/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a9b5d1a9-3956-478e-8780-d1a1f749f59f/Award.jpg)
ডিজিটেল ডেস্ক : যোৱা ২৯ এপ্ৰিলৰ পৰা পশ্চিম বংগৰ ইছলামপুৰত অনুষ্ঠিত পঞ্চম আন্তৰ্জাতিক সাহিত্য উৎসৱৰ ৩০ এপ্ৰিলত সামৰণি পৰে ৷ বিশ্বৰ কেইবাখনো দেশৰ কবিয়ে অংশগ্ৰহন কৰা এই সাহিত্য উৎসৱত বছৰটোৰ শ্ৰেষ্ঠ সাহিত্যৰ কৃতীত্ব "ৰাধা বল্লভ ৰয় মেমৰিয়েল এৱাৰ্ড ২০২৩" বঁটা ক্ৰমে অসমৰ বহুভাষী কবি ৰাজুমনি শইকীয়া, পশ্চিম বংগৰ ইছলামপুৰৰ সাংবাদিক শুশান্ত নন্দী, শিলিগুৰিৰ কবি যাদৱ চৌধুৰীক প্ৰদান কৰা হয় ৷
এই বঁটাত আছে এটাকৈ মেমেন্ট, উত্তৰীয় বস্ত্ৰ আৰু মানপত্ৰ । ৰাধা বল্লভ ৰয়ৰ পুত্ৰ বসুদেৱ ৰয়ে দেউতাকৰ স্মৃতিত তিনিওকে বঁটা প্ৰদান কৰে ৷ উল্লেখ্য যে, এই সাহিত্য মহোৎসৱত মালয়েছিয়া, বাংলাদেশ, নেপাল, ডুবাই আৰু ভাৰতৰ বিভিন্ন প্ৰদেশৰ কবিয়ে অংশগ্ৰহন কৰিছিল ৷
Also Read: ব্যৰ্থ হৈছে অসম চৰকাৰ: মহানগৰীত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল...