উত্তৰ-পূবৰ সমস্যা, সম্ভাৱনাক লৈ আৰম্ভ হোৱা এক বিপ্লৱ...

উত্তৰ- পূৰ্বাঞ্চল সমস্যা আৰু সম্ভাৱনাৰে ভৰা। সমস্যাবোৰ সমাধান আৰু সম্ভাৱনাবোৰক সম্পদলৈ ৰূপান্তৰ কৰিবলৈ লাগে উপযুক্ত মঞ্চত ইয়াৰ চৰ্চা আৰু আলোচনা। সেই লক্ষ্য আগত ৰাখিয়েই প্ৰতিদিন মিডিয়া নেটৱৰ্কে অনুষ্ঠিত কৰি আহিছে 'দ্য কনক্লেভ'। 

New Update
6a3c5383-5f49-4c76-9372-5c72885333c6

মৃদুল কুমাৰ সন্দিকৈ

উত্তৰ- পূৰ্বাঞ্চল সমস্যা আৰু সম্ভাৱনাৰে ভৰা। সমস্যাবোৰ সমাধান আৰু সম্ভাৱনাবোৰক সম্পদলৈ ৰূপান্তৰ কৰিবলৈ লাগে উপযুক্ত মঞ্চত ইয়াৰ চৰ্চা আৰু আলোচনা। সেই লক্ষ্য আগত ৰাখিয়েই প্ৰতিদিন মিডিয়া নেটৱৰ্কে অনুষ্ঠিত কৰি আহিছে 'দ্য কনক্লেভ'। 

প্ৰতিদিন গোষ্ঠীৰ চতুৰ্থ সংস্কৰণৰ দ্য কনক্লেভ ২০২৫ নতুন দিল্লীৰ দ্য অশোকত ১৪ ছেপ্তেম্বৰ ২০২৫ৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। প্ৰথম দিনা মুঠ ৭খন আলোচনা সত্ৰত ৰাজ্যখনৰ লগতে সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ দিশ আৰু বিষয়ক লৈ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰা হয়। 

তাৰ পূৰ্বে আধ্যাত্মিক গুৰু ৰবিশংকৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে দ্য কনক্লেভ ২০২৫। এই সময়তে গুৰু বন্দনা পৰিৱেশন কৰে সুকণ্ঠী গায়িকা অজন্তা গোস্বামীয়ে।  আধ্যাত্মিক গুৰু ৰবিশংকৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে 'প্ৰতিদিন মিডিয়া নেটৱৰ্ক'ৰ 'দ্য কনক্লেভ-২০২৫'।

ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে আধ্যাত্মিকগুৰুজনে। তেওঁক সহযোগ কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। ইয়াৰ পিছতেই আধ্যাত্মিক গুৰু তথা 'আৰ্ট ফৰ লিভিঙ’ৰ প্ৰতিষ্ঠাপক ৰবিশংকৰক সম্বৰ্ধনা জ্ঞাপন কৰে অধ্যক্ষ বৰুৱাই। অনুষ্ঠানত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে জয় যাত্ৰাৰ এক দৃশ্য শ্ৰব্যও প্ৰদৰ্শন কৰা হয়।

'দ্য কনক্লেভ' মাথোঁ এটা অনুষ্ঠান নহয়ঃ জয়ন্ত বৰুৱা...

দ্য কনক্লেভত আদৰণি ভাষণ প্ৰদান কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। কনক্লেভৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা উল্লেখ কৰি তেখেতে কয়-'দ্য কনক্লেভ' মাথোঁ এটা অনুষ্ঠান নহয়, উত্তৰ-পূবৰ সমস্যা, সম্ভাৱনাক লৈ আৰম্ভ হোৱা এক বিপ্লৱ।

তেওঁ লগতে আধ্যাত্মিক গুৰুজনৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তাৰোপৰি কনক্লেভত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিকো অনুষ্ঠানলৈ আদৰণি জনায়। ২০২২ ৰ পৰা কনক্লেভৰ যাত্ৰাৰ কথা উল্লেখ কৰি তেওঁ কয়- আমাৰ লক্ষ্য আৰু উদ্দেশ্য অতি সৰল আৰু শক্তিশালী আছিল। আমি বিচাৰিছিলো এই মঞ্চৰ জৰিয়তে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক শক্তিশালী কৰা।

শুভাৰম্ভ কৰি শ্ৰী শ্ৰী ৰবি শংকৰে কি ক’লে...

'সংবাদ মাধ্যম নিৰপেক্ষ হৈ থকা কঠিন কিন্তু জয়ন্ত বৰুৱা আৰু প্ৰতিদিন মিডিয়া নেৱৰ্কে ৰাইজৰ মাজলৈ সঠিক খবৰ কঢ়িয়াই নিছে'- এইদৰে কনক্লেভ ২০২৫ উদ্বোধন কৰি আধ্যাত্মিক গুৰুজনে সাদিন- প্ৰতিদিন গোষ্ঠীৰ শলাগ লয়। 
আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে ভাষণত জয়ন্ত বৰুৱা আৰু প্ৰতিদিন মিডিয়া নেটৱৰ্কক ‘দ্য কনক্লেভ-২০২৫’ ৰ জৰিয়তে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক নতুনকৈ তুলি ধৰাৰ এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ কয়, জয়ন্ত বৰুৱা আৰু প্ৰতিদিন মিডিয়া নেটৱৰ্কে উত্তৰ পূৰ্বাঞ্চলক এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিছে। 

এই অঞ্চলটোক পবিত্ৰ স্থান আখ্যা দি তেওঁ ইয়াক সকলো দিশৰ পৰা সংৰক্ষণৰ পোষকতা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ উন্নয়ন ভাৰতৰ বিকাশৰ বাবেও গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় — “সংবাদ সজীৱ হ’ব লাগে, তেতিয়াহে তাৰ জীৱন থাকে।”

আলোচনা সত্ৰ ১ : কনক্লেভ ২০২৫ৰ প্ৰথম সত্ৰ ‘উত্তৰ পূব আৰু সীমান্ত’

দ্য কনক্লেভ-২০২৫’ ৰ প্ৰথম দিনটোৰ ‘উত্তৰ পূব আৰু সীমান্ত’ শীৰ্ষ প্ৰথমখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰজিৎ সিং আৰু ইনষ্টিটিউট অফ চাইনিজ ষ্টাডিছ, নতুন দিল্লীৰ ‘ভিজিটিং এছ'চিয়েট ফেল’ মিৰজা জুলফিকুৰ ৰহমানে। 
মৃণাল তালকুদাৰে আঁত ধৰা এই অনুষ্ঠানে দক্ষিণ, দক্ষিণ-পূব এছিয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰত্যাহ্বান, সুৰক্ষা আদিৰ সন্দৰ্ভত বস্তুনিষ্ঠ আলোচনাৰ প্ৰয়াস কৰা হৈছে। বিশেষকৈ সীমান্ত ৰাষ্ট্ৰ কেইখনৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি এই আলোচনাক আগবঢ়াই নিয়া হৈছে।  

