গুজৰাট মিছনত ‘আপ’ ! বিজেপিৰ বাবে শক্তিশালী বিৰোধী হোৱাৰ পথত নেকি কেজৰিৱাল…

গুজৰাট মিছনত ‘আপ’ ! বিজেপিৰ বাবে শক্তিশালী বিৰোধী হোৱাৰ পথত নেকি কেজৰিৱাল…

বৰষা শৰ্মা

ৰাজনীতিত উত্থান পতন থাকেই। এখন গণতান্ত্ৰিক দেশত ৰাইজে ৰজা। গতিকে ৰজাঘৰীয়াই যিমানেই অহংকাৰী হৈ দেশ নিজৰ মতে চলাবলৈ চেষ্টা নকৰক কিয়, এবাৰতে ৰজাঘৰীয়াক তললৈ নমাই দিব পৰা ক্ষমতা জনতাৰ আছে।

বৰ্তমান কেন্দ্ৰত থকা বিজেপিৰ শাসনাধিষ্ঠ চৰকাৰ খনৰ প্ৰতি জনতা লাহে লাহে অতিষ্ঠ হৈ পৰা দেখা গৈছে। এফালে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি জনতাক বশ কৰিবলৈ চেষ্টা কৰিছে আনফালে জনতাক বিভিন্ন দিশত মাধমাৰ সোধাইছে চৰকাৰে।

বৰ্তমান দেশত চলিছে এক নতুন ট্ৰেণ্ড। বিভিন্ন আমোল, মন্ত্ৰীৰ ঘৰত চলিছে ইডি, চিবিআইৰ অভিযান। ইতিমধ্যে বহু কেইজনলোক এই সন্দৰ্ভত গ্ৰেপ্তাৰো হৈছে।

ইয়াৰ মাজতে চিবিআইয়ে তালাচী চলাই আপৰ নেতা মনীষ ছিছডিয়াৰ ঘৰত।দিল্লীৰ চৰকাৰী বিদ্যালয় সমূহক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান ৰূপে গঢ় দিয়া আপৰ শিক্ষা মন্ত্ৰী ছিচোদিয়াই এক সংবাদ মেল যোগে প্ৰত্যাহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

তেওঁ কয় যে ২০২৪ চনত নিৰ্বাচনী যুদ্ধ হ'ব বিজেপি আৰু আম আদমী পাৰ্টীৰ মাজত।দেশৰ আসন্ন সাধাৰণ নিৰ্বাচনৰ বাবে শংকিত হৈছে মোডী। সেয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবাল আৰু অন্য নেতা সকলৰ ভাবমূৰ্তি নষ্ট কৰাৰ বাবে কেন্দ্ৰীয় সংস্থা সমূহৰ অপব্যৱহাৰ কৰিছে।

অন্যহাতে এই তালাচীৰ পাছতেই আপে তৈয়াৰ কৰিছে নতুন ৰণনীতি। আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে আপে লৈ আহিছে নতুন কৌশল যাৰ বাবে ৰাজনৈতিক পৰিস্থিতি ইতিমধ্যে উত্তপ্ত হৈ পৰিছে।

আম আদমী পাৰ্টিৰ গুজৰাটত প্ৰৱেশৰ লগে লগে এইবাৰ গুজৰাটে বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত সচৰাচৰ হোৱা যুঁজৰ বাহিৰেও এক বেলেগ ধৰণৰ ৰাজনৈতিক যুঁজৰ সাক্ষী হ'বলৈ গৈ আছে। অৰ্থাত এই নিৰ্বাচনী যুঁজ এইবাৰ তিনি পক্ষৰ মাজত হোৱাৰ সম্ভাৱণা অধিক।

অৱশ্যে, গুজৰাট বিধানসভা নিৰ্বাচন আপৰ বাবে কিছু কঠিন হ'ব যেন ধাৰণা হয়। কিন্তু এয়া হৈছে এনে এক সময় য'ত আপে নিজৰ গুৰুত্ব প্ৰমাণ কৰাৰ লগতে বিজেপিৰ শক্তিশালী বিৰোধী হোৱাৰ বাবে সুযোগ গ্ৰহণ কৰিব পাৰে। অৰবিন্দ কেজৰিৱালে বুজি পাইছে যে যদি আপে গুজৰাটত কেইখনমান হ'লেও আসনত জয়  লাভ কৰে তেন্তে পৰৱৰ্তী সময়ত এই দলটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব ।

কেজৰিৱালৰ বাবে মূল লক্ষ্য হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। গুজৰাট নিৰ্বাচনত কিছু ভাল ফলাফল দেখুৱাব পাৰিলেই আপে জনতাৰ মনত অন্য এক স্থান লাভ কৰিব। সেইবাবে বহু প্ৰতিশ্ৰুতিৰে গুজৰাটলৈ আগবাঢ়িছ আপ।

কেজৰিৱালৰ বাবে  এইয়াই সুযোগ পঞ্জাৱ আৰু দিল্লীৰ দৰে গুজৰাটত আধিপত্য বিস্তাৰ কৰা। ইতিমধ্যে কেইবাটাও প্ৰতিশ্ৰুতিৰে গুজৰাটৰ পিনে আগবঢ়া আপে মহিলা বা আন বিষয় সমূহৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে। উল্লেখ্য যে, দিল্লী আৰু পঞ্জাৱত মহিলা সকলৰ বাবে আপে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি উলিয়াইছিল যাৰ বাবে মহিলা সকল লাভান্বিতও হৈছে।

গুজৰাটত আপে মহিলা সকলক  লক্ষ্য কৰি লৈছে, যি হৈছে প্ৰায় ৪৮ শতাংশ, আনহাতে পুৰুষৰ জনসংখ্যা প্ৰায় ৫২ শতাংশ। জ্যেষ্ঠ আপ নেতা এগৰাকীয়ে কয় যে, "আপে মহিলাৰ সৱলীকৰণত বিশ্বাস কৰে। মহিলা সকলৰ অৰবিন্দ কেজৰিৱালৰ ওপৰত যথেষ্ট বিশ্বাস আছে।আৰু সকলো ধৰণৰ সুবিধা পোৱাটো মহিলা সকলৰ অধিকাৰ যাৰ বাবে মহিলাৰ হৈ কাম কৰে আপে।

গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে আপ। তেওঁলোকৰ বাবে ইমান সহজ নহ'ব এই যুঁজ কিন্তু ইয়ে বিজেপিৰ ওচৰত প্ৰত্যাহ্বান হোৱাৰ সম্ভাৱণা আছে। দেশত আধিপত্য বিস্তাৰ কৰি থকা বিজেপিৰ সন্মুখত দেখা দিছে এটাৰ পাছত আন এটা প্ৰত্যাহ্বাৰ।

মোডীৰ দৰে অৰবিন্দ কেজৰিৱালেও কেইবাৰমান মুখ্যমন্ত্ৰী হৈ আহিছে আৰু প্ৰতিজন মুখ্যমন্ত্ৰীৰে দেশ শাসন কৰাৰ ইচ্ছা থাকেই। ৰাজনীতিত সকলো  সম্ভৱ। যেতিয়া দেৱগৌড়া ১৯৯৬ চনত প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া তেওঁৰ দলৰ সংসদত মাত্ৰ ৪৬ জন সদস্য আছিল।

কিন্তু বিজেপিয়ে ৰাজনীতিক যুঁজত ব্যৱহাৰ কৰা হিন্দুত্ববাদ , জাতীয়তাবাদ আৰু উন্নয়ন লগতে চাৰিওফালে বোৱা মোডীৰ ব্যক্তিগত ইমেজে ইয়াত কিছু বাধা দিব পাৰে। গতিকে অৰবিন্দ কেজৰিৱালৰ সন্মুখত পৰি আছে এক কঠিন পথ।

২০১৭ চনৰ নিৰ্বাচনতো আপে গুজৰাট নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। যাৰ ফলাফল ভাল নাছিল। কিন্তু আপৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে এইবাৰ নিৰ্বাচনী যুঁজ অলপ পৃথক হ'ব কিয়নো এইবাৰ জনতাৰ ওচৰত যাবলৈ তেওঁলোকৰ হাতত বহু আঁচনি আছে। লগতে কয় যে ইতিমধ্যে দুখন ৰাজ্য আপে শাসন কৰি আছে গতিকে এতিয়া ৰাইজে আপক বিজেপিৰ বিকল্প হিচাপে চাবলৈ আৰম্ভ কৰিছে।

অন্যহাতে আপৰ সন্মুখতো দেখা দিছে প্ৰত্যাহ্বানৰ । এজনৰ পাছত আনজন আপৰ শীৰ্ষ নেতাৰ বিৰুদ্ধ চলিছে অভিযান। এই ক্ষেত্ৰত আপে কয় যে তেওঁলোক জেললৈ যাবলৈও সাজু। আৰু বিজেপিয়ে ভয় খাইছে বাবে এই সমূহ পন্থা অৱলম্বন কৰিছে। নিৰ্বাচনৰ আগতে ইতিমধ্যে আপ আৰু বিজেপিৰ যুঁজ হোৱা বুলি কয়।

