জাতীয় সংগীত : ১০০ বছৰ পিছত স্বীকৃতি, তাতো হ’ল নেকি ইতিহাস বিকৃতি !

জাতীয় সংগীত : ১০০ বছৰ পিছত স্বীকৃতি, তাতো হ’ল নেকি ইতিহাস বিকৃতি !

মৃদুল কুমাৰ সন্দিকৈ

ব্যস্ত গুৱাহাটী ক্লাৱৰ পৰা বাৰোৱাৰীলৈ সোমোৱা পথত সোঁ হাতে সন্মুখতে থকা দোকানখনলৈ আপোনাৰ হয়তো চকু নাযাব। গুৱাহাটীত এনেবোৰ দোকানলৈ গ্ৰাহক আহেই বা কেইজন? দোকানখনৰ ভিতৰত আন বস্তুতকৈ সৰু ৰেক এটাত জাপি থোৱা ফাইলৰ সংখ্যাই বেছি ।

সেই দোকানখনৰ পৰাই যে জাতিৰ বাবে এটা ডাঙৰ কাম হৈ আছে সেই কথা ন'কলে কোনেও বিশ্বাসেই নকৰিব। বহু জাতীয় দল, সংগঠন আছে , সেইবোৰৰ কৰিবলগীয়া বহু কামৰ প্ৰতি এক উদাসীন মনোভাৱে জাতিটোৰ বহু ইতিহাস, তথ্য কালৰ সোঁতত হেৰাই গৈছে।

দোকানখনৰ গৰাকীৰ নাম ৰাজীৱ হৰি কৌশিক। ২২ বছৰ ধৰি এইজন লোকে আমি জাতীয় সংগীত হিচাপে গোৱা 'অ' মোৰ আপোনাৰ দেশ'ক লৈ প্ৰণালীবদ্ধ গৱেষণা ইতিমধ্যে সম্পন্ন কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাই ১৯১০ চনৰ ২৩ মে'ত এটা গীত লিখিছিল।

সেই দিনা বেজবৰুৱাৰ পৰিয়ালৰ সৈতে কলকাতাৰ হাওৰাৰ পৰা উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে গৈ আছিল । এই সময়তে তেওঁ লিখি উলিয়াইছিল মোৰ দেশ শীৰ্ষক গীতটি। মন কৰিবলগীয়া কথাটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাই এই গীতটো লিখাৰ এবছৰৰ পাছতে ৰবীন্দ্ৰ নাথ ঠাকুৰে ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন' ৰচনা কৰিছিল।

অসমৰ জাতীয় সংগীততকৈ পিছত লিখা হৈছিল ৰাষ্ট্ৰীয় সংগীত। জাতীয় সংগীত হিচাপে 'অ' মোৰ আপোনাৰ দেশ' -এ ২০১৬ চনলৈকে কোনো চৰকাৰী আনুষ্ঠানিক স্বীকৃতি লাভ কৰা নাছিল। তেজপুৰত সেই সময়ত ইন্দ্ৰেশ্বৰ বৰঠাকুৰ নামৰ এজন ব্যক্তিয়ে স্কাউট গাইডৰ জাম্বুৰীত লক্ষ্মীনাথ বেজবৰুৱাই লিখা এই গীতটো গাবলৈ অনুমতি বিচাৰি বেজবৰুৱালৈ এখন পত্ৰ বিচাৰিছিল।

গীতটোৰ তলৰ ফালে থকা ৰা-তা-তা,তা-তা-তা, ৰা-তা-তা-তা পদফাকি বাদী দি ৰসৰাজে গীত গাবলৈ অনুমতি দিছিল। তাৰ পাছত ১৯২৮ চনৰ ২৭ আৰু ২৮ অক্টোবৰত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত 'অ' মোৰ আপোনাৰ দেশ' পৰিৱেশন কৰা হৈছিল।

গীতটো গাইছিল ৫ জনীয়া এটা দলে। সেই দলটোত আছিল ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কুমুদ চন্দ্ৰ শৰ্মা, কমলা প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা। জাতীয় সংগীত ৰূপে তেতিয়াও এই গীতটোৱে স্বীকৃতি লাভ কৰা নাছিল। এই গীতটোৰ সুৰ ইংৰাজীৰ বুলি সাহিত্যৰথীয়ে গীতৰ তলত লিখি থৈছিল।

ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ প্ৰচেষ্টাত গোৱা গীতটো ৰসৰাজে বৰ ভাল পাইছিল। এনেকৈয়ে অ' মোৰ আপোনাৰ দেশ অসমৰ জাতীয় জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিল। প্ৰথমে এই গীতটো ৰসৰাজ বেজবৰুৱাই বাঁহী আলোচনীত প্ৰকাশ কৰিছিল। তেতিয়া তেওঁ গীতটো কৃপাবৰৰ চদ্মনামত লিখিছিল।

