/asomiyapratidin/media/media_files/2025/09/15/live-update-2025-09-15-09-35-59.jpg)
যোৱা তিনিটাকৈ বছৰৰ সফলতাৰ পাছত পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক নতুনকৈ তুলি ধৰাৰ প্ৰয়াসেৰে নতুন দিল্লীৰ 'দ্য অশোক'ত আৰম্ভ হৈছে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ ‘দ্য কনক্লেভ-২০২৫’। সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, স্বাস্থ্য, শিক্ষা, উন্নয়ন, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষা, যুৱ আকাংক্ষাকে ধৰি পৰিবেশ, জলবায়ু আদি বিভিন্ন বিষয় সামৰি অনুষ্ঠিত হৈ অহা 'দ্য কনক্লেভ'ৰ এয়া চতুৰ্থ সংস্কৰণ।
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কনক্লেভৰ আজি দ্বিতীয়টো দিন। দেওবাৰে কনক্লেভৰ প্ৰথম দিনটোৰ আৰম্ভণিতে আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে বন্তি প্ৰজ্বলনেৰে 'দ্য কনক্লেভ-২০২৫' উদ্বোধন কৰে। তাৰ পাছতে বিভিন্ন বিষয় সামৰি মুঠ ৰাজনীতি, স্বাস্থ্য, সীমান্ত সুৰক্ষা, উদ্যোগ, বান আৰু নদীবান্ধ, যুৱ শক্তি আৰু উদ্যমিতা আদি বিষয়ক সামৰি অনুষ্ঠিত হয় ছখন আলোচনা সত্ৰ। য'ত লোকসভাৰ বিৰোধী উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল, সাংসদ সঞ্জয় সিং, সুনীল শেট্টীকে ধৰি অন্যান্য বিষয়সমূহৰ কেইবাজনো সমল তথা বিশেষজ্ঞ ব্যক্তি উপস্থিত থাকে।
সেইদৰেই আজি দ্বিতীয়টো দিনত কেইবাটাও বিষয় সামৰি মুঠ ছখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। য'ত প্ৰতিটো বিষয়ৰ সমল আৰু বিশেষজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আজিৰ আলোচনা সত্ৰসমূহৰ ভিতৰত অসমৰ বহু চৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসমীয়া ছবিৰ জয়যাত্ৰা, যুৱ প্ৰজন্মৰ দৃষ্টিত অসম, অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰে আলোচনাকে ধৰি সংবাদ, সংস্কৃতি, সাহিত্য, সমাজ আদি বিভিন্ন বিষয়ৰ ওপৰত বস্তুনিষ্ঠ আলোচনা অনুষ্ঠিত হ'ব। প্ৰতিখন আলোচনাৰ পৰাই প্ৰতিটো বিষয়ে কিদৰে সমাধান সূত্ৰ দিয়ে অথবা কিদৰে নতুন চিন্তাৰ বাট মুকলি কৰে সেই সন্দৰ্ভত জানিবলৈ অনুসৰণ কৰক আমাৰ এই লাইভ আপডেট।
- Sep 15, 2025 10:45 IST
Catch All Sessions of The Conclave 2025 on Pratidin Time Live TV
- Sep 15, 2025 12:05 IST
