সকলো অনুমতি লৈহে USTM নিৰ্মাণ কৰা হৈছে- মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ স্পষ্টিকৰণ...

দ্য কনক্লেভ-২০২৪ ত কনৰাড চাংমাৰ ঘোষণা

author-image
Asomiya Pratidin
New Update
সকলো অনুমতি লৈহে USTM নিৰ্মাণ কৰা হৈছে- মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ স্পষ্টিকৰণ...

সকলো অনুমতি লৈহে USTM নিৰ্মাণ কৰা হৈছে- মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ স্পষ্টিকৰণ...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ দাঁতিকাষৰতে মেঘালয়ৰ ৰিভয় জিলাত থকা উচ্চ শিক্ষা প্ৰতিষ্ঠান ইউ এছ টি এমক আজি ভূয়সী প্ৰশংসা কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। দ্য কনক্লেভ-২০২৪ ত অংশগ্ৰহণ কৰি ইয়াৰ মঞ্চৰ পৰাই ইউ এছ টি এমক শুভেচ্ছাও জনালে চাংমাই।

Advertisment

কিছু দিনৰ পূৰ্বে বাৰিষাত গুৱাহাটীত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহাল আদিয়ে ইউ এছ টি এমক জগৰীয়া কৰিছিল। মেঘালয়ৰ পাহাৰ ধ্বংস কৰি অসমলৈ পানী এৰি দিয়াৰো অভিযোগ উঠিছিল।

আজি প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক ঋষি বৰুৱাই ৰিভয় জিলাৰ পাহাৰত স্থাপন কৰা এই উচ্চ শিক্ষা প্ৰতিষ্ঠানখন সেই অঞ্চলত নিৰ্মাণ কৰিবলৈ উপযুক্ত অনুমতি আছেনে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত চাংমাই কয়, ইউ এছ টি এমে সকলো অনুমতি লৈছে। তেওঁলোকে অনুমতিবিহীন ভাৱে কোনা কাম কৰা নাই। এক নিৰ্দিষ্ট গাইড লাইন অনুসৰণ কৰি কাম কৰিছে।

ইউ এছ টি এমক মেঘালয়ৰ অতি মৰ্যদাসম্পন্ন আৰু উচ্চ মান দণ্ডৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বুলি উল্লেখ কৰি কয়, ইউ এছ টি এমে বহু ভাল কাম কৰি আছে। তেওঁলোকৰ এনে ভাল কামৰ বাবে মই গোটেই দলটোক শুভেচ্ছা জনাইছো।

বিশ্ববিদ্যালয়খনক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, এনে বহু বিতৰ্ক কৰিব পাৰে, আলোচনা কৰিব পাৰে। যদি বিশ্বিদ্যালয়খনৰ কোনো কাম কাজে সঁচাকৈ ক্ষতি কৰিছে তেনে আলোচনাৰ বাট মুকলি আছে। আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান কৰিব পৰা যায়।

Also Read: সঠিক সময়লৈ অপেক্ষা ! অসমলৈ আহি আছে কনৰাড চাংমাৰ এন পি পি...

মেঘালয় কনৰাড চাংমা ইউ এছ টি এম