'বাংলাদেশৰ সাম্প্ৰতিক পৰিৱর্তন, ম্যানমাৰৰ অস্থিৰতা আৰু নেপালৰ শেহতীয়া পৰিৱর্তনে আমাৰ দেশৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে' : আলোচক ৰাণা প্ৰতাপ কলিতা

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই উত্তৰ পূৰ্বাঞ্চলৰ সীমান্ত আৰু ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা পৰিস্থিতিৰ সন্দৰ্ভত ব্যাখ্যা কৰি কয়,  উত্তৰ পূৰ্বাঞ্চলৰ সীমান্ত কৌশলগত কাৰণত দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশ্বজুৰি যি ধৰণে পৰিৱর্তন ঘটিছে, তাৰ প্ৰভাৱো উত্তৰ পূৰ্বাঞ্চলত পৰিছে।

তেওঁ কয়, বাংলাদেশত হোৱা সাম্প্ৰতিক পৰিৱর্তন, ম্যানমাৰত চলি থকা অস্থিৰতা আৰু নেপালত হোৱা শেহতীয়া নতুন পৰিৱর্তনে আমাৰ দেশৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে। উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তসমূহ এতিয়াও ছিদ্ৰযুক্ত (porous)। সীমান্তৰ তেনে অঞ্চলৰ জৰিয়তে মানুহৰ প্ৰবজন চলি আহিছে। যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ অংশ বিশেষে সামাজিক চাপো সৃষ্টি হৈছে।

তেওঁ আৰু কয়, এনেবোৰ কাৰণতে জনগোষ্ঠীয় সংঘাতৰ সমস্যাৰে আমি আগবাঢ়িছো। সেয়ে সীমান্তৰ উন্নয়ন কৰিব লাগিব আৰু সুৰক্ষা কৰ্মী অধিক নিয়োগ কৰিব লাগিব। সুৰক্ষা ব্যৱস্থা অধিক ‘স্মাৰ্ট’ কৰাৰ লগতে এ আইৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব।

'উত্তৰ পূৰ্বাঞ্চলৰ আন্তৰ্জাতিক সীমান্তই সুযোগ আৰু প্ৰত্যাহ্বান দুয়োটাকে সামৰি লয়'- অধ্যাপক অমৰজিৎ সিং

‘উত্তৰ পূব আৰু সীমান্ত’ শীৰ্ষক প্ৰথমখন আলোচনাত অংশগ্ৰহণ কৰি  জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰজিৎ সিঙে কয়, উত্তৰ পূৰ্বাঞ্চলক কেইবাখনো দেশে আগুৰি আছে। ইয়াৰ আন্তৰ্জাতিক সীমান্তই সুযোগ আৰু প্ৰত্যাহ্বান দুয়োটাকে সামৰি লয়।

নেপাল, বাংলাদেশত যি পৰিস্থিতিৰ সূচনা হৈছে সেয়া যুৱ সমাজৰ অসন্তোষ, বিশেষকৈ সীমিত সংস্থাপনৰ সমস্যাৰ বাবে হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰো যুৱক-যুৱতীৰ মাজত বৃদ্ধ হোৱা হতাশায়ো এই অঞ্চলটোলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে।

'উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এক জটিল আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল'- মিৰ্জা জুলফিকুৰ ৰহমান

ইনষ্টিটিউট অফ চাইনিজ ষ্টাডিছ, নতুন দিল্লীৰ ‘ভিজিটিং এছ'চিয়েট ফেল’ মিৰ্জা জুলফিকুৰ ৰহমানে ‘উত্তৰ পূব আৰু সীমান্ত’ শীৰ্ষক আলোচনা সত্ৰত অংশগ্ৰহণ কৰি কয়, উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এক জটিল আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল। এই অঞ্চলএছিয়া পেছিফিকৰ এক মুখ্য কেন্দ্ৰবিন্দু। যোৱা কিছু বছৰত এই অঞ্চলটোৰ যোগাযোগৰ উন্নয়ন আৰু বিকাশ কিছু হৈছে যদিও ইয়াৰ প্ৰভাৱ, স্থিৰতা এতিয়াও প্ৰতিবেশী দেশসমূহৰ সৈতে সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। 

আলোচনা সত্ৰ ২ : ছবিজগতৰ প্ৰেক্ষাপট আৰু যুৱ উদ্যোগী

'ছবিজগতৰ প্ৰেক্ষাপট আৰু যুৱ উদ্যোগী' শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰিবলৈ কনক্লেভৰ মঞ্চত উপস্থিত থাকে বলিউড অভিনেতা সুনীল শেট্টী। প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ পৰিচালন সঞ্চালক ঋষি বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত তেওঁ ব্যক্তিগত জীৱন, বলিউড যাত্ৰা, সংগ্ৰাম আৰু উদ্যমিতাৰ ওপৰত আলোচনা কৰে। 

ঋষি বৰুৱাই অভিনেতাগৰাকীৰ সন্দৰ্ভত তেওঁক যি আকৰ্ষণীয় শৈলীৰে সম্বোধন কৰে সেই শৈলীত আপ্লুত্ হৈ পৰে অভিনেতাগৰাকীয়ে।  তেওঁক সকলোৱে 'আন্না' বুলি সম্বোধন কৰাৰ সন্দৰ্ভত কয়, ‘আন্না’ বুলি মোক কোনোবাই নামাতিলে মই আচৰিতহে হওঁ। ‘আন্না’ বুলি কোনোবাই মাত দিলে তেওঁৰ সৈতে মই এক সম্পৰ্ক বিচাৰি পাওঁ। কেতিয়া, ক’ত লগ পাইছিলো সেই বিষয়ে মনত পেলাবলৈ চেষ্টা কৰো। 

আমি আমাৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিব লাগে, এয়াই আমাৰ দেশৰ সৌন্দৰ্যঃ সুনীল শেট্টী

''উত্তৰ পূৰ্বাঞ্চলৰ মানুহে নিজৰ সংস্কৃতি কেৱল প্ৰদৰ্শনেই নকৰে তেওঁলোকে নিজৰ সংস্কৃতিৰ সৈতে জীয়াই আৰু মই য’ৰ পৰা আহিছো সেই দক্ষিণ ভাৰততো একেই হয়। মই বছৰত ৫ ৰ পৰা ১০ বাৰ গাঁৱলৈ যাঁও, সেয়ে মই মাটিৰ সৈতে সংযুক্ত হৈ আছো। ই মোক নতুন শক্তি দিয়ে।'' কনক্লেভত উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে দক্ষিণ ভাৰতৰ সামঞ্জস্যৰ কথা উল্লেখ কৰি এইদৰেই কয় বলিউড অভিনেতা সুনীল শেট্টীয়ে।