অৱশ্যে কদমকলী নামৰ কাব্যপুথিত তেওঁ নিজৰ নামতেই গীতটো সন্নিৱিষ্ট কৰাত সেই গীতটো যে লক্ষ্মীনাথ বেজবৰুৱাই লিখা সেয়া প্ৰতিষ্ঠিত হ'ল। দুয়োঠাইত প্ৰকাশিত গীতটোৰ মাজত এটা প্ৰাৰ্থক্য আছিল। বেজবৰুৱাই এঠাইত 'চাই লও এবাৰ মুখ খনি তোমাৰ', আৰু আন এঠাইত 'চাই লও এবাৰ মুখনি তোমাৰ' লেখাত কোনটো জাতীয় সংগীত ৰূপে গ্ৰহণ কৰিব তাক লৈ কিছু সমস্যা হৈছিল।

অৱশেষত 'চাই লও এবাৰ মুখনি তোমাৰ'- কেই জাতীয় সংগীতৰ শুদ্ধ ৰূপ হিচাপে গ্ৰহণ কৰা হয়। তেজপুৰৰ ছাত্ৰ সন্মিলনৰ সেই অধিৱেশন উপলক্ষে মিলন নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশ পাইছিল। সেই মিলনটো 'অ' মোৰ আপোনাৰ দেশ' পৰিৱেশনৰ যথেষ্ট তথ্য আছে।

জাতীয় সংগীত হিচাপে আমি 'অ' মোৰ আপোনাৰ দেশ' পৰিৱেশন কৰিলেও চৰকাৰী ভাৱে এই গীতটি আনুষ্ঠানিক স্বীকৃতি দিয়া হোৱা নাছিল। সেয়েহে চৰকাৰে ২০১৬ চনত এখন কমিটী গঠন কৰাৰ অন্তত গীতটো সন্দৰ্ভত বিভিন্ন দিশ বিচাৰ, বিশ্লেষণ কৰি ইয়াৰ শুদ্ধ স্বৰলিপি পৰ্যন্ত প্ৰস্তুত কৰা হৈছিল।

এই কামবোৰৰ মাজতেই জাতীয় সংগীতৰ সুৰকাৰ হিচাপে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে সূৰ্য হাজৰিকাই এখন গ্ৰন্থৰ জৰিয়তে জাতীয় সংগীতৰ সুৰ কমলা প্ৰসাদ আগৰৱালাই দিয়া বুলি উল্লেখ কৰিলেও জাতীয় সংগীতক লৈ দীৰ্ঘদিন ধৰি গৱেষণা কৰি অহা ৰাজীৱ হৰি কৌশিকৰ মতে এই গীতৰ সুৰ দিছিল তেজপুৰৰ অৰ্কেষ্টা পাৰ্টী আৰু বান থিয়েতাৰে।

অৰ্কেষ্টা পাৰ্টীত থকা বাদ্যযন্ত্ৰীসকলে তেওঁলোকৰ হাতত থকা বিভিন্ন বাদ্যযন্ত্ৰৰে এই গীতটোত সুৰ আৰোপ কৰিছে।ৰাজীৱ হৰি কৌশিকৰ মতে চৰকাৰী কমিটীৰ মতামত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজে প্ৰস্তুত কৰি উলিওৱা পক্ষপাতমূলক, ভিত্তিহীন আৰু অসত্য কথা কিছু জাতীয় সংগীতৰ ক্ষেত্ৰত চৰকাৰে অনুমোদন জনোৱাটো দুৰ্ভাগ্যজনক।

অসম সাহিত্য সভাক এই কামৰ দায়িত্ব দিয়া হৈছিল যদিও জাতীয় সংগীতৰ স্বৰলিপি প্ৰস্তুতৰ ক্ষেত্ৰত স্বৰলিপি আৰ সুৰকাৰ সন্দৰ্ভত এক সিদ্ধান্ত লৈও কৌশলগত ভাৱে সূৰ্য হাজৰিকাৰ সৈতে এই কামৰ সৈতে জড়িত কৰি ইয়াৰ ইতিহাস বিকৃত কৰাৰ এক প্ৰক্ৰিয়া বৰ্তমানেও চলি আছে।

কলাক্ষেত্ৰ সমাজৰ হৈ সূৰ্য হাজৰিকাই তেওঁৰ পৃষ্ঠপোষকতাত বাণীবদ্ধ কৰা গীতটোত এক সুকীয়া সুৰ আৰু সেই সুৰৰ সুৰকাৰ কমলা প্ৰসাদ আগৰৱালা বুলি দাবী কৰাটো জাতিৰ ইতিহাসৰ বাবে এক পৰিতাপৰ কথা বুলি কয় ৰাজীৱ শ্ৰী হৰি কৌশিকে। এই সন্দৰ্ভত তেওঁ সাংস্কৃতিক মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়কো লিখিত ভাৱে অভিযোগ দাখিল কৰিছে।

অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাস স্থাপনেৰে তেওঁ প্ৰণালীবদ্ধ অধ্যয়ন কৰিছিল জাতীয় সংগীতক লৈ। প্ৰশ্ন উঠে অসম চৰকাৰে জাতীয় সংগীত কেনেদৰে পৰিৱেশন কৰিব লাগিব সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট নীতি, নিৰ্দেশনা জাৰি কৰিছে নেকি?

