/asomiyapratidin/media/media_files/2024/12/17/YPQ8uhglITNNbdjBGTIM.jpg)
চয়নিকা শইকীয়া
"জীৱনত সমস্যাৰ প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি"। সমস্যাক কোনো দিন জীৱনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব নিদিয়াকৈ, বৰং সমস্যাক অধীৰ কৰি এতিয়া সমগ্ৰ বিশ্বৰে চিনাকি নাম হৈ পৰিছে ডি গুকেশ। পখিলা খেদাৰ বয়সতে বিশ্ব জয়ৰ সপোন দেখা কিশোৰজনে ১৮ বছৰত বাস্তৱায়িত কৰিলে নিজৰ সপোন। বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অৱশেষত বিশ্ব দবাৰ নতুন ইতিহাস ৰচিলে ডি গুকেশে। বিশ্ব দবা চেম্পিয়নৰ সম্ৰাট হ'ল ভাৰতীয় দবাৰু ডি গুকেশ।
জাউৰিয়ে জাউৰিয়ে হাত তালি আৰু এক অবিস্মৰণীয় মুহূৰ্ত! শ্বাসৰুদ্ধকৰ ফাইনেলত চীনৰ ডিং লিৰেনক পৰাস্ত কৰিছিল ডি গুকেশে। ১৩খন ৰোলাৰকোষ্টাৰ খেলৰ পিছত চূড়ান্ত শ্ব’ডাউনলৈকে কোনে খিতাপ জয় কৰিব সেয়া আছিল এক ডাঙৰ প্ৰশ্ন। কাৰণ দুয়োগৰাকী প্ৰতিযোগীয়ে আছিল সমান পইণ্টত। ইতিমধ্যে ডি গুকেশ আৰু ডিং লিৰেন দুয়োজনেF লাভ কৰিছিল ৬.৫ পইণ্ট।
বৃহস্পতিবাৰে ছিংগাপুৰত আছিল ১৪ সংখ্যক মেচ। জয়ী হ’বলৈ দুয়োকে প্ৰয়োজন আছিল মাত্ৰ এটা পইণ্টৰ। শেষত ইতিহাস ৰচি ডি গুকেশৰ শিৰত উজ্বলিল বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ। গুকেশে ১ পইণ্টেৰে জয়লাভ কৰি তেওঁ ৭.৫ পইণ্ট পাবলৈ সক্ষম হৈছিল। বিশ্বনাথন আনন্দৰ পিছত সেইদিনা ভাৰতে পুনৰবাৰ দবাত বিশ্বত বিজয় ধ্বজা উৰুৱাইছিল। ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে ১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হৈ নতুন ইতিহাসৰ সৃষ্টি কৰিছিল।
গুকেশৰ কথাখিনি ইয়াৰ লৈকে শুনি হয়তো ভাৱিছে এয়া এক গতানুগতিক খবৰ। কিন্তু আপুনি ভৱাৰ দৰে গুকেশৰ এই জয় ইমান সহজ নাছিল। ২০০৬ চনৰ ২৯ মে'ত চেন্নাইত জন্মগ্ৰহণ কৰা বৰ্তমানৰ গুকেশ ডি হিচাপে পৰিচিত গুকেশ ডোমৰাজুৱে ৭ বছৰ বয়সৰ পৰাই দবা খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ চেন্নাইৰ মেল অয়ানম্বকমৰ ভেলামল বিদ্যালয়ত অধ্যয়ন কৰিছিল। কিন্তু ডি গুকেশে চতুৰ্থ শ্ৰেণীৰ পিছত নিয়মীয়া স্কুললৈ যোৱা বন্ধ কৰি দিছিল। চেন্নাইৰ ভেলামল স্কুলত অধ্যয়ন কৰা যুৱ দবা চেম্পিয়ন ডি গুকেশৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা আছিল মাত্ৰ চতুৰ্থ শ্ৰেণীলৈকে।
গুকেশৰ পিতৃ ৰজনীকান্ত আছিল এজন ই এন টি চাৰ্জন। কিন্তু পুত্ৰৰ দবা কেৰিয়াৰক পৰিচালনা কৰিবলৈ নিজৰ কামক অব্যাহতি দিছিল ৰজনীকান্তে। গুকেশৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে পিতৃয়ে এৰিছিল চাকৰি । ইয়াৰ বিপৰীতে গুকেশৰ মাতৃ পদ্মকুমাৰীয়ে মাইক্ৰ’বায়’লজিষ্ট হিচাপে কাম কৰি পৰিয়ালটোক পোহপাল দিছিল। তিনিটা সদস্যৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মাতৃ পদ্মা।