তেওঁ আৰু কয়, ''মোৰ সন্তানেও সেই সকলোবোৰ অনুসৰণ কৰে। মোৰ পাঁচমহীয়া নাতিও আমাৰ সংস্কৃতিৰ লগত জড়িত। মূল কথা হ’ল আমি আমাৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিব লাগে। এয়াই আমাৰ দেশৰ সৌন্দৰ্য। আমি গভীৰ ভাৱে শিপাৰ সৈতে সংযুক্ত সেয়ে বিশ্বই আমালৈ লক্ষ্য কৰে।''

আলোচনা সত্ৰ ৩ : ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন

ছমাহৰ ভিতৰত জনজাতিকৰণ হ'ব বুলি বিজেপিয়ে, প্ৰধানমন্ত্ৰীয়েহে কৈছিল, মোডী ডাঙৰীয়াই স্পষ্ট কৰিব লাগে সেয়া সত্য আছিল নে ঝুমলা আছিলঃ গৌৰৱ গগৈ

আজিৰ এই কনক্লেভ ২০২৫ৰ প্ৰথম দিনটোৰ তৃতীয় আলোচনা সত্ৰত ''২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন'' শীৰ্ষক বিষয়ত সূক্ষ্ম সূক্ষ্মভাৱে আলোচনা কৰা হয়। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আঁত ধৰা এই আলোচনাত আলোচক হিচাপে অংশ লয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। 

মুখ্য সম্পাদক নিতুমণি শইকীয়াই কৰা প্ৰতিটো প্ৰশ্ন উত্তৰ অতি সাৱলীলভাৱে দি সাংসদ গগৈয়ে কয়- ছমাহৰ ভিতৰত জনজাতিকৰণ হ'ব বুলি বিজেপি আৰু প্ৰধানমন্ত্ৰীয়েহে কৈছিল। মোডী ডাঙৰীয়াই স্পষ্ট কৰিব লাগে সেয়া সত্য আছিল নে ঝুমলা আছিল। 

তেওঁ আৰু কয়- মই যথেষ্ট কৃতজ্ঞ। ইমান কম বয়সত এটা ঐতিহাসিক দলৰ পৰা ইমান সুযোগ পাইছো। জীৱনত আগবাঢ়ি গ'লে প্ৰত্যাহ্বানো থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ পৰা কংগ্ৰেছৰ দৰে এটা দলৰ প্ৰতিনিধি হ'ব পৰাৰ বাবে কৃতজ্ঞ।

পিতৃ তৰুণ গগৈৰ কথা সুঁৱৰি তেওঁ কয়- প্ৰয়াত তৰুণ গগৈৰ দেৱৰ আদৰ্শ অনুসৰণ কৰি তেওঁৰ অসমৰ প্ৰতি মৰম আৰু বৰ অসম গঢ়াৰ হেঁপাহ অনুসৰণ কৰি আগুৱাই যোৱাৰ চেষ্টা কৰিছো। গণতান্ত্ৰিক পৰিবেশত ৰাইজে নিৰ্ধাৰণ কৰে সকলো। ১০ বছৰ বিজেপিয়ে পালে। ১০ বছৰত কিমান  কাম কৰিলে বুলি প্ৰশ্ন তোলে সাংসদগৰাকীয়ে। 

তৃতীয় সত্ৰৰ আলোচনাত তেওঁ আৰু কয়- বিজেপিয়ে অসম চুক্তি, ছয় নং দফা কাৰ্যকৰী কৰিব পাৰিলেনে ? এতিয়া চৰকাৰ জনসাধাৰণৰ হৈ থকা নাই। ব্যক্তি আৰু এটা পৰিয়ালৰ হৈ পৰিল। আনকি বাহিৰৰ এগৰাকী শিল্পীক মাতি আনি অনুষ্ঠান কৰিবলৈয়ো সেই পৰিয়ায়লক টেক্স দিব লাগে।

মণিপুৰত জুই লাগিল ২ বছৰ আগতেই। মোডী ডাঙৰীয়া গ'ল দুবছৰৰ পিছত। তেওঁৰ যিবোৰ ফটো দেখিছে সেই দৃশ্যই প্ৰধানমন্ত্ৰীয়ে যিদৰে নেতৃত্ব দিব লাগিছিল, যিদৰে দায়িত্ব ল'ব লাগিছিল তেনে পদক্ষেপ লোৱা দেখা নগ'ল।

কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি, জনগোষ্ঠীক সন্মান কৰে। অসমৰো ছয় জনগোষ্ঠীক সন্মান কৰে আৰু জনজাতিকৰণৰ বাবে চেষ্টা কৰিছে। ছমাহৰ ভিতৰত জনজাতিকৰণ হ’ব বুলি বিজেপিয়ে, প্ৰধানমন্ত্ৰীয়েহে কৈছিল। মই আশা কৰো তেওঁলোকে সেইবোৰ সঁচাকৈয়ে কৈছিল নে ঝুমলা আছিল সেয়া আজি মোডী ডাঙৰীয়াই স্পষ্ট কৰিব লাগে।

প্ৰশ্নকৰ্তাৰ প্ৰশ্নৰ আঁত ধৰি গৌৰৱ গগৈয়ে কয়- আজি চাৰিমাহ হ'ল পেহেলেগাম আক্ৰমণৰ। যিসময়ত আক্ৰমণ হৈছিল মোডী ডাঙৰীয়া ছৌদি আৰবত আছিল। তাৰ পৰা আহি তেওঁ প্ৰথমে যাব লাগিছিল জম্মু কাশ্মীৰলৈ। কিন্তু তেওঁ বিহাৰলৈ গৈ চৰকাৰী কাৰ্যসূচীত ৰাজনৈতিক বক্তৃতা দিলে।

“মই দেখিছো প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ আগৰ ঢৌ নাই। এতিয়া বিভিন্ন দলৰ সহযোগতহে চৰকাৰ গঠন কৰিবলগীয়া হৈছে। যদিও আমি দিল্লীৰ পৰা দূৰত আছো তথাপিও আমি নিজেই দায়িত্ব ল'ব লাগিব গুৱাহাটীৰ পৰা আমি দিল্লীলৈ আহি আমি আমাৰ কথাবোৰ শক্তিশালীভাৱে ক’ব পাৰিব লাগিব।“ 