NSD-এ মোক শিকালে তুমি যোগো কৰিব লাগিব, ভাৰতীয় সাহিত্যও পঢ়িব লাগিব, পশ্চিমীয়া সাহিত্যও পঢ়িব লাগিবঃ বাহাৰুল ইছলাম
বাহাৰুল ইছলামঃ শৈশৱৰ পৰাই মোৰ সপোন আছিল মিঠুন চক্ৰৱৰ্তীৰ দৰে হোৱা। মই ভাবিছিলো, মই ক’লা মিঠুন চক্ৰৱৰ্তীও ক’লা । সেয়ে ময়ো মিঠুনৰ দৰেই হ’ব বিচাৰিছিলো। সেই সময়ত অসমীয়া ছবি জগতত কোনো ক’লা অভিনেতা নাছিল। পুলক গগৈ ডাঙৰীয়াই মোক সুযোগ দিছিল।
মোৰ সপোন আছিল এন এছ ডিলৈ যোৱা। এতিয়াও সকলোৱে বিশ্বাস কৰে পইছাৰে একো নহয়, দক্ষতাও বহু গুৰুত্বপূৰ্ণ। পৰিয়ালত কোনো তেনেকুৱা নাছিল, লিগেছী নাছিল। এন এছ ডিত প্ৰথম প্ৰচেষ্টাতেই আসন লাভ কৰিলো।
এন এছ ডিয়ে মোক শিকালে তুমি যোগো কৰিব লাগিব, ভাৰতীয় সাহিত্যও পঢ়িব লাগিব, পশ্চিমীয়া সাহিত্যও পঢ়িব লাগিব। তাত শ্বেক্সপীয়েৰ, কালিদাস সকলো আছিল। সেয়ে লাহে লাহে মনত যি মিঠুন চক্ৰৱৰ্তী আছিল সেয়া নোহোৱা হ’ল। মই ভাবিলো- ল’ৰা তই অসমীয়া, অসমলৈ ঘূৰি যা।
সেই মতেই মই ঘৰলৈ ঘূৰি আহিলো আৰু থিয়েটাৰ কৰিবলৈ আৰম্ভ কৰিলো। নিজৰ মনত যিয়েই চিন্তা আহিল তাক থিয়েটাৰত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলো।
মোৰ গুৰু বিবি কৰণজীয়ে কৈছিল, সদায়েই নতুন মানুহৰ সৈতে কাম কৰিবা, মক্কা যাবলৈ প্ৰয়োজন নাই, ওপৰৰ পৰা দোৱা পাই থাকিবা।
- Sep 15, 2025 11:50 IST
''মই চিনেমা নিৰ্মাতা হোৱাৰ কথা কেতিয়াও ভবা নাছিলো''- ৰীমা দাস
ৰীমা বৰাঃ মই চিনেমা নিৰ্মাতা হোৱাৰ কথা কেতিয়াও ভবা নাছিলো। মুম্বাইলৈ আহিছিলো এগৰাকী অভিনেত্ৰী হ'বলৈ।অভিনেত্ৰী হিচাপে মই মোৰ কেৰিয়াৰত কোনো বিশেষ কাম কৰিব নোৱাৰিলো।
চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলো মই তেতিয়া সেইবোৰক এখন পেইণ্টিং হিচাপে চাবলৈ বিচাৰিলো। মোৰ লগ’ত একো ৰিছ’ৰ্ছ নাছিল। যেতিয়া মই চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলো তেতিয়া মোৰ পৰিয়ালো আচৰিত হৈ পৰিল।
মই যি কৰি আছো সেয়া কেৱল মোৰ ভালপোৱা। চিনেমাৰ জৰিয়তে কাহিনী কোৱা মোৰ বাবে এক প্ৰাৰ্থনা।ভিলেজ ৰকষ্টাৰ যেতিয়া মই নিৰ্মাণ কৰিলো, তেতিয়া মই নিজেই নিজক প্ৰশ্ন কৰিলো সঁচাকৈয়ে ময়েই কৰিলো নে? তাৰ পাছতেই মই চিনেমা নিৰ্মাণ কৰাৰ ওপৰত অধিক গুৰুত্ব দিলো।
- Sep 15, 2025 11:39 IST
''অসমৰ চলচ্চিত্ৰ উদ্যোগৰ চিনেমেটিক যাত্ৰা'' শীৰ্ষক আলোচনা আৰম্ভ
