
দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনাতাঁৰ অনুষ্ঠান "মন কি বাত"য়ে সম্পূৰ্ণ কৰিলে ১০০ টা খণ্ড। দেশৰ বিভিন্ন প্ৰান্তত দেখা গ'ল "মন কি বাত"ৰ বিশেষ কাৰ্যসূচী। বাদ নপৰিল অসমো। ৰাজ্যৰ বুথে বুথে বিশেষ আয়োজনত অংশ ল'লে হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে। সময় তেতিয়া ১১ বাজিছিল। দেশৰ জনগনৰ লগতে ৰাজ্যতো সাজু হৈছিল ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। বিজেপি প্ৰতিগৰাকী কৰ্মীৰ সমানে সমানে তেওঁলোকেও শুনিলে প্ৰধানমন্ত্ৰীৰ "মন কি বাত"।
পিছে ১০০ সংখ্যক "মন কি বাত"ত কি ক'লে প্ৰধানমন্ত্ৰীয়ে ? কি বাৰ্তাই বিশেষ কৰিলে প্ৰধানমন্ত্ৰীৰ এই "মন কি বাত" ? যাৰ বাবে দেশৰ কোটি কোটি জনতাই অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল, সেই বাৰ্তা পালেনে জনতাই ? দেশৰ প্ৰতিখন ৰাজ্যত প্ৰস্তুতি চলিছিল "মন কি বাত"ৰ। সেই "মন কি বাত" অৱশেষত দেশৰ জনতাৰ কাষত। প্ৰধানমন্ত্ৰীৰ বিশেষ এই "মন কি বাত"ত স্থান পালে দেশৰ বহু যোগাত্মক খবৰে।
পোনতে দেশবাসীক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীৰ হাজাৰ হাজাৰ চিঠি, শুভেচ্ছা বাৰ্তা পঢ়ি ভাবুক হৈ পৰাৰ কথা অৱগত কৰি আৰম্ভ কৰে ১০০ সংখ্যক "মন কি বাত"। ২০১৪ চনৰ ৩ অক্টোবৰৰ বিজয়া দশমীৰ দিনা আৰম্ভ হোৱা এই অনুষ্ঠান বৰ্তমান দেশৰ কোটি কোটি জনতাৰ প্ৰিয় বুলি উল্লেখ কৰি প্ৰতিটো খণ্ডতে যোগাত্মক দৃষ্টিভংগীৰ কথা আলোচ্য হৈ আহিছে বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। লগতে তেওঁ কয়, বিজয়া দশমীত যি দৰে বেয়াক নাশ কৰি ভালৰ উদযাপন কৰা হয়, ঠিক তেনেদৰে "মন কি বাত"তো মাত্ৰ ভালৰহে উদযাপন হয়।
এই প্ৰসংগত যোগাত্মক ভাৱে আলোচিত হৈ বহু কেইটা সমাজ সচেতন মূলক আন্দোলন গঢ়ি উঠিছে বুলি মনৰ ভাৱ প্ৰকাশ কৰি বেটী বচাও বেটী পঢ়াও, স্বচ্ছ ভাৰত অভিযান, খাদী, অমৃত সৰোবৰৰ প্ৰসংগ, আজাদি কা অমৃত মহোৎসৱ আদিৰ অভিকেন্দ্ৰ যে মন কি বাত সেই কথা সোঁৱৰে। আনহাতে বৰাক ওবামাৰ লগত প্ৰধানমন্ত্ৰী গৰাকীয়ে "মন কি বাত"ৰ মঞ্চ শ্বেয়াৰ কৰাত বিশ্বতে এই অনুষ্ঠানৰ চৰ্চা হয় বুলি শ্ৰোতাৰ আগত তেওঁ প্ৰকাশ কৰে।
অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ মাগদৰ্শক লক্ষ্মণ ৰাওক সুঁৱৰি ৰাওৰ যোগাত্মত চিন্তা ধাৰাই প্ৰধানমন্ত্ৰী গৰাকীক যে প্ৰেৰণা যোগাই আহিছে সেই কথা উল্লেখ কৰে। তেওঁক সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, আমি সদায় আনৰ ভাল আৰু যোগাত্মক দৃষ্টিক আঁকোৱালি ল'ব লাগে । আনৰ ভালবোৰ আঁকোৱালি ল'ব জানিলে কাম কৰাত সাহস-প্ৰেৰণা পাই আৰু উন্নতিৰ বাটেৰে আগুৱাই যাব পাৰি। তদুপৰি আধ্যাত্মিক দিশৰ কথাও আলোচনা কৰি গুজৰাট এৰি দিল্লীমুখী যাত্ৰাৰ পিছত "মন কি বাত" অনুষ্ঠানে তেওঁক মনৰ উৰুঙা ভাৱ নাইকিয়া কৰে বুলিও অৱগত কৰে।