আজিৰ এই আলোচনাত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ইয়াকো কয় যে, প্ৰয়াত তৰুণ গগৈয়ে গ্ৰাম্য উন্নয়ন, স্বাস্থ্য, সামাজিক ব্যৱস্থাৰ বাবে যিবোৰ কাম কৰিলে তাৰ পৰা বহু কথাই শিকিব পাৰিছিলো। আজিৰ তাৰিখত শিক্ষক, বিষয়াক অপমান কৰা হয়। এটা পৰিয়ালক টেক্স নিদিলে ঠিকাদাৰক ধমক দিয়া হয়।

আজিৰ তাৰিখত মেডিকেল কলেজ আছে কিন্তু কোনো চিভিল হাস্পতালত ডাক্তৰ নাই। জি এম চি এইছত আমি নিজেই দেখিলো কিদৰে নাৰ্ছৰ অভাৱত শিশুৰ মৃত্যু হ'ল। আমি সেয়ে কোৱালিটি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিম। অৰ্থনৈতিক ক্ষেত্ৰত যিদৰে ১০ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীগৰাকী যিদৰে ফ্লপ হ'ল সেইদৰেই অৰ্থনৈতিক ক্ষেত্ৰতো তেওঁ ফ্লপ। তেওঁ দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত অসমক চাব বিচাৰে। পূৰ্বে তেওঁৰ হাতত থকা শিক্ষা আৰু স্বাস্থ্য দেশৰ পাঁচখন তলৰ ৰাজ্যৰ ভিতৰতহে আছে বুলি কটাক্ষা কৰে। 

আৰ্থিক দিশত মন্তব্য কৰি গৌৰৱ গগৈয়ে কয়- আৰ্থিক সংকট পূৰ্বেও আছিল। ২০২১ ত কংগ্ৰেছ ক্ষমতালৈ অহাৰ সময়ত আৰ্থিক সমস্যা আছিল। কৰ্মচাৰীক দৰমহা দিব পৰা অৱস্থাত নাছিল। সেই সময়ত প্ৰয়াত তৰুণ গগৈয়ে বিশেষজ্ঞ আৰু বিশ্ব বেংক আদিৰ সৈতে জড়িত ব্যক্তিক মাতি আনি এক ৰোড মেপ তৈয়াৰ কৰি কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পাছতো অসমক স্থিৰ কৰিছিল।

কেন্দ্ৰতে হওঁক ৰাজ্যতে হওঁক বিজেপিৰ নেতৃত্বই বিশেষজ্ঞৰ কথা নুশুনে। তেওঁলোকে দুই, এজন উদ্যোগীৰ কথা মতেই পলিচি তৈয়াৰ কৰে। মই এগৰাকী ৰাজনীতিবিদ হিচাপে কথা কোৱাৰ পৰিবৰ্তে শুনাৰ ওপৰতহে গুৰুত্ব দিওঁ বুলি তেওঁ মত প্ৰকাশ কৰে। 

এছ আই টিৰ প্ৰতিবেদন সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য -

•    এছ আই টি দুবাৰ মোৰ দিল্লীৰ বাসগৃহলৈ আহি পৰিবাৰক বিভিন্ন কথা সুধিলে। মোৰ ওচৰলৈ নাহিল। মই সময় নাপালো, নতুবা মই নিজেই এছ আই টিৰ ওচৰ পালোগৈ হয়। 
•    ইমান ৰহস্য হ’ব নালাগে, এটা ৱেবছাইটত এছ আই টিৰ প্ৰতিবেদন আপলোড কৰি দিয়ক। অসমৰ ৰাইজে নিজেই পঢ়ি যি ব্যৱস্থা ল’ব লাগে লৈ ল’ব। 
•    এতিয়া যিগৰাকীয়ে ভুল কৰিছে মই কিয় শুদ্ধ কৰি সহায় কৰিম? তেওঁ নিজেই পতা জালত নিজেই পৰিছে।
•    ১০ ছেপ্তেম্বৰত তেওঁ ইমান গুৰুত্ব নিদিয়া হ’লে ১০ ছেপ্তেম্বৰত অসমৰ ৰাইজে মোৰ বিহু নাচো নেদেখিলে হয়। ইমান বেয়া পাব নালাগে তেওঁকো মাতক, তেওঁ যিগান ভাল পাই লগাই দিয়ক আমি একেলগে নাচি দিওঁ এপাক। 
•    মই শুনা মতে তেওঁৰ পৰিয়ালতো বিদেশী নাগৰিক আছে। বহু অসমীয়া এতিয়াও বিদেশত আছে, ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে। কিন্তু তেওঁলোক অসমীয়া নহয় নেকি?
•    মায়ে মোক বিয়াৰ পূৰ্বেই কৈছিল বিদেশী ছোৱালীক বিয়া কৰিলে ২০১৪ ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব। ২০১৩ চনত মই বিয়া কৰিছিলো। ফেব্ৰুৱাৰীত পাকিস্তান গৈ আহিলো। তাৰ পাছত তেওঁ অসমলৈ আহি অসমৰ সমাজ, সংস্কৃতিৰ সৈতে জড়িত হৈ পৰিল। অসমৰ ৰাইজেও মোৰ পৰিবাৰক মৰম দিলে। অসমীয়া মানুহ বহু উদাৰ।
•    মুখ্যমন্ত্ৰীয়ে আজিকালি 'বডি ডাৱল' দেখে, মোৰো কোনোবাই 'বডি ডাৱল' কৰিছে নেকি? সেয়ে প্ৰতিবেদন ৰাজহুৱা কৰক ময়ো চাওঁ, কোনোবাই মোৰ 'বডি ডাৱল' কৰিছে নেকি?

আলোচনা সত্ৰ ৪ : ''ব্যৱসায়,বাণিজ্য আৰু অন্যান্য''

সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ-২০২৫ত অংশ লয় কেন্দ্ৰীয় উদ্যোগ তথা বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে। ঋষি বৰুৱাই আঁত ধৰা এই বিশেষ আলোচনা সত্ৰটোত দেশ তথা উত্তৰ-পূবৰ বাণিজ্য-ব্যৱসায়ৰ লগতে দেশৰ অৰ্থনৈতিক দিশটোৰ ওপৰত আলোকপাত কৰা হয়। 

দেশৰ অৰ্থনৈতিক অৱস্থা পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হোৱা বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, আমি সকলো দিশৰ পৰাই দেশবাসীক সকাহ দিবলৈ যত্ন কৰি আহিছো। আমাৰ চৰকাৰে জনতাক কেনেধৰণে সকাহ প্ৰদান কৰিছে সেয়া চাবলৈ ২০১২চনলৈ উভতি চালেই হ'ল।

কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি তেওঁ কয় যে,  যেতিয়া কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ চৰকাৰ দেশত আছিল তেতিয়া জনতাক সকলোফালৰ পৰাই মাধমাৰ দিয়া হৈছিল। ২০১৪চনত মোডী ডাঙৰীয়াৰ ৰিৰ্জাভ বেংকৰ সৈতে আলোচনাত বহি বহুকেইটা অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছিল। ভাৰত চৰকাৰ আৰু ৰিৰ্জাভ বেংকে এককভাৱে সকলো দিশৰ পৰাই দেশৰ অৰ্থনীতিক উদ্ধাৰৰ বাবে কাম কৰি আছে আৰু তাৰ ফল শেহতীয়াকৈ জনতাই দেখিছে।

মূল্যবৃদ্ধিৰ সৈতে চৰকাৰে মোকাবিলা কৰাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়-   দেশত যেতিয়াই অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হয়, তাৰ সৈতে মোকাবিলা কৰিবলৈ আমি প্ৰতিমাহেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে বৈঠকত বহো। জনতাক কেনেকৈ এনে বিপদৰ পৰা মুক্ত কৰিব পৰা যায়, তাক লৈ আমি চৰ্চা কৰো। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়,  ‘মই প্ৰধানমন্ত্ৰী মোডীজীক ধন্যবাদ জনাওঁ, কাৰণ তেওঁৰ নেতৃত্বত পৰোক্ষ কৰ ব্যৱস্থালৈ এক ঐতিহাসিক পৰিৱর্তন আহিছে। যোৱা ৩ ছেপ্টেম্বৰত তেওঁ যি পদক্ষেপ ল’লে, তাৰ ফলত সাধাৰণ মানুহে ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ কৰ হ্ৰাস পোৱা গৈছে’।

তেওঁ লগতে কয়-  আৰু উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে উন্নয়নৰ পথত আগবাঢ়িছে, সেয়া ঐতিহাসিক। ভাৰত স্বাধীন হোৱাৰ পৰাই এই ১১ বছৰত অঞ্চলটোৱে আটাইতকৈ বেছি উন্নয়ন দেখা পাইছে।  প্ৰধানমন্ত্ৰীয়ে নিজে ৫০বাৰৰো অধিক উত্তৰ পূৰ্বাঞ্চললৈ গৈছে। প্ৰথম দিনৰে পৰা মোডীজীয়ে আমাক কৈ আহিছে উত্তৰ পূৰ্বাঞ্চল আগুৱাই নগ’লে ভাৰত আগুৱাই যাব নোৱাৰে। অঞ্চলটোৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীলৈ ৰে’লৱে আৰু হাইৱে’ সংযোগ প্ৰদান হৈছে। ইয়াৰ আগতে আমি কেৱল দুর্নীতিৰ কথাই শুনিছিলোঁ।

মুদ্ৰাস্ফীতিৰ সন্দৰ্ভত তেওঁ কয়-  ভাৰতত মুদ্ৰাস্ফীতি ২ শতাংশ। স্বাধীনতাৰ ৭৫ বছৰৰ পিছৰ ইতিহাসত যোৱা ১১ বছৰতহে প্ৰথমবাৰলৈ মোডীজীৰ নেতৃত্বত আটাইতকৈ কম মুদ্ৰাস্ফীতি দেখা গৈছে। কংগ্ৰেছৰ শাসনকালত ২৫ ৰ পৰা ২৭ শতাংশলৈকে মু্দ্ৰাস্ফীতি হৈছিল। মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ বাবে সমস্যাৰ সৃষ্টি নকৰে। এই বিষয়ক লৈ মই, অমিত শ্বাহ আৰু মোদীজীৰ সৈতে প্ৰায়ে আলোচনা কৰো।

দেশৰ অৰ্থনীতিক লৈ তেওঁ কয়-  আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি। আইএমএফৰ তথ্য অনুসৰি, ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি দ্ৰুতগতিত বৃদ্ধি হৈছে। ডলাৰৰ বিপৰীতে টকাৰ পতন বিশ্বজুৰি অনিশ্চয়তাৰ বিষয়।  বিশ্বৰ সকলোতে বিভ্ৰান্তি আৰু চাপ আছে। এনে পৰিস্থিতিত সকলো উদীয়মান অৰ্থনীতিৰ মুদ্ৰাই দুৰ্বল হৈছে। যোৱা ৮-১০ মাহত এইটো অধিক দেখা গৈছে। মই বিশ্বাস কৰোঁ যেতিয়া পৰিস্থিতি স্থিৰ হ’ব, তেতিয়া ইয়াতো উন্নতি দেখা যাব।

একেবাৰে শেষত তেওঁ কয়-  আমাৰ কৃষক, যুৱক-যুৱতী, কাৰিকৰ, ষ্টাৰ্টআপ—সকলোৱে মিলে এক উত্তম ভাৰতৰ বাবে কাম কৰি আছে। এয়াই আমাৰ শক্তি, আৰু ইয়েই দেশক আগবাঢ়াই নিছে।  ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰৰ জয়ন্তী পালন কৰিব। তেতিয়ালৈকে ভাৰত ৩০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ পৰিণত হ’ব।

আলোচনা সত্ৰ ৫ : ''কৰ্কট ৰোগ আৰু ইয়াৰ পৰিচৰ্যা ''

দ্য কনক্লেভ ২০২৫ৰ পঞ্চমখন আলোচনা সত্ৰৰ ‘কৰ্কট ৰোগ আৰু ইয়াৰ পৰিচৰ্যা’ সম্পৰ্কীয় শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰে বিশিষ্ট ‘অংকলজিষ্ট’ ডাঃ তপন শইকীয়া, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীৰ বিশেষজ্ঞ চিকিৎসক ডাঃ অৰুণ ডেকা, ‘দীপশিখা ফাউণ্ডেছন’ৰ প্ৰতিষ্ঠাপক তথা আইএএছ দেৱাশীষ শৰ্মা আৰু কৰ্কট ৰোগ জয় কৰা, শিল্পী জীনা ৰাজকুমাৰীয়ে। 

প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ  ভূঞাই আঁত ধৰা এই অনুষ্ঠানত জীনা ৰাজকুমাৰীয়ে তেওঁৰ কৰ্কত ৰোগত আক্ৰান্ত হোৱা আৰু ইয়াক জয় কৰাৰ সন্দৰ্ভত কয়, আমি মহিলাসকলে যিকোনো এটা বিষয়ত অধিক লাজ কৰো বাবেই সমস্যাৰ সন্মুখীন হওঁ। মই বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকাৰ বাবেই হয়তো এই ৰোগৰ সৈতে যুঁজ দিয়াত অধিক সাহস পাইছিলো।

