কোভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ চাকৰি আৰু ৫০ হাজাৰ টকাৰ সাহায্য..

কোভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ চাকৰি আৰু ৫০ হাজাৰ টকাৰ সাহায্য..

author-image
asomiyapratidin
New Update
কোভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ চাকৰি আৰু ৫০ হাজাৰ টকাৰ সাহায্য..

ডিজিটেল ডেস্কঃ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাটো সম্ভৱ নহয় বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰাৰ পাছতেই এখন ৰাজ্যই কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ উপৰিও চৰকাৰী চাকৰি প্বৰদান কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ পাছতেই সামাজকি মাধ্যমৰ লগতে দেশত এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

Advertisment

সততে জনসাধাৰণৰ পক্ষত থাকি বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰি চৰ্চাৰ শীৰ্ষত থকা দিল্লী চৰকাৰে পুনৰ সংবাদ শিৰোমনাম দখল কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে কোভিডত আক্ৰান্ত মৃত্যুহোৱা লোকৰ যদি ২৫ বছৰৰ তলৰ সন্তান থাকে তেনেহ'লে সেই সন্তানে মাহে ২,৫০০ টকাকৈ লাভ কৰিব। সাহায্য লাভ কৰা সন্তানৰ বয়স ২৫ বছৰ অতিক্ৰম কৰিলে এই সাহায্য বন্ধ হ'ব।

ক্লিক কৰি পঢ়কঃ সংশয়ৰ আন এক নাম ডেল্টা প্লাছ…

দিল্লী চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰাৰ ক্ষেত্ৰত কোভিড আক্ৰান্ত ব্যক্তিজনৰ আয় কিমান আছিল সেই বিষয়টো বিচাৰ্য নহ'ব। ধনী-দুখীয়া সকলো লোকেই এই সাহায্য লাভ কৰিব। কেৱল সেই পৰিয়ালবোৰে এই সাহায্য লাভ কৰিবলৈ মৃতকৰ বাসস্থানৰ প্ৰমাণপত্ৰ, বেংক একাউণ্টৰ সবিশেষ, সন্তানৰ বয়সৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

উল্লেখ্য যে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব বুলি এক দাবী উত্থাপন হৈছিল আৰু উচ্চতম ন্যায়ালয়ত এই বিশয়ে এক ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এই আৰ্থিক সাহায্য প্ৰদান কৰাটো সম্ভৱ নহয় বুলি প্ৰকাশ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ এই স্থিতিৰ বিপৰীতে দিল্লী চৰকাৰে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰাৰ লগতে চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি কৰা ঘোষণাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।