চলচিত্ৰপ্ৰেমীসকলক আকৰ্ষণ কৰা উদ্দেশ্যে 'দ্য কনক্লেভ-২০২৫' ত অসমৰ চলচ্চিত্ৰ উদ্যোগৰ চিনেমেটিক যাত্ৰা শীৰ্ষক আলোচনা আৰম্ভ। আলোচনাত ভাগ লৈছে বিশিষ্ট অভিনেতা যশপাল শৰ্মা, প্ৰবীণ অভিনেতা বাহাৰুল ইছলাম আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে।
অনুষ্ঠানটোৰ মডাৰেটৰ স্মিতাক্ষী বি গোস্বামী। তেওঁ আৰম্ভণিতে আটাইকেইজন পেনেলিষ্টিক আদৰণি জনায়।
- Sep 15, 2025 11:27 IST
'৬ বজাৰ পিছত ভাৰতীয় টিভিত খবৰ নাথাকে, মতামত থাকে;' সকলোৱে এজনে আনজনৰ ওপৰত চিঞঁৰে': নীতিন এ গোখলে
নীতিন এ গোখলেয়ে তেওঁৰ ভাষ্যত দশকজুৰি প্ৰযুক্তিয়ে কেনেদৰে সাংবাদিকতাক সলনি কৰিছে সেই সন্দৰ্ভত আলোচনা কৰি তেওঁৰ সাংবাদিকতাৰ জীৱনযাত্ৰাক “টেলিগ্ৰামৰ পৰা টেলিগ্ৰাম এপ”লৈ যাত্ৰা বুলি। কাৰ্গিলৰ লগত অপাৰেচন সিন্দুৰৰ তুলনা কৰি তেওঁ উল্লেখ কৰে যে কাৰ্গিলৰ সময়ত সাংবাদ মাধ্যমে, সাংবাদিকে মাটিৰ পৰা দেখা ঘটনাসমূহ দেখুৱাইছিল, কিন্তু এতিয়া প্ৰযুক্তিয়ে সময় আৰু স্থান দুয়োটাই খহাই পেলাইছে—তথ্য প্ৰেৰণ আৰু গ্ৰহণৰ ধৰণ সলনি কৰিছে।
গোখলেয়ে এতিয়া সন্ধিয়া ৬ বজাৰ পিছত ভাৰতীয় টিভিৰ অৱস্থাক লৈ দুখ প্ৰকাশ কৰি কয়, এই সময়ত টিভিৰ বাতৰি “খবৰ নহয়, মতামত”। এংকৰ আৰু পেনেলিষ্টে এজনে আনজনৰ ওপৰত চিঞৰি থকা অৱস্থালৈ পৰিণত হৈছে। ১৫ বছৰৰ আগতে টেলিভিছনে যি স্থান অধিকাৰ কৰিছিল, তাক এতিয়া ডিজিটেল মাধ্যমেই পুনৰ দখল কৰিছে।
তেওঁ ডিজিটেল সাংবাদিকতাত অভিজ্ঞতাৰ অভাৱক এটা ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি কয়, “এতিয়া খবৰ সংগ্ৰহ কৰা বিষয়টো দ্বিতীয় স্থানলৈ ঠেলি দিয়া হৈছে। প্ৰত্যেকখন যুদ্ধৰ এটা ৰাজনৈতিক লক্ষ্য থাকে। তেওঁ কয়, অপাৰেচন সিন্দুৰ “যুদ্ধ নহয়, এক বিৰতিহে” দেশে আগন্তুক ছয় মাহৰ ভিতৰত পুনৰ আন এটা অপাৰেচন দেখিবও পাৰে।
- Sep 15, 2025 11:10 IST
''সংবাদ মাধ্যম হিচাপে আমাৰ ভূমিকা শক্তিশালীজনকহে প্ৰশ্ন কৰা, সেইজন ব্যক্তিক নহয় যি বিৰোধীত আছে'' - শচীন গগৈ
শচীন গগৈঃ সংবাদ মাধ্যমৰ ভূমিকাৰ সন্দৰ্ভত ক’বলৈ গ’লে মোৰ মনত পৰে জনপ্ৰিয় আমেৰিকান লেখক ডগলেছ কেনেডীৰ এটা বাক্য। তেওঁ কৈছিল-আমি সকলোৱে কথা পাতো অসত্যক আমি কিমান বেছি বেয়া পাওঁ, কিন্তু আমি প্ৰায়ে অসত্যকে অগ্ৰাধিকাৰ দিওঁ। কাৰণ আমি অসত্যক প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে সুবিধাজনক অসত্যতহে সুবিধা বিচাৰি পাওঁ। এয়াই অপ্ৰিয় সত্য।