মোৰ অপাৰেচন কৰাৰ দিনাও মই অসম জাতীয় বিদ্যালয়ত অনুষ্ঠান পৰিবেশন কৰিছিলো আৰু নাৰ্ছসকলৰ অনুৰোধত গীতো গাইছিলো । অন্যান্য ৰোগীসকলকো মইহে সাহস দিছিলো । কৰ্কট ৰোগৰ চিকিৎসাৰ মাজেৰে যাত্ৰা কৰাটো কোৱাৰ দৰে ইমান সহজ নহয় ।

বিশিষ্ট চিকিৎসক তথা অসম বৈভৱ তপন শইকীয়াই কয়, কৰ্কট ৰোগীৰ সংখ্যা বাঢ়িছে। গোটেই পৃথিৱীতে এই ৰোগত আক্ৰান্তৰ সংখ্যা বাঢ়িছে । বিশেষকৈ ব্ৰেষ্ট কৰ্কট সমগ্ৰ পৃথিৱীতে বাঢ়িছে । উত্তৰ পূৰ্বাঞ্চলতো এই ৰোগৰ সংখ্যা বৃদ্ধি পাইছে । এই বিষয়ে গৱেষণাৰ প্ৰয়োজন ।

যোৱা পাঁচ বছৰত অসমৰ কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থা ভাল হৈছে। শতকৰা ৮০ শতাংশ লোকে এতিয়া বাহিৰলৈ এই ৰোগৰ চিকিৎসা কৰিবলৈ যাবলৈ এৰিছে।  তেওঁ আৰু কয়, ৰোগীক চিকিৎসক হিচাপে আমি সময় দিব লাগে । 

৮ জন ৰোগীক চাবলৈ মোক ৮ ঘণ্টাৰ সময়ৰ প্ৰয়োজন। ভালকৈ মাত দিলেই তেওঁলোকৰ বহুখিনি কষ্ট হ্ৰাস পায়। ৰোগীৰ ষ্টেজ যিয়েই নহওঁক তেওঁক সময় দিব পাৰিলে পাছলৈ চিকিৎসা বহু উজু হৈ পৰে বুলি মন্তব্য কৰে আজিৰ আলোচনাত। 

‘দীপশিখা ফাউণ্ডেছন’ৰ প্ৰতিষ্ঠাপক, তথা আই এ এছ দেৱাশীষ শৰ্মাই কয় - আজিৰ দিনটোত অসমৰ ৫০ হাজাৰ কৰ্কট ৰোগী আমাৰ সংস্থাৰ সৈতে পঞ্জীয়ন হয়। সময়মতে চিনাক্ত কৰাৰ বাবে সজাগতাৰ প্ৰয়োজন । 

পলমকৈ অহা ৰোগীৰ জীৱন পাঁচবছৰতকৈ অধিক নহয়। সময়মতে ৰোগীৰ চিনাক্তকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ দেশত কেৰালাৰ মানুহখিনি এই ক্ষেত্ৰত সজাগ। 

তেওঁ আৰু কয়, অসমত মুখগহ্বৰৰ কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা বাঢ়িছে। এই ৰোগ পান, তামোল, ধপাত, গুটখাজাতীয় খাদ্যৰ বাবেই বৃদ্ধি পাইছে। অধিক তপত খাদ্যও কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। অত্যাধিক সাৰ খালেও সেয়াও এই ৰোগৰ কাৰণ হৈ পৰিব পাৰে।

বিশেষজ্ঞ চিকিৎসক ডাঃ অৰুণ ডেকাই কয়, ভাৰতত এতিয়া ৪০ ৰ পৰা ৬০ শতাংশ ৰোগী ষ্টেজ থ্ৰী অথবা ফ’ৰত আহে। এই পৰ্যায়ত পেলিয়েটিভ কেয়াৰ সম্ভৱ হৈ নাথাকে। আমাৰ হাতত আন্তঃগাঁথনি, মানৱ শক্তি আদি নথকাৰ বাবে আমি চেষ্টা কৰো ৰোগীসকলক যাতে পেলিয়েটিভ কেয়াৰ দিব পাৰো।

দৰিদ্ৰ ৰোগীক আমি আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও খবৰ এটা ললেও সেয়াও তেওঁলোকৰ বাবে হৈ পৰে পেলিয়েটিভ কেয়াৰ। কেৱল যে কৰ্কট ৰোগতেই পেলিয়েটিভ কেয়াৰৰ প্ৰয়োজন তেনে নহয়। অন্যান্য ৰোগত পেলিয়েটিভ কেয়াৰৰ প্ৰয়োজন আছে।

আলোচনা সত্ৰ ৬ : ' উত্তৰ পূৰ্বাঞ্চলৰ বান, নদী বান্ধ আৰু শক্তিৰ ৰাজনীতি  

১৪ ছেপ্তেম্বৰ ২০২৫ দেওবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা এই কনক্লেভ ২০২৫ৰ ষষ্ঠ আলোচনা সত্ৰৰ বিষয় হৈছে- ' উত্তৰ পূৰ্বাঞ্চলৰ বান, নদী বান্ধ আৰু শক্তিৰ ৰাজনীতি। ' এই বিশেষ আলোচনা সত্ৰখনিত আলোচক হিচাপে অংশ লয় তিনিগৰাকী বিশেষজ্ঞ আলোচকে।   

তেওঁলোক হৈছে- অধিবক্তা তুলাৰাম গগৈ, বিশিষ্ট ভূতত্ত্ববিদ ভগৱত প্ৰাণ দুৱাৰা আৰু নীপকোৰ প্ৰাক্তন কাৰ্যকৰী সঞ্চালক তৰুণ চন্দ্ৰ বৰগোঁহাই। প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰ আঁত ধৰা এই আলোচনা সত্ৰখনিত বিষয়বস্তু সম্পৰ্ক আটাইকেগৰাকী বিশেষজ্ঞ আলোচকে নিজ নিজ মত সাৱলীলভাৱে দাঙি ধৰে। 

বিশিষ্ট ভূতত্ত্ববিদ ভগৱত প্ৰাণ দুৱৰা : অসমৰ যি ভৌগলিক অৱস্থান সেই অৱস্থানৰ বাবেই অসমত বানপানী হয়। অতীতৰে পৰা অসমত বানপানী হৈ আহিছিল।

১৯৫০ চনৰ বৰভূঁইকপৰ ফলত অৰুণাচলৰ পাহাৰৰ যি গাঁঠনি আছিল, শিলৰ তৰপ আছিল সেয়া যথেষ্ট ঢিলা হৈ পৰিল আৰু সেইবোৰ উটি-ভাঁহি আহি সেইবোৰ ব্ৰহ্মপুত্ৰত পৰিল। ফলত ব্ৰহ্মপুত্ৰ কেইবামিটাৰো বাম হৈ পৰিল। 

