চয়নিকা শইকীয়া
জেন জি আৰু আলফা কিডৰ মাজৰ পাৰ্থক্য বুজি থকাৰ সময়তে আগমণ হ'ল এটা নতুন প্ৰজন্মৰ। প্ৰযুক্তিৰ সৈতে গভীৰভাৱে জড়িত হৈ আগন্তুক দশকবোৰত পৃথিৱীখনক গঢ় দিব পৰাকৈ সাজু কৰি পঠিওৱা হৈছে এই নতুন প্ৰজন্মটোক।
বছৰৰ আৰম্ভণিৰ লগে লগে অৰ্থাৎ ২০২৫ ৰ ১ জানুৱাৰীৰ পৰা পৃথিৱীত নতুন প্ৰজন্মৰ আগমন ঘটিল। ভাৰতত এই নতুন প্ৰজন্ম অংকুৰিত হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মিজোৰামত। মিজোৰামৰ আইজলৰ চিন’ড হাস্পতালত এই পৃথিৱীৰ পোহৰ দেখা 'ফ্ৰেংকি' ভাৰতৰ এই নতুন প্ৰজন্মটোৰ প্ৰথম প্ৰতিনিধি।
এই নতুন প্ৰজন্মটোৰ নাম দিয়া হৈছে জেনেৰেচন বিটা (Generation Beta)। জেনেৰেচন বিটাৰ বহু লোকে ২২ শতিকা চোৱাৰ সৌভাগ্য লাভ কৰিব বুলিও ধাৰণা কৰা হৈছে।
২০২৫ চনৰ পৰা ২০৩৯ চনৰ ভিতৰত জন্ম হোৱা শিশুবোৰ জেনেৰেচন বিটাৰ অন্তৰ্ভুক্ত। ২০৩৫ চনৰ ভিতৰত এই প্ৰজন্ম বিশ্বৰ জনসংখ্যাৰ ১৬ শতাংশ হ’ব। এই প্ৰজন্ম হৈছে জেনেৰেচন আলফাৰ পৰৱৰ্তী প্ৰজন্ম। তাৰ পূৰ্বতে আছিল জেনেৰেচন জেড। জেনেৰেচন আলফাৰ পৰা আৰম্ভ হোৱা গ্ৰীক বৰ্ণমালাৰ ধাৰাবাহিকতা ৰক্ষা কৰি অষ্ট্ৰেলিয়াৰ গৱেষণা সংস্থা মেকক্ৰিণ্ডলে নতুন প্ৰজন্মক জেনেৰেচন বিটা হিচাপে নামকৰণ কৰিছে।
কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত জন্মগ্ৰহণ কৰা জেনেৰেচন বিটাৰ দৈনন্দিন জীৱনত প্ৰযুক্তিয়ে ডাঙৰ ভূমিকা পালন কৰিব। ডিজিটেল উন্নীতকৰণ, স্বয়ংক্ৰিয় বাহন, উন্নত স্বাস্থ্য প্ৰযুক্তি আৰু ভাৰ্চুৱেল পৰিৱেশ এই সময়ছোৱাৰ সন্তানৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিব। যিদৰে জেনেৰেচন আলফাই কৃত্ৰিম বুদ্ধিমত্তা আৰু স্মাৰ্ট প্ৰযুক্তিৰ উত্থান দেখিছে,তেনেদৰে জেনেৰেচন বিটাই সেই প্ৰযুক্তিক তেওঁলোকৰ শিক্ষা, কেৰিয়াৰ, স্বাস্থ্যসেৱা আৰু মনোৰঞ্জনৰ প্ৰতিটো দিশতে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব।
অৱশ্যে এই ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব জেন বিটা। একাংশ বিশেষজ্ঞৰ মতে, নতুন প্ৰযুক্তিৰ সৈতে খোজ মিলাই আগবঢ়াতো বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে যিদৰে আশীৰ্বাদস্বৰূপ সমান্তৰালকৈ এয়া তেওঁলোকৰ বাবে এক আজীৱন প্ৰত্যাহ্বান। তেওঁলোকে জলবায়ু পৰিৱৰ্তন,বিশ্ব জনসংখ্যা পৰিৱৰ্তনৰ দৰে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এই প্ৰজন্মই অভিযোজন ক্ষমতা, গুণগত মান আৰু সহযোগিতাৰ গুৰুত্ব বুজিব লাগিব। তদুপৰি প্ৰযুক্তি বিকাশ কাৰ্যকৰী কৰাৰ বাবেও জেনেৰেচন বিটাৰ ওপৰত দায়িত্ব থাকিব।