বিশ্বৰ বিভিন্ন প্ৰান্তত বিবিচিয়ে কি কৰিছে, কি নকৰিছে তাক লৈ বিভিন্ন অভিযোগেৰে অভিযুক্ত। আমি তাক স্বীকাৰ কৰোঁ।
বিবিচিত যোগদান কৰাৰ পাছত মোক মোৰ সম্পাদকগৰাকীয়ে কৈছিল- সংবাদ মাধ্যম হিচাপে আমাৰ ভূমিকা শক্তিশালীজনকহে প্ৰশ্ন কৰা, সেইজন ব্যক্তিক নহয় যি বিৰোধীত আছে।সংবাদ প্ৰতিষ্ঠান হিচাপে আমাৰ কাম চৰকাৰৰ ভাষ্য প্ৰকাশ কৰা নহয়। চৰকাৰে তেওঁলোকৰ ভাষ্য জনতাৰ মাজলৈ লৈ যাবলৈ বহু মাধ্যম আছে।
এগৰাকী ভাৰতীয় হিচাপে মই আনতকৈ কম দেশপ্ৰেমিক বুলি নাভাবো। কিন্তু যেতিয়া মই লেপেলডাল লগাই লওঁ, কীব'ৰ্ডৰ সন্মুখত যেতিয়া সাজু হওঁ তেতিয়া মই এগৰাকী খঙাল দেশপ্ৰেমিক হ’ব নোৱাৰো। মই এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কাম কৰো। আমি প্ৰায়ে পাহৰি যাওঁ সংবাদ মাধ্যমে ‘’টাৰ্গেট অডিয়েনচ’ৰ বাবে কাম কৰে। আমাৰ ক্ষেত্ৰত, মই যেতিয়া কেমেৰাৰৰ সন্মুখত থিয় হওঁ, যেতিয়া বাতৰি লিখো তেতিয়া মই সমগ্ৰ বিশ্বৰ দৰ্শক, পঢ়ুৱৈৰ কথা ভাবোঁ।
- Sep 15, 2025 10:51 IST
'অপাৰেচন সিন্দুৰ'ৰ সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত চলিল কেৱল ‘নৌটংকি’
সংগীতা বৰুৱা পিছাৰোটি: 'অপাৰেচন সিন্দুৰ'ৰ সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত চলিল কেৱল ‘নৌটংকি’। প্ৰচাৰ হ’ল কেৱল ভুৱা খবৰ। প্ৰীণ্ট আৰু ডিজিটেল মিডিয়াই নিজৰ দায়িত্ব পালন কৰিলে।
আমাৰ 'ৱায়াৰ' সংবাদ প্ৰতিষ্ঠান ১২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল।কাৰণ চি এন এনে যি প্ৰতিবেদন প্ৰচাৰ কৰিছিল আমিও সেয়াই প্ৰচাৰ কৰিছিলো।
টেলিভিছন চেনলৰ এনে অৱস্থাৰেই পৰিণতি শেহতীয়াকৈ নেপালত অস্থিৰ পৰিবেশত ভাৰতীয় টেলিভিছন চেনেলৰ সংবাদ কৰ্মীৰ ওপৰত হোৱা 'জঘণ্য' ব্যৱহাৰ। কিন্তু ডিজিটেল মিডিয়াৰ কৰ্মীৰ সৈতে তেনে ঘটনা সংঘটিত হোৱা দেখা নাই।
- Sep 15, 2025 10:37 IST
''অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ'' শীৰ্ষক আলোচনা সত্ৰ আৰম্ভ
''অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ'' শীৰ্ষক এই আলোচনা সত্ৰৰ আঁত ধৰিছে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। এই আলোচনাত ভাগ লৈছে জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰোটি (দ্য ৱায়াৰ), শচীন গগৈ (এডিটৰিয়েল লিড, এছিয়া পেছিফিক বিবিচি), আৰু নীতিন এ গোখলে (ভাৰতশক্তি গোটৰ প্ৰতিষ্ঠাপক)।