তেওঁ আৰু কয়- ১৯৫৪ চনত অসম, বিহাৰ, উত্তৰ প্ৰদেশত বান পানীৰ যথেষ্ট প্ৰভাৱ পৰাৰ সময়তে ৰাষ্ট্ৰীয় বান আয়োগ গঠন কৰিছিল। সেই আয়োগেই বান নিয়ন্ত্ৰণৰ বাবে তিনিটা পৰিকল্পনা কৰিছিল। তাৰ ভিতৰত আছিল তাৎক্ষণিক, হ্ৰস্বম্যাদী ব্যৱস্থা আৰু দীৰ্ঘকালীন ব্যৱস্থা। তাৰ ফলতেই অসমত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। মথাউৰি নিৰ্মাণ তেতিয়া আছিল কেৱল অস্থায়ী ব্যৱস্থা। কিন্তু এতিয়াও অসমত মুখ্য বান নিয়ন্ত্ৰণ ব্যৱস্থাটোৱেই হৈ থাকিল মাথউৰি নিৰ্মাণ।

নীপকোৰ প্ৰাক্তন কাৰ্যকৰী সঞ্চালক তৰুণ চন্দ্ৰ বৰগোঁহাই :  অসমখন চৰুৰ দৰে এটা অঞ্চলত আছে। ফলত হিমালয়ৰ গেদসমূহ অসমলৈ নামি আহিয়েই আছে। উন্নয়নৰ নামত নদী বেল্ট ধ্বংস কৰি দিয়া হৈছে। ডাৱৰ বিস্ফোৰণৰ দৰে প্ৰাকৃতিক ঘটনাবোৰো আছেই। 
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চালে দেখিব আজিৰ পৰা প্ৰায় ৫৫ বছৰ আগতেই ৩ ৰ পৰা ৫ মিটাৰ ওখ কৰি নিৰ্মাণ কৰিছিল। কিন্তু এতিয়া নদীৰ পথৰ ওপৰলৈ উঠিছে।

বান আহিলে যাতে নদীৰ দুয়োকাষে বৈ যায়, তাৰ বাবে মুকলি ৰাখিব লাগিব। কিন্তু আমি কি কৰিছো ? এইদৰে ভেটা দি হিমালয়ৰ সৈতে আমি কিমান প্ৰতিযোগিতা কৰি থাকিম ? আমাৰ পৰিকল্পনাত বহু বিজুতি আছে। নদীবান্ধৰ ক্ষেত্ৰত দিল্লীৰ পৰা কিছুমান নক্সা তৈয়াৰ কৰি দিয়ে আৰু সেই মতেই কাম কৰে। কিন্তু আমাৰ ইয়াত কিছুমান বিষয় আছে যিবোৰ অঞ্চল বিশেষে বেলেগ । ভাৰতত শ শ বান্ধ বনোৱা হৈছে। ভাক্ৰা বান্ধ, বৰাপানী বান্ধ সুৰক্ষিত হৈ আছে কাৰণ সেয়া শক্তিশালী । কিন্তু অৰুণাচলৰ বান্ধ তাৰ সৈতে একে নহয় । 

বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী তুলাৰাম গগৈ : নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নামনি অঞ্চলত থকা লোকসকলৰ জীৱন, জীৱিকা, সভ্যতা, সংস্কৃতি কিদৰে ৰক্ষা পৰিব সেই বিষয়ে চৰ্চাৰ মাজতেই বহু কথা উন্মোচিত হৈছিল আৰু ২০০৩ চনৰ পৰা তীব্ৰ আন্দোলন হয়।

২০১৬ চনত আমি ন্যায়ালয়লৈ আহিবলগীয়া হয় । ন্যায়ালয়ৰ যুদ্ধ এতিয়াও অব্যাহত আছে । মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে পাচিঘাটত নদীবান্ধৰ বিৰুদ্ধ কৈ আহিছিল । আমি বহু ভাল পাইছিলো । তাৰ আগতে বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী সেই সময়ৰ দলটোৰ সভাপতি ৰাজনাথ সিঙে ২০০৯ চনত তেখেতৰ নেতৃত্বতে আমি গেৰুকামুখত প্ৰতিবাদ কৰিছিলো । 

আমি জনামতে পৃথিৱীত এটাই নদীবান্ধ আছে যাৰ ১৭ খন এক্সপাৰ্ট কমিটী হৈছে । এই ১৭ খন কমিটীয়ে ইয়াৰ সমস্যাৰ সমাধান কৰিব পৰা নাই । শেহতীয়াকৈ লোকসভাত এই নদীবান্ধক বিপদজনক অৱস্থাত থকা বুলিয়েই উল্লেখ কৰিছে বুলি মত প্ৰকাশ কৰে ।

আলোচনা সত্ৰ ৭ : মুকলি আলোচনা

দ্য অশোকত অনুষ্ঠিত হোৱা দ্য কনক্লেভ ২০২৫ সপ্তম তথা অন্তিম আলোচনা চক্ৰত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। ঋষি বৰুৱাই আঁত ধৰা এই বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰে।

আলোচনাৰ আৰম্ভণিতে ঋষি বৰুৱাই প্ৰশ্ন কৰে যে, ইমান সুপৰিকল্পিতভাৱে গঠন কৰা এটা দল আৰু ইমানবোৰ গুণী-জ্ঞানী মানুহ থকাৰ পাছতো দিল্লী কেনেকৈ আপোনালোকৰ হাতৰ পৰা ওলাই যাবলৈ পালে? এই প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে, আম আদমী পাৰ্টি আন্দোলনৰ পৰা জন্ম লোৱা এটা দল। ২০১২-১৩ চনত আমি দলটোক আগবঢ়াই লৈ যাওঁতে মানুহে আমাক হাঁহিছিল।অৰবিন্দ কেজৰিৱালে অবিৰাম পৰিশ্ৰম কৰিছিল। আমি যিমান পাৰো ৰাইজৰ সেৱা কৰিবলৈ যত্ন কৰিছিলো।

