/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/MASK-18.jpg)
ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। ইয়াৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰে সোমবাৰে ৰাজ্যখনৰ ৰাজধানী লক্ষ্ণৌ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ কাষৰ জিলাৰ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে। উল্লেখ্য যে,দেশৰ ৰাজধানী দিল্লীত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ জিলাসমূহক প্ৰভাৱিত কৰিছে। যাৰ বাবে এই জিলাসমূহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।
উত্তৰ প্ৰদেশৰ এগৰাকী চৰকাৰী শীৰ্ষ বিষয়াই কোৱা মতে, চৰকাৰে গৌতম বুদ্ধ নগৰ, গাজিয়াবাদ, হাপুৰ, মীৰাট, বুলন্দচহৰ, বাগপত আৰু ৰাজধানী লক্ষ্ণৌৰ ৰাজহুৱা স্থানত মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে। বিষয়াজনে কৈছে যে, যোৱা ২৪ ঘণ্টাত গৌতম বুদ্ধ নগৰত ৬৫ টা, গাজিয়াবাদত ২০ টা আৰু লক্ষ্ণৌত ১০ টা নতুন কোৰোনাৰ ঘটনা নিশ্চিত কৰা হৈছে।
মন কৰিবলগীয়া যে, দেশৰ লগতে উত্তৰ প্ৰদেশত কোভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত যোগী চৰকাৰে ৰাজ্যখনত বাধ্যতামূলক মাস্ক পৰিধান কৰা বিষয়টোত ৰেহাই দিছিল। কিন্তু ৰাজধানী দিল্লীত পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীত দেওবাৰে ৫১৭ গৰাকী লোকৰ দেহত কোভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ফলত দিল্লীত সংক্ৰমণৰ হাৰ ৪.২১ শতাংশ বৃদ্ধি হৈছে।
ক্লিক কৰি পঢ়কঃ PMAY আৰু MGNREGA আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগেৰে পঞ্চায়ত ঘেৰাও…