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজক জাতীয় সংগীত পৰিৱেশন বাণীবদ্ধ কৰিবলৈ অনুমতি দিয়া হৈছিল নে? ২০১৪ চনৰ ৯ মাৰ্চত গৱেষক ৰাজীৱ হৰি কৌশিকৰ সহযোগিতাত অসম সাহিত্য সভাই যি স্বৰলিপি প্ৰস্তুত কৰিছিল সেই স্বৰলিপিখন চৰকাৰী প্ৰতিবেদনত আছেনে নাই?

অসম সাহিত্য সভাই বাণীবদ্ধ কৰা জাতীয় সংগীতটো চৰকাৰে যদি গ্ৰহণ কৰা নাই তেন্তে এনে কিয় নকৰিলে? জাতীয় সংগীতকলৈ শুদ্ধ গৱেষণা কৰাৰ ক্ষেত্ৰতো বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে সূৰ্য হাজৰিকাই। আনকি সুৰ আৰু সুৰকাৰ সন্দৰ্ভত সূৰ্য হাজৰিকাৰ স্থিতিৰ বিপৰীতে ইয়াক প্ৰতিবাদ কৰাৰ বাবেই ৰাজ্য চৰকাৰে গঠন কৰা জাতীয় সংগীত সুৰ নিৰ্ধাৰণ সমিতিলৈ বহু লোকক পিছলৈ নিমন্ত্ৰণো জনোৱা হোৱা নাছিল।

এইবোৰ প্ৰশ্ন তুলিছিল গৱেষক গৰাকীয়ে। অসম চৰকাৰে কেবিনেটৰ সিদ্ধান্ত মৰ্মে জাতীয় সংগীত পৰিৱেশনৰ বাবে ৭০ ৰ পৰা ৭৫ ছেকেণ্ড সময় নিৰ্ধাৰণ কৰিছিল। সকলো চৰকাৰী সভা, অনুষ্ঠানৰ আৰম্ভণিত 'অ' মোৰ আপোনাৰ দেশ' পৰিৱেশন কৰাটো বাধ্যতামূলক কৰা হৈছিল।

চৰকাৰে অৱশ্যে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলেও জাতীয় সংগীতটোৰ সন্দৰ্ভত উত্থাপিত প্ৰশ্নবোৰ পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। উল্লেখযোগ্য যে ২০১৩ চনলৈকে এই গীতটো যে জাতীয় সংগীত নহয়, সেই সন্দৰ্ভত সাহিত্য সভাই এক পত্ৰত উল্লেখ কৰিছিল।

তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ জৰিয়তে ১০/০৬/২০১৩ তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে জনাইছিল যে 'অ' মোৰ আপোনাৰ দেশ' গীতটো অসম চৰকাৰৰ জাতীয় সংগীত নহয়। তাৰ পাছত হে ইমান দিনে গাই অহা অ' মোৰ আপোনাৰ দেশক চৰকাৰী স্বীকৃতি নিদিয়া বিষয়টো দৃষ্টিগোচৰ হয়।

১০০ বছৰ অতিক্ৰম কৰাৰ পিছতহে অ' মোৰ আপোনাৰ দেশক জাতীয় সংগীত হিচাপে স্বীকৃতি দিবলৈ পদক্ষেপ লোৱা হৈছিল। ২০১৬ ৰ নিৰ্বাচনৰ আগতে সেই কাম কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। অ' মোৰ আপোনাৰ দেশক লৈ আমাৰ আৱেগ আছে।

ব্যক্তিগত প্ৰচেষ্টাৰে লাখ লাখ টকা ব্যয় কৰি, তথ্য সংগ্ৰহৰে ৰাজীৱ হৰি কৌশিকে জাতীয় সংগীতক লৈ কৰা গৱেষণা প্ৰকৃত মূল্যায়ন হওক। সত্য প্ৰতিষ্ঠিত হওক। কোনোবা মাজৰ মধ্যভূগী শ্ৰেণীয়ে ধন আৰু ক্ষমতাৰ প্ৰভাৱ খতুৱাই জাতীয় সংগীতৰ ইতিহাসক বিকৃত কৰিব খুজিলে তাকো বাধা দিয়া উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in