তেও লগতে কয়, আমি তিনি বাৰ জিকাৰ পিছত বিজেপিয়ে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল। আমাক সুৰাৰ নীতিৰ পৰা আৰম্ভ কৰি পানী যোগানলৈকে বিভিন্ন অভিযোগেৰে দুর্বল কৰিবলৈ অভিযান চলাইছিল। AAP-ৰ শাসনৰ পদ্ধতিৰ সন্দৰ্ভত তেওঁ কয়, “আমিয়ে ভাৰতৰ প্ৰথম দল যিয়ে বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, বিনামূলীয়া শিক্ষা আৰু চিকিৎসা সেৱা আগবঢ়াইছিলো। আমি দিল্লীত মান সম্পন্ন চৰকাৰী বিদ্যালয় গঢ়ি তুলিছিলো যাৰবাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পত্নীয়েও এই বিদ্যালয় চাবলৈ বিশেষ আগ্ৰহ দেখুৱাইছিল। আজি দিল্লীত বিশ্বমানৰ চৰকাৰী বিদ্যালয় আছে।”

সাংসদ শৰ্মাই লগতে কয়, আমিয়েই মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা আৰম্ভ কৰিছিলোঁ আৰু ১০ বছৰৰ দিল্লীত বাবে লাভজনক বাজেট দাখিল কৰিছিলো। তথাপিও ২০২৫ চনত আমাৰ বহু নেতা কাৰাবন্দী হ’ল। যাৰ বাবে আমাৰ দলীয় কাৰ্যত কিছু প্ৰভাৱ পৰিছিল। বিজেপিয়ে সদায়েই আমাক দুৰ্বল কৰিবলৈ ন ন ষড়যন্ত্ৰ কৰি আহিছে।

সুৰা কেলেংকাৰীক লৈ বিজেপিয়ে আপৰ সৈতে লেতেৰা ৰাজনীতি কৰিলে বুলিও কয় আপৰ নেতাগৰাকীয়ে। বিজেপিয়ে ইডি, চি বি আইক অপপ্ৰয়োগ কৰিলে। তাৰ জলন্ত সাক্ষী মই। মই এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্য়ক্তিক ইডিয়ে কোনো নটিচ নিদিলে, না কোনো সোধা-পোচা কৰিলে। ঘৰলৈ আহিল ১৪ঘন্টা তালাচী চলাই কলে যে বলক জেললৈ যাব লাগে। দেশৰ আইন এনেকুৱা নেকি?

ক্ষমতাৰ এই অপব্যৱহাৰ আমি কাক কম? কোনে ব্যৱস্থা ল'ব? চৰকাৰৰ বিৰুদ্ধে কোৱাৰ বাবেই মোৰ ডিঙিত ধৰি জেললৈ প্ৰেৰণ কৰিলে। এনেকুৱা কৰিলে যদি চৰকাৰ তথা বিজেপিয়ে ভাৱিছে মই মনে মনে বহি থাকিম, তেন্তে ভুল ভাৱিছে। বৰঞ্চ মই পূৰ্বতকৈ ১০গুণ অধিক শক্তিৰে চৰকাৰৰ বেয়াটোক সমালোচনা কৰিম। এয়া চৰকাৰৰ প্ৰতি মোৰ মুকলি প্ৰত্যাহ্বান।

সাংসদগৰাকীয়ে অতি ক্ষোভেৰে কয় যে,  মোৰ বিৰুদ্ধে দুৰ্নীতিৰ যি অভিযোগ উত্থাপন কৰিছিল, সেয়া প্ৰমাণ কৰক চৰকাৰে। আপোনালোকৰ ওচৰত ইমান শক্তিশালী এজেঞ্চী আছে, আজিলৈকে কিয় পৰা নাই মোৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগ প্ৰমাণ কৰিবলৈ। সেই কাৰনে মই আৰু মোৰ দলে সদায়ে কৈ আহিছো বিজেপিয়ে মন গলেই মনলৈ যি আহে সেই অভিযোগ উত্থাপন কৰি তেওলোকৰ বিৰুদ্ধে মাত মতা মানুহবোৰক লৈ ষড়যন্ত্ৰ কৰে।

দিল্লীৰ সুৰা কেলেংকাৰীক লৈ আপ আৰু আপৰ নেতাসকলক লৈ বিজেপিয়ে ক্ষমতাৰ যি অপব্যৱহাৰ কৰিলে, সেয়া সমগ্ৰ দেশে দেখিলে। কাকোৱেই দোষী সাব্যস্ত কৰিব নোৱাৰিলে বিজেপি চৰকাৰ তথা তেওলোকৰ তদন্তকাৰী এজেঞ্চীসমূহে। আলোচনাৰ শেষৰ ফালে ঋষি বৰুৱাই প্ৰশ্ন কৰে যে, তিহাৰ জেলত থাকোতে আপুনি অৰবিন্দ কেজৰিৱালক লগ পাইছিলনে?

এই প্ৰশ্নৰ উত্তৰ দি সঞ্জয় সিঙে কয় যে, যেতিয়া অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়া তিহাৰ জেলৰ পৰা অন্য এটা জেললৈ প্ৰেৰণ কৰা হৈছিল মোক। মই থকা ৰূমটোতে থাকিবলৈ দিয়া হৈছিল অৰবিন্দ কেজৰিৱালক। কাৰাগাৰত থকা সময়ত নেলচন মেণ্ডেলা, মহাত্মা গান্ধীৰ জীৱনীৰ লগতে অন্যান্য কিছু গ্ৰন্থ অধ্যয়ন কৰাৰ কথা সদৰি কৰে।

এনেদৰেই অন্ত পৰিল দ্য কনক্লেভ ২০২৫ৰ প্ৰথম দিনৰ অতিকৈ গুৰুত্বপূৰ্ণ ৭খনকৈ আলোচনা সত্ৰৰ।  প্ৰতিটো সত্ৰতে স্থান পালে অসম তথা উত্তৰ-পূবৰ সম্ভাৱনা, সমস্যা আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে ল'ব লগা পদক্ষেপসমূহে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ পৰা আদি কৰি বলিউদ অভিনেতা সুনীশ শেট্টীৰ লৈকে সকলোৱে উল্লেখ কৰিলে উত্তৰ-পূবৰ সভ্যতা সংস্কৃতিৰ লগতে স্বৰ্ণিল ইতিহাসৰ বিষয়ে।

অসম তথা উত্তৰ-পূবক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰাৰ সাদিন-প্ৰতিদিন গোষ্ঠীৰ যি প্ৰয়াস। সেই প্ৰয়াসেই যেন পূৰ্ণনা পালে প্ৰথম দিনটোৰ এই ৭খন আলোচনা সত্ৰত। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই কোৱাৰ দৰেই দ্য় কনক্লেভ কেৱল মাত্ৰ এটা অনুষ্ঠান হয়, ই হৈছে উত্তৰ-পূব তথা অসমক লৈ আৰম্ভ কৰা এক বিপ্লৱ...

কেন্দ্ৰীয় চৰকাৰ গৌৰৱ গগৈ প্ৰতিদিন মিডিয়া নেটৱৰ্ক প্ৰতিদিন গোষ্ঠী কনক্লেভ ২০২৫