য'ত আজিৰ সময়ত সন্তানক শিক্ষাৰ ক্ষেত্ৰত বহু অভিভাৱকে হেঁচা প্ৰয়োগ কৰা শুনিবলৈ পাওঁ, সেই একেটা সময়ত গুকেশৰ পিতৃ-মাতৃয়ে তেওঁক নিয়মীয়া স্কুলত পঢ়াৰ পৰা মুক্ত কৰি দবা কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ উৎসাহ দিছিল। গুকেশেও পেছাদাৰী দবা খেলিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা কোনো বাৰ্ষিক পৰীক্ষা দিয়া নাই। শিক্ষাতকৈও খেলক অগ্ৰাধিকাৰ দিয়া গুকেশৰ পিতৃ-মাতৃয়ে বহু ক্ষেত্ৰত আৰ্থিকভাৱে সংগ্ৰাম কৰিবলগীয়া হৈছিল। কাৰণ সেই সময়ত গুকেশৰ মাতৃ আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী।
২০১৭-২০১৮ চনত গুকেশৰ পৰিয়ালটো আৰ্থিকভাৱে ইমানেই নিসম্বল হৈ পৰিছিল যে ৰজনীকান্তৰ বন্ধুৱে গুকেশক খেলৰ বাবে আৰ্থিক সহায় কৰিছিল। গুকেশক এখন টুৰ্ণামেন্ট খেলাবলৈ তেওঁৰ পিতৃ-মাতৃয়ে জীৱনশৈলীত বহু পৰিৱৰ্তন কৰিবলগীয়া হৈছিল। পুত্ৰৰ সপোন আৰু লক্ষ্যৰ আগত কোনো বাধা আহিব দিয়া নাছিল ৰজনীকান্ত আৰু পদ্মকুমাৰীয়ে। নিজৰ কাম,সপোন ত্যাগ দি পুত্ৰৰ বাবে অহৰহ কষ্ট কৰিছিল গুকেশৰ পিতৃ-মাতৃয়ে।
যেতিয়া গুকেশে খেলত ৰেটিং লাভ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া পিতৃয়ে তেওঁৰ বাবে অধিক সময় উলিয়াব লগীয়া হৈছিল। যেতিয়া গুকেশে খেলৰ বাবে বিদেশ ভ্ৰমণ কৰিবলগীয়া হৈছিল, তেতিয়া পিতৃয়ে পুত্ৰৰ ভ্ৰমণৰ দায়িত্ব লৈছিল আৰু মাতৃয়ে পৰিয়ালটো চলাই নিয়াৰ দায়িত্ব লৈছিল। বহু প্ৰত্যাহ্বানৰ অন্তত অৱশেষত পুত্ৰৰ ঐতিহাসিক জয় উদযাপন কৰিছে ৰজনীকান্ত আৰু পদ্মকুমাৰীয়ে।
জয়ৰ পিছত স্বাভাৱিকতে নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাছিল গুকেশে। কান্দি কান্দি পিতৃক সাৱতি ধৰিছিল তেওঁ। কাৰণ সেই জয় কেৱল গুকেশৰ নহয়, আছিল পিতৃ-মাতৃয়ে কৰা প্ৰতিটো ত্যাগৰ জয়। জীৱনৰ সকলো বিপদ অতিক্ৰম কৰি এজন গৌৰৱান্বিত পিতৃৰ পুত্ৰই ইতিহাস সৃষ্টি কৰাৰ সময়ত এয়া আছিল আনন্দৰ চকুলো। গুকেশৰ সফলতা তেওঁৰ পিতৃ-মাতৃৰ অৱদান। এই সফলতাৰ কৃৰ্তিত্ব পাইছে তেওঁৰ পিতৃ-মাতৃয়ে। তেওঁলোকৰ সৰ্বস্ব ত্যাগৰ বিনিময়ত আজি বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জনৰ লগতে "মাল্টি মিলিয়নেয়াৰ" হিচাপে পৰিচিত হ'ল পুত্ৰ গুকেশ।
১১.৪৫ কোটি টকা পুৰস্কাৰ হিচাপে পোৱাৰ পাছতে গুকেশে কয় যে,‘মই টকাৰ বাবে দবা নেখেলো। দবা মোৰ বাবে আজিও সৰু কালৰ প্ৰিয় খেলনা। মই যোৱা ১০ বছৰ ধৰি এই মুহূৰ্তটোৰ সপোন দেখি আছিলো। মই সুখী যে সপোনটো বাস্তৱত পৰিণত কৰিলো। মই ৬ বা ৭ বছৰ বয়সৰ পৰাই এই সফলতাৰ সপোন দেখি আহিছো আৰু এই মুহূৰ্তটো জীয়াই আছো।’
থুলুমুলকৈ এয়াই বিশ্ব দবা চেম্পিয়ন গুকেশৰ কাহিনী। ১৮ বছৰ বয়সতে ইতিহাস ৰচিবলৈ সক্ষম হোৱা গুকেশে তেওঁৰ দৰে প্ৰতিটো শিশুকে শিকাই দিলে যে, সপোনক চিন্তালৈ আৰু চিন্তাক কাৰ্যলৈ ৰূপান্তৰ কেনেকৈ কৰিব লাগে। সেয়ে হয়তো মিছাইল মেন আব্দুল কালামে কৈছিল, সপোন সেয়া নহয় যি শুই শুই দেখা যায়, সপোন সেয়া যি শুব নিদিয়ে...