প্ৰযুক্তিৰ সৈতে জন্ম হোৱা আৰু প্ৰযুক্তিৰ লগতে ডাঙৰ-দীঘল হোৱা এইসকল শিশুৰ অভিভাৱক সকলেও নিজক যিকোনো ঘটনাৰ বাবে সাজু কৰি ৰখা উচিত। জেন বিটাৰ অভিভাৱকসকলে সন্তানক বিশেষকৈ মূল্যবোধ শিকাব লাগিব। কাৰণ ছ’চিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান ব্যৱহাৰৰ ফলত মানুহৰ মাজত মুখামুখি সংযোগ হ্ৰাস পাইছে। আৱেগৰ লগতে শিশুৱে নিজৰ অনুভৱবোৰ বুজি পোৱা আৰু প্ৰকাশ কৰিব জনাটো অতি প্ৰয়োজন।
লিখা-মেলা বা কাহিনী কোৱাৰ দৰে কাৰ্য্যকলাপসমূহ এই ক্ষেত্ৰত অভিভাৱক সকলৰ সহায়ক হ’ব। আজিৰ প্ৰযুক্তিৰ জগতখনত শিশুৱে বাহিৰলৈ ওলাই গৈ খেলা-ধূলা কৰিবলৈ পাহৰি গৈছে,যদিও খেলা-ধূলা তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। অভিভাৱক সকলে শিশুটিক বাহিৰলৈ ওলাই গৈ বা স্কুলত বিভিন্ন খেলত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা উচিত।
জেনেৰেচন বিটাক অভিভাৱকে নমনীয়তা আৰু মুকলি মনৰে প্ৰতিপালন কৰা উচিত। অভিভাৱকসকলো প্ৰযুক্তিগত নতুন তথ্য জানিবলৈ আৰু পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খাব পৰাকৈ নিজকে সাজু কৰিব লাগিব। এই প্ৰজন্মৰ পিতৃ-মাতৃৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব সন্তানক মোবাইল,টিভি, লেপটপ,আইপেডৰ আদিৰ স্ক্ৰীণৰ পৰা আঁতৰাই ৰখা।
কৃত্ৰিম বুদ্ধিমত্তাৰ সময়ছোৱাত পিতৃ-মাতৃৰ বাবে শিশুক স্ক্ৰীণৰ পৰা আঁতৰাই ৰখাটো অধিক কঠিন হৈ পৰিব। প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত সন্তানক সীমাবদ্ধ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। প্ৰযুক্তি সন্দৰ্ভত আৰম্ভণিৰে পৰা শিশুৰ সুস্থ অভ্যাস গঢ়ি তোলাৰ প্ৰয়াল কৰিব।
এতিয়া আহো পূৰ্বৰ প্ৰজন্ম সমূহৰ কথালৈ। সাধাৰণতে যিকোনো প্ৰজন্মৰ নাম সেই সময়ৰ ঐতিহাসিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিঘটনাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। এটা প্ৰজন্মৰ আৰম্ভণি আৰু অন্ত সেই সময়ৰ কোনো ডাঙৰ পৰিঘটনাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। প্ৰজন্মসমূহৰ সময়সীমা সাধাৰণতে ১৫ ৰ পৰা ২০ বছৰ।
