ত্ৰীয়ে কৰিছিল। অসমৰ আটাইকেইটা সমষ্টিতকৈ অধিক ভোটত যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তপন গগৈ জিকিব বুলি তেঁৱেই কৈছিল।

কেৱল বিৰোধীয়ে নহয়, নিজ দলৰ ভিতৰৰ পৰাই এতিয়া সমালোচনাৰ জোৱাঁৰ উঠিছে। উমি উমি অসন্তুষ্টিৰ জুই জ্বলিছে। ৯৩টা বিধানসভা সমষ্টিত এইবাৰ প্ৰথম স্থানত আছো বুলি আত্মসন্তুষ্টিৰ হাঁহি মাৰিছে মুখ্যমন্ত্ৰীয়ে। ২০২৬ত ইয়াক কেনেকৈ ১০০ কৰিব পাৰি সেই চেষ্টাত এতিয়া ব্যস্ত বুলি ঘোষণা কৰিছে।

অনুৰূপ সপোনেই মোডীয়েও দেখিছিল। ৩০৩খন আসন বিজেপিয়ে ২০১৯ত লাভ কৰিছিল অকলে। ২০২৪ত ৪০০ৰ পাৰ হ’ব বুলি শ্লোগান দিছিল। গভীৰ আত্মবিশ্বাসেৰে তপস্যাত বহিছিল। ফলাফল ঘোষণা নৌহওঁতেই ১০০দিনৰ নতুন চৰকাৰৰ কৰ্মসূচী প্ৰস্তুতৰো বাতৰি ওলাইছিল। পিছে ২৪০ৰ সংখ্যা অতিক্ৰম কৰিব নোৱাৰিলে আসনৰ সংখ্যাই।

ৰাজনীতি সচাঁই বৰ আচৰিত। মৰম কৰি মূৰত তুলি লোৱা একেখিনি ৰাইজেই গৰম হ’লে ভৰিৰে গচকি অস্তিত্বহীন কৰিবও পাৰে। একাংশ ৰাজনৈতিক নেতাই চকুৰ সন্মুখতে এইবোৰ বাস্তৱ ছবি দেখিও সেই বাস্তৱক উপলদ্ধি কৰিব নোৱাৰে তেওঁলোকৰ অহংকাৰৰ বাবে...

প্ৰধানমন্ত্ৰী হে মোডী! নীতিশ-চন্দ্ৰবাবুৰ হাততহে চাবিকাঠি...
কিয় এই বিষন্নতা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in