PMAY আৰু MGNREGA আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগেৰে পঞ্চায়ত ঘেৰাও…

PMAY আৰু MGNREGA আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগেৰে পঞ্চায়ত ঘেৰাও…

ডিজিটেল সংবাদ কয়াকুছিঃ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩ নং উত্তৰ পাকা গাওঁ পঞ্চায়তত পি এম এ ৱাই আৰু এম জি এনৰেগা আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি হিতাধীকাৰীসকলে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ৰাইজে অভিযোগ উত্থাপন কৰা মতে পি এম এ ৱাই আঁচনি হিতাধীকাৰী সকলে জৱ কাৰ্ডৰ জৰিয়তে পাবলগীয়া ধন লাভ কৰা নাই। বিপৰীতে সেই ধন অন্য লোকৰ একাউন্টতহে সোমাইছে গৈ।

অকল ইমানেই নহয়, এম জি এনৰেগা আঁচনি ৰূপায়নতো ব্যাপক অনিয়ম সংগঠিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। উত্থাপিত অভিযোগ মতে পঞ্চায়ত প্ৰতিনিধিসকলে এম জি এনৰেগা আঁচনিৰ জৰিয়তে নিজৰ ব্যাক্তিগত কাম কৰিছে।

৩ নং উত্তৰ পাকা গাওঁ পঞ্চায়তৰ বৰ্তমানৰ সভাপতি, সচিব জি আৰ এছে মিলি এইসমূহ অনিয়ম সংগঠিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসক বিষয়টো গুৰুত্বসহকাৰে লৈ উচিত তদন্ত কৰি বিহিত ব্যাৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in