দা গ্ৰেটেষ্ট জেনেৰেচন, ১৯০১-১৯২৭- এই প্ৰজন্মটো মন্দাৱস্থাৰ লগতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ স্থিতিস্থাপকতা আৰু দেশপ্ৰেমৰ বাবে পৰিচিত।
দা চাইলেন্ট জেনেৰেচন, ১৯২৮-১৯৪৫- অৰ্থনৈতিক সংকট আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বাবে দা চাইলেন্ট জেনেৰেচনক নিৰৱ প্ৰজন্ম বুলি জনা যায়।
বেবী বুমাৰ প্ৰজন্ম, ১৯৪৬-১৯৬৪- দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জনসংখ্যাৰ ব্যাপক বৃদ্ধিৰ বাবে এই প্ৰজন্মক বেবী বুমাৰ বুলি নামকৰণ কৰা হৈছিল। এই প্ৰজন্মই আধুনিকতাক আঁকোৱালি লৈছিল। বেবী বুমাৰ প্ৰজন্মই নিজৰ সন্তানক নতুন ধৰণেৰে ডাঙৰ-দীঘল কৰিছিল। তেওঁলোকৰ বাবে প্ৰযুক্তি সম্পূৰ্ণ নতুন আছিল।
জেনেৰেচন এক্স, ১৯৬৫–১৯৮০ চনত জন্মগ্ৰহণ কৰা এই প্ৰজন্মক প্ৰযুক্তিৰ সৈতে সম্পৰ্ক থকাৰ ফলত আধুনিক যুগৰ বাবে প্ৰাসংগিক বুলি গণ্য কৰা হয়।
১৯৮১–১৯৯৬ চনত জন্মগ্ৰহণ কৰা সকল হৈছে মিলেনিয়াম। যাক জেনেৰেচন ৱাই বুলিও কোৱা হয়, এই প্ৰজন্ম ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু ইয়াৰ প্ৰভাৱ বিশ্বত যথেষ্ট।
জেনিএলচ, ১৯৭৭–১৯৮৩ চনত জন্মগ্ৰহণ কৰা এই ক্ষুদ্ৰ প্ৰজন্মটোৱে জেনেৰেচন এক্স আৰু জেনেৰেচন ৱাইৰ মাজৰ ব্যৱধান দূৰ কৰা বুলি ধাৰণা কৰা হয়।
জেনেৰেচন জেড, ১৯৯৫–২০১২ চনত জন্মগ্ৰহণ কৰা এই প্ৰজন্মটো পূৰ্বৰ প্ৰজন্মতকৈ বৰ্ণ আৰু জাতিগতভাৱে অধিক বৈচিত্ৰ্যপূৰ্ণ। এই প্ৰজন্ম সামাজিক আৰু ৰাজনৈতিকভাৱে অধিক সচেতন হোৱাৰ বাবে পৰিচিত।
জেনেৰেচন আলফা, ২০১৩–২০২৫ চনত জন্মগ্ৰহণ কৰা এই প্ৰজন্মৰ জন্ম হৈছে এনে এখন পৃথিৱীত য’ত প্ৰযুক্তিবিদ্যা তেনেই স্বাভাৱিক। তেওঁলোকে প্ৰযুক্তিৰ উত্থান দেখিছে। জেনেৰেচন আলফাৰ পৰৱৰ্তী প্ৰজন্মটো হৈছে জেনেৰেচন বিটা।
উল্লেখ কৰা প্ৰয়োজন যে, মিজোৰামত জন্মগ্ৰহণ কৰা ফ্ৰেংকি ভাৰতত জন্ম হোৱা জেনেৰেচন বিটাৰ প্ৰথমটি শিশু। সমগ্ৰ বিশ্বই নতুন বছৰ উদযাপন কৰাৰ সময়ত মিজোৰামৰ আইজলৰ চিন’ড হাস্পতালত নিশা ১২.০৩ বজাত ফ্ৰেংকিৰ জন্ম হয়। পৃথিৱীত ফ্ৰেংকি হৈছে জেনেৰেচন বিটাত জন্মগ্ৰহণ কৰা দ্বিতীয়টো সন্তান। অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা শিশু ৰেমিক হৈছে জেনেৰেচন বিটাৰ প্ৰথমটি শিশু।