অংশগ্ৰহণকৰা প্ৰতিগৰাকী সমল ব্যক্তিয়ে আদৰণি স্মিতাক্ষী বি গোস্বামীৰ।
- Sep 15, 2025 09:53 IST
কনক্লেভৰ দ্বিতীয় দিনৰ প্ৰথম আলোচনা সত্ৰৰ বিষয়- ''অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ''
উত্তৰ-পূবৰ বিভিন্ন সমস্যা তথা গুৰুত্বপূৰ্ণ দিশ সামৰি দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আয়োজন কৰা সাদিন- প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ ২০২৫ ৰ আজি দ্বিতীয় দিন। এই অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাকে ধৰি পৰিবেশ, জলবায়ু আদি বিভিন্ন বিষয় সামৰি সূক্ষ্ম সূক্ষ্মকৈ আলোচনা কৰা হ’ব।
সোমবাৰে পুৱা ১০ বজাত অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ শীৰ্ষক অষ্টম আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানৰ আঁত ধৰিব প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। এই আলোচনাত ভাগ ল'ব জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰোটি (দ্য ৱায়াৰ), শচীন গগৈ (বিবিচি), আৰু নীতিন এ গোখলে (ভাৰতশক্তি গোটৰ প্ৰতিষ্ঠাপক)।
সবিশেষ পঢ়ক এই লিংকতঃ দ্য কনক্লেভ ২০২৫ ৰ আজি দ্বিতীয় দিন...
সাজু হৈ আছে দ্য কনক্লেভ-২০২৫ ৰ মঞ্চ - Sep 15, 2025 09:43 IST
উত্তৰ-পূবৰ সমস্যা, সম্ভাৱনাক লৈ আৰম্ভ হোৱা এক বিপ্লৱ...
উত্তৰ- পূৰ্বাঞ্চল সমস্যা আৰু সম্ভাৱনাৰে ভৰা। সমস্যাবোৰ সমাধান আৰু সম্ভাৱনাবোৰক সম্পদলৈ ৰূপান্তৰ কৰিবলৈ লাগে উপযুক্ত মঞ্চত ইয়াৰ চৰ্চা আৰু আলোচনা। সেই লক্ষ্য আগত ৰাখিয়েই প্ৰতিদিন মিডিয়া নেটৱৰ্কে অনুষ্ঠিত কৰি আহিছে 'দ্য কনক্লেভ'।
প্ৰতিদিন গোষ্ঠীৰ চতুৰ্থ সংস্কৰণৰ দ্য কনক্লেভ ২০২৫ নতুন দিল্লীৰ দ্য অশোকত ১৪ ছেপ্তেম্বৰ ২০২৫ৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। প্ৰথম দিনা মুঠ ৭খন আলোচনা সত্ৰত ৰাজ্যখনৰ লগতে সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ দিশ আৰু বিষয়ক লৈ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰা হয়।
কনক্লেভ সন্দৰ্ভত 'বিশেষ লেখা' পঢ়ক এই লিংকতঃ উত্তৰ-পূবৰ সমস্যা, সম্ভাৱনাক লৈ আৰম্ভ হোৱা এক বিপ্লৱ...