ৰাজনৈতিক বিশ্লেষক সকলৰ মতে আপে গুজৰাটৰ বিৰোধীৰ ভোট সমূহ বিভক্ত কৰিব যাৰ বাবে নিৰ্বাচন বিজেপিৰ বাবে সহজ হৈ পৰিব। যি নহওক বিজেপিয়ে হয়তো গুজৰাট নিৰ্বাচনত এইবাৰ অন্য এক অভিজ্ঞতা লাভ কৰিব।

এই নিৰ্বাচনে কিছু পৰিমাণে প্ৰভাৱ পেলাব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত। ৰাজনীতিত শাসন সলনি হওতে সময় নালাগে। উদাহৰণ স্বৰূপে মহাৰাষ্ট্ৰ আৰু বিহাৰৰ কথা ক'ব পাৰো। মহাৰাষ্ট্ৰত বিজেপিয়ে কৌশলেৰে একনাথ সিন্দেৰ লগত চৰকাৰ গঠন কৰাৰ কেইদিন মান পাছতে বিহাৰৰ পৰা বাদ পৰে বিজেপি। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এন ডি এৰ হাত এৰি লগ দিয়ে অন্য দলক।

বিজেপিয়ে ভাৰতত আধিপত্য বিস্তাৰ কৰি থকাৰ বাবে কৰা চেষ্টা অব্যাহত আছে। বিজেপিয়ে বিশ্বাস কৰি আহিছে যে তেওঁলোকৰ উপযুক্ত বিৰোধী নাই। বহু সময়ত .তেওঁলোকে কৈছে যে আগন্তুক ৩০-৪০ বছৰ দেশত কেৱল বিজেপি থাকিব। আৰু এনে এটা দিন আহিব যেতিয়া বিজেপিৰ বিৰোধী নোহোৱা হৈ পৰিব।

কিন্তু তাৰ কেইদিন মান পাছতেই বিহাৰত শাসন হেৰুৱাই বিজেপিয়ে। ৰাজনীতিত ভাগ্য সলনি হওতে বেছি সময়ৰ প্ৰয়োজন নহয়। যি কেইখন ৰাজ্যত বিজেপিয়ে এতিয়ালৈকে শাসন চলাবলৈ সমৰ্থ হোৱা নাই সেই সমূহত বিজেপিয়ে নিজৰ শাসনলৈ আনিবলৈ চেষ্ঠা কৰি আছে। পশ্চিম বংগতো বিজেপিয়ে যথেষ্ঠ চেষ্টা কৰিছিল যদিও সফল নহয়।

গতিকে বিজেপিয়ে ভবাৰ দৰে আগন্তুত নিৰ্বাচনী যুঁজ সমূহ দলটোৰ বাবেও ইমান সহজ নহ'ব। তদুপৰি বৰ্তমান সময়ত চৰকাৰৰ বহু কামৰ বাবে জনতা অতিষ্ঠও হৈ পৰিছে। কিন্তু জনতাৰ ওচৰত ভাল বিকল্প নাই। কংগ্ৰেছৰ ওপৰত আস্থা হেৰুৱাইছে জনতাই আৰু বাকী বিৰোধী দলসমূহে ৰাইজৰ মনত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

গতিকে ৰাষ্ট্ৰৰ ৰাজনীতিত আপক বিকল্প বুলি ক'ব পাৰি। ইতিমধ্যে ইয়াৰ নমুনা আমি দেখিবলৈও পাইছো। তদুপৰি আপৰ চৰকাৰ খনে বিভিন্ন সময়ত লোৱা জনকল্যান মূলক আঁচনি সমূহে দলটোৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছে। অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিচোদিয়াৰ দৰে নেতাৰ কামত সন্তুষ্ট হোৱা দেখা গৈছে জনতা।

যি নহওক, ৰাজইে যি বিচাৰ কৰে সেয়াই হ'ব। আপে এই সুযোগ কিমান ভালকৈ গ্ৰহণ কৰিব পাৰে সেয়াই বহু প্ৰভাৱান্বিত কৰিব দলটোক। আনহাতে বিজেপিৰ পৰৱৰ্তী ৰণকৌশলো হ'ব লক্ষ্যণীয়। যদি বিৰোধী দল সমূহ একত্ৰিত হয় তেতিয়া বিজেপিৰ বাবে আহিব পাৰে বিপদ। গতিকে জনপ্ৰিয়তা থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বা বিজেপি দলৰ শক্তিশালী বিৰোধী কোন হ'ব পাৰে সেয়া হ'ব লক্ষ্যণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in