সংশয়ৰ আন এক নাম ডেল্টা প্লাছ…

সংশয়ৰ আন এক নাম ডেল্টা প্লাছ…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ দ্বিতীয় ঢৌৰ তাণ্ডৱ অব্যাহত। ইয়াৰ মাজতে চিকিৎসকে দাবী কৰিছে শীঘ্ৰে দেশত কোৰোনাৰ তৃতীয় ঢৌ আহিব। কোৰোনাৰ এই তৃতীয় ঢৌ শিশুসকলৰ বাবে অধিক ভয়ংকৰ হিচাপে পৰিগণিত হ'ব বুলি চিকিৎসকে আগতীয়াকৈ সাৱধানবাণী শুনাইছে। ইয়াৰ মাজতে আকৌ কোৰোনাৰ এটা নতুন প্ৰকাৰে সকলোকে চিন্তিত কৰি তুলিছে। ভাৰতত শেহতীয়াকৈ কোৰোনাৰ ডেল্টা প্লাছৰ ৩০ টাকৈ ঘটনা পোহৰলৈ আহিছে। বিশেষজ্ঞৰ দাবী এই ডেল্টা প্লাছৰ পৰাই দেশত কোৰোনাৰ তৃতীয় ঢৌৰ সৃষ্টি হ'ব। ডেল্টা প্লাছৰ ঘটনা পোহৰলৈ অহা ভাৰতৰ ৰাজ্য কেইখন হৈছে মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক আৰু মধ্য প্ৰেদশ।

সমগ্ৰ বিশ্বত বৰ্তমানলৈকে মুঠ ২০০ টা ডেল্টা প্লাছৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে ৩০ টাই ভাৰতৰ হোৱাত স্বাভাৱিকতেই গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। ইতিমধ্যে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে এই ডেল্টা প্লাছ প্ৰকাৰকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই নতুন প্ৰকাৰকলৈ অত্যন্ত সংবেদনশীল হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়। দেশৰ যিকেইখন ৰাজ্যত এই ডেল্টা প্লাছৰ প্ৰকাৰ পোৱা গৈছে সেই ৰাজ্যকেইখনক কেন্দ্ৰই অত্যাধিক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে আন আন ৰাজ্য বোৰকো এই নতুন ভেৰিয়েণ্টৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও যি কেইজন ৰোগীৰ দেহত এই ডেল্টা প্লাছৰ প্ৰকাৰে দেখা দিছে সেই ৩০ জন ৰোগীকেই বিশেষভাৱে নিৰীক্ষণ কৰি থকা হৈছে।

মন কৰিবলগীয়া যে ভাৰতৰ উপৰিও বিশ্বৰ অন্যান্য ৯ খন দেশতো এই নতুন ডেল্টা প্লাছ প্ৰকাৰ পোৱা গৈছে। এই দেশসমূহ হৈছে আমেৰিকা যুক্ত ৰাষ্ট্ৰ, ইংলেণ্ড, পৰ্তুগাল, চুইজাৰলেণ্ড, জাপান, পোলেণ্ড, নেপাল, চীন আৰু ৰাছীয়া। ভাৰতৰ লগতে এই দেশসমূহত মুঠ ২০০ টা ডেল্টা প্লাছৰ প্ৰকাৰ পোহৰলৈ আহিছে। ভাৰতৰ চাৰিখন ৰাজ্য মহাৰাষ্ট্ৰ, কেৰালা, মধ্যপ্ৰদেশ আৰু কৰ্ণাটকক মিলি মুঠ ৩০ টা ডেল্টা প্লাছৰ প্ৰকাৰ পোহৰলৈ আহিছে। এই ক্ষেত্ৰত সৰ্বাধিক ডেল্টা প্লাছ প্ৰকাৰৰ সংক্ৰমণ ঘটা ঘটনা পোহৰলৈ আহিছে মহাৰাষ্ট্ৰত । এই নতুন প্ৰকাৰে ৰাজ্যখনত তৃতীয়টো ঢৌ কঢ়িয়াই আনিব নেকি সেই বিষয়ে গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বাবে। ইতিমধ্যে বিগত সপ্তাহত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্বৱ থাকেৰে, স্বাস্থ্যমন্ত্ৰী, স্বাস্থ্য বিভাগৰ বিষয়াকে ধৰি একাংশ বিষয়ববীয়াৰে এক বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত কোৱা হৈছে যে কোৰোনাৰ এই নতুন প্ৰকাৰ ডেল্টা প্লাছে ৰাজ্যখনত তৃতীয়টো ঢৌ আনিব পাৰে। ইয়াৰ উপৰিও এই বৈঠকতে আশংকা কৰা হৈছে যে যদি ডেল্টা প্লাছে তৃতীয় ঢৌ আনে তেনেহ'লে ৰাজ্যখনত মুঠ ৮ লাখ লোক আক্ৰান্ত হ'ব পাৰে। আৰু এই ৮ লাখ আক্ৰান্তৰ ভিতৰত ১০ শতাংশতকৈ অধিক শিশু হ'ব বুলি আশংকা কৰা হৈছে।