আনবোৰ খণ্ডৰ দৰে প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত এইবাৰো স্থান পালে টেলিফোনিক বাৰ্তাই। পিছে এইবাৰৰ টেলিফোনিক বৰ্তা আছিল সুকীয়া। পূৰ্বতে প্ৰধানমন্ত্ৰী গৰাকীৰ "মন কি বাত"ত টেলিফোনিক বাৰ্তালাপ কৰা কেইগৰাকীমান সফল ব্যক্তিক বাছি লৈছিল বাৰ্তালাপৰ বাবে। য'ত স্থান পাইছিল হাৰিয়ানাৰ "চেলফি উইথ ডাটাৰ" হেজ টেগেৰে সমগ্ৰ দেশতে পৰিচিত হৈ পৰা সুনিল, জম্মু কাশ্মিৰৰ মঞ্জুৰ এহমদ, হিমাচল প্ৰদেশৰ চাফাই অভিযানেৰে পৰিচ্ছন্নতাৰ বাট দেখুওৱা ব্যক্তি আদিয়ে। তেওঁলোকৰ সফলতাৰ কাহিনীয়ে দেশবাসীক অনুপ্ৰেৰণা যোগোৱাৰ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
তদুপৰি এইবাৰৰ "মন কি বাত" অন্য এটা কাৰণত আছিল বিশেষ বা অনন্য খণ্ড। কিয়নো এইবাৰৰ "মন কি বাত"ত স্থান পাইছিল ইউনেস্কোৰ এক্সিলেঞ্চিৰ ডিজিয়ে। ডিজি গৰাকীয়ে প্ৰধানমন্ত্ৰীক সম্ভাষণ জনাই ১০০ তম "মন কি বাত"ত তেওঁ অংশীদাৰ হ'বলৈ পাই সুখ অনুভৱ কৰি ভাৰতবৰ্ষৰ শিক্ষা আৰু সাংস্কৃতিক দিশৰ কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে। যাৰ উত্তৰত মোডীয়ে এই বিষয় দুটাই ভাৰতবৰ্ষত সদায় সুকীয়া স্থান লাভ কৰি আহিছে বুলি কৈ দেশৰ উন্নতিৰ বাৰ্তা দি প্ৰশংসাত পঞ্চমুখ হৈ পৰে।
উল্লেখ্য যে, এই "মন কি বাত" অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশেষভাৱে দেশৰ মহিলা শক্তিৰ কথাও অৱগত কৰে। মেড ইন ইণ্ডিয়া, লটাচ্ ফেভাৰ আদিৰ কথা উল্লেখ কৰি নাৰীয়ে যে দেশখনলৈ অতুলনীয় অৱদান আগবঢ়াইছে তাৰ ভূয়সী প্ৰশংসা কৰে। আকৌ এই অনুষ্ঠানতে বিগত খণ্ডত প্ৰকাশ পোৱা প্লাষ্টিক বৰ্জন, দেশৰ খুচৰা বিক্ৰেতাৰ লগত কাজিয়া নকৰি ভাল আচৰণ কৰা আদি কথাবোৰ পুনৰ সোঁৱৰণ কৰে।
অনুষ্ঠানৰ শেষত উপনিষদৰ চৰৈৱতী বাণীৰে সামৰণি মাৰি দেশৰ জনগনক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মুঠৰ ওপৰত প্ৰায় আধা ঘন্টা ধৰি মাথো যোগাত্মক দিশৰ কথা আলোচনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে; যাৰ বাবে সৰ্বত্ৰে এতিয়া "মন কি বাত"ৰ ১০০ সংখ্যক খণ্ডৰ সফলতাৰ কথা উচ্চাৰণ কৰিছে শ্ৰোতাই। উল্লেখ্য যে, দেওবাৰৰ এই ১০০ সংখ্যক "মন কি বাত" অনুষ্ঠান দেশৰ ১ কোটি শ্ৰোতাই শুনে।