দ্য কনক্লেভ ২০২৫ ৰ আজি দ্বিতীয় দিন...

অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ শীৰ্ষক অষ্টম আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানৰ আঁত ধৰিব প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে।

New Update
WhatsApp Image 2025-09-15 at 9.27.03 AM

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ বিভিন্ন সমস্যা তথা গুৰুত্বপূৰ্ণ দিশ সামৰি দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আয়োজন কৰা সাদিন- প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ ২০২৫ ৰ আজি দ্বিতীয় দিন। এই অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাকে ধৰি পৰিবেশ, জলবায়ু আদি বিভিন্ন বিষয় সামৰি সূক্ষ্ম সূক্ষ্মকৈ আলোচনা কৰা হ’ব।

সোমবাৰে পুৱা ১০ বজাত অপাৰেচন সিন্দুৰ – দ্য মিডিয়া নেৰেটিভ শীৰ্ষক অষ্টম আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানৰ আঁত ধৰিব  প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। এই আলোচনাত ভাগ ল'ব জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰোটি (দ্য ৱায়াৰ), শচীন গগৈ (বিবিচি), আৰু নীতিন এ গোখলে (ভাৰতশক্তি গোটৰ প্ৰতিষ্ঠাপক)।

চলচিত্ৰপ্ৰেমী সকলক আকৰ্ষণ কৰা উদ্দেশ্যে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ চিনেমেটিক যাত্ৰা শীৰ্ষক নৱমখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আলোচনাত ভাগ ল'ব- বিশিষ্ট অভিনেতা যশপাল শৰ্মা, প্ৰবীণ অভিনেতা বাহাৰুল ইছলাম আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে।

যুৱচামৰ দৃষ্টিত অসম শীৰ্ষক আজিৰ দশম আলোচনা চক্ৰৰ আঁত ধৰিব প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাই। আলোচনাত অংশ ল'ব সুব্ৰংশু প্ৰতিম শৰ্মা (গৱেষক, জে এন ইউ), কৃষ্ণালী পাঠক (সভাপতি, সদৌ অসমীয়া ছাত্ৰ সন্থা, নতুন দিল্লী), ত্ৰিদিব ভাগৱতী (গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়), আৰু অভিনৱ বৰগোহাঁই (ছাত্ৰ, দিল্লী বিশ্ববিদ্যালয়)।

ইয়াৰ পাছতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু বাস্তৱতা শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আলোচনাত আটছু, চুতীয়া ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, মৰাণ ছাত্ৰ সন্থা, আক্ৰাছু আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ জনজাতীয় নেতাই জানজাতিকৰণৰ বাবে নিজৰ যুক্তি দাঙি ধৰিব।

শেষত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ৰাজনীতি সন্দৰ্ভত এক আছুতীয়া সাক্ষাৎকাৰত অংশ ল'ব সাংসদ তথা অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

উল্লেখ্য যে, কেইবাখনো মনোজ্ঞ আলোচনাসত্ৰ, কথোপকথনস তথা শেষত শিল্পী শংকুৰাজ কোঁৱৰৰ সংগীতানুষ্ঠানেৰে আজি সামৰণি পৰিব সাদিন- প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ ২০২৫ ৰ।

দ্য কনক্লেভ