ইফালে একাংশ ভাৰতীয় চিকিৎসা বিজ্ঞানীয়ে ডেল্টা প্লাছেই ভাৰতত কোৰোনাৰ তৃতীয় ঢৌ আনিব বুলি শংকা প্ৰকাশ কৰাৰ লগতে সকলোকে সাৱধান কৰি দিছে। তেওঁলোকে দাবী কৰিছে যে এই নতুন প্ৰকাৰে মানুহক অধিক ক্ষতি কৰিব। মানুহৰ হাওঁফাওকে ধৰি ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলাব। স্মৰ্তব্য যে, দেশত কোৰোনাৰ ডেল্টা প্ৰকাৰ সংক্ৰমণ হৈ কোৰোনাৰ দ্বিতীয় ঢৌৰ সৃষ্টি হৈছিল। ডেল্টা প্লাছৰ সংক্ৰণ যদিও এতিয়াও ব্যাপক ৰূপত হোৱা নাই তথাপিও ৩০ টাকৈ এক্টিভ ডেল্টা প্লাছৰ প্ৰকাৰ চিনাক্তই সকলোকে চিন্তিত কৰি ৰাখিছে।

দেশত দেখা দিয়া এই নতুন ডেল্টা প্লাছ হৈছে ডেল্টাৰ পূৰ্বৰ প্ৰকাৰ B..67.2 ৰ পৰিৱৰ্তন। ভাৰতত কোৰোনাৰ দ্বিতীয় ঢৌ আহিছিল এই B..67.2 প্ৰকাৰৰ ডেল্টাৰ পৰাই। আল জাজিৰাত ৰাজধানী দিল্লীৰ পৰা এক প্ৰতিবেদন দাখিল কৰি এই নতুন প্ৰকাৰৰ ক্ষেত্ৰত এলিজাবেঠ পুৰণমে কৈছে যে, ভাৰতীয় চিকিৎসক সকলে ডেল্টা প্লাছৰ তিনিটা বিশেষত্ব চিনাক্ত কৰিছে। প্ৰথমটো হৈছে বৰ্ধিত ট্ৰেন্সমিচিবিলিটি, দ্বিতীয়টো হৈছে হাওঁফাওঁৰ কোষৰ ৰিচেপ্টৰৰ সৈতে অধিক বান্ধি ৰখা আৰু তৃতীয়টো হৈছে এণ্টিবডী সঁহাৰী হ্ৰাস হোৱা।

আনহাতে এইমছৰ চিকিৎসক শুভ্ৰদীপ কৰ্মকাৰে এই নতুন প্ৰকাৰৰ বিষয়ে কৈছে এইদৰে, "ডেল্টা প্লাছৰ অতিৰিক্ত মিউটেণ্ট K417N আছে যি ডেল্টা B.1.617.2 ক ডেল্টা প্লাছলৈ পৰিৱৰ্তন কৰে। এই মিউটেণ্ট অধিক সংক্ৰামক আৰু ই আলফা সংস্কৰণতকৈ ৩৫ ৰপৰা ৬০ শতাংশ অধিক সংক্ৰামক। কিন্তু ভাৰতত এই প্ৰকাৰৰ সংক্ৰমণ অতি কম। এইটো বৰ্তমান চিন্তাৰ কাৰণ নহয় আৰু ইয়াৰ সংক্ৰমণৰ ঘটনাও খুব কম।

নতুনকৈ দেখা দিয়া এই ডেল্টা প্লাছ প্ৰকাৰৰ ওপৰত কোভিড ভেকচিনে কিদৰে প্ৰভাৱ পেলাব সেই বিষয়ে এতিয়াও সবিশেষ প্ৰকাশ পোৱা নাই যদিও এই বিষয়ৰ ওপৰত ভাৰতীয় চিকিৎসা বিজ্ঞানী সকলে গৱেষণা চলাই আছে। অৱশ্যে ভাৰতৰ বাহিৰত এই নতুন প্ৰকাৰৰ ডেল্টাৰ ওপৰত গৱেষণা চলাই চিকিৎসা বিজ্ঞানীসকলে দাবী কৰিছে যে বৰ্তমান যিসমূহ ভেকচিন প্ৰদান কৰি আছে সেইবোৰেই কাৰ্যকৰী হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in